অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহেন্দ্ৰ সিং ধোনি

মহেন্দ্ৰ সিং ধোনি (, জন্ম- ৭ জুলাই ১৯৮১) এজন ভাৰতীয় ক্ৰিকেটাৰ আৰু সীমিত অ'ভাৰৰ খেলত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ বৰ্তমান অধিনায়ক। তেওঁ এজন আক্ৰমণাত্মক মিড্‌ল-অৰ্ডাৰ বেট্‌ছমেন আৰু উইকেটৰক্ষক। সীমিত অ'ভাৰৰ ক্ৰিকেটৰ শ্ৰেষ্ঠ finisherসকলৰ এজন বুলি তেওঁক গণ্য কৰা হয়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৫৪৭ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মহেন্দ্ৰ সিং ধোনি (, জন্ম- ৭ জুলাই ১৯৮১) এজন ভাৰতীয় ক্ৰিকেটাৰ আৰু সীমিত অ'ভাৰৰ খেলত ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দলৰ বৰ্তমান অধিনায়ক। তেওঁ এজন আক্ৰমণাত্মক মিড্‌ল-অৰ্ডাৰ বেট্‌ছমেন আৰু উইকেটৰক্ষক। সীমিত অ'ভাৰৰ ক্ৰিকেটৰ শ্ৰেষ্ঠ finisherসকলৰ এজন বুলি তেওঁক গণ্য কৰা হয়।১২৩৪ ২০০৪ চনৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত তেওঁ আত্মপ্ৰকাশ কৰে আৰু তাৰ এবছৰ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁৰ টেষ্ট অভিষেক ঘটে।

ভাৰতীয় দলৰ অধিনায়ক হিচাপে ধোনিৰ বহুকেইটা অভিলেখ আছে। ইয়াৰ ভিতৰত সৰ্বাধিক টেষ্ট আৰু এদিনীয়াত জয়লাভ কৰা ভাৰতীয় অধিনায়ক আৰু এদিনীয়াত একেলেথাৰিয়ে সৰ্বাধিক জয়লাভ কৰা ভাৰতীয় অধিনায়কৰ অভিলেখ উল্লেখযোগ্য। ২০০৭ চনত তেওঁ ৰাহুল দ্ৰাবিড়ৰ পৰা এদিনীয়া দলৰ অধিনায়কত্ব লাভ কৰে আৰু ভাৰতে প্ৰথমবাৰৰ বাবে শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ মাটিত দ্বি-দেশীয় শৃংখলাত বিজয় সাব্যস্ত কৰে। তেওঁৰ নেতৃত্বত ভাৰতে ২০০৭ চনৰ টুৱেণ্টি২০ বিশ্বকাপ, ২০০৭-০৮ চনৰ চি বি ছিৰিজ, ২০১০ চনৰ এছিয়া কাপ, ২০১১ চনৰ বিশ্বকাপ আৰু ২০১৩ চনৰ আই চি চি চেম্পিয়ন্‌ছ ট্ৰফীত বিজয় সাব্যস্ত কৰে। ২০১১ চনৰ বিশ্বকাপৰ ফাইনেলত ধোনিয়ে ৭৯ বলত অপৰাজেয় ৯১ ৰাণ কৰি ভাৰতৰ জয়লাভত প্ৰচুৰ অৰিহণা যোগায় আৰু ইয়াৰ বাবে তেওঁ ফাইনেলৰ 'মেন অৱ দ্য মেচ' ঘোষিত হয়। ২০১৩ চনৰ জুন মাহত চেম্পিয়ন্‌ছ ট্ৰফীৰ ফাইনেলত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰাৰ লগে লগে ধোনি আই চি চিৰ তিনিওটা ট্ৰফী (বিশ্বকাপ, চেম্পিয়ন্‌ছ ট্ৰফী আৰু টুৱেণ্টি২০ বিশ্বকাপ) বিজয় কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয়। ২০০৮ চনত তেওঁ টেষ্ট দলৰ অধিনায়কত্ব লাভ কৰে আৰু তেওঁৰ নেতৃত্বত ভাৰতে নিউজিলেণ্ডত আৰু ৱেষ্ট ইণ্ডিজত হোৱা ছিৰিজত জয়লাভ কৰে আৰু ২০০৮, ২০১০ আৰু ২০১৩ চনত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত জয়লাভ কৰে। ২০০৯ চনত ভাৰতে প্ৰথমবাৰৰ বাবে আই চি চি টেষ্ট ৰেংকিঙৰ প্ৰথম স্থান দখল কৰে। ২০১৩ চনত ধোনিৰ নেতৃত্বৰ ভাৰতীয় দলৰ হাতত টেষ্ট ছিৰিজত অষ্ট্ৰেলিয়া হোৱাইট ৱাশ্বৰ সন্মুখীন হয়। চল্লিছতকৈয়ো বেছি বছৰ পাছত অষ্ট্ৰেলিয়া কোনো দলৰ হাতত হোৱাইটৱাশ্বৰ সন্মুখীন হয়। তেওঁৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছ দলে ২০১০ আৰু ২০১১ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আৰু ২০১০ আৰু ২০১৪ চনৰ চেম্পিয়ন্‌ছ লীগত খিতাপ জয় কৰে। ২০১৪ চনৰ ডিচেম্বৰ মাহত তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।৫

ধোনি পূৰ্বে এয়াৰ ইণ্ডিয়াত কৰ্মৰত অছিল। বৰ্তমান তেওঁ ইণ্ডিয়া চিমেণ্ট্‌ছ লিমিটেডৰ উপ সভাপতি। ইণ্ডিয়া চিমেণ্ট্‌ছ হ'ল চেন্নাই ছুপাৰ কিংছ দলৰ স্বত্বাধিকাৰী আৰু আই পি এলৰ প্ৰথম বৰ্ষৰপৰাই ধোনি এই দলৰ অধিনায়ক হৈ আছে।৬৭ ইণ্ডিয়ান ছুপাৰ লীগৰ দল চেন্নায়িন এফ চিৰ তেওঁ সহ-স্বত্বাধিকাৰী।৮

ধোনিয়ে ২০০৮ আৰু ২০০৯ চনত আই চি চি বৰ্ষশ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ বঁটা (দুবাৰকৈ এই বঁটা লাভ কৰা ধোনি প্ৰথম খেলুৱৈ), ২০০৭ চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আৰু ২০০৯ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু ২০১৮ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ লাভ কৰে। ২০০৯ চনৰ বাবে তেওঁ আই চি চি বিশ্ব টেষ্ট একাদশ আৰু আই চি চি বিশ্ব এদিনীয়া একাদশৰ অধিনায়ক ঘোষিত হৈছিল। ২০১১ চনৰ ১ নৱেম্বৰত ভাৰতীয় স্থলসেনাই তেওঁক সন্মানীয় লেফটেনেণ্ট কৰ্ণেল ৰেংক প্ৰদান কৰে।৯কপিল দেৱৰ পাছতেই এই সন্মান লাভ কৰা তেওঁ দ্বিতীয় ভাৰতীয় ক্ৰিকেটাৰ। ২০১৪ চনৰ জুনত ফ'ৰ্ব্‌ছ আলোচনীয়ে 'সৰ্বাধিক মাননি লাভ কৰা এথলীট'ৰ তালিকাত ধোনিক (৩০ নিযুত আমেৰিকান ডলাৰ) ২২ নং স্থানত ৰাখে।১০১১১২১৩১৪ ২০১১ চনত টাইম আলোচনীয়ে ইয়াৰ বাৰ্ষিক 'টাইম ১০০' তালিকাত বিশ্বৰ সৰ্বাধিক প্ৰভাৱশালী ব্যক্তিৰ এজন হিচাপে ধোনিক স্থান দিয়ে।১৫ স্প'ৰ্ট্‌ছপ্ৰ' আলোচনীয়ে ২০১২ চনত ধোনিক বিশ্বৰ 'ব্যৱসায়যোগ্য (marketable) এথলীট'ৰ তালিকাত ১৬ নং স্থানত ৰাখে।১৬

সন্মান

  • আই চি চি বৰ্ষশ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ: ২০০৮, ২০০৯
  • আই চি চি বিশ্ব এদিনীয়া একাদশ: ২০০৮, ২০০৯, ২০১০, ২০১১, ২০১২, ২০১৩, ২০১৪
  • আই চি চি বিশ্ব টেষ্ট একাদশ: ২০০৯, ২০১০, ২০১৩
  • এল জি পিপল্‌ছ চইচ বঁটা: ২০১৩
  • ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ সন্মান, ২০০৭-০৮
  • ডি মণ্টফ'ৰ্ট বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী, আগষ্ট ২০১১১৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (15 February 2012). Dhoni's numbers prove his worth as a finisher in One Day Internationals. Daily Mail
  2. ↑ (12 July 2013). Dhoni is best finisher I have ever seen: Vengsarkar. The Hindu
  3. ↑ MS Dhoni, a fantastic finisher. DNA India
  4. ↑ Experts feel Dhoni is the best finisher. Sunday Guardian
  5. ↑ (30 December 2014). Dhoni retires from Test cricket. ESPNcricinfo.com
  6. ↑ (2 February 2013). MS Dhoni joins BCCI boss' company as vice-president. The Times Of India
  7. ↑ Jagannathan, K. T. (2 February 2013). India Cements appoints Dhoni as Vice-President. The Hindu
  8. ↑ www.deccanchronicle.com/141006/sports-football/a
  9. ↑ PTI. (1 November 2011). Dhoni, Bindra conferred Lt. Col. rank. New Delhi Edition. The Hindu
  10. ↑ (2014-07-30). Mahendra Singh Dhoni. Forbes
  11. ↑ The World's Highest-Paid Athletes 2014: Behind The Numbers. Forbes
  12. ↑ (2014-06-12). Mahendra Singh Dhoni in Forbes list of world's highest paid athletes – Economic Times. Economictimes.indiatimes.com
  13. ↑ (2014-06-12). Dhoni only Indian in Forbes list of world's 100 highest paid athletes. Hindustan Times
  14. ↑ (2014-06-12). Dhoni in Forbes List of Worlds Highest Paid Athletes - NDTVProfit.com. Profit.ndtv.com
  15. ↑ The 2011 Time 100. Time
  16. ↑ (26 June 2012). MS Dhoni, Mary Kom world's 16th, 38th most marketable athletes. The Times Of India
  17. ↑ (20 April 2011). Dhoni awarded honorary doctorate degree by British University | Cricket News – Yahoo! Cricket. Cricket.yahoo.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰমেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহেন্দ্ৰ সিং ধোনি” প্ৰবন্ধৰ সংশোধন ৬৪০১৩৫ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।