অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বেখ মুজিবুৰ ৰহমান

শ্বেখ মুজিবুৰ ৰহমান (শেখ মুজিবুব় ব়হমান, ১৭ মাৰ্চ ১৯২০ – ১৫ আগষ্ট ১৯৭৫), জনপ্ৰিয়ভাবে শ্বেখ মুজিব বা বংগবন্ধু বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু দক্ষিণ এছিয়াৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিত্ব।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৪৯ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

শ্বেখ মুজিবুৰ ৰহমান (শেখ মুজিবুব় ব়হমান, ১৭ মাৰ্চ ১৯২০ – ১৫ আগষ্ট ১৯৭৫), জনপ্ৰিয়ভাবে শ্বেখ মুজিব বা বংগবন্ধু বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু দক্ষিণ এছিয়াৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিত্ব। ভাৰত বিভাজন আন্দোলনত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু পিছলৈ পূব পাকিস্তানক স্বাধীন দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামত কেন্দ্ৰীয় নেতৃত্ব প্ৰদান কৰিছিল। প্ৰথম অৱস্থাত তেওঁ আৱামী লীগৰ সভাপতি তাৰপিছত বাংলাদেশৰ প্ৰধানমন্ত্ৰী আৰু পিছলৈ বাংলাদেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২ ১৯৭১ চনত পূব পাকিস্তানৰ ৰাজনৈতিক স্বায়ত্তশাসনৰ অভিযান আৰু তাৰ পিছত বাংলাদেশৰ স্বাধীনতা আন্দোলন আৰু বাংলাদেশৰ মুক্তিযুদ্ধৰ আঁৰৰ কেন্দ্ৰীয় ব্যক্তি হিচাপে তেওঁৰ কৃতিত্বক স্বীকৃতি দি শ্বেখ মুজিবুৰ ৰহমানক বাংলাদেশৰ "জাতিৰ জনক" বা "জাতিৰ পিতৃ" বুলি জনা যায়।৩ তেওঁক প্ৰাচীন বাংলা সভ্যতাৰ আধুনিক স্থপতি আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বঙালী বুলি গণ্য কৰা হয়। তেওঁক জনপ্ৰিয়ভাৱে "শ্বেখ মুজিব" বা "শ্বেখ চাহিব" আৰু "বংগবন্ধু" উপাধিৰে জনা যায়। তেওঁৰ কন্যা শেখ হাছিনা বৰ্তমান বাংলাদেশৰ প্ৰধানমন্ত্ৰী।

তথ্য উৎস

গ্ৰন্থতালিকা

  • Mujibur Rahman, Sheikh. (2012). The Unfinished Memoirs. The University Press Limited. ISBN 9789845061100
  • Kādira, Muhāmmada Nūrula. (2004). Independence of Bangladesh in 266 days: history and documentary evidence. Mukto Publishers. ISBN 978-984-32-0858-3
  • Karim, S. A. (2005). Sheikh Mujib: Triumph and Tragedy. The University Press Limited. ISBN 9789840517374
  • Milam, William B. (2009). Pakistan and Bangladesh: Flirting with Failure. Columbia University Press. ISBN 978-0-231-70066-5
  • Kaushik, S. L.; Patnayak, Rama. (1995). Modern Governments and Political Systems: governments and politics in South Asia
  • Frank, Katherine. (2001). Indira: The Life of Indira Nehru Gandhi. HarperCollins. ISBN 978-0-395-73097-3
  • Ahmed, Moudud. (1983). Bangladesh: Era of Sheikh Mujibur Rahman. The University Press Limited. ISBN 978-984-506-226-8
  • Ahmed, Salahuddin. (2003). Bangladesh: Past and Present. A.P.H. Publishing Corporation. ISBN 9788176484695
  • Enayetur Rahim and Joyce L. Rahim. (2013). Bangabandhu Sheikh Mujibur Rahman and Struggle for Independence: UK Foreign and Commonwealth Office, De-classified Documents, 1962–1971. Hakkani Publishers. ISBN 978-7-02-140067-5
  • Meghna Guhathakurta and Willem van Schendel. (2013). The Bangladesh Reader: History, Culture, Politics. Duke University Press. ISBN 9780822353188
  • Maidul Islam. (2015). Limits of Islamism. Cambridge University Press. ISBN 9781107080263
  • Jahan, Rounaq. (2000). Bangladesh: promise and performance. Zed Books. ISBN 9781856498258
  • Gupta, Jyoti Sen. (1981). Bangladesh, in Blood and Tears. Naya Prokash
  • Heitzman, James; Library of Congress, Federal Research Division; Nyrop, Richard F. (1989). Bangladesh: a country study. Library of Congress

তথ্যসূত্ৰ

  1. ↑ (11 August 2023). Mujibur Rahman. Britannica
  2. ↑ (17 March 2020). Who is Sheikh Mujibur Rahman, whose birth centenary Bangladesh is observing today. The Indian Express
  3. ↑ First Schedule. Laws of Bangladesh

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেখ মুজিবুৰ ৰহমান” প্ৰবন্ধৰ সংশোধন ৬৩২৪৬০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।