শোভা ব্ৰহ্ম (Sobha Brahma; ১৪ অক্টোবৰ, ১৯২৯ – ৫ মাৰ্চ, ২০১২) অসমৰ এগৰাকী চিত্ৰ-শিল্পী আৰু ভাস্কৰ। তেখেতৰ স্ৰজিত শিল্প কৰ্মত উত্তৰ-পূব ভাৰতৰ সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱত গঢ়ি উঠা এক একক শৈলী লক্ষ্য কৰা হয়, এই শৈলীত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে তেখেতে যত্ন কৰে।১
জীৱন আৰু কৰ্ম
১৯২৯ চনৰ ১৪ অক্টোবৰত কোকৰাঝাৰ জিলাৰ ভুমকাগাঁৱত তেখেতৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল হৰিচৰণ ব্ৰহ্ম আৰু মাতৃ দেৱশ্ৰী ব্ৰহ্ম।২
শোভা ব্ৰহ্মই ১৯৫০ চনত ধুবুৰীৰ সাপটগ্ৰাম স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈ কটন কলেজত নামভৰ্ত্তি কৰে। পিছলৈ ১৯৪৮ চনত কটন বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লৈ শান্তিনিকেতনলৈ যায় শিল্পৰ শিক্ষা ল'বলৈ। প্ৰখ্যাত চিত্ৰকৰ ৰামকিংকৰ বেইজ, ধীৰেন্দ্ৰকৃষ্ণ দেৱবৰ্মণ আৰু নন্দলাল বসুৰ অধীনত ব্ৰহ্মই শিক্ষা লাভ কৰে।১ শান্তিনিকেতনৰপৰাই ১৯৫৭ত তেখেতে চাৰু-কলাৰ স্নাতক ডিগ্ৰী লাভ কৰে।৩ শান্তিনিকেতনৰ পৰা উভতি আহি তেখেতে গুৱাহাটীৰ তাৰিণীচৰণ চৌধুৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিল্পকলা বিষয়ত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ইয়াৰ পূৰ্বে 'প্ৰাগ'ত অনুষ্ঠিত চতুৰ্থ আন্তৰ্জাতিক ছাত্ৰ শিল্প প্ৰদৰ্শনীত তেওঁ ভাগ লৈছিল। ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত জনজাতীয় সংস্কৃতি আৰু লোকসংস্কৃতি বিভাগৰ পৰা বড়ো, ৰাভা আৰু ডিমাছাসকলৰ শিল্প পৰম্পৰা বিষয়ত অধ্যয়নৰ বাবে বৃত্তি লাভ কৰা শোভা ব্ৰহ্মই২ উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন নৃগোষ্ঠীৰ স্বকীয় শিল্পৰ অনুপ্ৰেৰণাত নিজৰ অংকন আৰু স্থাপত্য শৈলী বিকাশ কৰে।৪৫১
শোভা ব্ৰহ্ম গুৱাহাটীৰ চৰকাৰী কলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।৩ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও এখেত ললিত কলা একাডেমিৰ 'সাধাৰণ সভাৰ' সদস্য আছিল।১
শোভা ব্ৰহ্মৰ জীৱনৰ ওপৰত শিৱানন বৰুৱাই "Shobha Brahma – the immaculate visionary" নামে এখন তথ্য-চিত্ৰ নিৰ্মাণ কৰে।৬ ইয়াত শোভা ব্ৰহ্মৰ ভূমিকাত বিক্ৰম নিজানে অভিনয় কৰিছিল।
২০১২ চনৰ ৫ মাৰ্চ তাৰিখে বাৰ্ধক্যজনিত কাৰণত ৮২ বছৰ বয়সত গুৱাহাটীত এখেতৰ মৃত্যু হয়।৩১৫
বঁটা আৰু সন্মান
শোভা ব্ৰহ্মই লাভ কৰা বঁটা আৰু সন্মানসমূহ হৈছে:২
- অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ (১৯৯০)
- কমল কুমাৰী বৰুৱা ফাউণ্ডেশ্বনৰ পৰা আগবঢ়োৱা কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা (১৯৯১)৭
- অসম চৰকাৰৰ পৰা বিষ্ণু ৰাভা বঁটা (১৯৯৬)
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডি লিট ডিগ্ৰী (২০০১)
- প্ৰণৱ বৰুৱা শিল্পী বঁটা (২০০২)
প্ৰকাশিত সাহিত্য গ্ৰন্থ
- অসমীয়া: শিল্পকলাৰ নৱজন্ম, জীৱন আৰু চিত্ৰকলা, লিঅ'নাৰ্ডো ডা ভিঞ্চি
- অনুবাদ: ভাৰতীয় শিল্পকলা
- বড়ো: গোদান উধি (কথা বৰেণ্য ১০০'ৰ সৌজন্যত)২
সাৰ্থক সৃষ্টি
শোভা ব্ৰহ্মৰ শিল্প আৰু ভাস্কৰ্যত সমসাময়িক জীৱনৰ দ্বিধা-দ্বন্দ্ব, যন্ত্ৰণা-নিষ্ঠুৰতা, ভয়ংকৰ ৰূপ প্ৰতিফলিত হয়। তেওঁৰ কেইখনমান সাৰ্থক সৃষ্টি হ'ল- 'ডেথ', 'খেৰাই', 'ৰিলিজ', 'আফটাৰমেথ', 'টাৰ্মিনেল পিকাচাৰ-1990', 'জোৱান দ্য আৰ্ক', 'ডেড বাৰ্ড', 'দি ফক ডেঞ্চ', 'দি ছেপলিং' আদি। শিল্পকলাৰ মাধ্যমেৰেও তেওঁ সমাজ জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত কৰিছিল। 'ঊৰ্ধমুখী নাৰী', 'এমব্ৰেজ', 'অপ্সৰা', 'হল'ফৰ্ম', 'নায়িকা' আদি তেওঁৰ উল্লেখযোগ্য ভাস্কৰ্য।২ অসম উপত্যকা সাহিত্য বঁটা ৰ আৰ্হিটো তেখেতেই প্ৰস্তুত কৰিছিল।৮
বাহ্যিক সংযোগ
- এজন মহান শিল্পীৰ চিৰবিদায়, আমি অসমীয়া ৱেবছাইট।
- Sobha Brahma (1930-2012) End of an era of northeastern art and sculpting, The Hindu, Published on March 7, 2012.
- Artist of the Frontier: Sobha Brahma A visual.
তথ্যসূত্ৰ
- ↑ (2012-03-05). Eminent artist-sculptor Sobha Brahma dead, IBN Live News. Ibnlive.in.com
- ↑ আমাৰ অসম, আহৰণ- ৬ মাৰ্চ ২০১২
- ↑ (2012-08-15). brings the Latest & Top Breaking News on Politics, G-20 summit, CHOGM 2011,Vice President's visit to Perth for CHOGM, Cricket, Sports, Business, State,Formula One in INDIA, Regional Language Audio Bulletins, Regional Language scripts & more. News On Air
- ↑ Bipuljyoti Saikia. Bipuljyoti Saikia's Homepage: Art & Artists - Shobha Brahma. Oocities.org
- ↑ Guwahati, Mar 5, 2012, (PTI):. (2012-03-05). Eminent artist-sculptor Sobha Brahma dead. Deccanherald.com
- ↑ TI Trade. (1990-08-17). Assam Tribune online. Assamtribune.com
- ↑ The Kamal Kumari Foundation. Kkfindia.org
- ↑ অসমীয়া প্ৰতিদিন, আহৰণ কৰা তাৰিখ: ০৬-০৩-২০১২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শোভা ব্ৰহ্ম” প্ৰবন্ধৰ সংশোধন ৬৪০২৪০ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।