অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাৰ্গিছ

নাৰ্গিছ দত্ত (পূৰ্বৰ নাম ফাতিমা ৰছিদ; ১ জুন ১৯২৯ – ৩ মে' ১৯৮১), বহুকেইখন ধ্ৰুপদী বলিউড চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। হিন্দী বোলছবিৰ অন্যতম মহান অভিনেত্ৰী হিচাপে পৰিগণিত নাৰ্গিছে পাঁচবছৰ বয়সতে 'তালাছ-এ-হক' (১৯৩৫) চলচ্চিত্ৰত সৰু চৰিত্ৰ এটাৰে অভিনয়ৰ পাতনি মেলিছিল।

হালনাগাদ: ১২ জানুৱাৰী ২০২৬ ৫২৪ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

নাৰ্গিছ দত্ত বা চমুকৈ নাৰ্গিছ১ (পূৰ্বৰ নাম ফাতিমা ৰছিদ; ১ জুন ১৯২৯ – ৩ মে' ১৯৮১),২ বহুকেইখন ধ্ৰুপদী বলিউড চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। হিন্দী বোলছবিৰ অন্যতম মহান অভিনেত্ৰী হিচাপে পৰিগণিত নাৰ্গিছে পাঁচবছৰ বয়সতে 'তালাছ-এ-হক' (১৯৩৫) চলচ্চিত্ৰত সৰু চৰিত্ৰ এটাৰে অভিনয়ৰ পাতনি মেলিছিল। ১৯৪২ চনত 'তমন্না' চলচ্চিত্ৰৰে তেখেতে অভিনয়ত ভালকৈ ভৰি ৰাখে।

তিনি দশকজোৰা কৰ্ম জীৱনত নাৰ্গিছে কেইবাখনো বাণিজ্যিকভাৱে সফল আৰু সমালোচকৰ প্ৰশংসিত চলচ্চিত্ৰত অভিনয় কৰিছিল। তেখেত অভিনেতা আনোৱাল হুছেইনৰ ভনীয়েক আছিল। তেখেতৰ সকলোতকৈ বিখ্যাত চৰিত্ৰটো আছিল অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱা 'মাদাৰ ইণ্ডিয়া' (১৯৫৭) চলচ্চিত্ৰৰ ৰাধাৰ চৰিত্ৰ। ইয়াৰ অববে তেখেতে ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটাও লাভ কৰিছিল। ১৯৬০-ৰ দশকত তেখেতৰ ভূমিকা সেৰেঙা হ'বলৈ ধৰে। এই সময়ছোৱাত 'ৰাত ঔৰ দিন' (১৯৬৭) চলচ্চিত্ৰৰ বাবে তেখেতে প্ৰথম বছৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

নাৰ্গিছে তেখেতৰ "মাদাৰ ইণ্ডিয়া"ৰ সহ-অভিনেতাৰ সুনীল দত্তক ১৯৫৮ চনত বিয়া কৰায়। সঞ্জয় দত্তকে ধৰি তেওঁলোকৰ তিনিটা সন্তান। পতিৰ সতে মিলি নাৰ্গিছে অজন্তা কলা-সাংস্কৃতিক দল গঠন কৰে। এই দলে কেইবাগৰাকী আগশাৰীৰ অভিনেতা আৰু গায়কক লৈ ঘাইকৈ সীমান্ত অঞ্চলবোৰত মঞ্চ অনুষ্ঠান পাতিছিল। ১৯৭০ দশকৰ আৰম্ভণিতে নাৰ্গিছ স্পাষ্টিক ছ'ছাইটী অৱ ইণ্ডিয়াৰ মুৰব্বী হৈ পৰে। সামাজিক কাম-কাজত সুনাম অৰ্জন কৰি তেখেত ১৯৮০ চনত ৰাজ্যসভালৈ মনোনীত হয়।

১৯৮১ চনত অগ্ন্যাশয়ৰ কৰ্কট ৰোগত ভুগি নাৰ্গিছৰ মৃত্যু হয়। ইয়াৰ তিনি দিনৰ পাছতে পুত্ৰ সঞ্জয় দত্তই 'ৰকী' চলচ্চিত্ৰৰ যোগেদি অভিনয়ৰ পাতনি মেলিছিল। ১৯৮২ চনত তেখেতৰ স্মৃতিত 'নাৰ্গিছ দত্ত সোঁৱৰণী কেন্সাৰ ফাউণ্ডেচন' প্ৰতিষ্ঠা কৰা হয়। প্ৰতি বছৰে চৰকাৰীভাৱে তেখেতৰ নামেৰে "ৰাষ্ট্ৰীয় সংহতিৰ নাৰ্গিছ দত্ত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা" প্ৰদান কৰা হয়।

বঁটা আৰু সন্মান

  • ১৯৫৮ – 'মাদাৰ ইণ্ডিয়া'ৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা৩
  • ১৯৫৮ – তেখেত ভাৰত চৰকাৰে প্ৰদান কৰা দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লভা প্ৰথম চলচ্চিত্ৰ অভিনেত্ৰী ৰূপে পৰিগণিত হয়।৪
  • ১৯৬৮ – 'ৰাত ঔৰ দিন'ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা৪
  • ১৯৬৯ – 'ৰাত ঔৰ দিন'ৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটালৈ মনোনীত
  • ২০০১ – হিৰো হোণ্ডা আৰু ষ্টাৰডাষ্ট চলচ্চিত্ৰ আলোচনীয়ে অমিতাভ বচ্চনৰ সৈতে "শতিকাৰ শ্ৰেষ্ঠ শিল্পী" বঁটা প্ৰদান কৰে।৫

১৯৯৩ চনত নাৰ্গিছৰ সোঁৱৰণত ভাৰতীয় ডাক সেৱাই এটা এটকীয়া ডাক-টিকট মুকলি কৰে।৬ ২০১৫ চনৰ ১ জুনত ৮৬তম জন্মদিন উপলক্ষে গুগলে এক ডুডল মুকলি কৰিছিল।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাই তেখেতৰ সোঁৱৰণত প্ৰতি বছৰে "ৰাষ্ট্ৰীয় সংহতিৰ নাৰ্গিছ দত্ত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা" প্ৰদান কৰে।৭

অন্য মাধ্যমত

২০১৮ চনত মুক্তি লাভ কৰা সঞ্জয় দত্তৰ জীৱনৰ ওপৰত আধাৰিত 'সঞ্জু' চলচ্চিত্ৰত মনীষা কৈৰালাই নাৰ্গিছৰ ভূমিকাত অভিনয় কৰিছিল।৮ ২০১৮ চনৰ আন এখন হিন্দী চলচ্চিত্ৰ 'মাণ্ট''ত ফেৰীনা ৱাজহেৰে তেখেতৰ চৰিত্ৰত অভিনয় কৰিছিল।৯

অভিনীত চলচ্চিত্ৰসমূহ

  • 'তালাছ-এ-হক' (১৯৩৫)
  • 'মাডাম ফেশ্বন' (১৯৩৬)
  • 'তক্‌দীৰ' (১৯৪৩)
  • 'হুমায়ুন' (১৯৪৫)
  • 'বিছ্‌ৱী শ্বাদি' (১৯৪৫)
  • 'ৰামায়ণী' (১৯৪৫)
  • 'নাৰ্গিছ' (১৯৪৬)
  • 'মেহেন্দি' (১৯৪৭)
  • 'মেলা' (১৯৪৮)
  • 'অন'খা প্যাৰ' (১৯৪৮)
  • 'অঞ্জুমন' (১৯৪৮)
  • 'আগ' (১৯৪৮)
  • 'ৰুমাল' (১৯৪৯)
  • 'লাহোৰ' (১৯৪৯)
  • 'দাৰোগাজি' (১৯৪৯)
  • 'বৰছাত' (১৯৪৯)
  • 'অন্দাজ' (১৯৪৯)
  • 'প্যাৰ' (১৯৫০)
  • 'মীনা বাজাৰ' (১৯৫০)
  • 'খেল' (১৯৫০)
  • 'জ'গন' (১৯৫০)
  • 'জান পেহচান' (১৯৫০)
  • 'চ'টি ভাবি' (১৯৫০)
  • 'বাবুল' (১৯৫০)
  • 'আধি ৰাত' (১৯৫০)
  • 'সাগৰ' (১৯৫১)
  • 'প্যাৰ কি বাতে' (১৯৫১)
  • 'হালচাল' (১৯৫১)
  • 'দীদাৰ' (১৯৫১)
  • 'আৱাৰা' (১৯৫১)
  • 'শ্বিচা' (১৯৫২)
  • 'বেৱফা' (১৯৫২)
  • 'আচিয়ানা' (১৯৫২)
  • 'অনহ'নী' (১৯৫২)
  • 'অম্বৰ' (১৯৫২)
  • 'শ্বিকস্ত' (১৯৫৩)
  • 'পাপী' (১৯৫৩)
  • 'ধুন' (১৯৫৩)
  • 'আহ' (১৯৫৩)
  • 'অংগাৰে' (১৯৫৪)
  • 'শ্ৰী ৪২০' (১৯৫৫)
  • 'জাগতে ৰহ'' (১৯৫৬)
  • 'চ'ৰি চ'ৰি' (১৯৫৬)
  • 'পৰদেশী'
  • 'মাদাৰ ইণ্ডিয়া' (১৯৫৭)
  • 'লাজৱন্তী' (১৯৫৮)
  • 'ঘৰ সংসাৰ' (১৯৫৮)
  • 'আদালত' (১৯৫৮)
  • 'য়াদে' (১৯৬৪)
  • 'আদিত্য' (১৯৬৭)
  • 'Tosa oneira stous dromous' ' (১৯৬৮)

অতিৰিক্ত পাঠ্য

  • 'Mr. and Mrs. Dutt: Memories of our Parents', Namrata Dutt Kumar and Priya Dutt, 2007, Roli Books.১০
  • 'Darlingji: The True Love Story of Nargis and Sunil Dutt', Kishwar Desai. 2007, Harper Collins.
  • 'The Life and Times of Nargis', T. J. S. George. 1994, Harper Collins.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (4 May 2013). Nargis. Mint
  2. ↑ Archived copy
  3. ↑ Filmfare Awards Winners From 1953 to 2018. Filmfare Awards
  4. ↑ Archived copy
  5. ↑ The Tribune, Chandigarh, India – Nation. tribuneindia.com
  6. ↑ Nargis Dutt. Indian Philately. Thakkar Numismatic & Art Foundation
  7. ↑ (7 January 2005). An award in a different genre. Hindu.com. পৃ. 2
  8. ↑ Sanjay Dutt biopic: Manisha Koirala looks like a perfect replica of Nargis Dutt – Most talked about biopics you just cannot miss – The Times of India. The Times of India
  9. ↑ Feryna Wazheir to play Nargis in 'Manto’ - Times of India. The Times of India
  10. ↑ Archive News – The Hindu. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ীশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীকৰ্কট ৰোগত মৃত্যু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰ্গিছ” প্ৰবন্ধৰ সংশোধন ৫৬৯২৫৮ (১২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।