অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

একতা কাপুৰ

একতা কাপুৰ (জন্ম: ৭ জুন ১৯৭৫) এগৰাকী ভাৰতীয় টেলিভিছন প্ৰযোজক, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু বালাজী টেলিফিল্মছৰ পৰিচালন অধিকৰ্তা তথা ক্ৰিয়েটিভ হেড। ভাৰতৰ টেলিভিছনৰ ক্ষেত্ৰখনলৈ আমূল পৰিবৰ্তন অনাত তেওঁৰ অপৰিসীম অৱদান আছে। তেওঁক ভাৰতৰ টেলিভিছনৰ জেৰিণা আৰু ভাৰতৰ টেলিভিছনৰ ৰাণী বুলি সম্বোধিত কৰা হয়।

হালনাগাদ: ৩০ আগষ্ট ২০২৬ ৪৯৩ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

একতা কাপুৰ (জন্ম: ৭ জুন ১৯৭৫)১ এগৰাকী ভাৰতীয় টেলিভিছন প্ৰযোজক, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু বালাজী টেলিফিল্মছৰ পৰিচালন অধিকৰ্তা তথা ক্ৰিয়েটিভ হেড। ভাৰতৰ টেলিভিছনৰ ক্ষেত্ৰখনলৈ আমূল পৰিবৰ্তন অনাত তেওঁৰ অপৰিসীম অৱদান আছে। তেওঁক ভাৰতৰ টেলিভিছনৰ জেৰিণা আৰু ভাৰতৰ টেলিভিছনৰ ৰাণী বুলি সম্বোধিত কৰা হয়। ২০২০ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

পিতৃ জিতেন্দ্ৰ (সোঁফালে) আৰু ভাতৃ তুষাৰ কাপুৰৰ (বাওঁফালে) সৈতে একতা কাপুৰ (মাজত)
পিতৃ জিতেন্দ্ৰ (সোঁফালে) আৰু ভাতৃ তুষাৰ কাপুৰৰ (বাওঁফালে) সৈতে একতা কাপুৰ (মাজত)ছবি: Bollywood Hungama · CC BY 3.0

১৯৭৫ চনৰ ৭ জুন তাৰিখে মহাৰাষ্ট্ৰৰ মুম্বাইত একতা কাপুৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জিতেন্দ্ৰ আৰু মাতৃ শোভা কাপুৰ দুয়ো হিন্দী চলচ্চিত্ৰৰ প্ৰখ্যাত অভিনেতা-অভিনেত্ৰী। তেওঁৰ কনিষ্ঠ ভাতৃ তুষাৰ কাপুৰো এগৰাকী অভিনেতা।২৩৪ তেওঁ মাহিমত অৱস্থিত বোম্বে স্কটিছ স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। পিছলৈ তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত মিথিবাঈ কলেজত উচ্চ শিক্ষা লাভ কৰে।৫

কৰ্মজীৱন

একতা কাপুৰে ১৫ বছৰ বয়সৰ পৰা চলচ্চিত্ৰ আৰু বিজ্ঞাপন নিৰ্মাতা কৈলাস সুৰেন্দ্ৰনাথৰ সৈতে কৰ্মজীৱনৰ জীৱনৰ পাতনি মেলিছিল। তাৰপিছত তেওঁ তেওঁৰ পিতৃৰ পৰা বিত্তীয় সাহায্য লৈ প্ৰযোজক হোৱা মন মেলে।৬ ২০০১ চনত তেওঁ কিউ কি মে জুথ নেহী বলতা, ২০০৩ চনত কুছ তো হে আৰু ২০০৪ চনত কৃষ্ণা কটেজ নামৰ হিন্দী ছবি নিৰ্মাণ কৰে। তাৰপিছত তেওঁ ক্যা কুল হে হম, শ্বুটআউট এট লখণ্ডৱালা, মিছন ইস্তানবুল, ইএমআই আদি ছবি প্ৰযোজনা কৰে।

২০১০ চনৰ পৰা ২০০৪ চনলৈ তেওঁ লাভ চেক্স এণ্ড ধখা, উৱান্স আপোন এ টাইম ইন মুম্বাই আৰু চৰ ইন দা চিটি আদি চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। কিন্তু তেওঁৰ ছবিসমূহে ভাল ব্যৱসায় নকৰাৰ বাবে হাফ গাৰ্লফ্ৰেণ্ড নিৰ্মাণ কৰাৰ আগতে তেওঁ কিছুপৰিমাণে হতাশ হৈছিল।৭

২০১২ চনত একতা কাপুৰে ইনষ্টিটিউট অফ ক্ৰিয়েটিভ এক্সচেলেন্স নামৰ মেডিয়া প্ৰশিক্ষণ প্ৰতিষ্ঠান তেওঁৰ প্ৰডাক্টছন হাউচ বলাজী টেলিফিল্মৰ সহায়ত স্থাপন কৰে।৮৯১০

তেওঁ টেলিভিছনৰ বাবে ১৩০ খনতকৈ বেছি ধাৰাবাহিক নিৰ্মাণ কৰিছে। তেওঁৰ দ্বাৰা প্ৰযোজিত ধাৰাবাহিক সমূহ ভাৰতৰ লগতে বিভিন্ন দেশত জনপ্ৰিয়তা লাভ কৰিছে। ভাৰতীয় টেলিভিছন উদ্যোগ ঠন ধৰি উঠাৰ বাবে তেওঁৰ অৱদান আগবঢ়াইছে। তেওঁৰ কেইখনমান জনপ্ৰিয় ধাৰাবাহিক হ'ল: হম পাঁচ, কিউ কি সাঁচ কি কাভি বহু থি, কাহিনী ঘৰ ঘৰ কি, কহি কিছি ৰজ, কচৌটি জিন্দাগী কি, কচম ছে, পৱিত্ৰ ৰিষ্টা, বৰে আচ্ছে লগতে হে, য়ে হে মোহব্বতে, যোধা অকবৰ, কুমকুম ভাগ্য, কুণ্ডলী ভাগ্য, নাগিন ইত্যাদি।১১ ভাৰতীয় টেলিভিছন জগতত নতুন ঢৌ অনাৰ বাবে একতা কাপুৰ জনাজাত। সেয়ে তেওঁক ভাৰতীয় টেলিভিছনৰ ৰাণী বুলি অভিহিত কৰা হয়।৬১২১৩

তেওঁ এএলটি বালাজী নামৰ এপৰ সহায়ত ৪০ খনতকৈ অধিক অনলাইন ৱেব চিৰিজ উপস্থাপন কৰিছে।৬ ইয়াৰ লগতে তেওঁ শেহতীয়াকৈ এক লেবেলৰ সৈতে ফেছন চিৰিজ আৰম্ভ কৰিছে।১৪ ১৫

বঁটা আৰু সন্মান

একতা কাপুৰে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। ২০০১ চনত এছিয়া ৱিক মেগাজিনে তেওঁক 'এছিয়াৰ শীৰ্ষ ৫০ গৰাকী গণসংযোগকৰ্তা'ৰ তালিকাত স্থান দিছিল।১৬ তেওঁ বহু অভিনেতা, অভিনেত্ৰী, চলচ্চিত্ৰৰ কাৰিকৰী ব্যক্তিক নিজৰ প্ৰতিভা প্ৰকাশৰ বাবে প্ৰথম মঞ্চ প্ৰদান কৰিছিল।১৭ তেওঁ কনফেডাৰেচন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীজ এণ্টাৰটেইনমেণ্ট কমিটিৰ মুৰব্বী আছিল। ইয়াৰ লগতে তেওঁ ২০০১ চনত বৰ্ষশ্ৰেষ্ঠ উদ্যমী বঁটা লাভ কৰিছিল।১৮ তেওঁক ভাৰতীয় টেলিভিছন উদ্যোগৰ শীৰ্ষ ২৫ গৰাকী ক্ষমতাশালী মহিলাৰ ভিতৰত অন্যতম হিচাপে অভিহিত কৰা হয়।১৯

তেওঁ বালাজী টেলিফিল্মৰ প্ৰযোজক হিচাপে বহুতো পুৰস্কাৰ লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল: ভাৰতীয় টেলিভিছন একাডেমী বঁটা, ইণ্ডিয়ান টেলি এৱাৰ্ড, কলাকৰ বঁটা, এছিয়ান টেলিভিছন বঁটা, অপ্সৰা বঁটা,জী ৰিষ্টে বঁটা, ব'ৰপ্লাছ বঁটা, নিউ টেলেণ্ট বঁটা, বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্ট বঁটা, গ্ৰেট ৱমেন বঁটা, এছিয়া সামাজিক সৱলীকৰণ বঁটা, লায়ন গোল্ড বঁটা, ষ্টাৰডাষ্ট এৱাৰ্ড, স্ক্ৰীন এৱাৰ্ড, পুনে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, জী গৌৰৱ পুৰস্কাৰ,ৰাষ্ট্ৰীয় মেডিয়া নেটৱৰ্ক চলচ্চিত্ৰ আৰু টেলিভিছন বঁটা, গ্লোৱেল ইণ্ডিয়ান ফিল্ম এণ্ড টেলিভিছন অনৰ, ইটিচি বিজনেছ এৱাৰ্ড ইত্যাদি।১৭ ২০২০ চনত ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।২০

তথ্যসূত্ৰ

  1. ↑ Bajaj, Simran. (7 June 2016). Happy birthday Ekta Kapoor: 6 things to remind you why she is a big deal. Hindustan Times
  2. ↑ Sabharwal, Rahul. (21 January 2010). Meet the 'real' Ekta Kapoor. হিন্দুস্তান টাইমছ
  3. ↑ (1 July 2002). Ekta Kapoor springs a surprise. দ্য হিন্দু
  4. ↑ (2 October 2009). Ekta Kapoor & family take pay cut. দ্য হিন্দু
  5. ↑ (16 September 2015). Ekta Kapoor- Joint Managing Director&Creative Director of Balaji Telefilms. IndianBillGates
  6. ↑ Bajwah, Dimpal. (7 June 2017). From being known as a superstar's daughter to becoming TV's Czarina, here's how Ekta Kapoor's career shaped up. The Times of India
  7. ↑ (28 May 2017). Half Girlfriend producer Ekta Kapoor: Critics felt it was a melodrama but I'm glad that masses accepted the film
  8. ↑ Balaji Telefilms Limited: Television, Motion Pictures. balajitelefilms.com
  9. ↑ (15 May 2012). Balaji Telefilms launches training academy in filmmaking
  10. ↑ Balaji Telefilms to start chain of acting, editing schools. indiainfoline.com
  11. ↑ (20 February 2012). Ekta Kapoor's obsession with 'K' was strategy, but not superstition. Filmibeat. Greynium Information Technologies
  12. ↑ (6 April 2018). TV czarina Ekta Kapoor on moving from conservative shows to nonconformist work. India Today
  13. ↑ (2 March 2016). Ekta Kapoor 'swears' she is not queen of TV. The Indian Express
  14. ↑ Content Czarina Ekta Kapoor Leads With Distinctive Women Driven Characters. Mid Day
  15. ↑ Content Czarina Ekta Kapoor leads with distinctive women driven characters. Daily Hunt
  16. ↑ (25 May 2001). Tejpal, Ekta and Murthy among Asia's 50 most powerful communicators: Asiaweek. Indian Advertising Media & Marketing News – exchange4media
  17. ↑ Ekta Kapoor Biography, Pictures and Facts. Famous Entrepreneurs
  18. ↑ Ekta Kapoor Biography - Life Story, Career, Awards and Achievements. mapsofindia.com
  19. ↑ In 25 most powerful ladies list
  20. ↑ MINISTRY OF HOME AFFAIRS. padmaawards.gov.in

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীভাৰতৰ ব্যৱসায়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “একতা কাপুৰ” প্ৰবন্ধৰ সংশোধন ৬৩৩৪৩২ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।