ৰামানন্দ সাগৰ (২৯ ডিচেম্বৰ ১৯১৭ – ১২ ডিচেম্বৰ ২০০৫; জন্মতে চন্দ্ৰমৌলি চোপ্ৰা) আছিল এগৰাকী ভাৰতীয় ছবি নিৰ্দেশক আৰু ধাৰাবাহিক নিৰ্মাতা। পৌৰাণিক ভাৰতীয় মহাকাব্য ৰামায়ণৰ কাহিনীৰ আধাৰত তেখেতে নিৰ্মাণ কৰা একে নামৰ ধাৰাবাহিকখন ১৯৮৭ চনত টেলিভিছনত সম্প্ৰচাৰিত হৈছিল আৰু বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল।১ ২০০০ চনত ভাৰত চৰকাৰে তেখেতেক সন্মানীয় পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে।২
প্ৰাৰম্ভিক জীৱন
বৰ্তমান পাকিস্তানৰ লাহোৰৰ আচল গুৰুত ৰামানন্দ সাগৰৰ জন্ম হৈছিল। ৰামানন্দ সাগৰক তেখেতেৰ আইতাকে (মাকৰ মাক) ভৰণ-পোষণ কৰিছিল। পুত্ৰ-সন্তানহীন আইতাকেই তেখেতেৰ নামটো চন্দ্ৰমৌলি চোপ্ৰাৰ পৰা সলনি কৰি ৰামানন্দ সাগৰ ৰাখিছিল।৩ ১৯৪২ চনত সংস্কৃত আৰু পাৰ্চী ভাষাত সোণৰ পদকসহ তেখেতে পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা ঊত্তীৰ্ণ হৈছিল। 'ডেইলি মিলাপ' নামৰ বাতৰি-কাকত এখনৰো তেখেত সম্পাদক আছিল। তেখেতে বহুকেইটা চুটি গল্প, উপন্যাস, কবিতা, নাট্য লিখিছিল। সেইবোৰ ৰচনা কৰোঁতে তেখেতে ৰামানন্দ চোপ্ৰা, ৰামানন্দ বেদী, ৰামানন্দ কাশ্মিৰী নাম ব্যৱহাৰ কৰিছিল।৩ ১৯৪২ চনত তেওঁ যক্ষ্মাত আক্ৰান্ত হয় আৰু তেতিয়া তেওঁ "ডায়েৰি অৱ এ টি.বি. কলম" নামৰ স্তম্ভ এটাত তেওঁৰ যক্ষ্মা-বিৰোধী যুঁজৰ বিষয়ে লিখে। লাহোৰৰ 'আদাব-এ-মাছৰিক' আলোচনীত এই স্তম্ভটো ধাৰাবাহিক হিচাপে প্ৰকাশিত হৈছিল।৩
কৰ্মজীৱন
১৯৩২ চনৰ নিৰ্বাক ছবি 'Raiders of the Rail Road'-ত ৰামানন্দ সাগৰে ক্লেপাৰ বয় হিচাপে কৰ্মজীৱনৰ পাতনি মেলে।৪
১৯৫০ৰ দশকত ৰামানন্দ সাগৰে পৃথ্বীৰাজ কাপুৰ পৃথ্বী থিয়েটাৰত এগৰাকী সহকাৰী মঞ্চ প্ৰবন্ধক হিচাপে যোগদান কৰে। কাপুৰৰ পিতৃসুলভ তত্ত্বাৱধানত তেখেতে তেতিয়াই কেইখনমান নাটো পৰিচালনা কৰে।৫৬
১৯৬০ চনত তেখেতে 'পেইগাম' ছবিৰ বাবে শ্ৰেষ্ঠ সংলাপ-লিখোঁতাৰ ফিল্মফেয়াৰ বঁটা অৰ্জন কৰে। সেই ছবিখনৰ পৰিচালক আছিল এছ.এছ. ভাছান। অভিনয় কৰিছিল দিলীপ কুমাৰ, বৈজয়ন্তীমালা আৰু ৰাজ কুমাৰৰ দৰে শিল্পীয়ে।৭
তেখেতৰ দুখনামন সফল চলচ্চিত্ৰ হৈছে ঘুংঘত, আৰ্জু-যি দুখন ছবিয়ে যথাক্ৰমে ১৯৬০ আৰু ১৯৬৫ চনত ব্লকবাষ্টাৰৰ মৰ্যাদা পাইছিল। ১৯৬৪ চনত তেখেতে ক্লাছিক হিন্দী ছবি 'জিন্দেগী' নিৰ্মাণ কৰে। ১৯৬৮ চনত 'আঁখে' ছবিৰ বাবে তেখেতে শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ধৰ্মেন্দ্ৰ আৰু মালা সিনহাই অভিনয় কৰা স্পাই-থ্ৰিলাৰ ছবিখন ১৯৬৮ চনৰ উল্লেখযোগ্য ছবিৰ ভিতৰত তালিকাভুক্ত হৈছিল।৮
১৯৮৫ চনত ৰামানন্দ সাগৰে 'দাদা দাদী কি কাহিনীয়া'ৰ জৰিয়তে টেলিভিছনৰ জগতত পদাৰ্পণ কৰে। সেইখনৰ পৰিচালক আছিল তেওঁৰ পুত্ৰ মোতি সাগৰ। ৰামানন্দ সাগৰে সেইখন প্ৰযোজনা কৰিছিল। ১৯৮৬ চনত ৰামানন্দ সাগৰে 'বিক্ৰম ঔৰ বেতাল' ধাৰাবাহিক পৰিচালনা কৰে। পৰৱৰ্তী কালত তেওঁলোকে 'সাগৰ আৰ্ট' বেনাৰৰ অধীনত ভাৰতীয় পৌৰাণিক কাহিনী অথবা ইতিহাসজড়িত কাহিনীৰে ধাৰাবাহিক নিৰ্মাণ কৰি গৈ থাকে। ১৯৮৭ চনৰ ২৫ জানুৱাৰী তাৰিখে তেওঁ নিৰ্মাণ কৰা ৰামায়ণৰ প্ৰথমটো খণ্ড দূৰদৰ্শনযোগে সম্প্ৰচাৰিত হয়।৯১০ তেখেতৰ অইন দুখন জনপ্ৰিয় টিভি ধাৰাবাহিক হৈছে কৃষ্ণ, লৱ-কুশ। ইয়াৰ বাহিৰেও তেখেতে ধাৰাবাহিক 'আলিফ লেইলা' আৰু 'ছাই বাবা' নিৰ্মাণ কৰে।১১
২০১৯ চনৰ ডিচেম্বৰত তেওঁৰ পুত্ৰ প্ৰেম সাগৰে পিতৃৰ জীৱন-আধাৰিত গ্ৰন্থ 'An Epic Life: Ramanand Sagar, From Barsaat to Ramayan' প্ৰকাশ কৰে। আত্মজীৱনীখনত তেওঁৰ জীৱনৰ সংগ্ৰাম, উত্থানৰ কাহিনী সবিস্তাৰে বৰ্ণিত হৈছে।১২১৩
বঁটা-সন্মান
- পদ্মশ্ৰী, ২০০০ চনত
- শ্ৰেষ্ঠ সংলাপকাৰৰ ফিল্মফেয়াৰ বঁটা, ১৯৬০ চনত (পেইগাম ছবিৰ বাবে)
- শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা, ১৯৬৯ চনত (আঁখে ছবিৰ বাবে)
চলচ্চিত্ৰপুঞ্জী
| বৰ্ষ | শিৰোনাম | ছবি/ধাৰাবাহিক | দায়িত্ব | টোকা |
|---|---|---|---|---|
| ২০০৫ | Sai Baba | TV series | Director | |
| ১৯৯৩ | Alif Laila | TV Series | Director | |
| ১৯৯২ | Krishna | TV series | Director | |
| ১৯৮৮-৮৯ | Luv Kush | TV series | Director | |
| ১৯৮৬ | বিক্ৰম ঔৰ বেতাল | TV series | Director Producer | |
| ১৯৮৭-৮৮ | ৰামায়ণ | TV series | Director Producer Writer | |
| ১৯৮৫ | Salma | Film | Director Producer | |
| ১৯৮৩ | Romance | Film | Director Producer | |
| ১৯৮২ | Bagawat | Film | Director Producer | |
| ১৯৮১ | Armaan | Film | Producer | |
| ১৯৭৯ | Hum Tere Ashiq Hain | Film | Dialogue writer Screenplay writer | |
| ১৯৭৯ | Prem Bandhan | Film | Director | |
| ১৯৭৬ | Charas | Film | Director Producer Writer | |
| ১৯৭৩ | Jalte Badan | Film | Director Producer Writer | |
| ১৯৭২ | Lalkaar | Film | Director Producer Writer | |
| ১৯৭০ | Geet | Film | Director Producer | |
| ১৯৬৮ | Aankhen | Film | Director Producer Writer | |
| ১৯৬৫ | Arzoo | Film | Director Producer Writer | |
| ১৯৬৪ | Zindagi | Film | Director Producer | |
| ১৯৬৪ | Rajkumar | Film | Dialogue writer Screenplay writer | |
| ১৯৬০ | Ghunghat | Film | Director | |
| ১৯৫৯ | Paigham | Film | Dialogue writer | |
| ১৯৫৮ | Raj Tilak | Film | Writer Dialogue writer | |
| ১৯৫৬ | Mem Sahib | Film | Dialogue writer | |
| ১৯৫৪ | Bazooband | Film | Director | |
| ১৯৫২ | Sangdil | Film | Dialogue writer Screenplay writer | |
| ১৯৫৩ | Mehmaan | Film | Director | |
| ১৯৫০ | Jan Pahchan | Film | Dialogue writer Screenplay writer | |
| ১৯৪৯ | Barsaat | Film | Writer Dialogue writer Screenplay writer |
তথ্যসূত্ৰ
- ↑ Ramanand Sagar (Indian filmmaker). Britannica Online Encyclopedia
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ Early Life. Sagartv.com
- ↑ Film Making. Sagartv.com
- ↑ Shashi Kapoor. Junglee.org.in
- ↑ Anuj Kumar. (25 July 2012). Familiar turn. The Hindu
- ↑ www.imdb.com/title/tt0053152/
- ↑ Top Earners 1960–1969. Box Office India
- ↑ Lutgendorf, Philip. (1991). The Life of a Text: Performing the Ramcharitmanas of Tulsidas. University of California Press. পৃ. 12. ISBN 0-520-06690-1
- ↑ Ramayan – Block Buster in the History of Indian Television
- ↑ english.newstracklive.com/news/when-ramanand-sag
- ↑ Life and times of Ramanand Sagar. The Week
- ↑ A son’s tribute, with a pinch of realism
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামানন্দ সাগৰ” প্ৰবন্ধৰ সংশোধন ৬১৭৫২৭ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।