জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
শ্ৰীনিবাস ৰামানুজন
শ্ৰীনিবাস ৰামানুজন (சீனிவாச இராமானுஜன்) (২২ ডিচেম্বৰ ১৮৮৭ – ২৬ এপ্ৰিল ১৯২০) এজন ভাৰতীয় গণিতজ্ঞ।
-
সত্য সাই বাবা
সত্য সাই বাবা (জন্মতে সত্য নাৰায়ণ ৰাজু; ২৩ নৱেম্বৰ ১৯২৬ৰ পৰা ২৪ এপ্ৰিল ২০১১)) এজন ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু। তেওঁ দাবী কৰা আৰু অনেক লোকে বিশ্বাস কৰা মতে, তেওঁ শিৰডীৰ সাই বাবাৰ (মৃত্যু: ১৯১৮) পুনৰ্জন্ম।
-
সমৰেন্দ্ৰ নাৰায়ণ দেৱ
সমৰেন্দ্ৰ নাৰায়ণ দেৱ (Samarendra Narayan Dev) অসমৰ এজন চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, টেলিফিল্ম-নিৰ্মাতা, ধাৰাবাহিকৰ পৰিচালক, নাট্যকাৰ। ১৯৭১ চনত মুক্তিপ্ৰাপ্ত আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অৰণ্য নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল৷ তেখেতে মুঠতে…
-
সান্ত্বনা বৰদলৈ
সান্ত্বনা বৰদলৈ (Santwana Bardoloi) এগৰাকী ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। বৃত্তিত তেওঁ এগৰাকী শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক।
-
সুনীল গংগোপাধ্যায়
সুনীল গঙ্গোপাধ্যায় বা সুনীল গাংগুলী (Sunil Gangopadhyay; ৭ ছেপ্টেম্বৰ ১৯৩৪ – ২৩ অক্টোবৰ ২০১২) বিংশ শতিকাৰ শেষ ভাগত তেওঁ সক্ৰিয় হৈছিল আৰু মৃত্যুৰ আগলৈকে প্ৰায় চাৰি দশক জুৰি বঙালী ভাষা সাহিত্যৰ এগৰাকী অন্যতম সাহিত্যিক ৰূপে পৰিচিতি লাভ কৰিছিল। তেওঁ কলিকতাৰ এগৰাকী প্ৰাক্তন শ্বেৰিফ আছিল।
-
হেম সৰস্বতী
হেম সৰস্বতী এজন মধ্যযুগীয় প্ৰাক-বৈষ্ণৱ যুগৰ অসমীয়া কবি৷ কমতাধিপতি দুৰ্লভনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতাত তেওঁ "প্ৰহ্লাদ চৰিত্ৰ" আৰু "হৰগৌৰী-সংবাদ" নামৰ দুখন কাব্য গ্ৰন্থ ৰচনা কৰে৷
-
ৰুক্মিণী দেৱী অৰুণ্ডেল
ৰুক্মিণী দেৱী অৰুণ্ডেল (২৯ ফেব্ৰুৱাৰী ১৯০৪ – ২৪ ফেব্ৰুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক। তেওঁ ভাৰতনাট্যমৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ এগৰাকী পশু অধিকাৰ কৰ্মীয়ো আছিল।
-
ৰেৱতী মোহন দত্তচৌধুৰী
ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ (Rebati Mohan Dutta Choudhury) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। আশী আৰু নব্বৈৰ দশকত তেখেতে, তেখেতৰ জন্মস্থানক লৈ কিছুমান গল্প লিখিছিল। তেখেতে ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে।
-
অখিল গগৈ
অখিল গগৈ (Akhil Gogoi) অসমৰ এগৰাকী কৃষক নেতা আৰু আৰ টি আই কৰ্মী (RTI activist)। বিগত কেইবাটাও বছৰত তেওঁ ৰাজ্যখনত দুৰ্নীতি বিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰি আহিছে।
-
অনুপমা চোপ্ৰা
অনুপমা চোপ্ৰা (জন্ম ২৩ ফেব্ৰুৱাৰী ১৯৬৭) হৈছে এগৰাকী ভাৰতীয় ছবি সমালোচক, লেখক আৰু সাংবাদিক। তেওঁ MAMI মুম্বাই ছবি মহোৎসৱৰ অধ্যক্ষা। চিনেমাসম্পৰ্কীয় ডিজিটেল প্লেটফৰ্ম "ফিল্ম কম্পেনিয়ন"ৰ তেখেত প্ৰতিষ্ঠাতা আৰু সম্পাদক। ভাৰতীয় ছবি সম্পৰ্কে তেখেতে কেইবাখনো গ্ৰন্থ ইতিমধ্যে লিখি উলিয়াইছে।
-
অৰূপা পটংগীয়া কলিতা
অৰূপা পটংগীয়া কলিতা (Arupa Patangia Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ। তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত মৃগনাভি, অয়নান্ত, জছনাৰ ঝিটাছ আদি উল্লেখযোগ্য। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, প্ৰবীণা শইকীয়া বঁটা আদিৰে সন্মানিত কৰা হৈছে।
-
ইন্দৰ কুমাৰ গুজৰাল
ইন্দৰ কুমাৰ গুজৰাল (৪ ডিচেম্বৰ ১৯১৯ – ৩০ নৱেম্বৰ ২০১২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী। তেওঁ ১৯৯৭ চনৰ এপ্ৰিল মাহৰ পৰা ১৯৯৮ চনৰ মাৰ্চ মাহলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল। ইযাৰ আগতে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আৰু বিদেশ মন্ত্ৰীৰ পদটো অধিষ্ঠিত আছিল।
-
ইমৰান শ্বাহ
ইমৰান শ্বাহ বা নৱাব ইমৰান শ্বাহ (Imran Shah, জন্ম: ১৯৩৩) অসমৰ এজন কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু অনুবাদক। "ঈশান দত্ত", "অনামিকা বৰুৱা", "কুম্ভকৰ্ণ", "অনিমেষ বৰুৱা" আদি ছদ্মনামেৰে তেখেতে লিখামেলা কৰিছিল। তেখেতে ঘাইকৈ অসমীয়া ভাষাত সাহিত্য ৰচনা কৰি আহিছে।
-
ঈছা
ঈছা ইবনে মাৰিয়াম (عيسى), যিজননক বাইবেলৰ নতুন নিয়মত যীশু নামেৰে পৰিচিত) ইছলাম ধৰ্মত তেখেত এজন নবী আৰু ৰাছুল; লগতে মছিহ হিচাপে স্বীকৃত। খ্ৰীষ্টান ধৰ্মৰ নিচিনাকৈ ইছলাম ধৰ্মতো তেখেত সম্মানিত এজন নবী আৰু ৰাছুল; কিন্তু ইছলাম ধৰ্মত তেখেতৰ ক্ৰুশবিদ্ধ হোৱাৰ ঘটনাক স্বীকাৰ কৰা নহয়।
-
গায়ত্ৰী দেৱী
মহাৰাণী গায়ত্ৰী দেৱী (Maharani Gayatri Devi; জন্ম কোঁচবিহাৰৰ ৰাজকুমাৰী গায়ত্ৰী দেৱী; ২৩ মে ১৯১৯-২৯ জুলাই ২০০৯) মহাৰজা সাৱাই মান সিং দ্বিতীয়ৰ সৈতে বিবাহসূত্ৰে ১৯৪০ৰ পৰা ১৯৪৯লৈ জয়পুৰৰ তৃতীয় মহাৰাণী আছিল।
-
জয়দেৱ
জয়দেৱ দ্বাদশ শতিকাৰ সময়ছোৱাৰ এজন সংস্কৃত কবি। বসন্ত কালত গোপী ৰাধাৰ সৈতে কৃষ্ণৰ প্ৰেমৰ ওপৰত ভিত্তি কৰি লিখা তেওঁৰ মহাকাব্য গীতা গোবিন্দমৰ বাবে তেওঁ সু-পৰিচিত। ৰাধা কৃষ্ণতকৈ মহৎ বুলি মত উপস্থাপন কৰা এই মতাদৰ্শক হিন্দু ধৰ্মৰ ভক্তি আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে গণ্য কৰা হয়।
-
জুহি চাওলা
জুহি চাওলা (Juhi Chawla; জন্ম: ১৩ নৱেম্বৰ, ১৯৬৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, ছবি প্ৰযোজক আৰু উদ্যোগী৷ ১৯৮৪ চনত অনুষ্ঠিত হোৱা ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ দখল কৰি জুহি চাওলাই আশীৰ দশকৰ শেষৰফালে হিন্দী ছবিজগতৰ এগৰাকী প্ৰতিষ্ঠিত তাৰকা হিচাপে স্ব-প্ৰতিষ্ঠিত হয়৷ কমিক-টাইমিং আৰু প্ৰাণোচ্চল চিনেমেটিক…
-
জেইল সিং
জেইল সিং (Zail Singh; জন্মতে জাৰনাইল সিং, ৫ মে' ১৯১৬ – ২৫ ডিচেম্বৰ ১৯৯৪) আছিল ভাৰতৰ সপ্তমজন ৰাষ্ট্ৰপতি। তেওঁ ১৯৮২ চনৰ পৰা ১৯৮৭ চনলৈ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল। সেই পদত বহাৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন নেতা আছিল।
-
দুলাল ৰয়
দুলাল ৰয় (Dulal Roy; জন্ম ১ এপ্ৰিল ১৯৪৩) অসমৰ এগৰাকী নাট্যকাৰ, নাট আৰু চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা। তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আৰু পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত অধ্যয়ন কৰিছিল। দুলাল ৰয়ে অসমৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ত যুটীয়া সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
দুৰ্গা খোটে
দুৰ্গা খোটে ( Durga Khote; ১৪ জানুৱাৰী ১৯০৫ − ২২ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি তেওঁৰ সময়ৰ এগৰাকী আগশাৰীৰ মহিলা অভিনয়শিল্পী আছিল। তেওঁ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ লগতে থিয়েটাৰতো সক্ৰিয় হৈ আছিল। ৫০ বছৰীয়া কৰ্মজীৱনত তেওঁ প্ৰায় ২০০খন চলচ্চিত্ৰ আৰু আৰু অসংখ্য নাটকত অভিনয় কৰি গৈছে।
-
দ্বিবন বৰুৱা
দ্বিবন বৰুৱা (Dwiban Baruah) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল। তেওঁ আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ মুঠ ৭খন চলচ্চিত্ৰৰ পৰিচালক আছিল।
-
ধ্ৰুৱজ্যোতি বৰা
ড°ধ্ৰুৱজ্যোতি বৰা (Dhrubajyoti Borah) হৈছে অসমৰ এগৰাকী ঔপন্যাসিক, প্ৰবন্ধকাৰ, আলোচনী সম্পাদক আৰু পেছাগতভাৱে চিকিৎসক। তিনি দশকযোৰা সাহিত্যিক জীৱনত তেখেতৰ বহু উচ্চ-সমালোচিত লিখনি প্ৰকাশ পাইছে।
-
নাথুৰাম গডছে
নাথুৰাম বিনায়ক গডছে (Nathuram Vinayak Godse; ১৯ মে', ১৯১০ – ১৫ নৱেম্বৰ, ১৯৪৯) আছিল ব্ৰিটিছ ভাৰতত গঢ়ি উঠা ভাৰতীয় জাতীয়তাবাদৰ প্ৰধান নেতা মহাত্মা গান্ধীৰ হত্যাকাৰী যিয়ে ৩০ জানুৱাৰীত নতুন দিল্লীত নিচেই ওচৰৰ পৰা গান্ধীৰ বুকুত তিনিটা গুলী নিক্ষেপ কৰি তেওঁক হত্যা কৰে।
-
নূতন
নূতন সামৰ্থ ( Nutan Samarth, ৪ জুন ১৯৩৬- ২১ ফেব্ৰুৱাৰী ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি নূতন নামেৰে বহুলভাৱে জনা যায়। প্ৰায় চাৰি দশকৰ কৰ্মময় জীৱনত তেওঁ ৭০তকৈও অধিক হিন্দী চলচ্চিত্ৰত মূল ভূমিকাত অভিনয় কৰিছে। ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী অতি দক্ষ অভিনেত্ৰী বুলি তেওঁক গণ্য কৰা হয়।
-
পুলক বেনাৰ্জী
পুলক বেনাৰ্জী (Pulak Banerjee) অসমৰ এগৰাকী কণ্ঠশিল্পী। শ্ৰব্য কেছেট 'সোঁৱৰণি'ৰ জৰিড়তে তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছিল। তাৰাপিছত আৰু তেখেতে পিছলৈ উভতি চোৱা নাই। যোৱা পাঁচোটা দশকজুৰি তেখেতে অংসখ্য গীতত কণ্ঠদান কৰিছে। কেইবাখনো চলচ্চিত্ৰত নেপথ্য গায়কৰূপে তেখেতে কণ্ঠদান কৰিছে।
-
পূৰ্ণিমা পাঠক শইকীয়া
পূৰ্ণিমা পাঠক শইকীয়া (বিবাহৰ পূৰ্বে পাঠক; Purnima Pathak Saikia) এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী। দূৰদৰ্শনৰ অনুষ্ঠান কাৰ্যবাহী ৰূপে তেওঁ দূৰদৰ্শনৰ বহুতো অনুষ্ঠানৰ প্ৰযোজনাও কৰিছে।
-
পেলে
এড্ছন আৰাণ্টিছ ড' নাচিমেণ্ট' (Edson Arantes do Nascimento) , বা Pelé (, জন্মৰ প্ৰমাণপত্ৰত নামটো "এডিছন" বুলি দিয়া হৈছিল, জন্ম ২১ অক্টোবৰ ১৯৪০- কিন্তু পেলেৰ মতে তেওঁৰ জন্ম ২৩ অক্টোবৰতহে হৈছিল ১৯৯৯ চনত International Federation of Football History & Statistics সংস্থাই তেওঁক শতিকাৰ বিশ্ব খেলুৱৈ…
-
পৰাগ কুমাৰ দাস
পৰাগ কুমাৰ দাস (জন্ম: ২৪ ফেব্ৰুৱাৰী, ১৯৬১ - মৃত্যু: ১৭ মে, ১৯৯৬,) আছিল অসমৰ সংবাদপত্ৰ অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক, সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমত মানৱ অধিকাৰ সংগ্ৰামৰ এজন আগৰণুৱা। পৰাগ কুমাৰ দাসে দিল্লীৰ ছেইণ্ট ষ্টিফেন্চ মহাবিদ্যালয় আৰু দিল্লী অৰ্থনীতি বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।
-
ফাৰহান আখতাৰ
ফাৰহান আখতাৰ (জন্ম ৯ জানুৱাৰী, ১৯৭৪) এগৰাকী ভাৰতীয় কথাছবি পৰিচালক, চিত্ৰনাট্যকাৰ, প্ৰযোজক, অভিনেতা, গায়ক, গীতিকাৰ আৰু দূৰদৰ্শনৰ অনুষ্ঠান সঞ্চালক। তেওঁৰ পিতৃ জাভেদ আখতাৰ আৰু মাতৃ হানী ইৰাণী।
-
মাইকেলেঞ্জেল'
মাইকেলেঞ্জেল' ডি ল'ড'ভিক' বুনাৰ'ত্তি চিম'নি (৬ মাৰ্চ ১৪৭৫ – ১৮ ফেব্ৰুৱাৰী ১৫৬৪), বা চমুকৈ মাইকেলেঞ্জেল আছিল ইটালীয় নৱজাগৰণৰ এজন ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা। পশ্চিমীয়া কলাৰ বিকাশত তেওঁৰ অৱদান অপৰিসীম।