জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মেৰী কম
মেৰী কম (Mary Kom; সম্পূৰ্ণ নাম: মাংগ্তে চাংগ্নেইজেং মেৰী কম, Mangte Chungneijang Mary Kom; জন্ম: ২৪ নৱেম্বৰ, ১৯৮২) ভাৰতৰ মণিপুৰ ৰাজ্যৰ এগৰাকী মুষ্টিযোদ্ধা।
-
মোমাই তামুলী
মোমাই তামুলী বৰবৰুৱা বুৰঞ্জী মতে ফু-কে-লুঙ লান-ফিমা (Momai Tamuli Borbarua) আহোম ৰাজ্যৰ (মু'ঙ দুন চুণ খাম; 𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) প্ৰথমজন বৰবৰুৱা (ফুকেলু'ঙ; 𑜇𑜥 𑜀𑜦𑜧 𑜎𑜥𑜂𑜫) আছিল।
-
শ্ৰুতি হাছান
শ্ৰুতি ৰাজলক্ষ্মী হাছান (Shruti Rajalakshmi Haasan, ஸ்ருதி ஹாசன்) (জন্ম ২৮ জানুৱাৰী, ১৯৮৬) দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ আৰু বলিউডত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু সংগীতজ্ঞ। তেওঁৰ পিতৃ-মাতৃ কমল হাছান আৰু সাৰিকা।
-
সতী সাধনী
সতী সাধনী বা সাধনী নাৰায়ণ চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী আছিল। শেষৰজন চুতীয়া ৰজা ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণৰ পুত্ৰ নাছিল। সাধনী এওঁৰ একমাত্ৰ জীয়েক আছিল। বহুত দিনৰ পিছত ৰজা ধীৰনাৰায়ণৰ সাধকনাৰায়ণ নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়।
-
সত্যেন্দ্ৰনাথ বসু
সত্যেন্দ্ৰনাথ বসু (Satyendra Nath Bose; ১ জানুৱাৰী, ১৮৯৪ - ৪ ফেব্ৰুৱাৰী, ১৯৭৪) আছিল এগৰাকী তাত্ত্বিক পদাৰ্থ বিজ্ঞানত বিশেষত্ব থকা ভাৰতীয় গণিতজ্ঞ তথা পদাৰ্থ বিজ্ঞানী।
-
ৰাহুল গান্ধী
ৰাহুল ৰাজীৱ গান্ধী (Rahul Gandhi; জন্ম: ১৯ জুন, ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, ভাৰতীয় লোকসভাৰ সদস্য তথা লোকসভাৰ বিৰোধী দলৰ দলপতি। তেওঁ ২০২৪ চনৰ পৰা উত্তৰ প্ৰদেশৰ ৰাই বেৰেলী সমষ্টিৰ সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰি আহিছে।
-
ৰতন টাটা
ৰতন নৱাল টাটা, (Ratan Naval Tata; ২৮ ডিচেম্বৰ ১৯৩৭ – ৯ অক্টোবৰ ২০২৪) হৈছে ভাৰতৰ এজন উল্লেখযোগ্য উদ্যোগপতি আৰু দানবীৰ,। ১৯৮১ চনত তেওঁ টাটা উদ্যোগৰ "ডাইৰেক্টৰ" হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ১৯৯১ চনত টাটা গ্ৰুপৰ "চেয়াৰমেন" পদত ৰতন টাটাক নিযুক্তি দিয়া হৈছিল।
-
নবীনচন্দ্ৰ বৰদলৈ
নবীনচন্দ্ৰ বৰদলৈ (জন্ম:১৮৭৫ – মৃত্যু:১৯৩৬) হৈছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু এগৰাকী দক্ষ অধিবক্তা। অসমৰ প্ৰতি তেখেতৰ কৰ্ম আৰু অৱদানৰ চিনস্বৰূপে তেখেতক কৰ্মবীৰ উপাধিৰে সন্মানিত কৰা হৈছিল। 'গৃহলক্ষ্মী' আৰু 'কৃষ্ণলীলা' তেওঁৰ মৌলিক নাট্য ৰচনা।
-
আজান পীৰ
আজান ফকীৰ (Ajan Fakir) এজন ইছলাম ধৰ্ম প্ৰচাৰক, সাধু আৰু কবি আছিল। তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মীৰান। ইয়াৰ বাহিৰেও তেখেতক আজান পীৰ, ছাহ মীৰান আৰু আজান ফকীৰ নামেৰেও জনা যায়। তেওঁৰ জন্ম ১৬১০ চনৰ ওচৰে-পাঁজৰে ইৰাকৰ ৰাজধানী বাগদাদৰ এখন গাঁৱত হৈছিল।
-
আনোৱাৰ হুছেইন
আনোৱাৰ হুছেইন (Anowar Hussain) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ পৰিচালক আৰু প্ৰযোজক। তেওঁ মুঠ ছয়খন অসমীয়া ছবি পৰিচালনা কৰিছে। তেওঁ আটাইতকৈ কম বয়সতে ছবি পৰিচালনা কৰা অসমীয়া পৰিচালক। তেওঁৰ তৃতীয় ছবি তেজীমলাই শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰপতিৰ ‘চাৰ্টিফিকেট অফ মেৰিট’ লাভ কৰিছিল।
-
আব্ৰাহাম লিংকন
আব্ৰাহাম লিঙ্কন (১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৮৬৫ চনৰ ১৫ এপ্ৰিললৈকে) হৈছে এগৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি।
-
আৰ ভেঙ্কটৰমন
ৰামাস্বামী ভেঙ্কটৰমন (৪ ডিচেম্বৰ ১৯১০২৭ জানুৱাৰী ২০০৯) আছিল এগৰাকী ভাৰতীয় অধিবক্তা, ভাৰতীয় স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী, আৰু এগৰাকী ৰাজনীতিবিদ। তেওঁ এগৰাকী কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ উপৰিও ভাৰতৰ অষ্টমজন ৰাষ্ট্ৰপতিৰ পদতো অধিষ্ঠিত হৈছিল।
-
ইবন বটুতা
ইবন বটুতা (Ibn Battuta) এজন চুন্নী মুছলিম পৰ্যটক, চিন্তাবিদ আৰু ধৰ্মতাত্ত্বিক। তেখেতক সৰ্বকালৰ এজন মহান পৰিব্ৰাজক হিচাপে জনা যায়। তেখেত মূলতঃ পৃথিৱী ভ্ৰমণৰ বাবেই বিখ্যাত। একৈশ বছৰ বয়সৰ পৰা আৰম্ভ কৰি জীৱনৰ পৰৱৰ্তী ত্ৰিশ বছৰ ৭৫০০০ মাইল (১২০০০০ কিঃমিঃ) ভ্ৰমণ কৰিছিল।
-
উপেন্দ্ৰনাথ গোস্বামী
উপেন্দ্ৰনাথ গোস্বামী (Upendra Nath Goswami, ১৯২৩-২০০০) একাধাৰে ভাষাবিদ, গৱেষক, অধ্যাপক, অনুবাদক আৰু অভিধানপ্ৰণেতা। তেওঁ কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদত নিযুক্ত হৈছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল- A Study of Kamrupi: A Dialect of Assamese.
-
কপিল
কপিল (Kapila, সংস্কৃত: कपिल) বা কপিল মুনি এগৰাকী বৈদিক ঋষি। তেওঁ সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক। সাংখ্য হৈছে ভাৰতীয় ষড়্দৰ্শনৰ মাজত এটি আস্তিক্যবাদী দৰ্শন। ভাগৱত পুৰাণত এই দৰ্শনৰ আস্তিক্যবাদী ধাৰাটোৰ উল্লেখ পোৱা যায়। হিন্দুসকলৰ প্ৰচলিত বিশ্বাস অনুসৰি, তেওঁ ব্ৰহ্মাৰ পৌত্ৰ মনুৰ বংশধৰ।
-
কেনী দেউৰী বসুমতাৰী
কেনী দেউৰী বসুমতাৰী (Kenny Deori Basumatary) অসমৰ এগৰাকী অভিনেতা, চলচ্চিত্ৰ পৰিচালক তথা উদীয়মান লেখক।
-
ক্ৰিষ্টোফাৰ কলম্বাছ
ক্ৰিষ্টোফাৰ কলম্বাছ (Christopher Columbus) আছিল এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী। তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়। যদিও তেখেত আমেৰিকাত উপস্থিত হোৱা প্ৰথমগৰাকী ব্যক্তি নাছিল (একাদশ শতিকাতে লেইফ এৰিকছনে আমেৰিকাত উপস্থিত হৈছিল)।
-
গোপাল কৃষ্ণ গোখলে
গোপাল কৃষ্ণ গোখলে (गोपाळ कृष्ण गोखले, Gopal Krishna Gokhale) ভাৰতৰ স্বাধীনতা আন্দোলনৰ আদিযুগৰ এক স্বনামধন্য ৰাজনৈতিক নেতা আৰু এজন বিশিষ্ট সমাজ সংস্কাৰক আছিল। গোখলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীণ নেতা আৰু "চাৰভেণ্টছ অফ ইণ্ডিয়া চছাইটি"ৰ প্ৰতিষ্ঠাপক আছিল।
-
চন্দ্ৰধৰ বৰুৱা
চন্দ্ৰধৰ বৰুৱা (Chandradhar Baruah) (১৮৭৪-১৯৬১) নাট্যকাৰ, কবি আৰু গীতিকাৰ ৷ ১৮৭৪ চনৰ ১৫ অক্টোবৰত যোৰহাটত জন্ম ৷ ১৯৩০ চনত অসমৰ প্ৰতিনিধিৰূপে ভাৰতৰ স্বাধীনতা সম্পৰ্কে আলোচনা কৰিবলৈ ইংলেণ্ডত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত যোগদান ৷ ১৯১৮ চনত অসম সাহিত্য সভাৰ সভাপতি৷ ১৯২৬ চনত 'অসম সাহিত্য সভা পত্ৰিকা'ৰ…
-
চলমান ৰুশ্বদি
আহমেদ চলমান ৰুশ্বদি (Salman Rushdie; জন্ম জুন ১৯, ১৯৪৭) এজন ব্ৰিটিছ ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ দ্বিতীয় উপন্যাস মিডনাইটছ চিলড্ৰেনে ১৯৮১ চনত মেন বুকাৰ বঁটা লাভ কৰিছিল। তেওঁৰ বেছিভাগ লিখনিয়ে ভাৰতীয় উপমহাদেশক সামৰি লৈছে। কোৱা হয় যে তেওঁ যাদুৰ বাস্তৱৰ আধাৰত ঐতিহাসিক কল্পকাহিনী লিখে।
-
চুক্লেণমুং
চুক্লেণমুং বা ছাও-ফা চু'-কুং-মু'ঙ (𑜋𑜈𑜫; 𑜇า. 𑜏𑜢𑜤𑜈 𑜀𑜢𑜤𑜂𑜫, 𑜉𑜢𑜤𑜂𑜫:Tsāophâ Sérkérngmérng,) আহোম ৰাজ্য শাসন কৰা এজন স্বৰ্গদেউ। গড়গাঁৱত ৰাজধানী স্থাপন কৰা বাবে বুৰঞ্জীত তেওঁক গড়গঞা ৰজা বুলিও কোৱা হৈছে।
-
চুডাংফা
চুডাংফা বা ত্যাও-ফ্ৰ' চ্যু-ডাং-ফা (𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜓𑜂𑜫 𑜇𑜡, Chaupha Siu-Dang-Pha) বা বামুণী কোঁৱৰ আহোম ৰাজ্যৰ অষ্টমজন স্বৰ্গদেউ আছিল। তেওঁ অসমত ১৩৯৭ চনৰ ১৪০৭ চনলৈকে ৰাজত্ব কৰিছিল। তেওঁৰ পিতৃ আছিল ত্যাও খামটি। তেওঁৰ পত্নীৰ নাম আছিল ছাও নাঙছেঙ। তেওঁ শিৱসাগৰৰ দিহিং নদীৰ ওচৰৰ চৰগুৱাত ৰাজধানী পাতিছিল।
-
ছিছোদিয়া বংশ
ছিছোদিয়া বংশ ভাৰতৰ ৰাজস্থানৰ মেৱাৰ অঞ্চলৰ মেৱাৰ ৰাজ্যত শাসন কৰা বংশৰ অন্তৰ্গত এটা ৰাজপুত বংশ। ছিছোদিয়াসকল গুহিলা বংশৰ এটা শাখা আৰু তেওঁলোকে নিজকে সূৰ্যবংশ (সৌৰ বংশ)ৰ বংশধৰ বুলি দাবী কৰে।
-
জগজিৎ সিং
জগজিৎ সিং (Jagjit Singh) ভাৰতৰ এজন সুপ্ৰসিদ্ধ গজল গায়ক আৰু সংগীত বিশাৰদ। গজলৰ যাদুৰে তেওঁ দেশবাসী আৰু বিদেশৰ শ্ৰোতাকো মোহাচ্ছন্ন কৰি ৰাখিছিল। পদ্মভূষণ সন্মানেৰে সন্মানিত সিঙে হিন্দীৰ উপৰি উৰ্দু, পঞ্জাবী, গুজৰাটী আৰু নেপালী ভাষাটো গীত গাইছিল।
-
জন্ছ মহলীয়া
জন্ছ মহলীয়া (২৬ ছেপ্টেম্বৰ, ১৯৪৬ - ৫ ফেব্ৰুৱাৰী, ২০১৬) অসমৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। শোণিতপুৰ জিলাৰ চতিয়াৰ চেঙামাৰীত জন্মগ্ৰহণ কৰা মহলীয়াই পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত (FTII) নিৰ্দেশনাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। ১৯৭৯ চনত মুক্তি লাভ কৰা "দূৰণিৰ ৰং" তেখেতৰ প্ৰথম চলচ্চিত্ৰ।
-
তবু
তবচ্চুম ফাতিমা হাচমী (Tabassum Fatima Hashmi; জন্ম: ৪ নৱেম্বৰ ১৯৭১) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতৰ জনপ্ৰিয় নাম হৈছে তবু। তেলুগু, তামিল, মালয়ালম, বঙালী আৰু মাৰাঠী ভাষাৰ ছবিতো তবুৱে অভিনয় কৰিছে।
-
তুকাৰাম
সন্ত তুকাৰাম ১৭শ শতিকাৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ ভক্তি আন্দোলনৰ সময়ৰ হিন্দু কবি আৰু সন্ত আছিল। তেওঁ ‘অভঙ্গ’ নামৰ ভক্তিমূলক কবিতা আৰু ‘কীৰ্তন’ নামৰ পূজাৰ ভক্তিমূলক গীতবোৰৰ বাবে জনাযায়।
-
নাথান ব্ৰাউন
নাথান ব্ৰাউন (Nathan Brown, ২২ জুন ১৮০৭ – ১ জানুৱাৰী ১৮৮৬) এগৰাকী আমেৰিকান বেপ্তিষ্ট মিছনেৰী, আমেৰিকাৰ দাসপ্ৰথা বিৰোধক, ভাষাতত্ত্ববিদ, ব্যাকৰণবিদ আৰু অনুবাদক আছিল। তেখেতৰ কৰ্মক্ষেত্ৰ আছিল অসম আৰু জাপান।
-
পদুম বৰুৱা
পদুম বৰুৱা (Padum Barua) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আৰু সংগীত পৰিচালক। তেখেতে পৰিচালনা কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰখন হৈছে গঙা চিলনীৰ পাখি। ১৯৭৬ চনত এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল। ২৫ জুলাই ২০০৬ ত নিজ বাসভৱনত তেখেতৰ মৃত্যু হয়।
-
প্ৰসন্নলাল চৌধুৰী
প্ৰসন্নলাল চৌধুৰী (Prasannalal Choudhury) (১৮৯৮-১৯৮৬)বিশিষ্ট কবি, নাট্যকাৰ, সাহিত্যিক আছিল। তেওঁ সাপ্তাহিক কাকত প্ৰকাশৰ সম্পাদক আছিল। তেওঁ এগৰাকী চিকাৰী আৰু সু-অভিনেতাও আছিল। প্ৰধানকৈ কবি হিচাপে তেওঁ বিদ্ৰোহী কবি নামেৰেহে জনাজাত আৰু সকলোৰে মাজত জনপ্ৰিয় আছিল।