বিক্ৰম অম্বালাল সাৰাভাই (Vikram Ambalal Sarabhai; ১২ আগষ্ট ১৯১৯ – ৩০ ডিচেম্বৰ ১৯৭১)১ এজন ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়। তেওঁ ১৯৬২ চনত শান্তি স্বৰূপ ভটনাগৰ বঁটা লাভ কৰিছিল।২ স্বাধীন ভাৰতৰ পদাৰ্থ বিজ্ঞান আৰু মহাকাশ বিজ্ঞানৰ বাটকটীয়া স্বৰূপে তেওঁক ভাৰত চৰকাৰে ১৯৬৬ চনত পদ্মভূষণ আৰু ১৯৭২ চনত মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰে।৩
ব্যক্তিগত জীৱন
বিক্ৰম সাৰাভাই ভাৰতৰ বিখ্যাত সাৰাভাই পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ অম্বালাল সাৰাভাই ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা এজন বিখ্যাত উদ্যোগপতি আছিল। তেওঁ ১৯৪২ চনত শাস্ত্ৰীয় নৃত্য বিশাৰদ মৃণালিনী সাৰাভাইৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ দুজন সন্তানৰ ভিতৰত জীয়ৰী মল্লিকা সাৰাভাই এগৰাকী প্ৰতিষ্ঠিত নৃত্যশিল্পী তথা অভিনেত্ৰী আৰু আৰু পুত্ৰ কাৰ্তিকেয় সাৰাভাই এজন বিজ্ঞানী। তেওঁ জৈন ধৰ্মৰ অনুগামী। তেওঁ আহমেদাবাদৰ শ্ৰীমল জৈন সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত।৪
কৰ্মজীৱন
বিক্ৰম সাৰাভাইক ভাৰতৰ মহাকাশ বিজ্ঞানৰ পিতৃ পুৰুষ বুলি গণ্য কৰা হয়। তেওঁৰ প্ৰচেষ্টাতে ১৯৪৭ চনত ভৌতিক গৱেষণাগাৰ (PRL) স্থাপন হৈছিল। তাত তেওঁ মহাজাগতিক ৰশ্মি বিষয়ক গৱেষণা কৰিছিল। প্ৰথমে তেওঁৰ ঘৰৰ পৰা আৰম্ভ হোৱা ভৌতিক গৱেষণাগাৰ (PRL) পিছলৈ ১৯৪৭ চনৰ ১১ নৱেম্বৰ তাৰিখে এম.জি. বিজ্ঞান প্ৰতিষ্ঠান হিচাপে আহমেদাবাদত প্ৰতিষ্ঠান কৰা হয়।৫ এই প্ৰতিষ্ঠানত প্ৰথমতে মহাজাগতিক ৰশ্মি আৰু উচ্চ বায়ুমণ্ডলৰ ওপৰত গৱেষণা কৰা হৈছিল। পিছত সংজ্ঞাবদ্ধ পদাৰ্থ বিজ্ঞান আৰু ৰেডিঅ' পদাৰ্থ বিজ্ঞানৰো গৱেষণা আৰম্ভ কৰা হয়।
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ মাজত বিজ্ঞান আৰু গণিত জনপ্ৰিয় কৰিবৰ বাবে সাৰাভাইয়ে ১৯৬০ৰ দশকত বিক্ৰম অম্বালাল সাৰাভাই কমিউনীতি বিজ্ঞান কেন্দ্ৰ (VASCSC) স্থাপন কৰে।৬
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা স্থাপন কৰা তেওঁৰ এক বিৰল কৃতিত্ব। ভাৰতীয় আণৱিক বিজ্ঞানৰ পিতৃ, হোমি জাহাংগীৰ ভাৱায়ে সাৰাভাইক ভাৰতৰ প্ৰথম ৰকেট উৎক্ষেপণ ষ্টেচন স্থাপন কৰিবলৈ সহায় কৰিছিল। এই কেন্দ্ৰ তিৰুঅনন্তপুৰমৰ ওচৰৰ আৰৱ সাগৰৰ পাৰৰ থুম্বা নামে ঠাইত স্থাপন কৰা হৈছিল। ইয়াৰ ফলশ্ৰুতিতে ১৯৭৫ চনত ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট ৰুছীয়াৰ পৰা কক্ষপথত স্থাপন কৰা হয়।
তেওঁ অপাৰেচনছ ৰিচাৰ্ছ গ্ৰুপ নামে দেশৰ প্ৰথম বজাৰ গৱেষণা সংস্থাৰ জন্ম দিয়ে। তেওঁ কেইবাখনো প্ৰতিষ্ঠান যেনে নেহৰু ফাউণ্ডেচন ফৰ ডেভেলপমেণ্ট, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদ, আহমেদাবাদ টেক্সটাইল ইণ্ডাষ্ট্ৰী ৰিচাৰ্ছ এছোচিয়েচন আৰু পৰিৱেশ আঁচনি প্ৰস্তুতকৰ্তা আৰু প্ৰযুক্তি কেন্দ্ৰৰ লগত জড়িত আছিল। তেওঁ অন্ধ ব্যক্তিৰ সহায়ৰূ বাবে অন্ধ ব্যক্তিৰ সংস্থা স্থাপন কৰিছিল। তেওঁৰ পত্নী মৃণালিনী সাৰাভাইৰ লগত তেওঁ দৰ্পনা এডাডেমী অফ পাৰফৰ্মিং আৰ্টছ প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰতিষ্ঠা কৰা আন আন প্ৰতিষ্ঠানসমূহ হ’ল, কালাপক্বমৰ ফাষ্টাৰ ব্ৰিডিং টেষ্ট ৰিয়েক্টৰ, কলকাতাৰ পৰিৱৰ্তনশীল শক্তি চাইক্লত্ৰন প্ৰকল্প, হায়দৰাবাদৰ ইলেক্ট্ৰনিক্স কঅপাৰেচন অফ ইণ্ডিয়া লিমিটেড (ECIL) আৰু ঝাৰখণ্ডৰ ইউৰেনিয়াম কঅপাৰেচন অফ ইণ্ডিয়া লিমিটেড (UCIL)।
উল্লেখযোগ্য পদবী
- ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ পদাৰ্থ বিজ্ঞান অধিৱেশনৰ সভাপতি, ১৯৬২
- আই. এ. ই. এ. সাধাৰণ কনফেৰেঞ্চ, ভিয়েন্নাৰ সভাপতি, ১৯৭০
- শান্তিপূৰ্ণ আণৱিক শক্তি ব্যৱহাৰ শীৰ্ষক ৰাষ্ট্ৰসংঘৰ চতুৰ্থ অধিৱেশনৰ উপ সভাপতি, ১৯৭১
বহিঃসংযোগ
তথ্যসূত্ৰ
- ↑ The Visionary- Vikram Ambalal Sarabhai. Vikram Sarabhai Space Centre
- ↑ Profile of the Awardee, Dr Vikram Ambalal Sarabhai. ssbprize.gov.in
- ↑ (14 August 2013). Padma Awards Directory (1954-2013). Ministry of Home Affairs, Government of India
- ↑ (April 9, 2015). Jains steal the show with 7 Padmas. The times of India. Times of India
- ↑ BRIEF HISTORY
- ↑ Vikram A. Sarabhai Community Science Centre. VASCSC.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিক্ৰম সাৰাভাই” প্ৰবন্ধৰ সংশোধন ৫০৮১৯১ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।