প্ৰীতি জিণ্টা (Preity Zinta)১ (pronounced; জন্ম-৩১ জানুৱাৰী ১৯৭৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু উদ্যোগী৷ তেখেতৰ সৰহভাগ ছবি হিন্দী ভাষাৰে৷ ইংৰাজ সাহিত্য আৰু অপৰাধমূলক মনোবিজ্ঞানত স্নাতকডিগ্ৰী লাভ কৰাৰ অন্তত প্ৰীতিয়ে ১৯৯৮ চনত দিল ছে... নামৰ ছবিখনৰ জৰিয়তে অভিষেক বলিউদত পদাৰ্পণ কৰে৷ ১৯৯৮ চনতে তেখেতৰ আন এখন জনপ্ৰিয় ছবি ছ'লজাৰয়েও মুক্তি লাভ কৰে৷ ছবিদুখত অভিনয়ৰ বাবে তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ নৱাগতাৰ বঁটা লাভ কৰে৷ ২০০০ চনত মুক্তিলাভ কৰা ছবি ক্যা কেহনাত প্ৰীতিয়ে এগৰাকী অকলশৰীয়া কিশোৰী মাতৃৰ চৰিত্ৰ ৰূপায়ণ কৰে৷ পৰৱৰ্তী কালত তেখেতে বহুতো ভিন্নধৰ্মী চৰিত্ৰৰ সফল ৰূপায়ণেৰে বলিউডত নিজকে প্ৰতিষ্ঠা কৰে৷ তেখেতৰ কিছুমান চৰিত্ৰ সাংস্কৃতিকভাৱে দ্ব্যৰ্থপূৰ্ণ৷ তেখেতে নিৰ্বাচন কৰা অপ্ৰচলিত স্ক্ৰীণ-উপস্থিতিয়ে বলিউডৰ নায়িকাৰ বহুপ্ৰচলিত আৰু আৰোপিত ধাৰণাটোৰ পৰিৱৰ্তন কৰে বুলি ভবা হয়৷ সুদীৰ্ঘ কেৰিয়াৰত প্ৰীতি জিণ্টাই ফিল্মফেয়াৰ, আইফাকে ধৰি তেখেতে বহুকেইটা জনপ্ৰিয় আৰু সমাদৃত বঁটা এতিয়ালৈকে অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ ২
সংক্ষিপ্ত জীৱন
১৯৭৫ চনৰ ৩১ জানুৱাৰীত প্ৰীতি জিণ্টাৰ হিমাচল প্ৰদেশৰ ছিমলাত জন্ম হয়৷ তেখেতৰ জন্ম হৈছিল এটি ৰাজপুত পৰিয়ালত৷৩৪৫৬
প্ৰীতিৰ পিতৃ আছিল দুৰ্গানন্দ জিণ্টা৷ তেখেত আছিল ভাৰতীয় স্থলসেনাৰ এগৰাকী বিষয়া৷৭ প্ৰীতিৰ তেৰ বছৰ বয়সত দুৰ্গানন্দ জিণ্টাৰ এটা শোকাৱহ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয়৷ দুৰ্ঘটনাটোত তেখেতৰ মাতৃও গভীৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ দুটা বছৰৰ বাবে তেখেতে শয্যাশায়ী হৈ থাকিবলগাত পৰে৷৮ প্ৰীতিৰ দুগৰাকী ভ্ৰাতৃ হৈছে দীপাংকৰ আৰু মনিষ৷ দীপাংকৰ এগৰাকী বিষয়া আৰু মনিষ কেলিফৰ্ণিয়াৰ নিবাসী৷৯
প্ৰীতিয়ে পঢ়াশালীয়া শিক্ষা গ্ৰহণ কৰে "কনভেণ্ট অৱ জেছাছ এণ্ড মেৰি"ত৷ ইয়াৰ পিছত তেখেতক ছিমলাৰ ছেইণ্ট বেডে কলেজত নামভৰ্তি কৰা হয়৷৭ তেখেতে ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে আৰু মনোবিজ্ঞানত এটা স্নাতকৰ পাঠ্যক্ৰম আৰম্ভ কৰে৷ ১০ এইখন শিক্ষানুষ্ঠানৰ পৰা তেখেতে অপৰাধমূলক মনোবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ অৱশ্যে পাছত মডেলিঙৰ পৃথিৱীত পদাৰ্পণ কৰে৷৭ প্ৰীতিৰ প্ৰথমটো টিভি বিজ্ঞাপন আছিল "পাৰ্ক" নামৰ চকলেটটোৰ বাবে৷ কৰ্মসূত্ৰে প্ৰীতিয়ে ১৯৯৬ চনত এগৰাকী বন্ধুৰ জন্মদিনাৰ পাৰ্টিত পৰিচালকক লগ পোৱাৰ সুযোগ পায়৷৭ পৰিচালকজনে জিণ্টাক এটা বিশেষ চৰিত্ৰৰ বাবে অডিশ্যন লয় আৰু তেখেতক নিৰ্বাচিত কৰে৷ পৰৱৰ্তী সময়ত প্ৰীতিয়ে বহুকেইটা কেটালগ আৰু বিজ্ঞাপনত স্থান লাভ কৰে৷ তাৰে এটা বিজ্ঞাপন আছিল "লিৰিল" নামৰ চাবোনটো৷৮১০
১৯৯৭ চনত প্ৰীতি জিণ্টাই শেখৰ কাপুৰক লগ পায়৷১১১২ শেখৰ কাপুৰৰ বাবে প্ৰীতিয়ে এটা অডিশ্যন দিয়ে আৰু কাপুৰে তেখেতক অভিনেত্ৰী হ'বৰ বাবে প্ৰস্তাৱ আগবঢ়ায়৷ প্ৰীতিয়ে পোনপ্ৰথমে ঋতিক ৰোশন অভিনীত তাৰা ৰাম পাম পামত অভিনয়ৰ বাবে বন্দোৱস্ত কৰা হৈছিল যদিও শেষপৰ্যায়ত ছবিখন বাতিল কৰা হয়৷১৩ ১২ ইয়াৰ পিছত, ১৯৯৮ চনত মণি ৰত্নমৰ ছবি দিল ছে..ত অভিনয়ৰ বাবে প্ৰীতিক শেখৰ কাপুৰে পৰামৰ্শ দিয়ে৷ ৰোমাণ্টিক থ্ৰিলাৰ ছবিখনৰ পটভূমি আছিল নতুন দিল্লীত থকা এটা আতংকবাদীৰ গোট৷১০১১
২০০০ চনত প্ৰীতি জিণ্টাই ক্যা কেহনা নামৰ ছবিখনত অভিনয় কৰে৷ ছবিখনে অপ্ৰত্যাশিতভাৱে বক্স অফিচত সফলতা লাভ কৰে৷১৪১৫ ১৬ পৰৱৰ্তী সময়ত প্ৰীতি জিণ্টাই চ'ৰি চ'ৰি চুপকে চুপকে (২০০১), দিল চাহতা হ্যেয় (২০০১), দিল হ্যেয় তুম্হাৰা, আৰমান (২০০৩)ৰ দৰে ছবিত অভিনয় কৰে৷ ২০০৩ চনত মুক্তিলাভ কৰা কল হো না হোৰ বাবে প্ৰীতি জিণ্টাই ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে৷ সেইটো বছৰতে মুক্তি লাভ কৰা কোয় মিল গয়া হৈছে প্ৰীতিয়ে অভিনয় কৰা এখন সফল কল্প-বিজ্ঞানধৰ্মী ছবি৷ ২০০৪ চনত প্ৰীতিয়ে ৱীৰ-ঝাৰা নামৰ ছবিখনত শীৰ্ষ চৰিত্ৰত অভিনয় কৰে৷ ২০০৮ চনত প্ৰীতিয় হেভেন অন আৰ্থ নামৰ কানাডীয়ান ড্ৰামা ছবিখনত অভিনয় কৰে৷ ছবিখনৰ বাবে তেখেতে ছিলভাৰ হিউগোৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে আৰু গিনি বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মনোনীত হয়৷ ১৭১৮
২০০৮ চনত প্ৰীতিয়ে নেছ ৱাদিয়া, মোহিত বৰ্মন আৰু আন কেইগৰাকীমানৰ লগ লাগি আইপিএলত প্ৰতিদ্বন্দ্বিতাৰ বাবে মোহালীৰ টি-টুৱেণ্টি দলটোৰ ক্ৰয় আৰু গঠন কৰে৷ ১৯
২০০৪ চনত প্ৰীতি জিণ্টাই বিবিচি নিউজ অনলাইনৰ বাবে দক্ষিণ-এছীয় ধাৰভাষ্যকাৰৰ গোট এটাৰ লগত সংযুক্ত হয়৷২০ ২০০৪ চনৰ জানুৱাৰীত প্ৰীতিয়ে লিখা "The changing face of Bollywood" প্ৰবন্ধটো প্ৰকাশিত হয়৷ ২১
২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত প্ৰীতি জিণ্টাই তেখেতৰ দীৰ্ঘদিনীয়া সংগী গিন গুডএনাফৰ লগত লছ এঞ্জেলছত বিবাহ-পাশত আবদ্ধ হয়৷২২
তথ্যসূত্ৰ
- ↑ Times News Network. (8 June 2018). Two years after marriage, Preity Zinta adds husband's initials to her name. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (14 August 2007). Now showing Chakde! – Fiesty foot forward. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (2 February 2009). Preity Zinta rubbishes claims of her 'British ancestry'!. Zee News
- ↑ Joshi, Shriniwas. (16 March 2007). Glamour girls from Himachal Pradesh. The Tribune
- ↑ (31 January 2006). Preity turns one-plus-thirty. Stardust
- ↑ (31 January 2021). Happy birthday Preity Zinta: Did you know her decision to enter Bollywood was based on a coin flip?. হিন্দুস্তান টাইমছ
- ↑ Sharma, Mandvi. (24 June 2006). 'I would've been the PM'. The Times of India
- ↑ Khubchandani, Lata. (22 May 2000). I had this illusion that filmstars are like kings and queens. Rediff.com
- ↑ Lancaster, John. (23 January 2003). Bollywood Star's Act Makes Her a Hero, and Possible Target. The Washington Post. পৃ. A16
- ↑ Hahn, Lorraine. (11 January 2005). Bollywood Actress, Preity Zinta Talk Asia Interview Transcript. CNN
- ↑ (15 August 2006). BAFTA Goes Bollywood: Preity Zinta
- ↑ Menon, Lakshmi. (1 February 2001). More than a pretty face. The Tribune
- ↑ Srinivasan, V. S. (20 November 1997). Preity pleasing. Rediff.com
- ↑ Preity Zinta: Box Office Details and Filmography. Box Office India
- ↑ Box Office 1998. Box Office India
- ↑ The Winners – 1998. Indiatimes
- ↑ (14 March 2009). Every scene in 'Videsh' is some woman's story: Preity Zinta. The Hindu. Indo-Asian News Service
- ↑ Dixon, Guy. (11 February 2009). Genie Award voters anoint The Necessities. The Globe and Mail
- ↑ (24 January 2008). SRK, Preity Zinta, Ambani, Mallya win IPL bids. Hindustan Times. Press Trust of India
- ↑ Pillai, Sreedhar. (16 February 2004). Preity turns columnist. The Hindu
- ↑ Zinta, Preity. (29 January 2004). The changing face of Bollywood. BBC
- ↑ (10 July 2016). 10 celebrities who got married in 2016. Daily News and Analysis
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰীতি জিণ্টা” প্ৰবন্ধৰ সংশোধন ৫৩৯৫৭১ (২১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।