অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কনকসেন ডেকা

কনকসেন ডেকা (Kanaksen Deka) অসমৰ এজন প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ‎, চিন্তাবিদ আৰু সাংবাদিক। তেখেত অসম সাহিত্য সভাৰ ছিপাঝাৰ, চাপৰ অধিবেশন, বেলশৰ আৰু দক্ষিণপাট বিশেষ বাৰ্ষিক অধিবেশনৰ সভাপতি আছিল।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৬ ৪৫৩ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কনকসেন ডেকা (Kanaksen Deka) অসমৰ এজন প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ‎, চিন্তাবিদ আৰু সাংবাদিক। তেখেত অসম সাহিত্য সভাৰ ছিপাঝাৰ, চাপৰ অধিবেশন, বেলশৰ আৰু দক্ষিণপাট বিশেষ বাৰ্ষিক অধিবেশনৰ সভাপতি আছিল।১

সামাজিক-সাংস্কৃতিক সংগঠন 'অসম ষ্টাৰ'-এ কনকসেন ডেকালৈ ২০২১ বৰ্ষত সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা ঘোষণা কৰে ৷২

জন্ম

কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) জিলাৰ বেলশৰ গাঁৱৰ এক মধ্যবিত্ত পৰিয়ালত ১৯৩৩ চনৰ ১৬ জুলাইত কনকসেন ডেকাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম গৌৰীসেন ডেকা আৰু মাতৃৰ নাম তাৰাসেন ডেকা।৩

শিক্ষা

কনকসেন ডেকাই প্ৰাথমিক শিক্ষা বেলশৰ ১নং প্ৰাথমিক বিদ্যালয়ত গ্ৰহণ কৰে। ১৯৫৩ চনত বেলশৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হয় আৰু ১৯৫৫ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা আই এ পাছ কৰে। ১৯৫৭ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৫৮-৫৯ চনত এলাহাবাদ বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰিছিল যদিও অসমাপ্ত হৈ ৰয়। পাছত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩

কৰ্ম জীৱন

কনকসেন ডেকা দেৱে, ককয়া, ছয়গাঁও, আজাৰা, সোণাপুৰ আদিৰ বহুকেইখন উচ্চ মাধ্যমিক বিদ্যালয়ত কিছুদিনৰ বাবে শিক্ষকতা কৰিছিল। ১৯৬৩ চনত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপেও কাম কৰিছিল যদিও তেওঁ ১৯৭৩ চনত শিক্ষকতাৰ চাকৰি ইস্তাফা দি ১৯৭১ চনৰ ৩১ জানুৱাৰীৰ পৰা প্ৰকাশ আৰম্ভ কৰা পষেকীয়া অগ্ৰদূত কাকত খনক আগুৱাই লৈ যোৱাত বিশেষ ভাবে চেষ্টা কৰিছিল। অত্যন্ত পৰিশ্ৰমৰ দ্বাৰা তেওঁ অগ্ৰদূত কাকত খনক ১৯৭৩ চনত সাপ্তাহিক আৰু ১৯৭৫ চনত তিনিদিনীয়া ৰূপত ৰাইজৰ হাতত তুলি দিবলৈ সমৰ্থ হৈছিল। এনেকৈ অগ্ৰদূত কাকত খনক প্ৰতিষ্ঠা কৰি ১৯৯০ চনত আধুনালুপ্ত দ্য একশ্যন নামৰ ইংৰাজী সাপ্তাহিক কাকতখন প্ৰকাশ কৰি কাকত খনৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পাছত ১৯৯৫ চনৰ ৬ অক্টোবৰৰ পৰা দৈনিক অগ্ৰদূতৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰে। কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতো তেওঁ সময় উলিয়াই বহুকেইখন গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছে। নতুন পুৰুষে যুক্তিৰ আধাৰত নতুন সমাজ গঢ়ক নামৰ গ্ৰন্থখনৰ ১৭টা সংস্কৰণ প্ৰকাশ হোৱাৰ নিচিনা ঘটনা অসমীয়া গ্ৰন্থৰ জগতত বিৰল হিচাপে পৰিগণিত হৈছে।৩

সাহিত্য কৰ্ম

সমাজ বিশ্লেষণাত্মক

  1. নতুন পুৰুষে যুক্তিৰ আধাৰত নতুন সমাজ গঢ়ক,
  2. অসমেৰ বিক্ষুদ্ধ যুবসমাজ (বঙালী),
  3. গৌদান জালৈফৌৰা বানবংথাইনি ৰহাজীৱ সমাজ দাথৌং (বড়ো),
  4. আমাৰ যুৱ সমাজ বিশ্ব বিজয় কৰিবলৈ ওলাই আহক,
  5. আসাম কা বিক্ষুদ্ধ সমাজ (হিন্দী)
  6. অসমৰ গোষ্ঠীদ্বন্দ্ব্ব আৰু সামাজিক বিৱৰ্তনৰ ধাৰা,
  7. মূল্যবোধৰ অৱক্ষয় আৰু সাম্প্ৰতিক সংকট,
  8. আলফাৰ স্বাধীন অসম,
  9. দুশ বছৰীয়া হীনমন্যতাৰ অৱসান হওক,
  10. একবিংশ শতিকাৰ অসম (সম্পাদিত)

উপন্যাস

  1. লুইতক ভেটিব সিহঁতে,
  2. সূৰ্য পূৱত নুঠে,
  3. টেমছ আৰু লুইত,
  4. সোণৰ পালেঙে নুশুৱাই,
  5. গৃহযুদ্ধ,
  6. ষ্টেনগানৰ সৌৱে-বাঁৱে,

নাট্য সংকলন

  1. একাংক পঞ্চমা (পাঁচখন একাংকিকা নাটৰ সংকলন)

সাহিত্য সংকলন

  1. সাহিত্য আৰু জীৱন,
  2. এশখন মহত্ গ্ৰন্থ (সম্পাদিত),
  3. আধুনিক বিশ্বৰ এশ গৰাকী মহান ব্যক্তি (সম্পাদিত)

ভ্ৰমণ কাহিনী

  1. হাডচনৰ পৰা লোহিত গঙ্গা (আমেৰিকাৰ ভ্ৰমণৰ কাহিনী)

প্ৰাপ্ত বঁটাসমূহ

  • সামাজিক-সাংস্কৃতিক সংগঠন 'অসম ষ্টাৰ'ৰ তৰফৰ পৰা সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা, ২০২১ চনত৷২
  • ১৯৯৩ চনত ৰাষ্ট্ৰীয় নাগৰিক বঁটা
  • ১৯৯৬ চনত ড॰ ৰাম মনোহৰ লোহিয়া ৰাষ্ট্ৰীয় বঁটা
  • সংবাদ সূৰ্য
  • সংবাদ জ্যোতি
  • সংবাদ ৰত্ন
  • শ্ৰীমন্ত শংকৰদেৱ বঁটা, ২০১৬
  • ২০২৩ চনত প্ৰাইড ইষ্ট ইণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড প্ৰদত্ত জীৱনজোৰা সাধনা বঁটা।
  • ২০২৫ চনত কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি.লিট ডিগ্ৰী

কনকসেন ডেকা দেৱে ২০০৫ চনত ভাৰত চৰকাৰে আগবঢ়োৱা পদ্মশ্ৰী প্ৰত্যাখ্যান কৰিছিল।৩

তথ্যসূত্ৰ

  1. ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  2. ↑ (২৭ অক্টোবৰ, ২০২১). ২০২১ চনৰ 'অসম ষ্টাৰ এৱাৰ্ড' ঘোষণা. দৈনিক অসম. পৃ. ৩
  3. ↑ ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ. পৃ. ১৯৪, ১৯৫

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া গল্পকাৰঅসমীয়া ঔপন্যাসিকঅসমীয়া নাট্যকাৰঅসমীয়া শিক্ষাবিদঅসমৰ সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিঅসম সাহিত্য সভাৰ সভাপতিনলবাৰী জিলাৰ প্ৰসিদ্ধ ব্যক্তিকমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা বিজয়ীশ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনকসেন ডেকা” প্ৰবন্ধৰ সংশোধন ৬৩৫৯৩৪ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।