অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰজনী বসুমতাৰী

ৰজনী বসুমতাৰী এগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেত্ৰী আৰু চিত্ৰনাট্যকাৰ। প্ৰথমতে বিদ্যুৎ চক্ৰৱৰ্তী, মুজাফৰ আলীৰ দৰে পৰিচালকৰ অধীনত তেওঁ কাম কৰিছিল। তেওঁ গুৱাহাটী দূৰদৰ্শনৰ বাবেও কেইবাখনো ধাৰাবাহিকৰ কাহিনী লিখিছে।

হালনাগাদ: ২৪ নৱেম্বৰ ২০২৫ ১৯৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ
Rajni Basumatary at a private screening.jpg
ছবি: Astra Travasso · CC BY 4.0

ৰজনী বসুমতাৰী এগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেত্ৰী আৰু চিত্ৰনাট্যকাৰ। প্ৰথমতে বিদ্যুৎ চক্ৰৱৰ্তী, মুজাফৰ আলীৰ দৰে পৰিচালকৰ অধীনত তেওঁ কাম কৰিছিল। তেওঁ গুৱাহাটী দূৰদৰ্শনৰ বাবেও কেইবাখনো ধাৰাবাহিকৰ কাহিনী লিখিছে।

কৰ্মজীৱন

শিক্ষা সাং কৰি ৰজনী বসুমতাৰী দিল্লীলৈ ৰাওনা হৈছিল। শেহতীয়াকৈ এখন হিন্দী ছবিত কাৰ্যবাহী প্ৰযোজক হিচাপেও তেওঁ কাম কৰি আছে। ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেলটো বিভিন্ন ধৰণৰ কাম কৰিছে ৰজনী বসুমতাৰীয়ে। ন’কিয়া, ব্ৰিটিছ উচ্চায়ুক্তৰ বাবে বিভিন্ন ধৰণৰ তথ্যচিত্ৰ প্ৰস্তুত কৰিছে পৰিচালকগৰাকীয়ে। ১

ৰজনী বসুমতাৰীয়ে ২০০৭ চনত ৭টাকৈ ৰাজ্যিক বঁটা লাভ কৰা অসমীয়া চিনেমা অনুৰাগৰ চিত্ৰনাট্য প্ৰস্তুত কৰাৰ লগতে প্ৰযোজনা কৰিছিল। ২০০৫-০৬ চনত ৰজনী বসুমতাৰীয়ে চলচ্চিত্ৰ নিৰ্মাতা মুজাফৰ আলীৰ সৈতে ‘ভাৰত লাল: লাল বাহাদুৰ শাস্ত্ৰী’ নামৰ চুটি ছবিখনত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। বৰ্তমান মুজাফৰ আলীৰ ‘ৰুমী’ নামৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিনেমাখনতো তেওঁ কাম কৰিছে। মুক্তিৰ অপেক্ষাত থকা ‘ষ্ট’ৰী আফ মাই লাইফ’ নামৰ হিন্দী ছবিখনৰ কাৰ্যবাহী প্ৰযোজক হিচাপেও জড়িত হৈ আছে।

বঁটা

২০০৭ চনত ৰজনী বসুমতাৰীয়ে আমেৰিকাৰ ব্ৰডকাষ্টিং নেটৱৰ্কৰ পৰা বেষ্ট প্ৰডিউচাৰ এৱাৰ্ড লাভ কৰিছিল।২১

চলচ্চিত্ৰপঞ্জী

  • অনুৰাগ (২০০৪)
  • শ্বাটলকক বয়জ্ (২০১১)
  • ৰাগ - দ্য ৰিদম অৱ লাভ (২০১৪)
  • মেৰী কম (২০১৪)
  • দ্য শৌকিনছ্ (২০১৪)
  • থ্ৰী স্মকিং বেৰেলছ্ (২০১৮)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2013-11-26). RAJNI BASUMATARY's new film will fill the vacumn in Assamese cinema
  2. ↑ About Rajni

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া অভিনেত্ৰীবড়ো জনগোষ্ঠীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰজনী বসুমতাৰী” প্ৰবন্ধৰ সংশোধন ৫৫৬৫৮১ (২৪ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।