অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চৈয়দা আনোৱাৰা টাইমূৰ

চৈয়দা আনোৱাৰা টাইমূৰ (Syeda Anwara Taimur, ১৯৩৬ – ২০২০) আছিল অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদত আছিল।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ৩২১ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

চৈয়দা আনোৱাৰা টাইমূৰ (Syeda Anwara Taimur, ১৯৩৬ – ২০২০) আছিল অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী।১ ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদত আছিল। তেৱেঁই হৈছে অসমৰ ইতিহাসৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত থকা একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী। তেওঁ চাৰিবাৰকৈ অসম বিধানসভালৈ সদস্যা হিচাপে নিৰ্বাচিত হৈছিল। ১৯৮৮ চনত তেওঁ ৰাজ্যসভালৈ আমন্ত্ৰণ পাইছিল। ২০২০ চনৰ ২৮ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াত তেখেতৰ মৃত্যু হয়।২

চমু পৰিচয়

চৈয়দা আনোৱাৰা টাইমূৰৰ জন্ম হৈছিল ১৯৩৬ চনত। তেওঁ আলিগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।১ ১৯৫৬ চনত তেওঁ যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা আছিল।

ৰাজনৈতিক জীৱন

চৈয়দা আনোৱাৰা টাইমূৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী সক্ৰিয় সদস্যা আছিল। এই কমিটিত যোগদান কৰাৰ পিছতেই তেওঁ নানা মহিলা সংগঠনৰ লগত জড়িত হৈ পৰিছিল।

চৈয়দা আনোৱাৰা টাইমূৰ ১৯৭২ চনত অসম বিধানসভালৈ সদস্যা হিচাপে নিৰ্বাচিত হৈছিল। সেইবাৰ শৰৎ চন্দ্ৰ সিংহৰ মন্ত্ৰীসভাত তেওঁ ৰাজ্যিক শিক্ষামন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।১ ইয়াৰ পিছত ১৯৭৮, ১৯৮৩ আৰু ১৯৯১ চনৰ বিধানসভালৈও তেওঁ সদস্যা হিচাপে নিৰ্বাচিত হৈছিল।

মুখ্যমন্ত্ৰী পদত

যোগেন্দ্ৰ নাথ হাজৰিকাৰ মন্ত্ৰীসভাৰ পতনৰ পিছত, ১৯৭৯ চনৰ ১২ ডিচেম্বৰৰ পৰা অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হয়। কেইবামাহো ৰাষ্ট্ৰপতি শাসন চলোৱাৰ অন্তত, প্ৰধানমন্ত্ৰীৰ নিৰ্দেশক্ৰমে কংগ্ৰেছ (ই) দলৰ নেত্ৰী চৈয়দা আনোৱাৰা টাইমূৰক অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ দিয়া হয়। ১৯৮০ চনৰ ৬ ডিচেম্বৰত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। এনেদৰে অসমত ৰাষ্ট্ৰপতি শাসনৰ অন্ত পৰে।১

চৈয়দা আনোৱাৰা টাইমূৰে দায়িত্ব লোৱাৰ সময়ত, অসমত বিদেশী বহিষ্কৰণ আন্দোলন চলি আছিল। অসমত অবৈধভাৱে অনুপ্ৰৱেশ কৰি, অসমৰ মাটিত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা হাজাৰ হাজাৰ বাংলাদেশী লোকক অসমৰ মাটিৰ পৰা বহিষ্কৰণ কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদে অসমত তীব্ৰ এক আন্দোলন গঢ়ি উঠিছিল। অসমত এই আন্দোলন এক জাতীয় আন্দোলন ৰূপে গঢ়ি উঠিছিল। টাইমূৰ চৰকাৰে এই সমস্যাটো আলোচনাৰ মাজেৰে সমাধান নকৰি কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। তেওঁ পুলিচৰ হাতত অধিক ক্ষমতা প্ৰদান কৰি, এই আন্দোলন চি. আৰ. পি.ৰ হতুৱাই মষিমূৰ কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়ত অসমৰ বাতৰি কাকত সমূহে অসম আন্দোলনক পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। সেয়ে টাইমূৰ চৰকাৰে অসমৰ বাতৰি কাকত আৰু আলোচনীসমূহত চেন্সৰ আদেশশ জাৰী কৰে। বিশেষকৈ দৈনিক অসম, অগ্ৰদূত, জনমভূমি আদি কাকতৰ ওপৰত চৰকাৰে চোকা নজৰ ৰাখিছিল।১

প্ৰায় সাত মাহ কাল শাসনকাৰ্য চলোৱাৰ পাছত আনোৱাৰা টাইমূৰৰ চৰকাৰখনৰ শোচনীয় পতন ঘটে। ১৯৮১ চনৰ ৩০ জুনত চৈয়দা আনোৱাৰা টাইমূৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পিছতে অসমত পুনৰ ৰাষ্ট্ৰপতি শাসনৰ প্ৰৱৰ্তন হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ সমীন কলিতা. (ছেপ্টেম্বৰ, ২০০৭). অসমৰ মুখ্যমন্ত্ৰীসকল, পঞ্চম প্ৰকাশ. ৰাজেন্দ্ৰ মোহন শৰ্মা, চন্দ্ৰ প্ৰকাশ পাণবজাৰ. পৃ. ৮৬, ৮৭, ৮৮
  2. ↑ (2020-09-28). Assam’s lone female chief minister Syeda Anwara Taimur passes away. The News Mill

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ মুখ্যমন্ত্ৰীঅসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৈয়দা আনোৱাৰা টাইমূৰ” প্ৰবন্ধৰ সংশোধন ৩৮৯৬১৩ (৩০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।