ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় (Ministry of Petroleum and Natural Gas) ভাৰত চৰকাৰৰ অধীনৰ এক মন্ত্ৰালয়। এই মন্ত্ৰালয়ে পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, পেট্ৰলিয়ামজাত সামগ্ৰী আৰু তৰলীকৃত প্ৰাকৃতিক গেছৰ অন্বেষণ, উৎপাদন, শোধন, বিতৰণ, বিপণন, আমদানি, ৰপ্তানি, আৰু সংৰক্ষণৰ দায়িত্ব পালন কৰে।
-
প্ৰতিৰক্ষা মন্ত্ৰালয়
প্ৰতিৰক্ষা মন্ত্ৰালয় (Ministry of Defence; চমুকৈ MoD) য়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত চৰকাৰৰ সকলো সংস্থা আৰু কাম-কাজৰ সমন্বয় আৰু তত্বাৱধানৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ভাৰতৰ ৰাষ্ট্ৰপতি দেশৰ সশস্ত্ৰ বাহিনীৰ আনুষ্ঠানিক প্ৰধান সেনাধ্যক্ষ।
-
বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য
বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অসমৰ বড়োলেণ্ড অঞ্চলৰ স্বায়ত্বশাসিত পৰিষদৰ মুৰব্বী। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। অসমৰ বড়োলেণ্ড অঞ্চলত শাসন কাৰ্য সম্পাদন কৰিবলৈ এই পৰিষদৰ গঠন কৰা হয়।
-
বাংলাদেশ উচ্চতম ন্যায়ালয়
বাংলাদেশ উচ্চতম ন্যায়ালয় (Supreme Court of Bangladesh) হৈছে বাংলাদেশৰ সৰ্বোচ্চ ন্যায়ালয়। ইয়াক উচ্চ ন্যায়ালয় বিভাগ আৰু আপীল বিভাগেৰে, আৰু ১৯৭২ চনত গ্ৰহণ কৰা বাংলাদেশৰ সংবিধানৰ ষষ্ঠ খণ্ড প্ৰথম অধ্যায় (৯৪ নং অনুচ্ছেদ)ৰ দ্বাৰা সৃষ্টি কৰা হৈছে।
-
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয় (ভাৰত)
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে দুটা বিভাগ পৰিচালনা কৰে, বাণিজ্য বিভাগ আৰু উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য প্ৰসাৰৰ বিভাগ। মন্ত্ৰালয়ৰ অধ্যক্ষ হ'ল কেবিনেট মন্ত্ৰী।
-
বিবাহিত মহিলাৰ জাতীয়তা সম্পৰ্কীয় সন্ধি
বিবাহিত মহিলাৰ জাতীয়তা সম্পৰ্কীয় সন্ধি হৈছে ১৯৫৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গৃহীত কৰা আন্তঃৰাষ্ট্ৰীয় সন্ধি। ১৯৫৮ চনত ই বলবৎ হয় আৰু ২০২৪ চনলৈকে ইয়াৰ ৭৫টা ৰাষ্ট্ৰ দল আছে।
-
ভাৰতত শিশু শ্ৰম
ভাৰতৰ একাংশ শিশু শ্ৰমত নিয়োজিত হৈ আছে। ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি, ৫–১৪ বছৰ বয়সৰ মুঠ ২৫৯.৬৪ নিযুত শিশুৰ ভিতৰত শিশু শ্ৰমত নিয়োজিত শিশুৰ সংখ্যা ১০.১২ নিযুত আছিল। শিশু শ্ৰমৰ সমস্যা কেৱল ভাৰততে সীমাবদ্ধ নহয়; সমগ্ৰ বিশ্বতে প্ৰায় ২১৭ নিযুত শিশু শ্ৰমত নিয়োজিত, যাৰ বহুতে পূৰ্ণকালীনভাৱে কাম কৰে।
-
ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষ
ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষ (Telecom Regulatory Authority Of India, সংক্ষেপে TRAI) হৈছে ভাৰত চৰকাৰে ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষ আইন,১৯৯৭ ৰ ধাৰা ৩-ৰ অধীনত স্থাপন কৰা এক নিয়ামক সংস্থা। এইটো ভাৰতৰ দূৰসংযোগ খণ্ডৰ নিয়ন্ত্ৰক।
-
ভাৰতীয় পতাকাবিধি
ভাৰতীয় পতাকাবিধি (Indian flag code) হৈছে ভাৰতৰ জাতীয় পতাকা ব্যৱহাৰৰ ক্ষেত্ৰত বান্ধি দিয়া নিয়ম। ভাৰতীয় মানক ব্যুৰোৱে এই পতাকা উৎপাদনৰ পদ্ধতি আৰু নিৰ্দিষ্ট নিয়ম-কানুন স্থিৰ কৰি দিছে। জাতীয় পতাকাৰ উৎপাদনৰ অধিকাৰ কেৱল খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্প কমিশ্যনৰ হাতত ন্যস্ত।
-
ভাৰতীয় পৰিষদ আইন, ১৯০৯
ভাৰতীয় পৰিষদ আইন, ১৯০৯ (Indian Councils Act, 1909) যুক্তৰাজ্যৰ সংসদত গৃহীত এনে এক আইন আছি,ল যিয়ে ব্ৰিটিছ ভাৰতৰ শাসন ব্যৱস্থাত ভাৰতীয়সকলৰ সংপৃক্ততা সীমিতভাৱে বৃদ্ধি কৰিছিল। এই আইনখন সাধাৰণতে মৰ্লে–মিণ্টো বা মিণ্টো–মৰ্লে সংস্কাৰ নামেৰে জনাজাত।
-
ভাৰতীয় বায়ুসেনাৰ ১৭ নং স্কোৱাড্ৰন
নং ১৭ স্কোৱাড্ৰন বা গোল্ডেন এৰ'জ (No. 17 Squadron IAF, Golden Arrows) হৈছে ভাৰতীয় বায়ুসেনাৰ এটা স্কোৱাড্ৰন। ই বৰ্তমান পশ্চিম বায়ু কমাণ্ডৰ অধীনত আম্বালা বায়ুসেনা ঘাটিত নিয়োজিত হৈ আছে।
-
ভাৰতৰ উচ্চ ন্যায়ালয়সমূহ
ভাৰতৰ উচ্চ ন্যায়ালয়সমূহ হৈছে ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আপীল অধিকাৰক্ষেত্ৰৰ সৰ্বোচ্চ ন্যায়ালয়। বেছিভাগ উচ্চ ন্যায়ালয়ৰ কামত মুখ্যতঃ নিম্ন আদালতৰ আপীল আৰু সংবিধানৰ অনুচ্ছেদ ২২৬ আৰু ২২৭ ৰ ক্ষেত্ৰত লেখ আৱেদন থাকে। লেখ অধিকাৰ ক্ষেত্ৰও এখন উচ্চ ন্যায়ালয়ৰ মূল অধিকাৰক্ষেত্ৰ।
-
ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান
ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান (Chief of Defence Staff, চমুকৈ CDS) ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মুৰব্বী তথা প্ৰতিৰক্ষা বিষয়ত ইউনিফৰ্ম পৰিহিত সেনা বিষয়া হিচাপে ভাৰত চৰকাৰৰ শীৰ্ষ উপদেষ্টা। তেওঁ ভাৰতৰ ৰক্ষা মন্ত্ৰালয়ৰ অন্তৰ্গত সামৰিক পৰিক্ৰমা বিভাগৰ মুৰব্বী আৰু ভাৰত চৰকাৰৰ সচিব।
-
ভাৰতৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ
ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদত (Article 370 of the Constitution of India) ভাৰতীয় উপমহাদেশৰ উত্তৰ অংশ আৰু কাশ্মীৰৰ বৃহত্তৰ অঞ্চলৰ অংশত অৱস্থিত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা দিয়া হৈছিল যি ১৯৪৭ চনৰ পৰা ভাৰত, পাকিস্তান আৰু চীনৰ মাজত বিবাদৰ বিষয় হৈ আহিছে।
-
মহিলাৰ জাতীয়তা সম্পৰ্কীয় সন্ধি
মহিলাৰ জাতীয়তা সম্পৰ্কীয় সন্ধি আছিল মহিলাৰ অধিকাৰ সম্পৰ্কে গ্ৰহণ কৰা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় সন্ধি। ১৯৩৩ চনত উৰুগুৱেৰ মণ্টেভিডিঅ'ত প্যান আমেৰিকান ইউনিয়নে ইয়াক গ্ৰহণ কৰে।
-
মহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজি
মহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজি (United Nations Development Fund for Women (UNIFEM)) ১৯৭৬ চনৰ ডিচেম্বৰত আন্তৰ্জাতিক মহিলা বৰ্ষত ৰাষ্ট্ৰসংঘৰ মহিলাৰ বাবে দশকৰ বাবে স্বেচ্ছামূলক পুঁজি হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ প্ৰথম সঞ্চালক মাৰ্গাৰেট চি. স্নাইডাৰ আছিল।
-
মৃত্যুদণ্ড
মৃত্যুদণ্ড বা প্ৰাণদণ্ড (capital punishment) হৈছে আইনী উপায়েৰে শাস্তি হিচাপে এজন ব্যক্তিক কৰা হত্যা। মৃত্যুদণ্ডযোগ্য অপৰাধবোৰক দেশভেদে ভিন্ন ভিন্ন হ'ব পাৰে, কিন্তু সাধাৰণতে ব্যক্তিজনৰ বিৰুদ্ধে গুৰুতৰ অপৰাধ যেনে হত্যা, একাধিক লোকৰ হত্যা, ধৰ্ষণ, শিশু ধৰ্ষণ, শিশু যৌন উৎপীড়ন, সন্ত্ৰাসবাদ, যুদ্ধ…
-
মে ফাৰকুহাৰচন
মে ফাৰকুহাৰছন অ' জে (May Farquharson OJ; ২৬ মাৰ্চ ১৮৯৪ – ২৯ জুন ১৯৯২) আছিল এগৰাকী জামাইকাৰ সমাজকৰ্মী, জন্ম নিয়ন্ত্ৰণৰ সমৰ্থক, দানশীল আৰু সংস্কাৰক। জামাইকান ফেমিলি প্লেনিং লীগ আৰু মাদাৰছ ৱেলফেয়াৰ ক্লিনিকৰ প্ৰতিষ্ঠাপক হিচাপেও তেওঁ বৃদ্ধ বয়স পেঞ্চন কাৰ্যসূচীৰ চালিকা শক্তি আছিল।
-
যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন
যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন (ইংৰাজী: POCSO) হৈছে ভাৰতৰ শিশু সুৰক্ষা নীতিৰ অংশ হিচাপে ভাৰতত প্ৰণয়ন কৰা এখন বিশেষ আইন। এই আইনৰ উদ্দেশ্য হৈছে ১৮ বছৰ বয়সৰ তলৰ সকলো শিশুকে যৌন আক্ৰমণ, যৌন হাৰাশাস্তি আৰু শিশু পৰ্ন’গ্ৰাফীৰ পৰা সুৰক্ষা প্ৰদান কৰা।
-
যৌন শুদ্ধিকৰণ
যৌন শুদ্ধিকৰণ বা কুচাচা ফুম্বি (Sexual cleansing) কিছুমান আফ্ৰিকান দেশত প্ৰচলিত এক পৰম্পৰা। এই পৰম্পৰা অনুসৰি ছোৱালী বা মহিলা এগৰাকীক তেওঁৰ প্ৰথম ঋতুস্ৰাৱৰ পিছত, বিধৱা হোৱাৰ পিছত, বা গৰ্ভপাত কৰাৰ পিছত তেওঁলোকক পৱিত্ৰ কৰাৰ ৰীতি হিচাপে যৌন সম্ভোগৰ কৰি শুদ্ধিকৰণ কৰা হয়।
-
লোকসভাৰ সমষ্টিৰ তালিকা
ভাৰতৰ সংসদ নিম্ন সদন লোকসভা সংসদৰ সদস্যসকল দ্বাৰা গঠিত। সংসদৰ প্ৰতিজন সদস্যই এটা ভৌগোলিক সমষ্টিৰ প্ৰতিনিধিত্ব কৰে। ভাৰতৰ সংবিধান উল্লেখ কৰা অনুসৰি লোকসভাৰ সৰ্বাধিক আকাৰ হৈছে ৫৫০ জন সদস্য, যি ২৮খন ৰাজ্য লোকসকলক প্ৰতিনিধিত্ব কৰা ৫৩০ জন সদস্য আৰু জনসংখ্যাৰ ভিত্তিত ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল লোকসকলক…
-
শিলিগুড়ি কৰিডৰ
Ham Itihaasশিলিগুড়ি কৰিডৰ (Siliguri Corridor) হৈছে ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ শিলিগুড়ি চহৰৰ আশে-পাশে থকা সংকীৰ্ণ অঞ্চল। ইংৰাজীত ইয়াক চিকেনজ নেক (অৰ্থাৎ: কুকুৰাৰ মূৰ) বুলিও কোৱা হয়।
-
শেখ মুজিবুৰ ৰহমানৰ হত্যাকাণ্ড
শেখ মুজিবুৰ ৰহমানৰ হত্যাকাণ্ড আছিল, বাংলাদেশৰ তেতিয়াৰ ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমানক পৰিয়ালসহ কৰা হত্যাকাণ্ড। ১৯৭৫ চনত ১৫ আগষ্টৰ পুৱাতে বাংলাদেশ সেনাবাহিনীৰ এদল বিপথগামী সদস্যই সামৰিক অভ্যুত্থান সংগঠিত কৰে আৰু শেখ মুজিবুৰ ৰহমানক তেওঁৰ ধানমণ্ডি-৩২ ৰ বাসভৱনত হত্যা কৰে।
-
সমৰ্পিত আৰু বিজিত প্ৰদেশ
সমৰ্পিত আৰু বিজিত প্ৰদেশ (The Ceded and Conquered Provinces) হৈছে চনৰ পৰা ১৮৩৪ চনলৈকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন কৰা উত্তৰ ভাৰতৰ এটা অঞ্চল। ই অধুনা ভাৰতীয় প্ৰজাতন্ত্ৰৰ অৱধৰ লক্ষ্ণৌ আৰু ফৈজাবাদ সংমণ্ডল বাদি দি উত্তৰ প্ৰদেশ ৰাজ্য়ৰ প্ৰায় সমস্ত অঞ্চল আৰু দিল্লীৰ ভূখণ্ডক লৈ গঠিত হৈছিল।
-
সুকন্যা সমৃদ্ধি যোজনা
সুকন্যা সমৃদ্ধি ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত এক যোজনা। এই যোজনাত ছোৱালী সন্তানৰ পিতৃ-মাতৃক লক্ষ্য কৰা হৈছে। ভৱিষ্যতে ছোৱালী সন্তানটিৰ শিক্ষা আৰু বিবাহৰ খৰছৰ বাবে এক পুঁজি নিৰ্মাণ কৰাই এই যোজনাৰ উদ্দেশ্য।
-
সৈন্য বাহিনী (বিশেষ ক্ষমতা) আইন
সৈন্য বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ চমুকৈ (AFSPA) ভাৰতীয় সংসদৰ দ্বাৰা প্ৰণীত এখন আইন, যিয়ে উদ্বিগ্ন অঞ্চল বুলি ঘোষণা কৰা অঞ্চলসমূহত ভাৰতীয় সৈন্য বাহিনীক বিশেষ ক্ষমতা প্ৰদান কৰে।
-
হৰতাল
হৰতাল বহু ভাৰতীয় ভাষাত ব্যৱহাৰ কৰা ইংৰাজী ষ্ট্ৰাইক একচনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা শব্দ, যিটো ২০ শতিকাৰ আৰম্ভণিতে ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত (জাতীয়তাবাদী আন্দোলন বুলিও জনা যায়) প্ৰথম ব্যৱহাৰ কৰা হৈছিল।
-
১৯৮৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৮৯ নৱম লোকসভাৰ সদস্যসকলক নিৰ্বাচিত কৰিবলৈ অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত ৰাজীৱ গান্ধীৰ পৰাজয় হৈছিল, কাৰণ বিৰোধী দলবোৰে একগোট হৈ জাতীয় মৰ্চাৰ অধীনত এখন সংখ্যালঘু চৰকাৰ গঠন কৰিছিল। প্ৰধান মন্ত্ৰী হৈছিল বিশ্বনাথ প্ৰতাপ সিং।
-
ৰাজনীতিত মহিলা
বহুতো দেশত, চৰকাৰ আৰু বিভিন্ন প্ৰতিষ্ঠানত মহিলাসকলক কম প্ৰতিনিধিত্ব কৰা দেখা যায়। এই প্ৰৱণতা ঐতিহাসিক কালৰ পৰা এতিয়াও অব্যাহত আছে যদিও বহুখিনি হ্ৰাস পাইছে। মহিলাসকল ক্ৰমান্বয়ে ৰাষ্ট্ৰীয় আৰু চৰকাৰৰ বহুতো মুৰব্বী পদত নিৰ্বাচিত হোৱা দেখা গৈছে।
-
ৰামছৰ সন্মিলন
বিশেষকৈ জলচৰ চৰাইৰ বাসস্থান হিচাপে আন্তৰ্জাতিক গুৰুত্বপূৰ্ণ জলাশয়ৰ ৰামছাৰ চুক্তিখন ৰামছাৰ স্থান (জলাভূমি) সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰৰ বাবে এক আন্তৰ্জাতিক চুক্তি। ইয়াক কনভেনচন অন ৱেটলেণ্ডছ বুলিও কোৱা হয়। ১৯৭১ চনত এই চুক্তি স্বাক্ষৰিত হোৱা ইৰাণৰ ৰামছাৰ চহৰৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।