ভাৰত চৰকাৰ
২৩ প্ৰবন্ধ
-
ভাৰত চৰকাৰ
ভাৰত চৰকাৰক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়। ২৮খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰণকৰ্তা হৈছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ মুখ্য আসন বুলি দিল্লীক বুজায়, যিহেতু চৰকাৰৰ মুখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়।
-
অসম চৰকাৰ
অসম চৰকাৰ ভাৰতবৰ্ষৰ অসম ৰাজ্য আৰু ইয়াৰ ৩৫খন জিলাৰ সৰ্বোচ্চ শাসনতান্ত্ৰিক কৰ্তৃপক্ষ। এই চৰকাৰ ৰাজ্যপালসহ শাসনবিভাগ, আইনবিভাগ আৰু বিচাৰবিভাগৰ সৈতে গঠিত। ৰাজ্যপালজন হৈছে ৰাজ্যৰ সাংবিধানিক মুৰব্বী তেওঁক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ৫ বছৰৰ বাবে। লক্ষ্মণ আচাৰ্য হৈছে অসমৰ বৰ্তমানৰ ৰাজ্যপাল।
-
ভাৰতৰ সংবিধান
ভাৰতৰ সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু কৰ্তব্য নিৰ্দ্ধাৰণ; মৌলিক অধিকাৰ, ৰাষ্ট্ৰপৰিচালনাৰ নিৰ্দেশমূলক নীতি আৰু নাগৰিকসকলৰ কৰ্তব্য নিৰ্দ্ধাৰণ কৰা হৈছে। দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখাটি নিৰ্দিষ্ট কৰা হৈছে।
-
ভাৰতৰ ৰাজপত্ৰ
ভাৰতৰ ৰাজপত্ৰ ভাৰত চৰকাৰৰ এখন চৰকাৰী প্ৰকাশনা। ইয়াত চৰকাৰৰ বিভিন্ন জাননী, আদেশ, বিধি, নিয়ম, নিযুক্তি আৰু অন্যান্য চৰকাৰী তথ্য প্ৰকাশ কৰা হয়। ৰাজপত্ৰখন নিয়মীয়াকৈ প্ৰকাশ কৰা হয়। ইয়াৰ সাধাৰণ সংখ্যা প্ৰতি সপ্তাহে প্ৰকাশ পায়।
-
ভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য
মৌলিক অধিকাৰ, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য ভাৰতীয় সংবিধানৰ তিনিটা প্ৰধান অংশ। এই তিনিটা অংশত নাগৰিকসকলৰ প্ৰতি ৰাষ্ট্ৰৰ মৌলিক দায়দায়িত্ব আৰু ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকসকলৰ কৰ্তব্যসমূহৰ বিশদ ব্যাখ্যা দিয়া হৈছে।
-
ইনাৰ লাইন পাৰ্মিট
ইনাৰ লাইন পাৰ্মিট অথবা আন্তঃৰাজ্যিক পাৰপত্ৰ (Inner Line Permit; সংক্ষেপে আইএলপি) হৈছে কোনো ভাৰতীয় নাগৰিকক দেশখনৰ সুৰক্ষিত অঞ্চলসমূহত অভ্যন্তৰীণ ভ্ৰমণৰ অনুমতি দিয়াৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ কৰ্তৃপক্ষই জাৰি কৰা এক সীমিত সময়ৰ বাবে বৈধ চৰকাৰী ভ্ৰমণ নথি।
-
উমং
ইউনিফাইড মোবাইল এপ্লিকেশ্যন ফৰ নিউ-এজ গভৰ্ণেন্স (UMANG) হৈছে ডিজিটেল ইণ্ডিয়া উদ্যোগৰ অধীনত গঢ়ি তোলা এটা ম’বাইল এপ। এই এপটো ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY)ৰ দ্বাৰা উন্নয়ন কৰা হৈছে আৰু ই ভাৰত চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ ডিজিটেল সেৱা উদ্যোগ।
-
ভাষিণী
ভাষিণী ভাৰত চৰকাৰৰ এটা প্ৰকল্প, যি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ ‘‘ৰাষ্ট্ৰীয় ভাষা অনুবাদ অভিযান’’ (National Language Translation Mission)ৰ অধীনত উন্নয়ন কৰা হৈছে।
-
ভাৰত চৰকাৰৰ টাকশাল, কলকাতা
ভাৰত চৰকাৰৰ টাকশাল, কলকাতা ১৭৫৭ চনত কলকাতাত প্ৰথমবাৰৰ বাবে ভাৰতৰ চৰকাৰী মিণ্ট বা টাকশাল (মুদ্ৰা তৈয়াৰ কৰা কাৰখানা) প্ৰতিষ্ঠা কৰা হৈছিল, আৰু ই পুৰণি দুৰ্গৰ ব্লেক হোলৰ ওচৰৰ এটা অট্টালিকাত আছিল, য'ত আজি জিপিঅ' (সাধাৰণ ডাকঘৰ) আছে।
-
ভাৰতীয় পতাকাবিধি
ভাৰতীয় পতাকাবিধি (Indian flag code) হৈছে ভাৰতৰ জাতীয় পতাকা ব্যৱহাৰৰ ক্ষেত্ৰত বান্ধি দিয়া নিয়ম। ভাৰতীয় মানক ব্যুৰোৱে এই পতাকা উৎপাদনৰ পদ্ধতি আৰু নিৰ্দিষ্ট নিয়ম-কানুন স্থিৰ কৰি দিছে। জাতীয় পতাকাৰ উৎপাদনৰ অধিকাৰ কেৱল খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্প কমিশ্যনৰ হাতত ন্যস্ত।
-
ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণ
ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণ ভাৰতত বিলুপ্তপ্ৰায় বংগ বাঘক সুৰক্ষা প্ৰদানৰ বাবে গঠন কৰা বন্যপ্ৰাণী সংৰক্ষণ সংস্থা ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণ। ভাৰত চৰকাৰে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ অধীনত ২০০৫ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ প্ৰজেক্ট টাইগাৰ আৰু বিভিন্ন বাঘ সংৰক্ষিত বনাঞ্চল…
-
অপৰাধ অনুসন্ধান বিভাগ (ভাৰত)
অপৰাধ অনুসন্ধান বিভাগ বৃটিছ আৰক্ষী বাহিনীৰ অপৰাধ অনুসন্ধান বিভাগৰ ওপৰত ভিত্তি কৰি অপৰাধৰ তদন্তৰ দায়িত্বত থকা ভাৰতৰ ৰাজ্যিক আৰক্ষী বিভাগসমূহৰ এটা বিশেষ শাখা ক্ৰাইম ব্ৰাঞ্চ বুলিও জনা যায়।
-
আৰক্ষী অভিযোগ কৰ্তৃপক্ষ (ভাৰত)
আৰক্ষী অভিযোগ কৰ্তৃপক্ষ (PCA) হৈছে এটা সংস্থা যিয়ে ভুল বা তদন্তৰ কেণা লগা, এফআইআৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰা, জিম্মাত লোৱা নিৰ্যাতন আৰু আৰক্ষীৰ বিৰুদ্ধে উচ্চ হাতৰ অভিযোগৰ ওপৰত বিচাৰ কৰে।
-
দিল্লী মেট্ৰ ৰে'ল নিগম
দিল্লী মেট্ৰ' ৰেল নিগম (ডিএমআৰচি) হৈছে কেন্দ্ৰ-ৰাজ্যৰ যৌথ উদ্যোগ যিয়ে দিল্লী মেট্ৰ' আৰু নয়ডা মেট্ৰ' পৰিচালনা কৰে। ভাৰত আৰু বিদেশত মেট্ৰ' ৰে'ল, মনোৰেল, আৰু দ্ৰুতবেগী ৰে'ল প্ৰকল্পৰ পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰতো ডিএমআৰচি জড়িত।
-
দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল আঁচনি
গ্ৰামীণ কৌশল আঁচনি বা ডিডিইউ-জিকেৱাই হৈছে ভাৰত চৰকাৰৰ যুৱ নিয়োগ আঁচনি।
-
বিজ্ঞান ভৱন (নতুন দিল্লী)
বিজ্ঞান ভৱন ভাৰত চৰকাৰৰ নতুন দিল্লীত থকা এটা প্ৰধান সন্মিলন কেন্দ্ৰ। ১৯৫৬ চনত নিৰ্মিত এই ভৱনটোৱে বছৰ বছৰ ধৰি বিশ্বৰ নেতা আৰু গণ্য-মান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন, আলোচনা-চক্ৰ আৰু বঁটা প্ৰদান অনুষ্ঠানৰ স্থান হিচাপে কাম কৰি আহিছে, যেনে ১৯৮৩ চনত কমনৱেলথ চৰকাৰৰ…
-
ভাাৰতীয় পশু কল্যাণ ব'ৰ্ড
ভাৰতীয় পশু কল্যাণ ব’ৰ্ড হাৰিয়ানা ৰাজ্যৰ বল্লভগড়ত মুখ্য কাৰ্যালয় থকা ভাৰতীয় পশু কল্যাণ ব'ৰ্ড (AWBI) ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰ্যালয় (পশুপালন আৰু দুগ্ধ বিভাগ)ক পৰামৰ্শ দিয়া এটা বিধিগত পৰামৰ্শদাতা সংস্থা। পূৰ্বতে চেন্নাইত AWBIৰ মুখ্য কাৰ্যালয় আছিল।
-
ভাৰতীয় বন সৰ্বেক্ষণ
ভাৰতীয় বন সৰ্বেক্ষণ ( হৈছে ১৯৮১ চনৰ জুন মাহত প্ৰতিষ্ঠা হোৱা আৰু উত্তৰাখণ্ডৰ ডেৰাডুনত মুখ্য কাৰ্যালয় থকা ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ এটা সংস্থা, যিয়ে সময়ৰ লগে লগে ভূমি আৰু বনজ সম্পদৰ পৰিৱৰ্তিত অৱস্থা নিৰীক্ষণ কৰিবলৈ আৰু পৰিৱেশ সুৰক্ষাৰ ৰাষ্ট্ৰীয় পৰিকল্পনা, সংৰক্ষণ…
-
ভাৰতীয় শুষ্ক বন গৱেষণা প্ৰতিষ্ঠান
শুষ্ক বন গৱেষণা প্ৰতিষ্ঠান (ICFRE-AFRI) ভাৰতৰ ৰাজস্থানৰ যোধপুৰত অৱস্থিত এটা গৱেষণা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটোৱে ৰাজস্থান আৰু গুজৰাটৰ গৰম, শুষ্ক, আৰু অৰ্ধশুষ্ক অঞ্চলত গছ-গছনি বৃদ্ধি আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বনজ সম্পদৰ বৈজ্ঞানিক গৱেষণা কৰে।
-
ভাৰতৰ ভূতাত্ত্বিক জৰীপ সংস্থা
ভাৰতৰ ভূ-তাত্ত্বিক জৰীপ (GSI) ভাৰতৰ এক বৈজ্ঞানিক সংস্থা। ১৮৫১ চনত ভাৰত চৰকাৰৰ খনি মন্ত্ৰ্যালয়ৰ অধীনত এটা সংগঠন হিচাপে প্ৰতিষ্ঠা কৰা হয়। ভাৰতৰ জৰীপ (১৭৬৭ চনত প্ৰতিষ্ঠা হোৱা)ৰ পিছত ই বিশ্বৰ ভিতৰতে আটাইতকৈ পুৰণি এনে সংগঠনসমূহৰ ভিতৰত অন্যতম আৰু ভাৰতৰ ভিতৰতে দ্বিতীয় পুৰণি।
-
সুষমা স্বৰাজ ইনষ্টিটিউট অৱ ফৰেইন চাৰ্ভিচ
সুষমা স্বৰাজ ইনষ্টিটিউট অৱ ফৰেইন চাৰ্ভিচ ( SSIFS) হৈছে নতুন দিল্লীৰ অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান, য'ত ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াসকলক প্ৰশিক্ষণ দিয়া হয়। এই প্ৰতিষ্ঠানে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনত কাম কৰে।
-
ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য কৰ্তৃপক্ষ
ৰাষ্ট্ৰীয় জৈৱ-বৈচিত্ৰ্য কৰ্তৃপক্ষ (NBA) ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ অধীনস্থ এটা বিধিগত স্বায়ত্তশাসিত সংস্থা, যিটো ২০০৩ চনত ১৯৯২ চনত ভাৰতে জৈৱ-বৈচিত্ৰ্য সম্পৰ্কীয় চুক্তি (চিবিডি)ত স্বাক্ষৰ কৰাৰ সময়ত স্থাপিত জৈৱ-বৈচিত্ৰ্য আইন, ২০০২ৰ বিধানসমূহ কাৰ্যকৰী কৰিবলৈ…
-
ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থান
ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় সংস্থা (NIOS) পূৰ্বতে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় নামেৰে জনাজাত ভাৰত চৰকাৰৰ নিয়ন্ত্ৰিত আৰু পৰিচালিত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা ব’ৰ্ড। ১৯৮৯ চনত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ে (পূৰ্বৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়) প্ৰতিষ্ঠা কৰে।