শ্ৰমিক অধিকাৰ
৭ প্ৰবন্ধ
-
অতিৰিক্ত সময়ৰ কাম
অতিৰিক্ত সময়ৰ কাম বুলিলে কোনো কৰ্মচাৰীয়ে নিৰ্ধাৰিত স্বাভাৱিক কৰ্মসময়ৰ অতিৰিক্ত সময়ত কৰা কামক বুজায়। এই অতিৰিক্ত সময়ৰ কামৰ বাবে লাভ কৰা অতিৰিক্ত মজুৰিকো অতিৰিক্ত সময়ৰ কামৰ মজুৰি বুলি কোৱা হয়। স্বাভাৱিক কৰ্মসময় বিভিন্ন ধৰণে নিৰ্ধাৰিত হ'ব পাৰে। যেনে—
-
ধৰ্ণা
ধৰ্ণা হৈছে কোনো দাবী, অধিকাৰ, ন্যায়, নীতিৰ পৰিৱৰ্তন বা সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উদ্দেশ্য সাধনৰ বাবে কোনো ব্যক্তি বা ব্যক্তিসমূহে কোনো স্থানত বহি থাকি কৰা একপ্ৰকাৰৰ প্ৰত্যক্ষ কাৰ্য বা অহিংস প্ৰতিবাদ।
-
ভাৰতত শিশু শ্ৰম
ভাৰতৰ একাংশ শিশু শ্ৰমত নিয়োজিত হৈ আছে। ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি, ৫–১৪ বছৰ বয়সৰ মুঠ ২৫৯.৬৪ নিযুত শিশুৰ ভিতৰত শিশু শ্ৰমত নিয়োজিত শিশুৰ সংখ্যা ১০.১২ নিযুত আছিল। শিশু শ্ৰমৰ সমস্যা কেৱল ভাৰততে সীমাবদ্ধ নহয়; সমগ্ৰ বিশ্বতে প্ৰায় ২১৭ নিযুত শিশু শ্ৰমত নিয়োজিত, যাৰ বহুতে পূৰ্ণকালীনভাৱে কাম কৰে।
-
হৰতাল
হৰতাল বহু ভাৰতীয় ভাষাত ব্যৱহাৰ কৰা ইংৰাজী ষ্ট্ৰাইক একচনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা শব্দ, যিটো ২০ শতিকাৰ আৰম্ভণিতে ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত (জাতীয়তাবাদী আন্দোলন বুলিও জনা যায়) প্ৰথম ব্যৱহাৰ কৰা হৈছিল।
-
অনশন ধৰ্মঘট
অনশন ধৰ্মঘট (Hunger strike) হৈছে অহিংস প্ৰতিৰোধৰ এক পদ্ধতি য’ত অংশগ্ৰহণকাৰীসকলে ৰাজনৈতিক প্ৰতিবাদৰ কাৰ্য্য হিচাপে উপবাস কৰে, সাধাৰণতে নীতি পৰিৱৰ্তনৰ দৰে নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যেৰে অনশন ধৰ্মঘট কৰা হয়। তৰল পদাৰ্থ গ্ৰহণ নকৰা অনশনকাৰীক শুষ্ক অনশন ধৰ্মঘটকাৰী বুলি কোৱা হয়।
-
ছুটী
ছুটী বা কৰ্মৰ পৰা ছুটী হৈছে কোনো কৰ্মচাৰীয়ে নিয়োগকৰ্তাৰ অনুমতি, প্ৰযোজ্য আইন, সেৱা-নিয়ম অথবা কৰ্মসংস্থাপনৰ চৰ্ত অনুসৰি নিৰ্দিষ্ট সময়ৰ বাবে কৰ্মস্থলীত উপস্থিত নথকাৰ অনুমোদিত ব্যৱস্থা। ছুটী দৰমহাসহ বা দৰমহাবিহীন দুয়ো ধৰণৰ হ'ব পাৰে।
-
বন্ধ
বন্ধ দক্ষিণ এছিয়াৰ দেশসমূহত, বিশেষকৈ ভাৰত আৰু নেপালত, ৰাজনৈতিক বা সামাজিক প্ৰতিবাদৰ এক পদ্ধতি। বন্ধৰ সময়ত জনজীৱন আৰু দৈনন্দিন কাৰ্যকলাপ ব্যাহত কৰাৰ উদ্দেশ্যে কোনো ৰাজনৈতিক দল, সংগঠন বা সম্প্ৰদায়ে সাধাৰণ ধৰ্মঘটৰ আহ্বান জনায়। উদাহৰণস্বৰূপে, সমগ্ৰ ভাৰতত আহ্বান জনোৱা বন্ধক ‘ভাৰত বন্ধ’ বুলি কোৱা হয়।