পেলেষ্টাইনৰ নাৰী অধিকাৰ কৰ্মী
৮ প্ৰবন্ধ
-
ইছাম আব্দুলহাদী
ইছাম আব্দুলহাদী (Issam Abdulhadi, ১৯২৮–১৬ আগষ্ট ২০১৩) এগৰাকী বঁটা বিজয়ী পেলেষ্টাইনী মহিলা অধিকাৰ কৰ্মী আছিল। ১৯৬৫ চনৰ জুলাই মাহত পেলেষ্টাইনী মহিলাৰ সাধাৰণ সংঘৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়।
-
ইয়াছমিন জালি
ইয়াছমিন জালি (জন্ম ১৯৯৬) এগৰাকী আমেৰিকান আৰু পেলেষ্টাইনী ফেশ্বন ডিজাইনাৰ, ফটোগ্ৰাফাৰ আৰু ৰাজপথত হৈ থকা হাৰাশাস্তি-বিৰোধী কৰ্মী। তেওঁ ফেশ্বন ব্ৰেণ্ড নল কালেকটিভ আৰু নট ইউৰ হাবিবটি অভিযানৰ প্ৰতিষ্ঠাপক।
-
টাৰাব আব্দুল হাদী
টাৰাব আব্দুল হাদী (Tarab Abdul Hadi)(১৯১০–১৯৭৬) এগৰাকী পেলেষ্টাইন কৰ্মী আৰু নাৰীবাদী আছিল৷ ১৯২০ চনৰ শেষৰ ফালে ব্ৰিটিছ মেণ্ডেট পেলেষ্টাইনৰ প্ৰথম মহিলা সংগঠন পেলেষ্টাইন আৰব মহিলা কংগ্ৰেছ (PAWC)ৰ সহ-প্ৰতিষ্ঠাপক আছিল আৰু ইয়াৰ ভগ্নী গোট আৰব মহিলা সংস্থা (AWA)ৰ সক্ৰিয় সংগঠক আছিল৷
-
মেটিয়েল মগানাম
মেটিয়েল মগানাম (Matiel Mogannam; ১৮৯৯–১৯৯২) এগৰাকী পেলেষ্টাইনী আৰব উকীল আছিল যি ১৯২০ আৰু ১৯৩০ চনত বাধ্যতামূলক পেলেষ্টাইনত মহিলা আন্দোলনৰ নেতৃত্ব দিছিল৷ তেওঁ আৰব মহিলা কাৰ্যবাহী (AWE)ৰ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মোনা ডেমাইডি
মোনা নবিল ডেমাইদি (Mona Demaidi) এগৰাকী উদ্যোগী আৰু মহিলা অধিকাৰৰ সমৰ্থক। ১৯৮৮ চনৰ ১৪ ডিচেম্বৰত পেলেষ্টাইনৰ নাবলুছত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁ ব্ৰিটেইনৰ মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা এডভান্সড চফটৱেৰ ইঞ্জিনিয়াৰিং আৰু মেচিন লাৰ্নিঙত পি এইচ ডি আৰু চফট্ ৱেৰ ইঞ্জিনিয়াৰিং আৰু ডাটা মেনেজমেণ্টত…
-
ৰাবাব আব্দুলহাদী
ৰাবাব ইব্ৰাহিম আব্দুলহাদী (Rabab Abdulhadi) এগৰাকী পেলেষ্টাইনত জন্মগ্ৰহণ কৰা আমেৰিকীয় পণ্ডিত, কৰ্মী, শিক্ষাবিদ, সম্পাদক আৰু এজন শৈক্ষিক পৰিচালক। তেওঁ জাতিগত অধ্যয়ন, জাতি আৰু প্ৰতিৰোধ অধ্যয়নৰ সহযোগী অধ্যাপিকা আৰু ছান ফ্ৰান্সিস্কো ষ্টেট ইউনিভাৰ্চিটি (এছ এফ এছ ইউ)ৰ আৰব আৰু মুছলমান জাতি আৰু…
-
ৰুলা হাছানেইন
ৰুলা হাছানেইন (Rula Ibrahim Hassanein) জন্ম: ২০ অক্টোবৰ ১৯৯৪) ৰামাল্লাৰ এগৰাকী পেলেষ্টাইনী লেখক, কৰ্মী আৰু সাংবাদিক, যিয়ে আল জাজিৰাৰ সৈতে কাম কৰে বহু বাতৰি কাকত আৰু বাতৰি ৱেবছাইটত তেওঁ বহু প্ৰবন্ধ লিখিছে।
-
ৱালিদ আল-হুছেইনী
ৱালিদ আল-হুছেইনী বা ৱালিদ হুছেইন (Waleed Al-Husseini, জন্ম ২৫ জুন, ১৯৮৯) এগৰাকী পেলেষ্টাইনী নাস্তিক, ৰচনাকাৰ, লেখক, ব্লগাৰ, প্ৰাক্তন মুছলমান আৰু ফ্ৰান্সৰ প্ৰাক্তন মুছলমান পৰিষদৰ প্ৰতিষ্ঠাপক। পশ্চিম পাৰৰ কালকিলিয়াত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা হুছেইনীয়ে ২০১২ চনৰ পৰা ফ্ৰান্সত বাস কৰি আহিছে।