অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

সুকন্যা সমৃদ্ধি যোজনা

সুকন্যা সমৃদ্ধি ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত এক যোজনা। এই যোজনাত ছোৱালী সন্তানৰ পিতৃ-মাতৃক লক্ষ্য কৰা হৈছে। ভৱিষ্যতে ছোৱালী সন্তানটিৰ শিক্ষা আৰু বিবাহৰ খৰছৰ বাবে এক পুঁজি নিৰ্মাণ কৰাই এই যোজনাৰ উদ্দেশ্য।

হালনাগাদ: ১২ নৱেম্বৰ ২০২৫ ৪৫৬ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

সুকন্যা সমৃদ্ধি ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত এক যোজনা। এই যোজনাত ছোৱালী সন্তানৰ পিতৃ-মাতৃক লক্ষ্য কৰা হৈছে। ভৱিষ্যতে ছোৱালী সন্তানটিৰ শিক্ষা আৰু বিবাহৰ খৰছৰ বাবে এক পুঁজি নিৰ্মাণ কৰাই এই যোজনাৰ উদ্দেশ্য।১২

২০১৫ চনৰ ২২ জানুৱাৰীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটি বচাও, বেটি পঢ়াওৰ প্ৰচাৰ-অভিযানৰ অংশ হিচাপে এই যোজনাৰ সূত্ৰপাত কৰে। এই যোজনাত বৰ্তমান ৮.৪% সুতৰ হাৰ৩ (২০১৯ চনৰ জুলাই-ছেপ্টেম্বৰ) আৰু কৰ লাভৰ সুবিধা আছে। যিকোনো ভাৰতীয় ডাকঘৰ বা অনুমোদিত বেংকৰ শাখাত এই একাউণ্ট মুকলি কৰিব পাৰি।

২০১৬ চনৰ সুকন্যা সমৃদ্ধি একাউণ্ট নিয়মসমূহ ১২.১২.২০১৯-ত বাতিল কৰি নতুন "সুকন্যা সমৃদ্ধি একাউণ্ট যোজনা, ২০১৯" আৰম্ভ কৰা হৈছে।

সাৰাংশ

২০১৫ চনৰ ২২ জানুৱাৰীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ পানিপটত এই যোজনাৰ ঘোষণা কৰে।৪৫ যিকোনো ভাৰতীয় ডাকঘৰ বা অনুমোদিত বেংকৰ শাখাত এই একাউণ্ট মুকলি কৰিব পাৰি।৬ আৰম্ভণিতে সুতৰ হাৰ ৯.১% আছিল কিন্তু পাছত ২০১৫-১৬ অৰ্থনৈতিক বৰ্ষৰ বাবে ২০১৫ চনৰ মাৰ্চত ৯.২% কৰা হৈছিল।৭ পাছত ২০১৬-১৭ অৰ্থনৈতিক বৰ্ষৰ বাবে এই হাৰ ৮.৬% ধাৰ্য কৰা হয়।৮৯

ছোৱালী সন্তান জন্ম হোৱাৰে পৰা ১০ বছৰ বয়স হোৱালৈকে মাক-দেউতাকে এই একাউণ্ট খুলিব পাৰে। এটা সন্তানৰ বাবে এটা একাউণ্টহে খুলিব পাৰি। সৰ্বোচ্চ দুটা সন্তানৰ প্ৰতিটোৰে বাবে এটাকৈ মুঠ দুটা একাউণ্ট খুলিব পাৰি (যমজ বা একেলগে ওপজা তিনি সন্তান ব্যতিক্ৰম)। ভাৰতৰ যিকোনো ঠাইলৈ এই একাউণ্ট স্থানান্তৰ কৰিব পাৰি।১০

আৰম্ভণিতে নূন্যতম ২৫০ টকা একাউণ্টত জমা দিব লাগে। ইয়াৰ পাছত ১০০ টকাৰ গুণক যিকোনো পৰিমাণ জমা কৰিব পাৰি। কিন্তু এবছৰত জমা দিব পৰা সৰ্বোচ্চ টকাৰ পৰিমাণ ₹১,৫০,০০০। এবছৰত নূন্যতম ২৫০ টকা জমা নকৰিলে ৫০ টকা জৰিমনা কৰ্তন কৰা হয়।১০

ছোৱালীজনীৰ ১০ বছৰ হোৱাৰ পাছত তাই এই একাউণ্ট চোৱা-চিতা কৰিব পাৰে। ১৮ বছৰ হওঁতে উচ্চ শিক্ষাৰ বাবে একাউণ্টৰ ৫০% উলিয়াব পাৰি। একাউণ্ট খোলাৰ পৰা ২১ বছৰ হ'লে একাউণ্ট পূৰঠ হয়। একাউণ্ট খোলাৰ পৰা ১৫ বছৰলৈকে ইয়াত ধন জমা কৰিব পাৰি। ইয়াৰ পাছত একাউণ্টত কেৱল সুতৰ পৰিমাণ জমা হ'ব। নিৰ্দিষ্ট সময়ৰ পাছত একাউণ্ট বন্ধ নকৰিলে সুত লাভ নহ'ব।১০ ছোৱালীজনীৰ ১৮ বছৰ হ'লে আৰু বিয়া হ'লে একাউণ্ট বন্ধ কৰিব পাৰি।১১

সুতৰ হাৰৰ সংশোধন

ক্ৰমিক সংখ্যাঅৰ্থনৈতিক বৰ্ষতাৰিখৰ পৰিসৰসুতৰ হাৰসৰ্বনিম্ন জমাসৰ্বোচ্চ জমা
১২০১৪-১৫১ এপ্ৰিল ২০১৪-ৰ পৰা ৩১ মাৰ্চ ২০১৫৯.১%১,০০০১,৫০,০০০
২২০১৫-১৬১ এপ্ৰিল ২০১৫-ৰ পৰা ৩১ মাৰ্চ ২০১৬৯.২%১,০০০১,৫০,০০০
3২০১৬-২০১৭১ এপ্ৰিল ২০১৬-ৰ পৰা ৩০ ছেপ্টেম্বৰ ২০১৬৮.৬%১,০০০১,৫০,০০০
৪২০১৬-২০১৭১ অক্টোবৰ ২০১৬-ৰ পৰা ৩১ মাৰ্চ ২০১৭৮.৫%১,০০০১,৫০,০০০
৫২০১৭-২০১৮১ এপ্ৰিল ২০১৭-ৰ পৰা ৩০ জুন ২০১৭৮.৪%(খ) আধ্যাত্মিক পৰিপক্কতাঅভিগম ৰূপKCharselect unicode block name
৬২০১৭-১৮১ জুলাই ২০১৭-ৰ পৰা ৩১ ডিচেম্বৰ ২০১৭৮.৩%১,০০০১,৫০,০০০
৭২০১৭-১৮১ জানুৱাৰী ২০১৮-ৰ পৰা ৩১ মাৰ্চ ২০১৮৮.১%১,০০০১,৫০,০০০
৮২০১৮-১৯১ এপ্ৰিল ২০১৮-ৰ পৰা ৩০ ছেপ্টেম্বৰ ২০১৮৮.১%২৫০১,৫০,০০০
৯২০১৮-১৯১ অক্টোবৰ ২০১৮-ৰ পৰা ৩১ মাৰ্চ ২০১৯৮.৫%২৫০১,৫০,০০০
১০২০১৯-২০১ এপ্ৰিল ২০১৯-ৰ পৰা ৩০ জুন ২০১৯৮.৫%২৫০১,৫০,০০০
১১২০১৯-২০১ জুলাই ২০১৯-ৰ পৰা ৩১ মাৰ্চ ২০২০১২৮.৪%২৫০১,৫০,০০০

মুকলি কৰাৰ সময়ত কেৱল জমা কৰা ধনৰাশিহে আয়কৰ অভিনিয়মৰ ৮০চি অনুচ্ছেদৰ আধাৰত মুঠ আয়ৰ পৰা বাদ পৰিছিল। কিন্তু ২০১৫ চনৰ বাজেটত বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ঘোষণা কৰে যে একাউণ্টত জমা হোৱা সুত আৰু একাউণ্ট পূৰঠ হোৱাৰ পাছত উলিওৱা টকাও আয়কৰৰ আওতাত নপৰে। ২০১৫ চনৰ ১ এপ্ৰিলৰ পৰা এই নিয়ম কাৰ্যকৰী কৰা হয়। বছৰি এই নিয়মাৱলীৰ পুনৰী‌ক্ষণ কৰা হ'ব।১১০১৩

গ্ৰহণ

ঘোষণা কৰা দুমাহৰ ভিতৰত ২০১৫ চনৰ মাৰ্চৰ মাজভাগলৈকে এই যোজনাৰ অধীনত প্ৰায় ১,৮০,০০০ একাউণ্ট মুকলি হয়। কৰ্ণাটক, তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশত সৰ্বোচ্চ একাউণ্ট মুকলি হয়। ২০১৫ চনৰ অক্টোবৰলৈকে দেশজুৰি সুকন্যা সমৃদ্ধি একাউণ্টৰ সংখ্যা ৭৬,১৯,৬৬৮। ইমানগৰাকী ছোৱালী সন্তানৰ নামত তেওঁলোকৰ একাউণ্টত মুঠ ২৮৩৮ কোটি টকা জমা হৈছে।১৪

একাউণ্ট পূৰঠ হ'লে বন্ধৰ নিয়ম

  1. একাউণ্ট খোলাৰ দিনৰ পৰা ২১ বছৰ হ'লে ই পূৰঠ হয় আৰু ধনৰাশি উলিয়াব পাৰি। কোনো ক্ষেত্ৰত আগতেই একাউণ্ট বন্ধ অনুমোদন কৰে। ইয়াৰ বাবে নিৰ্দিষ্ট মহিলাগৰাকীয়ে নিজৰ ১৮ বছৰ হৈছে বুলি প্ৰমাণপত্ৰ দেখুৱাই বিবাহৰ বাবে একাউণ্ট বন্ধৰ আবেদন কৰিব পাৰে। বিবাহৰ দিনৰ এমাহৰ আগতে বা তিনিমাহৰ পাছত একাউণ্ট বন্ধৰ অনুমতি দিয়া নহয়।
  2. পূৰঠ হ'লে একাউণ্টত জমা টকা সুতৰ সৈতে একাউণ্টৰ গৰাকীক প্ৰদান কৰা হয়। ইয়ৰ বাবে নিজৰ পৰিচয়, বাসস্থান আৰু নাগৰিকত্বৰ প্ৰমাণ জমা কৰিব লাগে।
  3. মুকলি কৰাৰ ২১ বছৰ হোৱাৰ পাছত জমা টকাত কোনো সুত দিয়া নহয়।১৫

একাউণ্টৰ স্থানান্তৰ

  1. ভাৰতৰ ভিতৰত যিকোনো স্থানলৈ বা ডাকঘৰৰ পৰা বেংকলৈ আৰু বেংকৰ পৰা ডাকঘৰলৈ এই একাউণ্ট স্থানান্তৰ কৰিব পাৰি।
  2. নিৰ্দিষ্ট বেংক বা ডাকঘৰৰ CBS সুবিধা থাকিলে একাউণ্ট স্থানান্তৰ বৈদ্যুতীনভাৱে কৰা হয়। ১৬

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (30 March 2015). Small savings: Girl, uninterrupted. The Financial Express (India)
  2. ↑ Sukanya Samriddhi Yojana (SSY): What is Sukanya Samriddhi Yojana? All you need to know. m.economictimes.com
  3. ↑ https://www.thehindu.com/news/national/small-savings-schemes-interest-rates-lowered/article28213806.ece
  4. ↑ (22 January 2015). PM to unveil Sukanya Samriddhi accounts to incentivise girl child
  5. ↑ (22 January 2015). Modi launches 'Sukanya Samridhi Yojana' in Haryana
  6. ↑ 1.8 lakh A/Cs opened under Sukanya scheme in 2 mths of launch
  7. ↑ (31 March 2015). Sukanya Samriddhi to earn at 9.2% interest, PPF 8.7% for FY16
  8. ↑ Agr, Pavan. Interest Rate Sukanya Yojana. Sukanya Yojana
  9. ↑ Agr, Deb. Sukanya Samriddhi Yojana. Sukanya Samriddhi Yojana
  10. ↑ (4 April 2015). Sukanya Samriddhi Account to Earn 9.2% Interest: 10 Facts. NDTV
  11. ↑ Sukanya Samriddhi Accounts. ভাৰতীয় ডাক
  12. ↑ PPF NSC SSY and Other Small Savings Scheme Interest Rates for Q4 2019 -20. Income Tax Diary. Sujit Talukder
  13. ↑ e Sukanya Samriddhi Account Rules, 2014.. Reserve Bank of India
  14. ↑ Accounts opened up to 31.10.2015 under Sukanya Samriddhi Yojana (SSA) across the country is 76, 19,668
  15. ↑ FAQs About Sukanya Samridhi Yojana Scheme
  16. ↑ Sukanya Samriddhi Account

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চৰকাৰী যোজনা আৰু নীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুকন্যা সমৃদ্ধি যোজনা” প্ৰবন্ধৰ সংশোধন ৫৫০৩৭৭ (১২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।