ৰাজনৈতিক মতাদৰ্শ
১৮ প্ৰবন্ধ
-
মাৰ্ক্সবাদ
মাৰ্ক্সবাদ হৈছে এক মতাদৰ্শ তথা বিশ্লেষণৰ এক পদ্ধতি, যি ঐতিহাসিক বস্তুবাদী দৃষ্টিৰে সমাজখনৰ শ্ৰেণী সম্বন্ধ তথা সামাজিক দ্বন্দ্ববিলাকৰ বিশ্লেষণ কৰে। মাৰ্ক্সবাদৰ আৰম্ভণি ঘটিছিল ১৯ শতিকাৰ দ্বিতীয় ভাগত, জাৰ্মান দাৰ্শনিক কাৰ্ল মাৰ্ক্স আৰু ফ্ৰেডৰিক এংগেলছৰ জৰিয়তে।
-
সমাজবাদ
সমাজবাদ (Socialism) অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থাৰ এক গোট যাক উৎপাদনৰ মাধ্যমৰ সামাজিক মালিকী আৰু গণতান্ত্ৰিক নিয়ন্ত্ৰণেৰে চিহ্নিত কৰা হয়। তেনে সমাজ গঠনৰ উদ্দেশ্য ৰখা ৰাজনৈতিক ভাবাদৰ্শ, সূত্ৰ আৰু আন্দোলনকো সমাজবাদ বোলা হয়।
-
সাম্যবাদ
সাম্যবাদ (Communism; লেটিন ভাষাৰ communis-ৰ পৰা, যাৰ অৰ্থ 'উমৈহতীয়া', 'সাৰ্বজনীন') হৈছে এক দাৰ্শনিক, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শ আৰু আন্দোলন যাৰ চূড়ান্ত লক্ষ্য হৈছে এক সাম্যবাদী সমাজ স্থাপন কৰা, যি হৈছে উৎপাদনৰ মাধ্যমৰ উমৈহতীয়া মালিকীস্বত্ব আৰু সামাজিক শ্ৰেণী, মুদ্ৰা, আৰু ৰাষ্ট্ৰৰ…
-
পুঁজিবাদ
পুঁজিবাদ বা ধনতন্ত্ৰ (Capitalism) হৈছে এক প্ৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থা আৰু উৎপাদন পদ্ধতি য’ত ব্যৱসায়, উদ্যোগ আৰু উৎপাদনৰ কাৰক বা উপাদানসমূহ সম্পূৰ্ণৰূপে নাইবা অধিকাংশই ব্যক্তিগত মালিকাধীন।
-
জাতীয়তাবাদ
জাতীয়তাবাদ হৈছে একপ্ৰকাৰ ৰাজনৈতিক চিন্তাধাৰা। ই জাতি বুলি চিহ্নিত কৰা কোনো প্ৰতীক বা ধাৰণাৰ লগত কোনো ব্যক্তি বা সমূহৰ গভীৰ সম্পৰ্ক সূচিত কৰে। জাতিৰ 'আধুনিকতাবাদী' ধাৰণা অনুসৰি জাতীয়তাবাদে এক জাতীয় অস্তিত্বৰ সৃষ্টি কৰে। জাতিৰ বিভিন্ন সংজ্ঞা অনুসৰি জাতিয়তাবাদৰো ভিন ভিন ৰূপ নিৰ্ণীত হয়।
-
উদাৰনৈতিকতাবাদ
উদাৰনৈতিকতাবাদ বা উদাৰতাবাদ (Liberalism) হৈছে এনে এক ৰাজনৈতিক দৰ্শন আৰু মতাদৰ্শ যি স্বাধীনতা, শাসিত লোকৰ সম্মতি তথা আইনৰ আগত সমতাৰ ভিত্তিত প্ৰতিষ্ঠিত। উদাৰনৈতিকতাবাদৰ ইংৰাজী প্ৰতিশব্দ Liberalism শব্দটো লেটিন শব্দ Liber-ৰ পৰা আহিছে, যাৰ অসমীয়া অৰ্থ হ'ব মুকলি মানুহ।
-
নৈৰাজ্যবাদ
নৈৰাজ্যবাদ হৈছে এক ধৰণৰ ৰাজনৈতিক দৰ্শন যি ৰাষ্ট্ৰক অপ্ৰয়োজনীয়,অনাকাংক্ষিত আৰু ক্ষতিকৰ বুলি বাখ্যা কৰে আৰু তাৰ পৰিৱৰ্তে ৰাষ্ট্ৰবিহীন সমাজৰ পোষকতা কৰে৷ নৈৰাজ্যবাদীসকলে সংস্কাৰপন্থী বামধাৰাক আদৰ্শ হিচাপে গ্ৰহণ কৰে।
-
বাঁও-সোঁ ৰাজনৈতিক বৰ্ণালী
বাওঁ–সোঁ ৰাজনৈতিক বৰ্ণালী (Left–right political spectrum) মানে এক ৰাজনৈতিক অৱস্থান, মতাদৰ্শ আৰু দলসমূহৰ শ্ৰেণীবিভাজনৰ ব্যৱস্থা, য’ত সামাজিক সমতা আৰু সামাজিক স্তৰবৃত্তৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়া হয়।
-
সোঁপন্থী ৰাজনীতি
সোঁপন্থী ৰাজনীতি (Right-Wing Poltics) হৈছে এনে ৰাজনৈতিক মতাদৰ্শৰ পৰিসৰ যিয়ে কিছুমান সামাজিক ব্যৱস্থা আৰু স্তৰক অনিবাৰ্য, স্বাভাৱিক, স্বাভাৱিক বা বাঞ্ছনীয় বুলি ভাবে, সাধাৰণতে প্ৰাকৃতিক আইন, অৰ্থনীতি, কৰ্তৃত্ব, সম্পত্তি, ধৰ্ম বা পৰম্পৰাৰ ওপৰত ভিত্তি কৰি এই স্থিতি সমৰ্থন কৰে।
-
ৰক্ষণশীলতাবাদ
ৰক্ষণশীলতাবাদ (Conservatism) হৈছে এক নান্দনিক, সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক দৰ্শন, যি পৰম্পৰাগত সামাজিক প্ৰতিষ্ঠানবোৰৰ প্ৰচাৰ আৰু সংৰক্ষণ কৰিব বিচাৰে। ৰক্ষণশীলতাবাদৰ কেন্দ্ৰীয় ধাৰণাবোৰ সংস্কৃতি আৰু সভ্যতাৰ পৰম্পৰাগত মূল্যবোধ বা অনুশীলন অনুসৰি পৃথক পৃথক হ'ব পাৰে।
-
নৈৰাজ্যবাদী সাম্যবাদ
নৈৰাজ্যবাদী সাম্যবাদ, মুক্ত সাম্যবাদ বা সাম্যবাদী নৈৰাজ্যবাদ নৈৰাজ্যবাদৰ এক সূত্ৰ যিয়ে ৰাজ্য, পুঞ্জিবাদ, দৰমহাভিত্তিক শ্ৰম আৰু ব্যক্তিগত সম্পদৰ বিপৰীতে উত্পাদনৰ আহিলাৰ ৰাজহুৱা মালিকানা, প্ৰত্যক্ষ গণতন্ত্ৰ আৰু স্বেচ্ছাসেৱী সংগঠন আৰু শ্ৰমিক সংসদৰ এক সমশক্তি প্ৰদানকাৰী ব্যৱস্থাৰ পোষকতা কৰে যি…
-
অসাম্প্ৰদায়িক
অ-সম্প্ৰদায়িক প্ৰতিষ্ঠান হ’ল ধৰ্মনিৰপেক্ষ প্ৰতিষ্ঠান বা অন্যান্য সংগঠন যিবোৰ কোনো বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ দ্বাৰা সমৰ্থিত বা বাধাপ্ৰাপ্ত নহয়। অসাম্প্ৰদায়িক বুলিলে কোনো বিশেষ সম্প্ৰদায়কো বুজোৱা হয় যিটো পক্ষপাতিত্বৰ পৰা মুক্ত; ধৰ্মীয় বিষয়ত নিৰপেক্ষ আৰু উদাৰবাদী।
-
একাত্ম মানৱবাদ (দীন দয়াল উপাধ্যায়)
একাত্ম মানৱবাদ দীন দয়াল উপাধ্যায়ৰ দ্বাৰা বিকশিত এক দৰ্শন। এই দৰ্শনক ১৯৬৫ত জন সংঘই নিজৰ আনুষ্ঠানিক দৰ্শন হিচাপে গ্ৰহণ কৰিলে।
-
চীনা কমিউনিষ্ট পাৰ্টিৰ ইতিহাস
চীনা কমিউনিষ্ট পাৰ্টিৰ ইতিহাস ( History of the Chinese Communist Party) আৰম্ভ হয় ১৯২১ চনৰ জুলাই মাহত। পেকিং বিশ্ববিদ্যালয়ৰ অধ্যাপক চেন ডুছিউ আৰু লি ডাঝাও ৰ নেতৃত্বত মাৰ্ক্সবাদৰ বিষয়ে আলোচনা কৰিবলৈ গোট খোৱা এক অধ্যয়ন দলৰ আলোচনাৰ ফলত ১৯২১ চনৰ জুলাই মাহত আনুষ্ঠানিকভাৱে চীনা কমিউনিষ্ট পাৰ্টি (CCP)…
-
ধৰ্মীয় সাম্যবাদ
ধৰ্মীয় সাম্যবাদ সাম্যবাদৰ এনে এক ৰূপ যিয়ে ধৰ্মীয় নীতিসমূহক মানি চলে। পণ্ডিতসকলে অনেক ধৰ্মীয় আন্দোলনক এই শ্ৰেণীত ৰাখিছে যিয়ে সম্পদৰ ৰাজহুৱা মালিকানা সমৰ্থন কৰিছিল।
-
বাঁওপন্থী ৰাজনীতি
বাঁওপন্থী ৰাজনীতিয়ে (Left-Wing Politics) সামাজিক সমতা আৰু সমতাবাদক সমৰ্থন কৰে৷ তেওঁলোকে লাভাৰ্জন কৰিব বিচৰা ৰাজনৈতিক মতাদৰ্শৰ পৰিসৰ আৰু তেনেধৰণৰ চিন্তাৰ ওপৰত প্ৰতিষ্ঠিত সামাজিক স্তৰবৃত্তৰ সামগ্ৰিকভাৱে বিৰোধিতা কৰে৷ অৰ্থনীতিৰ এমেৰিটাছ অধ্যাপক বেৰী ক্লাৰ্কৰ মতে বাওঁপন্থী ৰাজনীতিৰ সমৰ্থকসকলে "দাবী…
-
সামাজিক গণতন্ত্ৰ
সামাজিক গণতন্ত্ৰ (ইংৰাজী: Social Democracy) হৈছে সমাজবাদৰ অন্তৰ্গত এক ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক দৰ্শন যিয়ে এখন উদাৰ-গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু পুঁজিবাদী মিশ্ৰ অৰ্থনীতিৰ গাঁথনিৰ ভিতৰত থাকিয়ে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ পোষকতা কৰে।
-
সেউজ ৰাজনীতি
সেউজ ৰাজনীতি (ইংৰাজী: Green politics) বা পাৰিস্থিতিক ৰাজনীতি হৈছে এক বিশ্বজোৰা ৰাজনৈতিক মতাদৰ্শ, যি পৰিৱেশবাদ, অহিংসা, সামাজিক ন্যায় আৰু তৃণমূল গণতন্ত্ৰৰ দৰে মূল নীতিৰ ওপৰত প্ৰতিষ্ঠিত।