যৌন শুদ্ধিকৰণ বা কুচাচা ফুম্বি (Sexual cleansing) কিছুমান আফ্ৰিকান দেশত প্ৰচলিত এক পৰম্পৰা। এই পৰম্পৰা অনুসৰি ছোৱালী বা মহিলা এগৰাকীক তেওঁৰ প্ৰথম ঋতুস্ৰাৱৰ পিছত, বিধৱা হোৱাৰ পিছত, বা গৰ্ভপাত কৰাৰ পিছত তেওঁলোকক পৱিত্ৰ কৰাৰ ৰীতি হিচাপে যৌন সম্ভোগৰ কৰি শুদ্ধিকৰণ কৰা হয়।১২ গোটেই বিশ্বৰ নাৰী অধিকাৰ কৰ্মী সকলে আফ্ৰিকাত প্ৰচলিত এই কুপ্ৰথাৰ বিৰুদ্ধে মাত মাতি আহিছে।
ছোৱালীৰ ঋতুচক্ৰ আৰম্ভণিৰ ৰীতি
কেতিয়াবা এজন নিৰ্বাচিত ভৱিষ্যত স্বামীয়ে ছোৱালী এজনীৰ বাবে বা অন্যথা এজন বেতনপ্ৰাপ্ত যৌন কৰ্মীৰ দ্বাৰা কুমাৰী ছোৱালীৰ প্ৰথম ঋতুস্ৰাৱৰ পিছত যৌন শুদ্ধিকৰণ কৰা হয়।১
দক্ষিণ মালাৱীৰ কিছুমান ঠাইত হায়েনা নামৰ এক পৰম্পৰাগত পদবী আছে। এই পদবী এজন পুৰুষৰ দ্বাৰা অধিষ্ঠিত হয় যিয়ে যুৱতীসকলক যৌনসম্ভোগৰ জৰিয়তে প্ৰাপ্তবয়স্ক হোৱাৰ আৰম্ভণি কৰে।১৩ হায়েনা হৈছে ১২-১৭ বছৰ বয়সৰ শিশুৰ সৈতে যৌন সম্ভোগ কৰাৰ বাবে পৰিশোধ কৰা এজন ব্যক্তি। 'কুচাচা ফুম্বি' আক্ষৰিক ভাৱে 'ধূলি আঁতৰ কৰা"৪৫৬ নামৰ যৌন শুদ্ধিকৰণৰ পাৰম্পৰিক ৰীতি হায়েনায়ে অনুসৰণ কৰে।৭ এই ৰীতি-নীতি তিনিদিন ধৰি চলে। হায়েনাক প্ৰতিবাৰেই ৪ৰ পৰা ৭ আমেৰিকান ডলাৰলৈ পৰিশোধ কৰা হয়। এই ৰীতিয়ে ৰোগ প্ৰতিৰোধ কৰে বুলি পৰম্পৰাগত মালাৱীয়সকলে দাবী কৰে। হায়েনাসকল সাধাৰণতে তেওঁলোকৰ নৈতিক চৰিত্ৰৰ বাবে বাছনি কৰা হয়। তেওঁলোকৰ প্ৰায়ে ভুলকৈ এইচ.আই.ভি/এইড্ছৰ দৰে ৰোগে আক্ৰান্ত কৰাত অক্ষম বুলি বিশ্বাস কৰা হয়। যদিও তেওঁলোকৰ এই অনুশীলনৰ নথিভুক্ত প্ৰমাণ আছে যে বহুতো এইচ.আই.ভি. পজিটিভ হায়েনা আছে।৮ এই অভ্যাসে যুৱতীসকলক এইচ আই ভি সংক্ৰমণৰ আশংকাত পেলাব পাৰে কিয়নো হায়েনাই সকলো ছোৱালীৰ সৈতে যৌন সম্ভোগ কৰে আৰু এই ৰীতি-নীতিৰ বাবে যৌন তৰলৰ আদান-প্ৰদানৰ কৰে। তেওঁলোকে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰে আৰু প্ৰায়ে কণ্ডম ব্যৱহাৰ কৰা নহয়।৪৫
বিধৱা শুদ্ধিকৰণ
কেনিয়াৰ কিছু অংশত বিধৱাসকলক অশুদ্ধ বুলি গণ্য কৰা হয়। পৰম্পৰাগত জনবিশ্বাস অনুসৰি অমংগলকাৰী ৰাক্ষসক খেদি পঠিয়াবলৈ পৱিত্ৰ কৰিব লগা এক পৰম্পৰাত যৌন সম্ভোগ অন্তৰ্ভুক্ত থাকে। এয়া কৰিবলৈ প্ৰায়ে মৃত স্বামীৰ পৰিয়ালৰ দ্বাৰা মহিলাগৰাকীৰ ওপৰত জোৰ কৰা হয়। যিসকলে শুদ্ধি হ'বলৈ অস্বীকাৰ কৰে তেওঁলোকক অন্ধবিশ্বাসী গাওঁবাসীয়ে প্ৰহাৰ কৰা বা সামাজিক শাস্তি প্ৰদান কৰা হয়। ইয়াৰ ফলত মহিলাগৰাকীৰ লগতে তেওঁৰ সন্তানৰো ক্ষতি কৰিব পাৰে। এই ৰীতিৰ লগত জড়িত এক ধাৰণা হৈছে যে যদি কোনো মহিলাৰ স্বামীৰ মৃত্যু হয় তেন্তে মহিলাগৰাকীয়ে তেওঁৰ বিৰুদ্ধে যাদুবিদ্যা কৰিব পাৰে। এই ভ্ৰান্ত ধাৰণা মতে মহিলাৰ গাত ডাইনী বা আন কোনো ৰাক্ষস জাতীয় অশুভ শক্তিয়ে ক্ৰিয়া কৰি স্বামীৰ মৃত্যু ঘটায়। সেয়ে বিধৱা মহিলাৰ মৃত স্বামীৰ ভায়েক বা আন আত্মীয়ে৯ বা অন্যথা এজন বেতনপ্ৰাপ্ত যৌন কৰ্মীয়ে তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰি শুদ্ধিকৰণ কৰে। সাধাৰণতে যৌন সম্ভোগৰ পিছত বিধৱাগৰাকীয়ে তেওঁৰ কাপোৰ জ্বলাই দিয়ে আৰু মানুহজনে বিধৱাগৰাকীৰ চুলি খুৰাই দিয়ে। এই ৰীতি সামাজিক স্থানত কৰা হয় আৰু প্ৰায়ে বাহিৰত চুবুৰীয়াই দেখিব বিধৱাগৰাকীৰ শুদ্ধিকৰণ প্ৰত্যক্ষ কৰে। অনুষ্ঠানৰ শেষত এটা কুকুৰা বলি দিয়া হয়। এই ৰীতি সাধাৰণতে তিনিৰ পৰা সাত দিনলৈকে চলে। ২০১৫ চনৰ ঘৰুৱা অপৰাধ বিধেয়কত কেনিয়াত বিধৱা শুদ্ধিকৰণক অবৈধ ঘোষণা কৰা হৈছিল।১০
প্ৰায় একেধৰণৰ ৰীতি মহিলাৰ গৰ্ভপাতৰ লগতো জড়িত।
প্ৰচলিত অঞ্চল
মালাৱীত যৌন শুদ্ধিকৰণ কৰাৰ প্ৰথা মুখ্যতঃ চেলিমা, চিকৱা আৰু নচাঞ্জে জিলাত সীমাবদ্ধ। এই প্ৰথা কেনিয়া, জাম্বিয়া, মালাৱী, উগাণ্ডা, তাঞ্জানিয়া, মোজাম্বিক, এংগোলা, আইভৰী কোষ্ট আৰু কঙ্গোৰ কিছু অংশত প্ৰচলিত থকা দেখা যায়।৯
বাহ্যিক সংযোগ
- Madison Park. (4 February 2014). A rite of passage that pushes girls into sex. CNN
- Ahmed Beenish: Confronting a Sexual Rite of Passage in Malawi. The Atlantic, 2014-01-20
তথ্যসূত্ৰ
- ↑ Ed Butler. (21 July 2016). The man hired to have sex with children. BBC News
- ↑ Kizito Makoye. (4 October 2013). Widow sexual cleansing ritual continues in Tanzania. news.trust.org
- ↑ (26 July 2016). Malawian 'hyena man' arrested for having sex with children. BBC
- ↑ Anderson, E-L. (2015). Gender, HIV and Risk: Navigating structural violence.. Palgrave MacMillan
- ↑ Anderson, E-L. (2012). Infectious Women: Gendered bodies and HIV in Malawi.. International Feminist Journal of Politics. পৃ. 267–287
- ↑ Munthali, AC; Zulu, EM. (December 2007). The timing and role of initiation rites in preparing young people for adolescence and responsible sexual and reproductive behaviour in Malawi.. African Journal of Reproductive Health. পৃ. 150–67
- ↑ Beenish Ahmed. (January 20, 2014). Confronting a Sexual Rite of Passage in Malawi. The Atlantic
- ↑ (26 July 2017). Au Malawi, Louis, une " hyène " payée pour violer. Le Monde.fr
- ↑ Rachel Awuor. (2007-11-01). Widow cleansing: 'Good' intentions – negative consequences. Farm Radio International
- ↑ (23 October 2018). These Kenyan widows are fighting against sexual 'cleansing'. pri.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যৌন শুদ্ধিকৰণ” প্ৰবন্ধৰ সংশোধন ৬১৩০১৭ (১৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।