ভাৰতৰ বিলুুপ্ত ৰাজনৈতিক দল
৮ প্ৰবন্ধ
-
ভাৰতীয় জন সংঘ
ভাৰতীয় জন সংঘ (Bharatiya Jana Sangh, সম্পূৰ্ণ নাম: অখিল ভাৰতীয় জন সংঘ, চমুকৈ: জন সংঘ, সংক্ষিপ্তৰূপ: BJS) ভাৰতৰ এটা অধুনালুপ্ত সোঁপন্থী ৰাজনৈতিক দল। ১৯৫১ চনৰ পৰা ১৯৭৭ চনলৈ সক্ৰিয় হৈ থকা এই দলটো হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাজনৈতিক শাখা আছিল।
-
ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন)
ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন) ( Indian National Congress (Organisation) বা Congress (O)) ভাৰতৰ এটা অধুনালুপ্ত ৰাজনৈতিক দল। ইন্দিৰা গান্ধীক কংগ্ৰেছৰ পৰা নিলম্বন কৰা ঘটনাৰ পৰিপ্ৰেক্ষিতত এই দলটো গঠিত হৈছিল।
-
ভাৰতীয় লোক দল
ভাৰতীয় লোক দল (Bharatiya Lok Dal বা চমুকৈ BLD) ১৯৭৪ চনত গঠিত এটা অধুনালুপ্ত ৰাজনৈতিক দল। ইন্দিৰা গান্ধী নেতৃত্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে এটা ৰাষ্ট্ৰীয় বিকল্প তৈয়াৰ কৰিবলৈ চৰণ সিঙৰ নেতৃত্বত সাতটা সাতটা ৰাজনৈতিক দল একত্ৰিত কৰি এই দলটো গঠন কৰা হ’ল।
-
স্বতন্ত্ৰ পাৰ্টি
স্বতন্ত্ৰ পাৰ্টি (Swatantra Party, সংক্ষিপ্ত ৰূপ: SWA) ভাৰতৰ এটা ধ্ৰুপদী-উদাৰপন্থী ৰাজনৈতিক দল। ১৯৫৯ত গঠিত এই দলটো ১৯৭৪ত ভাৰতীয় লোক দলত চামিল হৈ যায়। জৱাহৰলাল নেহৰুৰ প্ৰভাৱাধীন ভাৰতীয় জাতীয় কংগ্ৰেছৰ ক্ৰমবৰ্ধমান সমাজতান্ত্ৰিক আৰু ৰাজ্যবাদী দৃষ্টিভংগীৰ প্ৰতিক্ৰিয়া স্বৰূপে চক্ৰৱৰ্তী…
-
ভাৰতীয় ক্ৰান্তি দল
ভাৰতীয় ক্ৰান্তি দল (Bharatiya Kranti Dal) ১৯৬৭ চনত চৰণ সিঙে বিহাৰ, উৰিষ্যা, পশ্চিমবংগ আৰু উৰিষ্যাৰ কংগ্ৰেছী-ত্যাগী নেতাসকলৰ সহযোগত গঠন কৰা ভাৰতৰ এটা অধুনালুপ্ত ৰাজনৈতিক দল। ১৯৭৪ চনত ই ভাৰতীয় লোক দলৰ সৈতে চামিল হৈ যায়।
-
অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ
অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ ( Akhil Bharatiya Ram Rajya Parishad: সংক্ষিপ্ত: RRP) স্বামী কৰপাত্ৰীয়ে ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা এটা ভাৰতীয় হিন্দু জাতীয়তাবাদী ৰাজনৈতিক দল আছিল। লোকসভাৰ নিৰ্বাচনত ৰামৰাজ্য পৰিষদে ১৯৫২ চনৰ তিনিখন আৰু ১৯৬২ চনত দুখন আসন লাভ কৰে।
-
কিষাণ মজদুৰ প্ৰজা পাৰ্টি
কিষাণ মজদুৰ প্ৰজা পাৰ্টি বা চমুকৈ প্ৰজা পাৰ্টি (Kisan Mazdoor Praja Party) ভাৰতৰ এটা অধুনা বিলুপ্ত ৰাজনৈতিক দল। ১৯৫১ চনত স্থাপিত হোৱা এই দলটোৱে ছোচিয়েলিষ্ট পাৰ্টিৰ সৈতে একত্ৰিত হৈ পিছৰ বছৰত পুনৰ প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি গঠন কৰে।
-
নতুন অসম গণ পৰিষদ
নতুন অসম গণ পৰিষদ (ন-অগপ) (ইংৰাজী: 'New Assamese People's Association') ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল। অসম গণ পৰিষদ দলৰ বিভাজনৰ জৰিয়তে ন-অগপ দল গঠিত হৈছিল। পূৰ্বৰ সাংসদ আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী দীনেশ গোস্বামী আৰু অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত ন-অগপ গঠিত হৈছিল।