অসমৰ ৰাজনৈতিক দল
১৮ প্ৰবন্ধ
-
অসম গণ পৰিষদ
অসম গণ পৰিষদ অসমৰ এক প্ৰধান আঞ্চলিক ৰাজনৈতিক দল, যাৰ জন্ম অসম আন্দোলনৰ ৰাজনৈতিক পৰিণতিত। দলটোৱে ১৯৮৫–১৯৮৯ আৰু ১৯৯৬–২০০১ কালছোৱাত চৰকাৰ গঠন কৰাৰ উপৰিও সাম্প্ৰতিক কালত ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ সৈতে সহভাগিতাৰ জৰিয়তে ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় ভূমিকা বজাই ৰাখিছে।
-
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (All India United Democratic Front বা AIUDF) ভাৰতৰ এক ৰাজনৈতিক দল। উত্তৰ-পূৰ্বাঞ্চলৰ অসমত এই দলৰ উৎপত্তি হৈছিল। মৌলানা বদৰুদ্দিন আজমল এই দলৰ মুখ্য নেতা।
-
বড়োলেণ্ড পিপলছ ফ্ৰণ্ট
বড়োলেণ্ড পিপলছ ফ্ৰন্ট (Bodoland Peoples Front (BPF)) (চমুকৈ বি পি এফ) ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। দলটো বিশেষকৈ অসমৰ বি টি এ ডি (Bodoland Territorial Areas District) অঞ্চলত সক্ৰিয়।
-
ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল
ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (United People's Party Liberal) চমুকৈ ইউপিপিএল ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। দলটো বিশেষকৈ অসমৰ বড়োলেণ্ড অঞ্চলত সক্ৰিয়। ২০১৫ চনৰ ৫ আগষ্ট তাৰিখে দলটি গঠন কৰা হৈছিল। উৰ্খাউ গৌড়া ব্ৰহ্ম ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।
-
অসম জাতীয় পৰিষদ
অসম জাতীয় পৰিষদ চমুকৈ অজাপ (Assam Jatiya Parishad) ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। ২০২০ চনৰ ১৭ ডিচেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে এই দল গঠন কৰা হৈছিল।
-
ৰাইজৰ দল
ৰাইজৰ দল (Raijor Dal) ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে আনুষ্ঠানিকভাৱে এই দল গঠন কৰা হৈছিল। কৃষক নেতা আৰু তথ্য জনাৰ অধিকাৰ কৰ্মী অখিল গগৈ আৰু শাসক দল ভাৰতীয় জনতা পাৰ্টিৰ মাজত ৰাজনৈতিক মতানক্যৰ এই দল অস্তিত্বলৈ আহিছিল।
-
নতুন অসম গণ পৰিষদ
নতুন অসম গণ পৰিষদ (ন-অগপ) (ইংৰাজী: 'New Assamese People's Association') ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল। অসম গণ পৰিষদ দলৰ বিভাজনৰ জৰিয়তে ন-অগপ দল গঠিত হৈছিল। পূৰ্বৰ সাংসদ আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী দীনেশ গোস্বামী আৰু অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত ন-অগপ গঠিত হৈছিল।
-
স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি (ইংৰাজী:Autonomous State Demand Committee), (পূৰ্বতে Peoples Democratic Front) ভাৰতৰ অসম ৰাজ্যৰ কাৰ্বি আংলং জিলাক সুকীয়া ৰাজ্য হিচাপে প্ৰতিস্থা কৰাৰ দাবীৰে গঢ় লৈ উঠা কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট-লেনিনিষ্ট) লিবাৰেচন (Communist Party of India…
-
অসম গণ পৰিষদ (প্ৰগতিশীল)
অসম গণ পৰিষদ (প্ৰগতিশীল), চমুকৈ অগপ(প্ৰ), ভাৰতৰ অসম ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল আছিল। ২০০৫ চনত দল বিৰোধী কাৰ্যকলাপৰ বাবে অসম গণ পৰিষদৰ পৰা বহিস্কৃত হোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত এই দলটো গঠন হৈছিল।
-
তৃণমূল গণ পৰিষদ
তৃণমূল গণ পৰিষদ (Grassroot Peoples Association) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল।
-
বড়ো পিপুলছ প্ৰগ্ৰেছিভ ফ্ৰণ্ট
বড়ো পিপুলছ প্ৰগ্ৰেছিভ ফ্ৰণ্ট (চমুকৈ বি পি পি এফ-BPPF) ২০০৫ চনৰ ১২ এপ্ৰিলত গঠন হোৱা এটা আঞ্চলিক ৰাজনৈতিক দল। ২০০৫ চনত প্ৰথমবাৰৰ বাবে হোৱা বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াজ ডিষ্ট্ৰিক্টৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্য এই দলটো গঠন কৰা হৈছিল।
-
অসম জাতীয় সন্মিলন
অসম জাতীয় সন্মিলন(Assam National Conference) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল। অসম গণ পৰিষদৰ পৰা বিসম্বাদেৰে আতঁৰি যোৱা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত ১৯৯৮ চনত এই দলটো গঠন হৈছিল।
-
অসম ভাৰতীয় জনতা পাৰ্টী
অসম ভাৰতীয় জনতা পাৰ্টী ( Asom Bharatiya Janata Party ) ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিভাজিত হৈ আতঁৰি গঠন হোৱা অসমৰ এটা ৰাজনৈতিক দল আছিল। অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক আৰু ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত ২০০১ চনত এই দলটো গঠন হৈছিল।
-
কৃষক বনুৱা পঞ্চায়ত
কৃষক বনুৱা পঞ্চায়ত (Assam Peasant and Labour Party) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক সংগঠন আছিল। এই সংগঠনটোৱে ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (Revolutionary Communist Party of India)ৰ মুক্ত গণ সংগঠন হিচাপে কাৰ্যকলাপ চলাইছিল। ১৯৪০ চনৰ ২ মে' তাৰিখে গুৱাহাটীত হোৱা এক সমাৰোহত এই দলটো গঠিত হৈছিল।
-
গণ মুক্তি সংগ্ৰাম অসম
গণ মুক্তি সংগ্ৰাম অসম ভাৰতৰ অসমৰ এক নতুন আঞ্চলিক ৰাজনৈতিক দল। এই দল গঠনৰ ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৪থ দ্বি-বাৰ্ষিক অধিৱেশনত অখিল গগৈয়ে কৰে, ২০ মাৰ্চ ২০১৫ত, গান্ধীবাদী নেতা আন্না হাজাৰেৰ ভাষণৰ ঠিক পিছতেই। "এই দল ভাৰতৰ পুঁজীবাদ ব্যৱস্থাক সলোৱাৰ বাবে গঠিত" গগৈয়ে কয়।
-
মাৰ্ক্সিষ্ট মঞ্চ
মাৰ্ক্সিষ্ট মঞ্চ (Marxist Platform) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল। এই দলটোয়ে কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট)ৰ বিভাজিত স্থানীয় গোট হিচাপে আত্মপ্ৰকাশ কৰিছিল। এই দলটোৰ ৰাতাবাৰী বিধানসভা সমষ্টিত কিছূ জনভিত্তি আছে আৰু এই সমষ্টিত দলটোৱে অসম গণ পৰিষদৰ সৈতে নিৰ্বাচনী বুজাবুজি কৰিছিল।
-
সংযুক্ত জনজাতি জাতীয় মুক্তি বাহিনী
সংযুক্ত জনজাতি জাতীয় মুক্তি(ইংৰাজী: United Tribal Nationalist Liberation Front) ভাৰতৰ অসম ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল। সংযুক্ত জনজাতি জাতীয় মুক্তি(চমুকৈ UTNLF) অসম ভৈয়াম জনজাতি পৰিষদৰ পৰা বিভাজিত গোট অসম ভৈয়াম জনজাতি পৰিষদ(প্ৰগতিশীল)ৰ উদ্যোগত ১৯৮৪ চনত গঠিত হৈছিল।
-
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গোট
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গোট (Rashtriya Democratic Alliance) ভাৰতৰ অসম ৰাজ্যৰ ৫টা ৰাজনৈতিক দলেৰে গঠিত এটা গোট আছিল। এই গোটে ২০০১ চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।