আইন
২১ প্ৰবন্ধ
-
কপিৰাইট
কপিৰাইট (copyright) এটা আইনী সংজ্ঞা। স্ৰষ্টাৰ নিজৰ সৃষ্টিৰ (যেনে, লেখা, সংগীত বা শিল্প-কলা), ছপা, প্ৰচাৰ, বিতৰণ, আৰু প্ৰদৰ্শন, সংৰক্ষণৰ ওপৰত স্ৰষ্টাৰ আৰু অকল স্ৰষ্টাৰ আইনী অধিকাৰ থাকে। এই আইনী অধিকাৰকে কপিৰাইট (স্বত্ব্ব) বোলা হয়।
-
অপৰাধিক ষড়যন্ত্ৰ
অপৰাধিক ষড়যন্ত্ৰ ভাৰতীয় আইনমতে এক অপৰাধ যি দৰাচলতে কোনোৱে অপৰাধ সংঘটিত কৰাত বা হোৱাত বা হৈ থকাত হাতে কামে লাগি সাহায্য কৰাটো ঠিক নুবুজাই বৰঞ্চ পৰ্দাৰ আঁৰত থাকি কোনো এক অপৰাধ বা বেআইনী পন্থাৰে অভীষ্ট সিদ্ধি কৰিবৰ বা হ'বৰ বাবে আন এজন বা ততোধিকৰ লগত লগলাগি অভিসন্ধি ৰচনা কৰাটো বুজায়।
-
দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫
দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ (২০০৫ চনৰ ৫৩ নং আইন), ভাৰতৰ সংসদৰ উচ্চ সদনে ২০১৮ চনৰ ২৮ নৱেম্বৰত আৰু ২০০৫ চনৰ ১২ ডিচেম্বৰত সংসদৰ নিম্ন সদন লোকসভাই গৃহীত কৰে। ২০০৫ চনৰ ২৩ ডিচেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে। দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ ১১টা অধ্যায় আৰু ৭৯টা ধাৰা আছে।
-
অপৰাধ
অপৰাধ (Crime, Misdemeanor, Felony) হ'ল কোনো ব্যক্তিয়ে আইনৰ বিৰুদ্ধে সংঘটিত কৰা কাৰ্য্য। কোনো দেশ বা অঞ্চলত শান্তি -শৃংখলা বজাই ৰাখিবলৈ প্ৰণয়ন কৰা আইন উলংঘা কৰা যিকোনো কামক অপৰাধ বুলি গণ্য কৰা হয়। অপৰাধ গুৰুতৰ আৰু সৰু দুয়োটা হ’ব পাৰে।
-
ইলবাৰ্ট বিল
ইলবাৰ্ট বিল ১৮৮৩ চনৰ ৯ ফেব্ৰুৱাৰীত ভাৰতৰ বৃটিছ সাম্ৰাজ্ৰিক বিধায়িনী পৰিষদত (ব্ৰিটিছ ইণ্ডিয়াৰ ইম্পেৰিয়েল লেজিছলেটিভ কাউন্সিল )(আই এল চি)ত উত্থাপন কৰা এখন বিধেয়ক আছিল ইলবাৰ্ট বিল। এই বিধেয়কখনৰ যোগেদি কৃষ্ণাংগ ন্যায়াধীশে শ্বেতাংগলোকৰ সৈতে জড়িত থকা গোচৰৰ সভাপতিত্ব কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছিল।
-
দেৱানী আইন
দেৱানী আইন হৈছে আইনৰ এটা প্ৰধান শাখা, ইংলেণ্ড, ৱেলছ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি সাধাৰণ আইনৰ আইনী ব্যৱস্থাত, ই অপৰাধমূলক আইনৰ বিপৰীতে থিয় দিছে। ব্যক্তিগত আইন, যি দেৱানী অন্যায় আৰু অৰ্ধ-চুক্তিৰ সৈতে জড়িত, দেৱানী আইনৰ অংশ, চুক্তি আইন আৰু সম্পত্তিৰ আইন (সম্পত্তিৰ সৈতে জড়িত অপৰাধ, যেনে চুৰি বা…
-
বিবাহিত মহিলাৰ জাতীয়তা সম্পৰ্কীয় সন্ধি
বিবাহিত মহিলাৰ জাতীয়তা সম্পৰ্কীয় সন্ধি হৈছে ১৯৫৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গৃহীত কৰা আন্তঃৰাষ্ট্ৰীয় সন্ধি। ১৯৫৮ চনত ই বলবৎ হয় আৰু ২০২৪ চনলৈকে ইয়াৰ ৭৫টা ৰাষ্ট্ৰ দল আছে।
-
ভাৰতৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ
ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদত (Article 370 of the Constitution of India) ভাৰতীয় উপমহাদেশৰ উত্তৰ অংশ আৰু কাশ্মীৰৰ বৃহত্তৰ অঞ্চলৰ অংশত অৱস্থিত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা দিয়া হৈছিল যি ১৯৪৭ চনৰ পৰা ভাৰত, পাকিস্তান আৰু চীনৰ মাজত বিবাদৰ বিষয় হৈ আহিছে।
-
মৃত্যুদণ্ড
মৃত্যুদণ্ড বা প্ৰাণদণ্ড (capital punishment) হৈছে আইনী উপায়েৰে শাস্তি হিচাপে এজন ব্যক্তিক কৰা হত্যা। মৃত্যুদণ্ডযোগ্য অপৰাধবোৰক দেশভেদে ভিন্ন ভিন্ন হ'ব পাৰে, কিন্তু সাধাৰণতে ব্যক্তিজনৰ বিৰুদ্ধে গুৰুতৰ অপৰাধ যেনে হত্যা, একাধিক লোকৰ হত্যা, ধৰ্ষণ, শিশু ধৰ্ষণ, শিশু যৌন উৎপীড়ন, সন্ত্ৰাসবাদ, যুদ্ধ…
-
ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণ
ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণ ভাৰতত বিলুপ্তপ্ৰায় বংগ বাঘক সুৰক্ষা প্ৰদানৰ বাবে গঠন কৰা বন্যপ্ৰাণী সংৰক্ষণ সংস্থা ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণ। ভাৰত চৰকাৰে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ অধীনত ২০০৫ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ প্ৰজেক্ট টাইগাৰ আৰু বিভিন্ন বাঘ সংৰক্ষিত বনাঞ্চল…
-
আন্তৰ্জাতিক মানৱ অধিকাৰ আইন
আন্তৰ্জাতিক মানৱ অধিকাৰ আইন (International Human Rights Law) সামাজিক, আঞ্চলিক তথা গাৰ্হস্থ্য স্তৰত মানৱ অধিকাৰ প্ৰচাৰৰ হেতু পৰিকল্পিত আন্তৰ্জাতিক আইনৰ এক অঙ্গ।
-
ছৌদি আৰবত ধৰ্ষণ
ছৌদি আৰৱত ধৰ্ষণ কাণ্ড শ্বৰীয়ত আইনৰ ব্যাখ্যাৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, যাৰ অধীনত অপৰাধমূলক ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত হোৱা কোনো ব্যক্তিক কোবাই মৰাৰ পৰা ফাঁচীলৈকে বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰিব পাৰি। ২০১৯ চনত ছৌদি আৰৱত ধৰ্ষণৰ অপৰাধত আঠটা মৃত্যুদণ্ড সংঘটিত হৈছে।
-
ধৰ্ষণকাৰীৰ সৈতে বিবাহ আইন
ধৰ্ষণকাৰীৰ সৈতে বিবাহ আইন, আপোনাৰ ধৰ্ষণকাৰীক বিয়া কৰাব পৰা আইন বা ধৰ্ষণ-বিবাহ আইন হৈছে এনে এলেকাৰ ধৰ্ষণ আইনৰ নিয়ম য'ত ধৰ্ষণ, যৌন নিৰ্যাতন, বিধিগত ধৰ্ষণ, অপহৰণ বা অন্যান্য অনুৰূপ কাৰ্য সংঘটিত কৰা পুৰুষক, যদি তেওঁ নিজৰ মহিলা ভুক্তভোগীক বিয়া কৰায়, বা কিছুমান ক্ষেত্ৰত অন্ততঃ তাইক বিয়া কৰাবলৈ…
-
প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ আইন ১৯০৪
প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ আইন ১৯০৪ লৰ্ড কাৰ্জনৰ ৰাজত্বকালত ১৯০৪ চনৰ ১৮ মাৰ্চত ব্ৰিটিছ ভাৰতে ১৯০৪ চনৰ প্ৰাচীন স্মৃতিসৌধ সংৰক্ষণ আইন, ১৯০৪ গৃহীত কৰে। প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণৰ বাবে ইয়াৰ প্ৰয়োজন আছিল।
-
ভাৰত চৰকাৰ আইন,১৯১৯
ভাৰত চৰকাৰ আইন ১৯১৯ যুক্তৰাজ্যৰ সংসদৰ এক আইন আছিল। ভাৰত চৰকাৰত ভাৰতীয়সকলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে গৃহীত কৰা হৈছিল। এই আইনখনত ভাৰতৰ বিদেশ সচিব এডউইন মণ্টাগু আৰু ভাইচৰয় চেলমছফৰ্ডৰ প্ৰতিৱেদনত পৰামৰ্শ দিয়া সংস্কাৰসমূহ সন্নিৱিষ্ট কৰা হৈছিল। এই আইনখনে ১৯১৯ চনৰপৰা ১৯২৯ চনলৈকে দহ বছৰ সামৰি লৈছিল।
-
ভাৰতৰ ইচ্ছামৃত্যু আৰু হৰি ৰাণা গোচৰ
হৰিশ ৰাণা গোচৰ ভাৰতৰ আইনী বুৰঞ্জীত মৰ্যাদাৰে মৃত্যুৰ অধিকাৰ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। এই গোচৰৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে এজন ৰোগীৰ সুস্থ হোৱাৰ সম্ভাৱনা নাথাকিলে তেওঁক যন্ত্ৰণাদায়ক কৃত্ৰিম জীৱনৰ পৰা মুক্তি দিয়াৰ দিশত এক মানৱীয় পদক্ষেপ গ্ৰহণ কৰে।
-
মহিলাৰ বিৰুদ্ধে বৈষম্য দূৰীকৰণৰ ঘোষণা (DEDAW)
মহিলাৰ বিৰুদ্ধে বৈষম্য দূৰীকৰণৰ ঘোষণা (সংক্ষিপ্তভাৱে DEDAW) হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে জাৰি কৰা মানৱ অধিকাৰ ঘোষণা, য’ত মহিলাৰ অধিকাৰৰ ওপৰত সেই সংস্থাৰ মতামতৰ ৰূপৰেখা দাঙি ধৰা হৈছে। ১৯৬৭ চনৰ ৭ নৱেম্বৰত সাধাৰণ পৰিষদে ইয়াক গ্ৰহণ কৰে।
-
মহিলাৰ শৈক্ষিক সমতা আইন
মহিলাৰ শৈক্ষিক সমতা আইন হৈছে ১৯৭৪ চনত আমেৰিকাৰ কংগ্ৰেছে গৃহীত কৰা কেইবাখনো উল্লেখযোগ্য আইনৰ ভিতৰত অন্যতম যিয়ে শিক্ষাত মহিলাৰ লিংগ বৈষম্যৰ বিৰুদ্ধে ফেডাৰেল সুৰক্ষাৰ ৰূপৰেখা দাঙি ধৰিছে (শৈক্ষিক সমতা)। WEEA ৰ ধাৰা ৫১৩ হিচাপে প্ৰণয়ন কৰা হৈছিল P.L. ৯৩-৩৮০।
-
মানৱ অধিকাৰ (সশস্ত্ৰ বাহিনীত মহিলা) সংশোধনী আইন ২০০৭
মানৱ অধিকাৰ (সশস্ত্ৰ বাহিনীত মহিলা) সংশোধনী আইন ২০০৭ আইনখন ২০০৭ চনত নিউজিলেণ্ডৰ সংসদত গৃহীত হোৱা এখন আইন। এই আইনৰদ্বাৰা “মানৱ অধিকাৰ আইন ১৯৯৩’’ আইনমতে নিউজিলেণ্ড প্ৰতিৰক্ষা বাহিনীত যুদ্ধৰ ভূমিকাত সেৱা আগবঢ়োৱাত মহিলাসকলৰ ক্ষেত্ৰত থকা বাধা আঁতৰাই পেলোৱা হৈছিল।
-
হোম ৰুল
হোম ৰুল বা স্বশাসন (Home rule) হৈছে কোনো উপনিবেশ, নিৰ্ভৰশীল দেশ বা অঞ্চলৰ নিজৰ নাগৰিকৰ দ্বাৰা পৰিচালিত চৰকাৰ। এইদৰে ৰাজ্য বা বাহ্যিক নিৰ্ভৰশীল দেশৰ কোনো এটা অংশৰ (প্ৰশাসনিক বিভাগ) ক্ষমতাই নিজৰ প্ৰশাসনিক এলেকাৰ ভিতৰত ৰাজ্যখনৰ এনে শাসন ক্ষমতা প্ৰয়োগ কৰাটো কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে বিকেন্দ্ৰীকৰণ…
-
ৱেঞ্জবুৰী পৰীক্ষা
ৱেঞ্জবুৰী পৰীক্ষা, ইংৰাজীত Wednesbury unreasonableness test, আইনপ্ৰদত্ত কোনো স্বেচ্ছাধীন (Discretionary) ক্ষমতাৰে সিদ্ধান্ত লওঁতে কাৰ্য্যবাহকে তেনে সিদ্ধান্তত সেই ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে নেকি তাক বিচাৰ কৰি চাবৰ বাবে বিচাৰকে প্ৰয়োগ কৰা এক পৰীক্ষা য'ত ধনাত্মক পৰিণাম পালে তেনে সিদ্ধান্তত বিচাৰকৰ…