ভাৰতৰ আইন
৩৭ প্ৰবন্ধ
-
ভাৰতৰ উচ্চতম ন্যায়ালয়
ভাৰতৰ উচ্চতম ন্যায়ালয় বা ভাৰতৰ চুপ্ৰীম কোৰ্ট (ইংৰাজী: Supreme Court of India) হ'ল ভাৰতৰ সৰ্বোচ্চ বিচাৰ বিভাগীয় অধিকৰণ আৰু ভাৰতৰ সংবিধানৰ অধীনত সৰ্বোচ্চ আপীল আদালত। ই ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক আদালত। সংবিধানৰ চতুৰ্থ ভাগৰ পঞ্চম অধ্যায় অনুসৰি ইয়াক গঠন কৰা হৈছিল।
-
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (Citizenship (Amendment) Act, 2019; চমুকৈ কা (CAA), পূৰ্বতে কেব (CAB) ) হৈছে ভাৰতৰ সংসদৰ দ্বাৰা ২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত এখন আইন।
-
ভাৰতীয় দণ্ড বিধি
ভাৰতীয় দণ্ড বিধি (IPC, Indian Penal Code, भारतीय दण्ड संहिता) ভাৰতৰ মুখ্য অপৰাধ দণ্ড বিধি। অপৰাধ আইনৰ সকলো মূল বিষয়ক সামৰি লোৱাটোৱে ইয়াৰ উদেশ্য, ই এক ব্যাপক বিধান বা আইন।
-
ভাৰতীয় আৰক্ষী সেৱা
ভাৰতীয় আৰক্ষী সেৱা (Indian Police Service) সৰ্বভাৰতীয় সেৱাৰ অধীনত এক অসামৰিক সেৱা। ইংৰাজ সাম্ৰাজ্যৰ পৰা ভাৰত স্বাধীন হোৱাৰ এবছৰৰ পাছত ১৯৪৮ চনত ভাৰতীয় সাম্ৰাজ্যিক পুলিচৰ (Indian Imperial Police ) ঠাইত এই সেৱাক প্ৰৱৰ্তন কৰা হয়।
-
ভাৰতীয় নাগৰিকত্ব আইন
ভাৰতত ৰাষ্ট্ৰীয়তা প্ৰয়োজনীয়তা নিশ্চিত কৰা দুটা প্ৰাথমিক আইন আছে, ভাৰতৰ সংবিধান আৰু নাগৰিকত্ব আইন, ১৯৫৫। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ১৯৮৭ চনৰ ১ জুলাইৰ ভিতৰত ভাৰতত জন্মগ্ৰহণ কৰা সকলো ব্যক্তিয়ে পিতৃ-মাতৃৰ ৰাষ্ট্ৰীয়তা নিৰ্বিশেষে স্বয়ংক্ৰিয়ভাৱে জন্মৰ ভিত্তিত নাগৰিকত্ব লাভ কৰিছিল।
-
জন লোকপাল বিল
লোকপাল শব্দটো আহিছে সংস্কৃত ভাষাত জনতাৰ সুৰক্ষা প্ৰদানকাৰী বুজোৱা শব্দৰ পৰা। ভাৰতৰ নিৰ্বাচন আয়োগৰ নিচিনাই এই লোকপাল হৈছে এক স্বতন্ত্ৰ সংস্থা। চৰকাৰৰ পৰা আগতীয়া অনুমতি নোলোৱাকৈয়ে যিকোনো দুৰ্নীতিগ্ৰস্ত ৰাজনীতিক আৰু আমোলাৰ বিৰুদ্ধে তদন্ত কৰাৰ ক্ষমতা থাকিব লোকপালৰ হাতত।
-
ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬
ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬ (States Reorganisation Act, 1956) ভাৰতৰ ৰাজ্য আৰু অঞ্চলসমূহৰ সীমাৰ ভাষাগত পাৰ্থক্য বিবেচনা কৰি কৰা এক বৃহৎ সংস্কাৰ আছিল। এই আইনখন সংবিধান (সপ্তম সংশোধনী) আইন, ১৯৫৬-ৰ সৈতে একে সময়তে কাৰ্যকৰী হৈছিল।
-
ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জী
ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জী (চমূকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী) ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰকাশিত নাগৰিকত্ব (নাগৰিক পঞ্জীকৰণ আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰৰ জাৰিকৰণ) নিয়মাৱলী-২০০৩ ( Citizenship (Registration of Citizens and Issue of National Identity Cards) Rules, 2003) ৰ নিয়ম(২)(ট)ত…
-
হিন্দু বিধৱা পুনৰ্বিবাহ আইন, ১৮৫৬
হিন্দু বিধৱা পুনৰ্বিবাহ আইন, ১৮৫৬খন ১৮৫৬ চনৰ ২৬ জুলাইৰ দিনা গৃহীত হৈছিল। এই আইনখনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনত অহা সকলো এলেকাত হিন্দু বিধৱাৰ পুনৰ্বিবাহক আইনী মৰ্যাদা দিছিল। এই আইনখনৰ খচৰা লৰ্ড ডেলহাউচিয়ে প্ৰস্তুত কৰিছিল যদিও আইনখন পিছৰজন গভৰ্ণৰ লৰ্ড কেনিঙে গৃহীত কৰাইছিল।
-
তথ্য জনাৰ অধিকাৰ আইন, ২০০৫
তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ (Right to Information Act, 2005; सूचना का अधिकार अधिनियम, २००५) ভাৰতৰ সংসদৰ দ্বাৰা গৃহীত এখন আইন, য'ত নাগৰিকসকলে লোক কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণৰ অধীনত থকা তথ্য যাতে সহজে লাভ কৰিব পাৰে তাৰবাবে ব্যৱহাৰিক পদ্ধতি এটা প্ৰৱৰ্তন কৰা হৈছে।
-
জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯
জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯ (Jammu and Kashmir Reorganisation Act, 2019) ভাৰতৰ সংসদে গ্ৰহণ কৰা এখন আইন। ইয়াত জম্মু আৰু কাশ্মীৰ ৰাজ্যখনক জম্মু আৰু কাশ্মীৰ আৰু লাডাখ নামেৰে দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজন কৰাৰ ব্যৱস্থা ৰখা হৈছে। আইনখন ২০১৯ৰ ৩১ অক্টোবৰৰ পৰা বলবৎ হ’ব।
-
আই এম ডি টি আইন, ১৯৮৩
আই এম ডি টি আইন বা অবৈধ অনুপ্ৰৱেশকাৰী (ন্যায়াধীকৰণৰ দ্বাৰা নিৰ্ধাৰণ) আইন, ১৯৮৩ (Illegal Migrants (Determination by Tribunal) Act, 1983) হৈছে অসমৰ অনুপ্ৰৱেশকাৰী সমস্যাৰ সৈতে জড়িত আৰু কেৱল অসমত প্ৰযোজ্য হোৱাকৈ ১৯৮৩ চনত গৃহীত কৰা এখন আইন। এই আইনখন ইতিমধ্যে বাতিল কৰা হৈছে।
-
বাল্য বিবাহ নিষেধ আইন, ২০০৬
বাল্য বিবাহ নিষেধ আইন, ২০০৬ ভাৰতৰ সংসদে গৃহীত কৰা এখন আইন। ২০০৭ চনৰ ১ নৱেম্বৰ তাৰিখৰ পৰা জম্মু আৰু কাশ্মীৰ আৰু পুডুছেৰীৰ ৰেন'কেণ্টৰ বাদে সমগ্ৰ ভাৰতত এই আইন কাৰ্যকৰী হয়। এই আইনে পূৰ্বৰ পৰা প্ৰচলিত বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ক প্ৰতিষ্ঠাপন কৰিলে।
-
বিশেষ বিবাহ আইন, ১৯৫৪
বিশেষ বিবাহ আইন, ১৯৫৪ ভাৰতৰ সংসদে গৃহীত কৰা এখন আইন। ধৰ্ম বা বিশ্বাস নিৰ্বিশেষে ভাৰতৰ সকলো নাগৰিক আৰু প্ৰবাসী ভাৰতীয় নাগৰিকৰ বিশেষ বিবাহৰ মৰ্যাদা দিবলৈ এই আইন উপস্থাপন কৰা হৈছিল। ১৯ শতিকাৰ শেষৰ ফালে প্ৰস্তাৱিত আইনৰ এক অংশৰ পৰা এই আইন উদ্ভৱ হৈছে।
-
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ২০০৫
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন, ২০০৫ (Mahatma Gandhi National Rural Employment Guarantee Act 2005) বা চমুকৈ এমজিএনৰেগা ভাৰতত ৰূপায়িত নিয়োগৰ নিশ্চয়তা প্ৰদান কৰা আইন। পূৰ্বতে এই আইনক ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন বা এনৰেগা বুলি জনা গৈছিল।
-
মহিলা সংৰক্ষণ বিধেয়ক
মহিলা সংৰক্ষণ বিধেয়ক (Women's Reservation Bill) বা সংবিধান (১০৮ সংশোধনী) বিধেয়ক, ৯ মাৰ্চ, ২০১০ (The Constitution (108th Amendment) Bill, 9 th March, 2010) ভাৰতৰ সংসদত গৃহীত হোৱা এখন বিধেয়ক।
-
মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯
মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯ (Muslim Women (Protection of Rights on Marriage) Act, 2019) ভাৰতৰ সংসদত গৃহীত হোৱা এখন আইন, য’ত তিনি তালাকক অপৰাধ ৰূপে গণ্য কৰা হৈছে।
-
শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯
শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন অথবা শিক্ষাৰ অধিকাৰ আইন (চমুকৈ RTE) ২০০৯ চনৰ ৪ আগষ্টত ভাৰতীয় সংসদে প্ৰণয়ন কৰা এখন আইন। ২০১০ চনত আইনখন বলৱৎ হোৱাৰ লগে লগে প্ৰতিজন শিশুৰ বাবে শিক্ষাক মৌলিক অধিকাৰ গণ্য কৰা ১৩৫খন দেশৰ ভিতৰত ভাৰতো এখন হিচাপে পৰিগণিত হয়।
-
হিন্দু বিবাহ আইন, ১৯৫৫
হিন্দু বিবাহ আইন হৈছে ১৯৫৫ চনত ভাৰতীয় সংসদত গৃহীত হোৱা এখন আইন। হিন্দু ক’ড বিলৰ অংশ হিচাপে আৰু তিনিখন বিল গৃহীত কৰা হৈছিল। সেইকেইখন হৈছে হিন্দু উত্তৰাধিকাৰী আইন (১৯৫৬), হিন্দু নাবালক আৰু অভিভাৱকত্ব আইন (১৯৫৬) আৰু হিন্দু দত্তক আৰু চোৱাচিতা আইন (১৯৫৬)।
-
অসম চৰকাৰী ভাষা আইন, ১৯৬০
অসম চৰকাৰী ভাষা আইন, ১৯৬০ (The Assam Official Act, 1960) অসম বিধান সভাত গৃহীত এখন আইন, যিখন আইনৰ যোগেদি অসমৰ চৰকাৰী ভাষা সম্পৰ্কে ঘোষণা কৰা হৈছিল। বৰ্তমানলৈকে ১৯৬১, ১৯৮৫ আৰু ২০২০ চনত মুঠ তিনিবাৰ এই আইনখনৰ সংশোধনী কৰা হৈছে।
-
কোম্পানী আইন ২০১৩
কোম্পানী আইন ২০১৩ (Companies Act 2013) হ’ল ভাৰতীয় কোম্পানী আইন সম্পৰ্কিত এখন সংসদ আইন যিয়ে এটা প্ৰতিষ্ঠানৰ সংযোজন, এটা কোম্পানিৰ দায়িত্ব, পৰিচালক আৰু পৰিসমাপ্তি বা অৱসান (dissolution) -ক নিয়ন্ত্ৰণ কৰে।
-
কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন (প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ) আইন, ২০১৩
কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন (প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ) আইন, ২০১৩ (Sexual Harassment of Women at Workplace (Prevention, Prohibition and Redressal) Act, 2013)ভাৰতৰ এক সাংবিধানিক আইন যিয়ে মহিলাসকলক তেওঁলোকৰ কৰ্মস্থলীত যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা প্ৰদান কৰিব পাৰে।
-
তথ্য প্ৰযুক্তি আইন ২০০০
তথ্য প্ৰযুক্তি আইন, ২০০০ (Information Technology Act, 2000; চমু নাম ITA-2000, বা the IT Act) হ’ল ভাৰতীয় সংসদৰ এখন আইন (২০২০ চনৰ ২১ নং নথি) যিখনে ২০০০ চনৰ ১৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হয়। ই চাইবাৰ ক্ৰাইম আৰু ইলেকট্ৰনিক বাণিজ্যৰ লেনদেনৰ ওপৰত গুৰুত্ব আৰোপ কৰা ভাৰতৰ প্ৰাথমিক আইন।
-
বাল্য বিবাহ নিৰোধক আইন, ১৯২৯
বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ ( Child Marriage Restraint Act, 1929) ২৮ চেপ্তেম্বৰ ১৯২৯ তাৰিখে ভাৰতৰ ইম্পেৰিয়েল বিধান পৰিষদত গৃহীত হয়। এই আইন যোগে বিবাহৰ নিম্নতম বয়স ছোৱালীৰ বাবে ১৪ বছৰ আৰু ল’ৰাৰ বাবে ১৮ বছৰ নিৰ্ধাৰণ কৰা হয়; যিটো পৰৱৰ্তী সময়ত ছোৱালীৰ বাবে ১৮ বছৰ আৰু ল’ৰাৰ বাবে ২১ বছৰলৈ সংশোধিত…
-
ভাৰতৰ প্ৰতিলিপ্যধিকাৰ আইন
প্ৰতিলিপ্যধিকাৰ অধিনিয়ম ১৯৫৭ হৈছে ভাৰতৰ স্বত্বৰ অধিকাৰ ৰক্ষাৰ বাবে ১৯৫৭ চনত প্ৰণয়ন কৰা এক বিধেয়ক। এই অধিনিয়মখন ১৯৫৮ চনৰ ২১ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল।"প্ৰতিলিপ্যধিকাৰ (সংশোধনী) অধিনিয়ম ২০১২" নামেৰে ২০১২ চনত এই অধিনিয়মৰ অন্তিম সংশোধন কৰা হৈছিল।
-
কোম্পানী আইন ১৯৫৬
কোম্পানী আইন ১৯৫৬ (: Companies Act 1956) হৈছে ১৯৫৬ চনত প্ৰণয়ন কৰা ভাৰতীয় কোম্পানী আইন সম্পৰ্কিত এখন সংসদ আইন। যিয়ে কোম্পানীসমূহক পঞ্জীয়নৰ দ্বাৰা গঠন কৰা আৰু কোম্পানীৰ সঞ্চালক আৰু সচিবসকলৰ দায়িত্ব নিৰ্ধাৰণ কৰিছিল।
-
ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫
ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ (Protection of Women from Domestic Violence Act, 2005) মহিলাসকলক ঘৰুৱা হিংসাৰ পৰা সুৰক্ষিত কৰিবলৈ ভাৰতীয় সংসদে প্ৰণয়ন কৰা এক আইন। ২০০৬ চনৰ ২৬ অক্টোবৰত ভাৰত চৰকাৰ আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ইয়াক কাৰ্যকৰী কৰিছিল।
-
ভাৰতৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ
ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদত (Article 370 of the Constitution of India) ভাৰতীয় উপমহাদেশৰ উত্তৰ অংশ আৰু কাশ্মীৰৰ বৃহত্তৰ অঞ্চলৰ অংশত অৱস্থিত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা দিয়া হৈছিল যি ১৯৪৭ চনৰ পৰা ভাৰত, পাকিস্তান আৰু চীনৰ মাজত বিবাদৰ বিষয় হৈ আহিছে।
-
যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন
যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন (ইংৰাজী: POCSO) হৈছে ভাৰতৰ শিশু সুৰক্ষা নীতিৰ অংশ হিচাপে ভাৰতত প্ৰণয়ন কৰা এখন বিশেষ আইন। এই আইনৰ উদ্দেশ্য হৈছে ১৮ বছৰ বয়সৰ তলৰ সকলো শিশুকে যৌন আক্ৰমণ, যৌন হাৰাশাস্তি আৰু শিশু পৰ্ন’গ্ৰাফীৰ পৰা সুৰক্ষা প্ৰদান কৰা।
-
সৈন্য বাহিনী (বিশেষ ক্ষমতা) আইন
সৈন্য বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ চমুকৈ (AFSPA) ভাৰতীয় সংসদৰ দ্বাৰা প্ৰণীত এখন আইন, যিয়ে উদ্বিগ্ন অঞ্চল বুলি ঘোষণা কৰা অঞ্চলসমূহত ভাৰতীয় সৈন্য বাহিনীক বিশেষ ক্ষমতা প্ৰদান কৰে।