ভাৰতীয় শ্ৰম আইন
৮ প্ৰবন্ধ
-
বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি সংহিতা, ২০২০
বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি সংহিতা, ২০২০ (Occupational Safety, Health and Working Conditions Code, 2020) হৈছে ভাৰতৰ সংসদে প্ৰণয়ন কৰা এখন শ্ৰম সংহিতা।
-
সামাজিক সুৰক্ষা সংহিতা, ২০২০
সামাজিক সুৰক্ষা সংহিতা, ২০২০ ভাৰতৰ সংসদে প্ৰণয়ন কৰা এখন শ্ৰম সংহিতা। এই সংহিতাৰ উদ্দেশ্য হৈছে সামাজিক সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন আইন সংশোধন আৰু একত্ৰিত কৰা আৰু সংগঠিত, অসংগঠিত অথবা আন যিকোনো খণ্ডৰ সকলো কৰ্মচাৰী আৰু শ্ৰমিকলৈ সামাজিক সুৰক্ষাৰ সুবিধা সম্প্ৰসাৰণ কৰা।
-
মজুৰি সংহিতা, ২০১৯
মজুৰি সংহিতা, ২০১৯ (Code on Wages, 2019), বা চমুকৈ মজুৰি সংহিতা, ভাৰতৰ সংসদে প্ৰণয়ন কৰা এখন শ্ৰম আইন। এই সংহিতাই মজুৰি আৰু বোনাছ পৰিশোধৰ সৈতে জড়িত চাৰিখন কেন্দ্ৰীয় শ্ৰম আইন একত্ৰিত আৰু সৰল কৰিছে।
-
ঔদ্যোগিক সম্পৰ্ক সংহিতা, ২০২০
ঔদ্যোগিক সম্পৰ্ক সংহিতা, ২০২০ (Industrial Relations Code, 2020) ভাৰতৰ সংসদে প্ৰণয়ন কৰা এখন শ্ৰম সংহিতা। এই সংহিতাই শ্ৰমিক সংঘ, ঔদ্যোগিক প্ৰতিষ্ঠান বা উদ্যোগত নিয়োগৰ চৰ্ত আৰু ঔদ্যোগিক বিবাদৰ অনুসন্ধান আৰু নিষ্পত্তি সম্পৰ্কীয় আইনসমূহ একত্ৰিত আৰু সংশোধন কৰিছে।
-
ভাৰতীয় শ্ৰম আইন
ভাৰতত শ্ৰম আৰু নিয়োগ সম্পৰ্কীয় আইনসমূহক সাধাৰণতে "ঔদ্যোগিক আইন" হিচাপে শ্ৰেণীবদ্ধ কৰা হয়। এই শ্ৰেণীবিভাজনৰ মূল কাৰণ হৈছে ভাৰতৰ বহুতো শ্ৰম আইন সীমিত ক্ষেত্ৰতহে প্ৰযোজ্য।
-
কৰ্মচাৰী ৰাজ্য বীমা নিগম
কৰ্মচাৰী ৰাজ্য বীমা নিগম চমুকৈ ই এছ আই চি শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত থকা দুটা মুখ্য আইনগত সামাজিক সুৰক্ষা সংস্থাৰ এটা। আনটো হৈছে কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন।
-
কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা
কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা (ইপিএফঅ) হৈছে ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনত থকা দুটা প্ৰধান সামাজিক সুৰক্ষা সংস্থাৰ এটা। ভাৰতত ভৱিষ্যনিধিৰ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ দায়িত্ব ইপিএফঅ'ৰ। আনটো প্ৰধান সামাজিক সুৰক্ষা সংস্থা হৈছে কৰ্মচাৰী ৰাজ্যিক বীমা নিগম।
-
ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা
ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা (এনপিএছ) ভাৰতত প্ৰচলিত এটা নিৰ্দিষ্ট অৱদানভিত্তিক পেঞ্চন ব্যৱস্থা। এই ব্যৱস্থা পেঞ্চন পুঁজি নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণৰদ্বাৰা নিয়ন্ত্ৰিত। এই প্ৰাধিকৰণ ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ৰ অধীনত আছে।