অসম চৰকাৰ
১৯ প্ৰবন্ধ
-
অসম বিধানসভা
অসম বিধানসভা অসম ৰাজ্যৰ আইন নিৰ্মাণকাৰী এককক্ষীয় জনপ্ৰতিনিধি সভা, যাৰ সদস্যসংখ্যা ১২৬। ইয়াৰ বিকাশ উপনিবেশিক কালৰ দ্বিকক্ষীয় বিধানমণ্ডলৰ পৰা স্বাধীনতা-উত্তৰ একসদনীয় ব্যবস্থালৈ ৰূপান্তৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।
-
শ্ৰীমন্ত শংকৰদেৱ বঁটা
শ্ৰীমন্ত শংকৰদেৱ বঁটা অসম চৰকাৰে ১৯৮৬ চনৰ পৰা প্ৰদান কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক সন্মান। সাহিত্য, কলা, সংস্কৃতি আৰু সাংবাদিকতাত ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিক দিয়া এই বঁটাৰ প্ৰথম প্ৰাপক কীৰ্তিনাথ হাজৰিকা আৰু শেহতীয়া প্ৰাপক সোণাল মানসিং।
-
অসম গৌৰৱ বঁটা
অসম গৌৰৱ অসম চৰকাৰে ২০২১ চনৰ পৰা প্ৰদান কৰা ৰাজ্যৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান। তিনি লাখ টকা আৰু গায়ন-বায়ন অংকিত পদকযুক্ত এই বঁটাই কৃষক, শিল্পী, খেলুৱৈ, স্বাস্থ্যকৰ্মী, উদ্যোগী আৰু সংৰক্ষণকৰ্মীৰ দৰে তৃণমূল পৰ্যায়ৰ নায়কসকলক স্বীকৃতি দিয়ে।
-
অসম সৌৰভ বঁটা
অসম সৌৰভ অসম চৰকাৰে ২০২১ চনৰ পৰা প্ৰদান কৰা ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। চাৰি লাখ টকা আৰু শৰাই অংকিত পদকযুক্ত এই বঁটা বিজ্ঞান, ক্ৰীড়া, কলা, সংগীত আৰু লোকসেৱাৰ বহু কৃতী লোকে লাভ কৰিছে।
-
অসম ৰত্ন
অসম ৰত্ন অসম চৰকাৰে ২০০৮ বৰ্ষৰ পৰা প্ৰদান কৰা ৰাজ্যিক অসামৰিক সন্মান, যিটো দীৰ্ঘদিন ধৰি অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে গণ্য হৈছিল। ইয়াৰ তিনিজন প্ৰাপক হ'ল ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামী আৰু জিতেন্দ্ৰনাথ গোস্বামী।
-
অসম বৈভৱ বঁটা
অসম বৈভৱ অসম চৰকাৰে ২০২১ চনৰ পৰা প্ৰদান কৰা ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান। সাধাৰণতে বছৰি এগৰাকী ব্যক্তিক দিয়া এই বঁটাত পাঁচ লাখ টকা, প্ৰশস্তিপত্ৰ আৰু হোলোং পাতত জাপি অংকিত পদক থাকে। প্ৰথম প্ৰাপক ৰতন টাটা।
-
অসম চৰকাৰ
অসম চৰকাৰ ভাৰতবৰ্ষৰ অসম ৰাজ্য আৰু ইয়াৰ ৩৫খন জিলাৰ সৰ্বোচ্চ শাসনতান্ত্ৰিক কৰ্তৃপক্ষ। এই চৰকাৰ ৰাজ্যপালসহ শাসনবিভাগ, আইনবিভাগ আৰু বিচাৰবিভাগৰ সৈতে গঠিত। ৰাজ্যপালজন হৈছে ৰাজ্যৰ সাংবিধানিক মুৰব্বী তেওঁক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ৫ বছৰৰ বাবে। লক্ষ্মণ আচাৰ্য হৈছে অসমৰ বৰ্তমানৰ ৰাজ্যপাল।
-
অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা
অসম বিধানসভাৰ আৰম্ভণি হোৱাৰ সময়ত ১৯৩৭ চনৰ ৭ এপ্ৰিল তাৰিখে মুঠ ১০৮টা সমষ্টি আছিল। ১৯৫৭ চনত সমষ্টিৰ সংখ্যা ১০৫ খনলৈ হ্ৰাস কৰা হৈছিল। বিধানসভা সমষ্টিৰ সংখ্যা ১৯৬২ চনত ১১৪খন আৰু ১৯৭২ চনত ১২৬ খনলৈ বৃদ্ধি কৰা হ'ল।
-
অসমৰ ৰাজ্যপালসকলৰ তালিকা
ভাৰতবৰ্ষৰ ৰাজ্য একোখনৰ ৰাজ্যপালজন হৈছে ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি আৰু লগতে ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। অসমৰ বৰ্তমানৰ ৰাজ্যপাল হৈছে লক্ষ্মণ আচাৰ্য। ২০২৪ চনৰ ৩০ জুলাই তাৰিখে তেওঁ ২৮ সংখ্যক অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ আৰম্ভ কৰে।
-
অসম আৰক্ষী
অসম আৰক্ষী (Assam Police) হৈছে অসম ৰাজ্যৰ আইন শৃংখলাৰক্ষী বাহিনী। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিচতে ইংৰাজসকলে আইন শৃংখলা ৰক্ষাৰ্থে এই বাহিনী গঠন কৰিছিল। অসম আৰক্ষী ৰাজ্যৰ গৃহ বিভাগৰ অধীনষ্ঠ। "জনহিত জনসেৱাৰ্থে" বাণীৰে অসম আৰক্ষীয়ে অসম ৰাজ্যৰ আটাইকেইখন জিলাতে সেৱা আগবঢ়াই আহিছে।
-
অসম বিধান পৰিষদ
অসম বিধান পৰিষদ ১৯১৩ চনৰ পৰা ১৯৩৫ চনলৈ ভাৰতৰ অসম আৰু তাৰ পিছত ১৯৩৫ চনৰ পৰা ১৯৪৭ চনলৈ দ্বিকক্ষীয় আইনসভাৰ উচ্চ সদন আছিল। ইয়াৰ পিছত ভাৰত (প্ৰাদেশিক বিধানসভা) আদেশ, ১৯৪৭ আৰু অসম বিধানসভাৰ দ্বাৰা ভংগ হোৱাৰ পিছত ই এককভাৱে গুৰুত্বপূৰ্ণ হৈ পৰে।
-
অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী
ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী অসম বা SDRF ASSAM (State Disaster Response Force, Assam) হৈছে যিকোনো প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ সময়ত ক্ষিপ্ৰ আৰু ফলপ্ৰসূভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ উদ্দেশ্যেৰে ১৫ ডিচেম্বৰ ২০১১ তাৰিখে গঠন কৰা এক বিশেষ আৰক্ষী বাহিনী।
-
অসম ৰাজপত্ৰ
অসম ৰাজপত্ৰ (The Assam Gazette) অসম চৰকাৰৰ চৰকাৰী ৰাজপত্ৰ। অসমৰ চৰকাৰৰ অধীনৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়ে সাপ্তাহিক ভাবে অসমৰ ৰাজপত্ৰ প্ৰকাশ কৰে। অসমৰ চৰকাৰী ৰাজপত্ৰ হিচাপে ইয়াত চৰকাৰী আইন, জাননী, নিযুক্তি, পদোন্নতি আদি সম্পৰ্কে ঘোষণা আদি প্ৰকাশ কৰা আনুষ্ঠানিক পত্ৰিকা।
-
বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য
বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অসমৰ বড়োলেণ্ড অঞ্চলৰ স্বায়ত্বশাসিত পৰিষদৰ মুৰব্বী। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। অসমৰ বড়োলেণ্ড অঞ্চলত শাসন কাৰ্য সম্পাদন কৰিবলৈ এই পৰিষদৰ গঠন কৰা হয়।
-
অসমৰ ৰাজ্যিক প্ৰতীকসমূহ
অসম চৰকাৰৰ দ্বাৰা স্বীকৃতীপ্ৰাপ্ত চৰকাৰী প্ৰতীকসমূহ তলত উল্লেখ কৰা হ’ল:-
-
জনতা ভৱন
জনতা ভৱন অসম চৰকাৰৰ সচিবালয় চৌহদ। ই ভাৰতৰ অসম ৰাজ্যৰ ৰাজধানী দিছপুৰত অৱস্থিত। এই চৌহদত ৰাজ্য চৰকাৰৰ প্ৰশাসনিক কাৰ্যালয়সমূহ আছে আৰু ই অসমত কাৰ্যবাহী শাসনৰ মুখ্য কেন্দ্ৰ হিচাপে কাম কৰে। বহুমহলীয়া এই চৌহদটো ২০০৪ চনৰ ২২ নৱেম্বৰত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিংয়ে উদ্বোধন কৰিছিল।
-
তেজপুৰ উন্নয়ন প্ৰাধিকৰণ
তেজপুৰ উন্নয়ন প্ৰাধিকৰণ হৈছে ভাৰতৰ তেজপুৰ চহৰত পৰিকল্পিতভাৱে আন্তঃগাঁথনি আৰু আৱাস প্ৰকল্পৰ উন্নয়নৰ বাবে সৃষ্টি কৰা বিধিগত নাগৰিক সংস্থা। বৰ্তমানৰ ভাৰতীয় নগৰ উন্নয়ন প্ৰাধিকৰণৰ ভেটি ১৮৯৬ চনত বোম্বে প্লেগৰ ফলত ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰৰ যুগত ডিজাইন কৰা গাঁথনিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
-
শৰ্মা মন্ত্ৰীসভা
হিমন্ত বিশ্ব শৰ্মা ২০২১ চনৰ ১০ মে' তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁৰ লগতে আন ১৩ গৰাকী বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২০২১ চনৰ ১০ মে’ৰ পৰা অসম চৰকাৰৰ বৰ্তমানৰ মন্ত্ৰী পৰিষদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ১৬ জন কেবিনেট মন্ত্ৰীৰে গঠিত মন্ত্ৰালয়।
-
১৬ সংখ্যক অসম বিধানসভা
অসমৰ ১৬ সংখ্যক বিধানসভা হৈছে অসমৰ ১৫ সংখ্যক বিধানসভাৰ উত্তৰাধিকাৰী। ২০২৬ চনের ৯ এপ্ৰিলত অনুষ্ঠিত হোৱা ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (NDA)-ৰ বিজয়ৰ পিছত এই বিধানসভা গঠন কৰা হয়।