ভাৰতৰ সংবিধান
৮ প্ৰবন্ধ
-
ভাৰতৰ সংবিধান
ভাৰতৰ সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু কৰ্তব্য নিৰ্দ্ধাৰণ; মৌলিক অধিকাৰ, ৰাষ্ট্ৰপৰিচালনাৰ নিৰ্দেশমূলক নীতি আৰু নাগৰিকসকলৰ কৰ্তব্য নিৰ্দ্ধাৰণ কৰা হৈছে। দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখাটি নিৰ্দিষ্ট কৰা হৈছে।
-
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (Citizenship (Amendment) Act, 2019; চমুকৈ কা (CAA), পূৰ্বতে কেব (CAB) ) হৈছে ভাৰতৰ সংসদৰ দ্বাৰা ২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত এখন আইন।
-
ভাৰতীয় নাগৰিকত্ব আইন
ভাৰতত ৰাষ্ট্ৰীয়তা প্ৰয়োজনীয়তা নিশ্চিত কৰা দুটা প্ৰাথমিক আইন আছে, ভাৰতৰ সংবিধান আৰু নাগৰিকত্ব আইন, ১৯৫৫। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ১৯৮৭ চনৰ ১ জুলাইৰ ভিতৰত ভাৰতত জন্মগ্ৰহণ কৰা সকলো ব্যক্তিয়ে পিতৃ-মাতৃৰ ৰাষ্ট্ৰীয়তা নিৰ্বিশেষে স্বয়ংক্ৰিয়ভাৱে জন্মৰ ভিত্তিত নাগৰিকত্ব লাভ কৰিছিল।
-
ভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য
মৌলিক অধিকাৰ, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য ভাৰতীয় সংবিধানৰ তিনিটা প্ৰধান অংশ। এই তিনিটা অংশত নাগৰিকসকলৰ প্ৰতি ৰাষ্ট্ৰৰ মৌলিক দায়দায়িত্ব আৰু ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকসকলৰ কৰ্তব্যসমূহৰ বিশদ ব্যাখ্যা দিয়া হৈছে।
-
ভাৰতীয় সংবিধানৰ এশ ষষ্ঠ সংশোধনী
জনপ্ৰিয় ৰূপত মহিলা সংৰক্ষণ বিধেয়ক, ২০২৩ (Women's Reservation Bill, 2023) নামে জনাজাত ভাৰতীয় সংবিধানৰ এই আইনখন ২০২৩ চনৰ ১৯ ছেপ্টেম্বৰত সংসদৰ বিশেষ অধিৱেশনৰ সময়ত লোকসভাত উত্থাপন কৰা হয়। এই আইনখনৰ উদ্দেশ্য হৈছে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ ৩৩ শতাংশ আসন মহিলাৰ বাবে প্ৰত্যক্ষভাৱে সংৰক্ষিত কৰা।
-
ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা
ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা বুলিলে সংবিধানখনৰ চমু ভূমিকা অংশক বুজায় য'ত এই নথিৰ লক্ষ্য আৰু নীতিৰ কথা আছে। সংবিধানৰ ক্ষমতাৰ উৎস হিচাপে ইয়ত জণগণৰ কথা উল্লেখ কৰা হৈছে। ভাৰতীয় জনতাৰ আশা আৰু দেশৰ আদৰ্শৰ কথাও প্ৰস্তাৱনাত স্পষ্টকৈ উল্লেখ কৰা আছে।
-
ভাৰতৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ
ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদত (Article 370 of the Constitution of India) ভাৰতীয় উপমহাদেশৰ উত্তৰ অংশ আৰু কাশ্মীৰৰ বৃহত্তৰ অঞ্চলৰ অংশত অৱস্থিত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা দিয়া হৈছিল যি ১৯৪৭ চনৰ পৰা ভাৰত, পাকিস্তান আৰু চীনৰ মাজত বিবাদৰ বিষয় হৈ আহিছে।
-
ভাৰতীয় চুক্তি আইন ১৮৭২
ভাৰতবৰ্ষত চুক্তি সম্পৰ্কীয় আইন ভাৰতীয় চুক্তি আইন ১৮৭২ (Indian Contract Act, 1872) ত সন্নিৱিষ্ট কৰা হৈছে। এই আইনখন ইংৰাজ শাসনৰ সময়ত অনুমোদিত আৰু ই ইংৰাজ সাধাৰণ আইনৰ (British Common Law) নীতিসমূহৰ ওপৰত আধাৰিত। জম্মু আৰু কাশ্মীৰৰ বাদে সমগ্ৰ ভাৰততে ভাৰতীয় চুক্তি আইনখন প্ৰযোজ্য।