ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ভাৰত)
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ভাৰত), সংক্ষেপে এনডিএমএ (NDMA), হৈছে ভাৰত চৰকাৰৰ এক শীৰ্ষস্থানীয় সংস্থা, যাৰ দায়িত্ব হৈছে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে নীতি নিৰ্ধাৰণ কৰা। এনডিএমএ ২০০৫ চনৰ ২৩ ডিচেম্বৰত ভাৰত চৰকাৰে প্ৰণয়ন কৰা দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫-ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হয়।
-
ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণ
ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণ ভাৰতত বিলুপ্তপ্ৰায় বংগ বাঘক সুৰক্ষা প্ৰদানৰ বাবে গঠন কৰা বন্যপ্ৰাণী সংৰক্ষণ সংস্থা ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণ। ভাৰত চৰকাৰে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ অধীনত ২০০৫ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ প্ৰজেক্ট টাইগাৰ আৰু বিভিন্ন বাঘ সংৰক্ষিত বনাঞ্চল…
-
ৱানথি শ্ৰীনিবাসন
ৱানথি শ্ৰীনিবাসন (Vanathi Srinivasan, জন্ম ৬ জুন ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তামিলনাডুৰ অধিবক্তা।[1] ১৯৯৩ চনৰ পৰা মাদ্ৰাজ উচ্চ ন্যায়ালয়ত আইন চৰ্চা কৰি আহিছে।[2] কইম্বাটুৰ দক্ষিণ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁ তামিলনাডু বিধানসভাৰ সদস্য হৈছে।[3] বৰ্তমান তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ…
-
ৱাশ্বিংটন চুক্তি
ৱাশ্বিংটন চুক্তি (Washington Accord) হৈছে স্বাক্ষৰকাৰী দেশসমূহৰ স্বীকৃতি প্ৰদানকাৰী সংস্থাসমূহৰ মাজত বৃত্তিগত অভিযান্ত্ৰিক শিক্ষাৰ স্নাতক (Undergraduate) আৰু স্নাতকোত্তৰ (Postgraduate) শৈক্ষিক ডিগ্ৰীৰ স্বীকৃতি সম্পৰ্কীয় এক আন্তঃৰাষ্ট্ৰীয় চুক্তি।
-
ৱিকি এডুকেশ্যন ফাউণ্ডেশ্যন
ৱিকি এডুকেশ্যন ফাউণ্ডেশ্যন (Wiki Education Foundation); কেতিয়াবা চমুকৈ কোৱা হয় Wiki Ed) হৈছে চান ফ্ৰান্সিস্ক, কেলেফোৰ্নিয়াত অৱস্থিত এক অনালাভকাৰী প্ৰতিষ্ঠান।
-
ৱিনষ্টন চাৰ্চিল
ছাৰ ৱিনষ্টন লিঅ'নাৰ্ড স্পেন্সৰ চাৰ্চিল (৩০ নৱেম্বৰ ১৮৭৪ – ২৪ জানুৱাৰী ১৯৬৫) এজন ব্ৰিটিছ ৰাষ্ট্ৰনেতা, সামৰিক বিষয়া আৰু লেখক আছিল, যিয়ে ১৯৪০ চনৰ পৰা ১৯৪৫ চনলৈকে (দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত) আৰু পুনৰ ১৯৫১ চনৰ পৰা ১৯৫৫ চনলৈকে যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী আৰু সংসদ (এম পি) আছিল আৰু সেই সময়ছোৱাত মুঠ…
-
অগাষ্টা কালোচ ক্ৰীষ্টি
অগাষ্টা কালোচ ক্ৰীষ্টি (Augusta Kalloch Christie; ২৮ অক্টোবৰ ১৮৮৭ – ২২ জানুৱাৰী ১৯৮১) এগৰাকী আমেৰিকান শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। ১৯৫২ চনৰ পৰা ১৯৬৪ চনলৈকে মেইন হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ আৰু মেইন চেনেট দুয়োটাতে কাৰ্যনিৰ্বাহ কৰা তেওঁ প্ৰথমগৰাকী মহিলা।
-
অটো ৱন বিজমাৰ্ক
অটো ৱন বিজমাৰ্ক (১ এপ্ৰিল ১৮১৫ – ৩০ জুলাই ১৮৯৮) এজন জাৰ্মান ৰাষ্ট্ৰনেতা আৰু কূটনীতিবিদ যিয়ে জাৰ্মানীৰ একত্ৰীকৰণৰ তদাৰক কৰিছিল আৰু ইয়াৰ প্ৰথম হিচাপে কাম কৰিছিল ১৮৭১ চনৰ পৰা ১৮৯০ চনলৈকে।
-
অন্ধ্ৰপ্ৰদেশ মহিলা আয়োগ
অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ (Andhra Pradesh Women Commission) হৈছে অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহ মোকাবিলা কৰিবলৈ ২০২৩ চনৰ আইন নং ৯ দ্বাৰা সংশোধিত অন্ধ্ৰপ্ৰদেশ মহিলা আয়োগ আইন-১৯৯৮ অনুসৰি গঠন কৰা এক বিধিগত সংস্থা।
-
অপৰাধ অনুসন্ধান বিভাগ (ভাৰত)
অপৰাধ অনুসন্ধান বিভাগ বৃটিছ আৰক্ষী বাহিনীৰ অপৰাধ অনুসন্ধান বিভাগৰ ওপৰত ভিত্তি কৰি অপৰাধৰ তদন্তৰ দায়িত্বত থকা ভাৰতৰ ৰাজ্যিক আৰক্ষী বিভাগসমূহৰ এটা বিশেষ শাখা ক্ৰাইম ব্ৰাঞ্চ বুলিও জনা যায়।
-
অলুৱাচেউন অছ'ৱবি
অলুৱাছেউন অয়োডেজী অছ’ৱবি (Oluwaseun Osowobi) নাইজেৰিয়াৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী৷ তেওঁ ষ্টেণ্ড টু এণ্ড ৰেপ (STER) ইনিচিয়েটিভৰ প্ৰতিষ্ঠাপক। ২০১৯ চনত তেওঁ টাইম ১০০ নেক্সট তালিকাত অন্তৰ্ভুক্ত হোৱা দ্বিতীয়গৰাকী নাইজেৰিয়ান মহিলা আছিল, আৰু সেই একে বছৰৰ বাবে তেওঁ কমনৱেলথৰ বছৰৰ যুৱ ব্যক্তি হিচাপে…
-
অসম বিদ্যুৎ নিয়ামক আয়োগ
অসম বিদ্যুৎ নিয়ামক আয়োগ (Assam Electricity Regulatory Commission, AERC) হৈছে অসম চৰকাৰৰ এটি নিয়ামক সংস্থা, যিয়ে অসমৰ বিদ্যুৎ শক্তিৰ উৎপাদন, সংবহন আৰু বিতৰণৰ লগত জড়িত কেতবোৰ নীতি প্ৰতিষ্ঠা, নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে।
-
অসম সন্মিলিত মৰ্চা
অসম সন্মিলিত মৰ্চা (ইংৰাজী: Asom Sonmilito Morcha, চমুকৈ এএছএম বা ASM) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ এক প্ৰধান বিৰোধী ৰাজনৈতিক দলজোট। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অসমৰ কেইবাটাও আঞ্চলিক আৰু বাওঁপন্থী ৰাজনৈতিক দলে বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ বিৰুদ্ধে একত্ৰিত হৈ এই মৰ্চা গঠন কৰে।
-
অসমৰ সংমণ্ডল
প্ৰশাসনিক সুবিধাৰ বাবে অসমক পাঁচটা প্ৰশাসনিক বিভাগত ভাগ কৰা হৈছে। এই প্ৰশাসনিক বিভাগ বোৰকে সংমণ্ডল বোলা হয়। প্ৰতিটো সংমণ্ডল কেইখনমান জিলাৰ সমষ্টি। এই বিভাগ সমূহ সংমণ্ডলীয় কমিছনাৰৰ দ্বাৰা শাসিত।
-
অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়
ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয় হৈছে অসামৰিক বিমান পৰিবহনৰ উন্নয়ন আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্যসূচী প্ৰস্তুত কৰা আৰু অসামৰিক বিমান পৰিবহনৰ সুশৃংখল বিকাশ আৰু সম্প্ৰসাৰণৰ বাবে আঁচনি প্ৰস্তুত আৰু ৰূপায়ণকৰাৰ বাবে দায়বদ্ধ মন্ত্ৰালয়।
-
অৰুণাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ
অৰুণাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ (Arunachal Pradesh State Commission for Women) হৈছে অৰুণাচল প্ৰদেশ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহ মোকাবিলা কৰিবলৈ ১৯৯৩ চনত গঠন কৰা এক বিধিগত সংস্থা। অৰুণাচল প্ৰদেশ চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে এই আয়োগ গঠন কৰিছিল৷
-
অৰুণোদয় আঁচনি
অৰুণোদয় আঁচনি (Orunodoi Scheme) হৈছে ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে অসম চৰকাৰৰ দ্বাৰা উন্মোচিত এখন আঁচনি। অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণৰ বাবে আৰু চিকিৎসা সম্বন্ধীয় খৰচৰ বাবে অসম চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে, আৰু এই আঁচনি মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক পদক্ষেপ…
-
অৰুন্ধতী স্বৰ্ণ আঁচনি
অৰুন্ধতী স্বৰ্ণ আঁচনি (Arundhati Gold Scheme) মহিলা সৱলীকৰণৰ বাবে অসম চৰকাৰৰ এক আঁচনি। অসম চৰকাৰে বিত্তীয় বৰ্ষ ২০১৯-২০ চনত আঁচনিখন প্ৰৱৰ্ত্তন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই আঁচনিৰ জৰিয়তে বিবাহিত দম্পতীলৈ চৰকাৰে সোণ কিনিবলৈ ৪০ হাজাৰ টকা অনুদান আগবঢ়ায়।
-
আইছা আল-ডিবছ
আইছা আল-ডিবছ (Aisha al-Dibs) ছিৰিয়াৰ এগৰাকী নাগৰিক সমাজৰ কৰ্মী আৰু ছিৰিয়াৰ সংক্ৰমণকালীন চৰকাৰৰ ৰাজনৈতিক পৰিক্ৰমা প্ৰশাসনৰ মহিলা পৰিক্ৰমা কাৰ্যালয়ৰ মুৰব্বী৷ আছাদ শাসনৰ পতনৰ পিছত গঠন হোৱা নতুন ছিৰিয়া প্ৰশাসনত আনুষ্ঠানিক পদবী গ্ৰহণ কৰা তেওঁ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
-
আখালৰ চুক্তি
আখাল সন্ধি বা চুক্তি (Treaty of Akhal) ক আখাল-খোৰাছান সীমান্ত চুক্তি নামেৰেও জনাজাত। এই চুক্তি ১৮৮১ চনৰ ২১ ছেপ্টেম্বৰত কাজাৰ ইৰাণ আৰু সাম্ৰাজ্যবাদী দেশ ৰাছিয়াৰ মাজত স্বাক্ষৰিত এখন সন্ধি আছিল।
-
আদা গেলাৰ
আডা গেলাৰ (Ada Geller) এগৰাকী জায়নিষ্ট আৰু মহিলাৰ অধিকাৰ কৰ্মী আছিল৷ তেওঁ এগৰাকী শিক্ষয়িত্ৰী আৰু প্ৰধান শিক্ষক আৰু বাধ্যতামূলক পেলেষ্টাইনৰ প্ৰথমগৰাকী মহিলা একাউণ্টেণ্ট।
-
আদিলা বায়হুম
আদিলা বাইহুম-আল-জাজাইৰী (Adila Bayhym (১৯০০–১৯৭৫)) এগৰাকী ছিৰিয়ান (মূলতঃ লেবাননী) নাৰীবাদী, স্বাধীনতা কৰ্মী আৰু দানশীল আছিল। তেওঁ ছিৰিয়াৰ মহিলা আন্দোলনৰ পথ প্ৰদৰ্শক আছিল, লগতে ফ্ৰান্সমুক্ত ছিৰিয়াৰ সমৰ্থক আছিল।
-
আন্তৰ্জাতিক মানৱ অধিকাৰ আইন
আন্তৰ্জাতিক মানৱ অধিকাৰ আইন (International Human Rights Law) সামাজিক, আঞ্চলিক তথা গাৰ্হস্থ্য স্তৰত মানৱ অধিকাৰ প্ৰচাৰৰ হেতু পৰিকল্পিত আন্তৰ্জাতিক আইনৰ এক অঙ্গ।
-
আমিনা নাজলি
আমিনা বেগম (Amina Nazli, ১৯১৪- ২ ফেব্ৰুৱাৰী ১৯৯৬), তেখেতৰ ছদ্ম নাম আমিনা নাজলিৰ দ্বাৰা অধিক পৰিচিত৷ তেওঁ পাকিস্তানৰ এগৰাকী উৰ্দু ভাষাৰ লেখিকা, সম্পাদিকা আৰু নাৰীবাদী কৰ্মী আছিল। আল্লামা ৰছিদ উল খাইৰীৰ বোৱাৰী, আৰু বিশিষ্ট আইনবিদ হাজিকুল খাইৰীৰ তেওঁ মাতৃ আছিল।
-
আৰক্ষী অভিযোগ কৰ্তৃপক্ষ (ভাৰত)
আৰক্ষী অভিযোগ কৰ্তৃপক্ষ (PCA) হৈছে এটা সংস্থা যিয়ে ভুল বা তদন্তৰ কেণা লগা, এফআইআৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰা, জিম্মাত লোৱা নিৰ্যাতন আৰু আৰক্ষীৰ বিৰুদ্ধে উচ্চ হাতৰ অভিযোগৰ ওপৰত বিচাৰ কৰে।
-
আৰোগ্য লক্ষ্মী আঁচনি
আৰোগ্য লক্ষ্মী যোজনা তেলেংগানা চৰকাৰে গৰ্ভৱতী আৰু দুগ্ধপান কৰা মহিলাক সহায়ৰ বাবে আৰম্ভ কৰা এক পুষ্টি কাৰ্যসূচী। এই আঁচনিখন দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ওপৰৰ মহিলাসকলৰ বাবে উপলব্ধ।
-
ইছাম আব্দুলহাদী
ইছাম আব্দুলহাদী (Issam Abdulhadi, ১৯২৮–১৬ আগষ্ট ২০১৩) এগৰাকী বঁটা বিজয়ী পেলেষ্টাইনী মহিলা অধিকাৰ কৰ্মী আছিল। ১৯৬৫ চনৰ জুলাই মাহত পেলেষ্টাইনী মহিলাৰ সাধাৰণ সংঘৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়।
-
ইণ্ডিয়ান নেচনেল কাউন্সিল
ইণ্ডিয়ান নেচনেল কাউন্সিল বা ভাৰতীয় জাতীয় পৰিষদ ( Indian National Council) ভাৰতৰ জাতীয়তাবাদী নেতাসকলে থাইলেণ্ডত ১৯৪১ চনৰ ডিচেম্বৰ মাহত প্ৰতিষ্ঠা কৰিছিল।
-
ইণ্ডোনেছিয়ান সেনাবাহিনীৰ মহিলা কৰ্পছ
ইণ্ডোনেছিয়াৰ সেনাবাহিনীৰ যুদ্ধ, যুদ্ধ সমৰ্থন আৰু সেৱা সমৰ্থন গঠনত সক্ৰিয় সেৱাত থকা মহিলাসকলৰ আনুষ্ঠানিক প্ৰশাসনিক সংগঠন হৈছে সেনা মহিলা কৰ্পছ (Kowad)।
-
ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনি
ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনি (Indira Miri Universal Widow Pension Scheme) মহিলা সৱলীকৰণৰ বাবে অসম চৰকাৰৰ এক আঁচনি। এই আচনি অধীনত ৰাজ্যৰ ১৮ বছৰ বয়সৰ পৰা ৫৯ বছৰ বয়সৰ বিধৱা মহিলাক পেঞ্চন যোগান ধৰা হয়।