ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মামুন ইমদাদুল হক চৌধুৰী
মামুন ইমদাদুল হক চৌধুৰী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ তথা লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়ক৷ তেওঁ ১১০ নং নাওবৈচা সমষ্টিৰ পৰা ২০১৬ চনত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ নাওবৈচা বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে ২০২২ চনৰ ১৬ মে’ত গুৱাহাটীত…
-
মাৰ্ক্সিষ্ট মঞ্চ
মাৰ্ক্সিষ্ট মঞ্চ (Marxist Platform) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল। এই দলটোয়ে কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট)ৰ বিভাজিত স্থানীয় গোট হিচাপে আত্মপ্ৰকাশ কৰিছিল। এই দলটোৰ ৰাতাবাৰী বিধানসভা সমষ্টিত কিছূ জনভিত্তি আছে আৰু এই সমষ্টিত দলটোৱে অসম গণ পৰিষদৰ সৈতে নিৰ্বাচনী বুজাবুজি কৰিছিল।
-
মাৰ্গাৰেট চাণ্ট-পাপাণ্ড্ৰিউ
মাৰ্গাৰেট চাণ্ট-পাপাণ্ড্ৰিউ (Margaret Chant-Papandreou, জন্ম-৩০ ছেপ্টেম্বৰ, ১৯২৩) এগৰাকী গ্ৰীক-আমেৰিকান কৰ্মী, লেখিকা আৰু স্তম্ভলেখক যি গ্ৰীচৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেয়াছ পাপাণ্ড্ৰিউৰ পত্নী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেওঁ গ্ৰীচৰ প্ৰধানমন্ত্ৰী (২০০৯–২০১১) জৰ্জ পাপাণ্ড্ৰিউৰ মাতৃ আছিল।
-
মিজোৰাম (লোকসভা সমষ্টি)
মিজোৰাম লোকসভা সমষ্টি (Mizoram Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মিজোৰাম ৰাজ্যৰ একমাত্ৰ লোকসভা সমষ্টি। এই সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
-
য়াছমিন আলী হক
ইয়াছমিন আলী হক (Yasmin Ali Haque)এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু ভাৰতত ইউনিচেফৰ দেশ প্ৰতিনিধি।
-
লাল নিশান পাৰ্টি
লাল নিশান পাৰ্টি আছিল মহাৰাষ্ট্ৰ ৰাজ্যৰ এটা কমিউনিষ্ট ৰাজনৈতিক দল। এই দলটো ১৯৬৫ চনত প্ৰতিষ্ঠা কৰা হয়। এল এন পিৰ মূল কাম আছিল ট্ৰেড ইউনিয়নৰ সক্ৰিয়তা। দলটোৰ ট্ৰেড ইউনিয়নৰ নাম আছিল সৰ্বশ্ৰমিক সংঘ (SSS)। দলীয় প্ৰকাশনখনৰ নাম আছিল নৱে পৰ্ব।
-
লিয়াং জুন
লিয়াং জুন Liang Jun(জন্ম-১৯৪৫) চীনত মহিলাৰ শিক্ষাৰ অধিকাৰৰ বাবে প্ৰচাৰ চলোৱাৰ লগতে হেনান কমিউনিটি এডুকেশ্যন ৰিচাৰ্চ চেণ্টাৰ আৰু চীনৰ প্ৰথম মহিলা ইতিহাস সংগ্ৰহালয় হেনান উইমেন এণ্ড চিলড্ৰেন এক্টিভিটি চেণ্টাৰ দুয়োটাৰে সহ-প্ৰতিষ্ঠা কৰিছিল।
-
লীলাধৰ কটকী
লীলাধৰ কটকী এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ অসমৰ নগাঁও লোকসভা সমষ্টিৰ পৰা ১৯৫৭, ১৯৬২, ১৯৬৭ আৰু ১৯৭১ চনত ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। কটকী এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য।
-
লেইলা ছেইণ্ট মেথিউ ডেনিয়েল
লাইলা ছেইণ্ট মেথিউ-ডেনিয়েল (Laila St. Matthew-Daniel; জন্ম: -১৪ ফেব্ৰুৱাৰী, ১৯৫৩) এগৰাকী কাৰ্যবাহী প্ৰশিক্ষক, নেতৃত্ব প্ৰশিক্ষক, বক্তা, লেখিকা, মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা।
-
শ্বোছানা গেৰ্শ্বোনোভিচ
শ্বোছানা গেৰ্চোনোভিচ (Shoshana Gershonowitz, ১৯০৬–১৯৮৬) ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ এগৰাকী বিষয়া আছিল যি ১৯৫২ চনৰ পৰা ১৯৫৯ চনলৈকে মহিলা বাহিনীৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শ্বোছানা যৌৱনকালত ৰাছিয়াৰ পৰা প্ৰব্ৰজন কৰি জেৰুজালেমত বসতি স্থাপন কৰে। হাগানাত তেওঁ সক্ৰিয় আছিল।
-
সংযুক্ত জনজাতি জাতীয় মুক্তি বাহিনী
সংযুক্ত জনজাতি জাতীয় মুক্তি(ইংৰাজী: United Tribal Nationalist Liberation Front) ভাৰতৰ অসম ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল। সংযুক্ত জনজাতি জাতীয় মুক্তি(চমুকৈ UTNLF) অসম ভৈয়াম জনজাতি পৰিষদৰ পৰা বিভাজিত গোট অসম ভৈয়াম জনজাতি পৰিষদ(প্ৰগতিশীল)ৰ উদ্যোগত ১৯৮৪ চনত গঠিত হৈছিল।
-
সতনাম মাহমুদ
সতনাম মাহমুদ (Satnam Mahmood; ১৬ অক্টোবৰ ১৯২১ – অক্টোবৰ ১৯৯৫), যাক সতনাম মাহমুদ কৌৰ আৰু নমা বুলিও কোৱা হয়, এগৰাকী পাকিস্তানী ৰেডিঅ' সম্প্ৰচাৰক, ৰাজহুৱা প্ৰশাসক, মহিলা অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ আছিল।
-
১৬ সংখ্যক অসম বিধানসভা
অসমৰ ১৬ সংখ্যক বিধানসভা হৈছে অসমৰ ১৫ সংখ্যক বিধানসভাৰ উত্তৰাধিকাৰী। ২০২৬ চনের ৯ এপ্ৰিলত অনুষ্ঠিত হোৱা ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (NDA)-ৰ বিজয়ৰ পিছত এই বিধানসভা গঠন কৰা হয়।
-
২০১৮ ৰাজস্থান বিধানসভা নিৰ্বাচন
ভাৰতৰ ৰাজস্থান ৰাজ্যত ৭ ডিচেম্বৰ ২০১৮ত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচন এটা পৰ্যায়তে অনুষ্ঠিত হৈছিল। ভাৰতীয় জাতীয় কঙ্গগ্ৰেছ সৰ্ববৃহৎ দল প্ৰতিপন্ন হ'ল। ২০১৩ চনত ৰাজস্থান বিধানসভাত ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল।
-
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গোট
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গোট (Rashtriya Democratic Alliance) ভাৰতৰ অসম ৰাজ্যৰ ৫টা ৰাজনৈতিক দলেৰে গঠিত এটা গোট আছিল। এই গোটে ২০০১ চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।