Ham Itihaasশিলিগুড়ি কৰিডৰ (Siliguri Corridor) হৈছে ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ শিলিগুড়ি চহৰৰ আশে-পাশে থকা সংকীৰ্ণ অঞ্চল।১২ ইংৰাজীত ইয়াক চিকেনজ নেক (অৰ্থাৎ: কুকুৰাৰ মূৰ) বুলিও কোৱা হয়। আটাইতকৈ সংকীৰ্ণ অংশত ই ২০–২২ কিলোমিটাৰ (১২–১৪ মাইল) দৈৰ্ঘ্যৰ ভূ-ৰাজনৈতিক আৰু ভূ-অৰ্থনৈতিক কৰিডৰৰে উত্তৰ-পূব ভাৰতৰ আঠখন ৰাজ্যক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰে।
শিলিগুড়ি কৰিডৰ হৈছে ভূটান, নেপাল, বাংলাদেশ, ছিক্কিম, দাৰ্জিলিং, আৰু উত্তৰ-পূব ভাৰতক ইটোৰ সিটোৰ লগত সংযোগ কৰা কেন্দ্ৰীয় স্থান।
ইতিহাস
ভাৰত বিভাজনৰ ফলত ১৯৪৭–১৯৪৮ চনত বংগ (পূব বংগত) বিভাজনৰ পিছত পূব পাকিস্তান (বৰ্তমান বাংলাদেশ) সৃষ্টিৰ জৰিয়তে শিলিগুৰি কৰিডৰ গঠন হয়।৩
১৯৭৫ চনত ৰাজহুৱাভাৱে অনুষ্ঠিত হোৱা গণভোটৰ জৰিয়তে ভাৰতৰ সৈতে মিলন নোহোৱালৈকে ছিকিম ৰাজ্য পূৰ্বতে কৰিডৰৰ উত্তৰ দিশত আছিল। ইয়াৰ ফলত ভাৰতে শিলিগুৰি কৰিডৰৰ উত্তৰ দিশত বাফাৰ লাভ কৰাৰ লগতে চুম্বি উপত্যকাৰ পশ্চিম দিশৰ ওপৰত ভাৰতৰ নিয়ন্ত্ৰণ সুদৃঢ় হয়।৪৫
স্থান আৰু মাত্ৰা

কৰিডৰৰ মাত্ৰাসমূহ সাধাৰণতে ব্যাখ্যাৰ বিষয়। প্ৰায় বৰ্ণনাত ইয়াৰ আয়তন বহল অংশত ১৭০ বাই ৬০ কিলোমিটাৰ (১০৬ বাই ৩৭ মাইল) আৰু আটাইতকৈ সংকীৰ্ণ অংশটোত ২০–২২ কিলোমিটাৰ (১২–১৪ মাইল) বুলি কোৱা হৈছে।
জনপ্ৰিয় সংস্কৃতিত
২০০০ চনত হামফ্ৰে হকছলীয়ে তেওঁৰ উপন্যাস "ড্ৰেগন ফায়াৰ"ত চীনে ভাৰতৰ উত্তৰ-পূব ভূখণ্ডলৈ যোৱা স্থলপথ দখল কৰাৰ কাল্পনিক পৰিস্থিতিৰ বিষয়ে চমুকৈ উল্লেখ কৰিছিল। তদুপৰি, ব্ৰিগেডিয়াৰ বব বুটালিয়াৰৰ "এচেচিনছ মেচ (২০১১)"ত ডোক্লাম আৰু জালধাকা নদীৰ সৈতে জড়িত এনে পৰিস্থিতিও জড়িত হৈ আছে।৬
তথ্যসূত্ৰ
- ↑ Singh, Mayank. (7 November 2021). Army steps up efforts to safeguard Siliguri Corridor. New Indian Express
- ↑ Singh, Mohinder Pal. (9 October 2019). What if China wrings India's 'Chicken's Neck' – the Siliguri corridor? Here are some countermeasures. Times of India
- ↑ Atig Ghosh, The Importance of Being Siliguri 2018, পৃ. 136
- ↑ (15 April 1975). Sikkim Votes On Indian Merger. Daytona Beach Morning Journal
- ↑ (16 April 1975). Sikkim Voters OK Merger With India. Sarasota Herald-Tribune
- ↑ Singh, Lt Gen (Retd) KJ. (9 July 2017). India ready, theoretically: 'Threats' to Siliguri Corridor war-gamed. Tribune India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিলিগুড়ি কৰিডৰ” প্ৰবন্ধৰ সংশোধন ৫৫৯৫৫২ (১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।