ভাৰত চৰকাৰৰ মন্ত্ৰণালয়
১৪ প্ৰবন্ধ
-
মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়
মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয় ভাৰত চৰকাৰৰ অন্তৰ্গত এখন মন্ত্ৰণালয়। মহিলা আৰু শিশুৰ সৰ্বাংগীন উন্নয়নৰ বাবে ২০০৬ চনৰ ৩০ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে এই মন্ত্ৰণালয় গঠন কৰিছিল। ভাৰতত মহিলা আৰু শিশুৰ বিকাশৰ বাবে গ্ৰহণ কৰা নীতি আৰু আইন সমূহ এই মন্ত্ৰণালয়ে প্ৰস্তুত কৰে।
-
ভাৰতৰ শিক্ষা মন্ত্ৰালয়
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় (Ministry of Human Resource Development), পূৰ্বে শিক্ষাৰ মন্ত্ৰালয় (১৯৮৫ চনৰ ২৫ ছেপ্টেম্বৰলৈকে), ভাৰতৰ মানৱ সম্পদ বিকাশৰ বাবে দায়বদ্ধ।
-
ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)
ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (Ministry of Electronics and Information Technology) হৈছে ভাৰত গণৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰৰ এক কাৰ্যবাহী সংস্থা।
-
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় হৈছে ভাৰত চৰকাৰৰ মন্ত্ৰালয়। এই মন্ত্ৰালয়ৰ নেতৃত্ব আছে সচিব পদবীৰ জ্যেষ্ঠতম আইএএছ বিষয়া। মন্ত্ৰালয়ৰ দপ্তৰ বৰ্তমান কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ হাতত আছে।
-
শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় ভাৰত চৰকাৰৰ আটাইতকৈ পুৰণি আৰু গুৰুত্বপূৰ্ণ মন্ত্ৰালয়সমূহৰ ভিতৰত অন্যতম মন্ত্ৰালয়। ই ভাৰত চৰকাৰৰ এটা কেন্দ্ৰীয় মন্ত্ৰালয়। মন্ত্ৰালয়টোৱে সাধাৰণভাৱে শ্ৰম আইনসমূহ প্ৰয়োগ কৰাৰ লগতে শ্ৰমিকসকলৰ সামাজিক সুৰক্ষাৰ সৈতে জড়িত আইনসমূহ ৰূপায়ণৰ দায়িত্ব পালন কৰে।
-
সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়
ভাৰত চৰকাৰৰ এটা শাখা সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় (Ministry of Micro, Small and Medium Enterprises) হৈছে ভাৰতত সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসম্পৰ্কীয় নিয়ম, নিয়ম আৰু আইন প্ৰস্তুত আৰু প্ৰশাসনৰ শীৰ্ষ কাৰ্যবাহী সংস্থা।
-
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় হৈছে সমগ্ৰ দেশত সকলো দক্ষতা বিকাশৰ প্ৰচেষ্টাৰ সমন্বয়ৰ বাবে ৯ নৱেম্বৰ ২০১৪ তাৰিখে গঠন কৰা ভাৰত চৰকাৰ মন্ত্ৰালয়। ঔদ্যোগিক প্ৰশিক্ষণ, শিক্ষানবিশ আৰু অন্যান্য দক্ষতা বিকাশৰ দায়িত্ব "শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়"ৰ পৰা ১৬ এপ্ৰিল ২০১৫ তাৰিখে নতুনকৈ নিৰ্মিত এই…
-
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় (Ministry of Petroleum and Natural Gas) ভাৰত চৰকাৰৰ অধীনৰ এক মন্ত্ৰালয়। এই মন্ত্ৰালয়ে পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, পেট্ৰলিয়ামজাত সামগ্ৰী আৰু তৰলীকৃত প্ৰাকৃতিক গেছৰ অন্বেষণ, উৎপাদন, শোধন, বিতৰণ, বিপণন, আমদানি, ৰপ্তানি, আৰু সংৰক্ষণৰ দায়িত্ব পালন কৰে।
-
উত্তৰ-পূব উন্নয়ন মন্ত্ৰণালয়
উত্তৰ-পূব উন্নয়ন মন্ত্ৰণালয় ভাৰত চৰকাৰৰ অন্তৰ্গত এখন মন্ত্ৰণালয়। ভাৰত চৰকাৰে ২০০১ চনৰ ছেপ্টেম্বৰ মাহত উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত উন্নয়নৰ বাবে এই মন্ত্ৰণালয় প্ৰতিষ্ঠা কৰিছিল।
-
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়
ভাৰত চৰকাৰৰ এটা শাখা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় (Ministry of Agriculture and Farmers' Welfare) (পূৰ্বতে কৃষি মন্ত্ৰালয়, Ministry of Agriculture) হৈছে ভাৰতত কৃষি সম্পৰ্কীয় নিয়ম আৰু আইন প্ৰস্তুত আৰু প্ৰশাসনৰ শীৰ্ষ সংস্থা।
-
কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয় (Ministry of Personnel, Public Grievances and Pensions) ভাৰত চৰকাৰৰ অধীনৰ এক মন্ত্ৰালয়। এই মন্ত্ৰালয়ে চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত বিষয় বিশেষকৈ নিযুক্তি, প্ৰশিক্ষণ, কেৰিয়াৰ বিকাশ, কৰ্মচাৰীৰ কল্যাণৰ লগতে অৱসৰৰ পিছৰ বিষয়সমূহৰ লগত জড়িত।
-
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয় (Ministry of Statistics and Programme Implementation, MoSPI) হৈছে প্ৰকাশিত পৰিসংখ্যা আৰু মানদণ্ডৰ দিশবোৰৰ সৈতে সম্পৰ্কিত ভাৰত চৰকাৰৰ এক মন্ত্ৰালয়। মন্ত্ৰালয়ে চলোৱা জৰীপবোৰ বৈজ্ঞানিক নমুনা পদ্ধতিৰ ওপৰত আধাৰিত।
-
ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগম
ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগম (NPCI; भारतीय राष्ट्रीय भुगतान निगम) হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিশেষ বিভাগ যি ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধিকাৰ ক্ষেত্ৰত আছে। ভাৰতত খুচুৰা পৰিশোধ আৰু নিষ্পত্তি প্ৰণালী পৰিচালনা কৰাৰ বাবে আৰ.বি.আই.য়ে ইয়াক সৃষ্টি কৰিছিল
-
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয় (Ministry of Social Justice and Empowerment) হৈছে ভাৰত চৰকাৰৰ মন্ত্ৰালয়। ই সমাজৰ সুবিধাবঞ্চিত আৰু প্ৰান্তিক শ্ৰেণীৰ কল্যাণ, সামাজিক ন্যায় আৰু সৱলীকৰণৰ বাবে দায়বদ্ধ, যাৰ ভিতৰত আছে অনুসূচীত জাতি (এছচি), অন্যান্য পিছপৰা শ্ৰেণী (ওবিচি), বিকলাঙ্গ, বৃদ্ধ,আৰু মাদক…