অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ৰামছৰ সন্মিলন

বিশেষকৈ জলচৰ চৰাইৰ বাসস্থান হিচাপে আন্তৰ্জাতিক গুৰুত্বপূৰ্ণ জলাশয়ৰ ৰামছাৰ চুক্তিখন ৰামছাৰ স্থান (জলাভূমি) সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰৰ বাবে এক আন্তৰ্জাতিক চুক্তি। ইয়াক কনভেনচন অন ৱেটলেণ্ডছ বুলিও কোৱা হয়। ১৯৭১ চনত এই চুক্তি স্বাক্ষৰিত হোৱা ইৰাণৰ ৰামছাৰ চহৰৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।

হালনাগাদ: ২৭ জুলাই ২০২২ ১৯৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বিশেষকৈ জলচৰ চৰাইৰ বাসস্থান হিচাপে আন্তৰ্জাতিক গুৰুত্বপূৰ্ণ জলাশয়ৰ ৰামছাৰ চুক্তিখন ৰামছাৰ স্থান (জলাভূমি) সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰৰ বাবে এক আন্তৰ্জাতিক চুক্তি।১ ইয়াক কনভেনচন অন ৱেটলেণ্ডছ বুলিও কোৱা হয়। ১৯৭১ চনত এই চুক্তি স্বাক্ষৰিত হোৱা ইৰানৰ ৰামছাৰ চহৰৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।

প্ৰতি তিনি বছৰৰ মূৰে মূৰে চুক্তিবদ্ধ পক্ষসমূহৰ প্ৰতিনিধিসকলে চুক্তিবদ্ধ পক্ষসমূহৰ সন্মিলন (COP) হিচাপে বৈঠকত মিলিত হয়। এয়া চুক্তিখনৰ নীতি নিৰ্ধাৰণকাৰী অংগ যিয়ে চুক্তিখনৰ কাম-কাজ পৰিচালনা কৰাৰ বাবে সিদ্ধান্ত (প্ৰস্তাৱ আৰু পৰামৰ্শ) গ্ৰহণ কৰে আৰু যাৰ ফলত ইয়াৰ পদ্ধতি উন্নত কৰা পক্ষসমূহে ইয়াৰ লক্ষ্যসমূহ কাৰ্যকৰী কৰিবলৈ সক্ষম হয়।২ ২০১৫ চনত উৰুগুৱেৰ পুন্টা ডেল এষ্টেত অনুষ্ঠিত হৈছিল COP12। ২০১৮ চনৰ অক্টোবৰ মাহত সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাইত COP13 অনুষ্ঠিত হৈছিল।

ফিজিৰ 'উচ্চ নাভুৱা সংৰক্ষণ এলেকা' ৰামছাৰ স্থান হিচাপে পৰিগণিত
ফিজিৰ 'উচ্চ নাভুৱা সংৰক্ষণ এলেকা' ৰামছাৰ স্থান হিচাপে পৰিগণিতছবি: Powell.Ramsar · CC BY-SA 4.0
বুদ্ধিদীপ্ত ব্যৱহাৰৰ উদাহৰণ, ভাৰতত বহনক্ষম প্ৰণালীৰে মাছ ধৰাৰ দৃশ্য
বুদ্ধিদীপ্ত ব্যৱহাৰৰ উদাহৰণ, ভাৰতত বহনক্ষম প্ৰণালীৰে মাছ ধৰাৰ দৃশ্যছবি: Powell.Ramsar · CC BY-SA 4.0

আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয়ৰ পৰিসংখ্যা

আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয়ৰ তালিকাত ২০২২ চনৰ জুলাই মাহত ২৫৫,৬৪০,৪০২ হেক্টৰ ভূমি সামৰি লোৱা ২,৪৪৫ টা ৰামছাৰ স্থান অন্তৰ্ভুক্ত কৰা হৈছে। ৩

২০২২ চনত ভাৰতৰ পাঁচটা নতুন জলাশয়ে ৰামছাৰ স্থানৰ আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব লাভ কৰিছে, যাৰ ফলত দেশত ৰামছৰ স্থান ৫৪ লৈ বৃদ্ধি হৈছে। পাঁচটা নতুন ৰামছাৰ স্থান হৈছে— তামিলনাডুৰ "কৰিকিলি চৰাই অভয়াৰণ্য", পল্লিকৰণাই "মাৰ্চ ৰিজাৰ্ভ ফৰেষ্ট" আৰু "পিচাৱৰাম মেংগ্ৰোভ"; মিজোৰামৰ "পালা জলাশয়" আৰু মধ্য প্ৰদেশৰ "সাখ্যাসাগৰ"৪

ৰামছাৰ ছাইট তথ্য সেৱা (RSIS) হৈছে এটা সন্ধানযোগ্য ডাটাবেছ যিয়ে প্ৰতিটো ৰামছাৰ ছাইটৰ তথ্য সংৰক্ষণ আৰু প্ৰদান কৰে। ৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The Ramsar Convention and its Mission
  2. ↑ The Conference of the Contracting Parties. Ramsar
  3. ↑ (26 July 2022). Five more Indian wetlands get international tag of Ramsar sites, list grows to 54. Times of India
  4. ↑ (26 July 2022). India’s Ramsar sites rise to 54 as 5 wetlands get ‘international importance’ tag. Hindustan Times
  5. ↑ "Using the Ramsar Sites Information Service"

সম্পৰ্কিত শ্ৰেণী

পৰিৱেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামছৰ সন্মিলন” প্ৰবন্ধৰ সংশোধন ৩২৮৯৯৫ (২৭ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।