অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মৃত্যুদণ্ড

মৃত্যুদণ্ড বা প্ৰাণদণ্ড (capital punishment) হৈছে আইনী উপায়েৰে শাস্তি হিচাপে এজন ব্যক্তিক কৰা হত্যা। মৃত্যুদণ্ডযোগ্য অপৰাধবোৰক দেশভেদে ভিন্ন ভিন্ন হ'ব পাৰে, কিন্তু সাধাৰণতে ব্যক্তিজনৰ বিৰুদ্ধে গুৰুতৰ অপৰাধ যেনে হত্যা, একাধিক লোকৰ হত্যা, ধৰ্ষণ, শিশু ধৰ্ষণ, শিশু যৌন উৎপীড়ন, সন্ত্ৰাসবাদ, যুদ্ধ…

হালনাগাদ: ১৯ মে’ ২০২৫ ২৭৯ শব্দ · ২ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

মৃত্যুদণ্ড বা প্ৰাণদণ্ড (capital punishment) হৈছে আইনী উপায়েৰে শাস্তি হিচাপে এজন ব্যক্তিক কৰা হত্যা। মৃত্যুদণ্ডযোগ্য অপৰাধবোৰক দেশভেদে ভিন্ন ভিন্ন হ'ব পাৰে, কিন্তু সাধাৰণতে ব্যক্তিজনৰ বিৰুদ্ধে গুৰুতৰ অপৰাধ যেনে হত্যা, একাধিক লোকৰ হত্যা, ধৰ্ষণ, শিশু ধৰ্ষণ, শিশু যৌন উৎপীড়ন, সন্ত্ৰাসবাদ, যুদ্ধ অপৰাধ, মানৱতাৰ বিৰুদ্ধে অপৰাধ, আৰু নৰসংহাৰ, লগতে দেশৰ বিৰুদ্ধে অপৰাধ যেনে চৰকাৰ উৎখাত কৰাৰ চেষ্টা, দেশদ্ৰোহ, গুপ্তচৰবৃত্তি, ৰাজদ্ৰোহ, জলদস্যুতা আৰু বিমান অপহৰণ আদি অন্তৰ্ভুক্ত থাকে। ইয়াৰোপৰি, কিছুমান ক্ষেত্ৰত, ড্ৰাগছ সৰবৰাহ, ড্ৰাগছৰ লেনদেন আৰু ড্ৰাগ ৰখাৰ উপৰিও, অবাঞ্ছিত আচৰণ পুনৰাবৃত্তি, বৰ্ধিত ডকাইতি আৰু অপহৰণৰ কাৰ্যবোৰ মৃত্যুদণ্ডযোগ্য অপৰাধ ৰূপে গণ্য কৰা হয়।

বৰ্তমানে ৫৪খন দেশত মৃত্যুদণ্ডক শাস্তি ৰূপে দিয়া হয়; আনহাতে ১০৭খন দেশে সকলো অপৰাধৰ বাবে ইয়াক সম্পূৰ্ণৰূপে বাতিল কৰিছে, ৭খন দেশে ইয়াক সাধাৰণ অপৰাধৰ বাবে বাতিল কৰিছে (যুদ্ধ অপৰাধৰ দৰে বিশেষ পৰিস্থিতিৰ বাবে কেৱল ইয়াক বজাই ৰাখিছে), আৰু আন ২৭খন দেশে ব্যৱহাৰিকভাৱে ইয়াক বাতিল কৰিছে।১২ যদিও বেছিভাগ দেশেই মৃত্যুদণ্ড বাতিল কৰিছে, বিশ্বৰ জনসংখ্যাৰ ৬০%তকৈও অধিক লোক এনে দেশত বাস কৰে য'ত মৃত্যুদণ্ড দিয়া হয়, যেনে চীন, ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, পাকিস্তান, বাংলাদেশ, নাইজেৰিয়া, ইজিপ্ত, চৌদি আৰৱ, ইৰান, লগতে জাপান আৰু টাইৱান।৩৪৫৬৭

কেইবাখনো দেশ আৰু ৰাজ্যত মৃত্যুদণ্ড হৈছে বিতৰ্কিত বিষয় আৰু একক ৰাজনৈতিক আদৰ্শ বা সাংস্কৃতিক অঞ্চলৰ ভিতৰতো ইয়াৰ স্থিতি পৃথক হ'ব পাৰে। ইউৰোপিয়ান ইউনিয়নত ইয়াৰ মৌলিক অধিকাৰৰ চাৰ্টাৰৰ দ্বিতীয় অনুচ্ছেদত মৃত্যুদণ্ডৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।৮ ৪৭খন সদস্য ৰাষ্ট্ৰ থকা ইউৰোপ পৰিষদে (Council of Europe) মানৱ অধিকাৰৰ ওপৰত ইউৰোপীয় সন্মিলনৰ প্ৰটোকল ১৩-ৰ জৰিয়তে ইয়াৰ সদস্যসকলৰ দ্বাৰা মৃত্যুদণ্ডৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ চেষ্টা কৰিছে। অৱশ্যে, ই কেৱল সেই সদস্য ৰাষ্ট্ৰসমূহক প্ৰভাৱিত কৰে যিসকলে ইয়াক স্বাক্ষৰ আৰু অনুমোদন কৰিছে, আৰু সেইবোৰত আৰ্মেনিয়া, ৰাছিয়া আৰু আজেৰবাইজান অন্তৰ্ভুক্ত নহয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মৃত্যুদণ্ড বিলুপ্তিৰ লক্ষ্যৰে ২০০৭ চনৰ পৰা ২০২০ চনলৈ আটাইবোৰ বছৰতে,৯ মৃত্যুদণ্ডৰ ওপৰত বিশ্বব্যাপী স্থগিতাদেশ ৰখাৰ বাবে আহ্বান জনোৱা আঠটা অ-বাধ্যতামূলক প্ৰস্তাৱ গ্ৰহণ কৰিছে।১০

তথ্যসূত্ৰ

  1. ↑ Abolitionist and Retentionist Countries as of July 2018. Amnesty International
  2. ↑ www.amnesty.org/download/Documents/ACT5037602021
  3. ↑ Death Penalty. Amnesty International
  4. ↑ (13 August 2004). India: Death penalty debate won't die out soon. Asia Times
  5. ↑ Indonesian activists face upward death penalty trend. World Coalition against the Death Penalty
  6. ↑ (29 March 2009). Legislators in U.S. state vote to repeal death penalty. International Herald Tribune
  7. ↑ The Death Penality in Japan. International Federation for Human Rights
  8. ↑ Charter of Fundamental Rights of the European Union. ইউৰোপিয়ান ইউনিয়ন
  9. ↑ A Record 120 Nations Adopt UN Death-Penalty Moratorium Resolution, 18 December 2018, Death Penalty Information Center
  10. ↑ (15 November 2007). moratorium on the death penalty. ৰাষ্ট্ৰসংঘ

সম্পৰ্কিত শ্ৰেণী

মানৱ অধিকাৰআইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃত্যুদণ্ড” প্ৰবন্ধৰ সংশোধন ৫১০২৬৬ (১৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।