চুক্তি
১৯ প্ৰবন্ধ
-
ইয়াণ্ডাবু সন্ধি
ইয়াণ্ডাবু সন্ধি (১৮২৬) প্ৰথম এংলো-বাৰ্মা যুদ্ধৰ অন্ত পেলোৱা শান্তি-চুক্তি। এই চুক্তিৰ ফলত ব্ৰহ্মদেশে বিস্তীৰ্ণ ভূখণ্ড হেৰুওৱাৰ লগতে ক্ষতিপূৰণ আৰু কূটনৈতিক ব্যৱস্থা মানি ল’বলগীয়া হয়, যিয়ে অঞ্চলটোৰ ৰাজনৈতিক সমীকৰণ সলনি কৰে।
-
অসম চুক্তি
অসম চুক্তি হৈছে ১৯৮৫ চনত স্বাক্ষৰিত এক বুজাবুজি চুক্তি, যাৰ জৰিয়তে অসম আন্দোলনৰ আনুষ্ঠানিক সমাপ্তি ঘটে। ১৫ আগষ্ট ১৯৮৫ তাৰিখে নতুন দিল্লীত ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়।
-
গান্ধী–আৰউইন চুক্তি
গান্ধী–আৰউইন চুক্তি (Gandhi–Irwin Pact) আছিল লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলৰ আগতে ১৯৩১ চনৰ ৫ মাৰ্চত মহাত্মা গান্ধী আৰু ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইনৰ দ্বাৰা স্বাক্ষৰিত এক ৰাজনৈতিক চুক্তি।
-
ঘিলাধাৰী ঘাটৰ সন্ধি
ঘিলাঝাৰি ঘাটৰ সন্ধি মোগল সম্ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত স্বাক্ষৰিত হোৱা সন্ধি। ১৬৬৩ চনৰ ২৩ জানুৱাৰী তাৰিখে আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ আৰু মোগলৰ সেনাপতি মীৰ জুমলায়ে শিৱসাগৰৰ তিপামৰ ওচৰৰ ঘিলাঝাৰি ঘাট নামে ঠাইত এই সন্ধিত স্বাক্ষৰ কৰিছিল।
-
অসুৰৰ আলিৰ সন্ধি
অসুৰৰ আলিৰ সন্ধি ১৬৩৯ চনৰ ফেব্ৰুৱাৰী মাহত মোগল সম্ৰাজ্যৰ ফৌজদাৰ আল্লাহ য়াৰ খান আৰু আহোম ৰাজ্যৰ মোমাই তামুলী বৰবৰুৱাৰ মাজত স্বাক্ষৰিত হৈছিল। ১৬১৫ চনৰপৰা কেইবাবাৰো মোগলে আহোমক আক্ৰমণ কৰি অসম নিজৰ অধীনলৈ আনিবলৈ কৰা বিফল চেষ্টাৰ পিছত ১৬৩৮ চনৰ নৱেম্বৰ মাহত দুইমুনিশিলা যুদ্ধত মোগল আহোমৰ হাতত বেয়াকৈ…
-
পুনা চুক্তি
পুনা চুক্তি ১৯৩০ চনত ব্ৰিটিছ ভাৰত চৰকাৰৰ বিধায়িকাৰ বাবে নিৰ্বাচনী আসন সংৰক্ষণৰ বাবে অনগ্ৰসৰ শ্ৰেণী আৰু উচ্চ জাতিৰ হিন্দু নেতাসকলৰ তৰফৰ পৰা মহাত্মা গান্ধী আৰু ভীমৰাও ৰামজী আম্বেদকাৰৰ মাজত এক চুক্তি আছিল। ১৯৩২ চনৰ ২৪ ছেপ্টেম্বৰত ভাৰতৰ পুনেৰ য়াৰৱাদা কেন্দ্ৰীয় কাৰাগাৰত এই চুক্তি কৰা হৈছিল।
-
বড়ো চুক্তি ২০২০
ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো জনগোষ্ঠীৰ নেতৃবৰ্গৰ মাজত ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো চুক্তি স্বাক্ষৰিত হয়। ভাৰত চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব…
-
মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য দূৰীকৰণৰ চুক্তি (১৯৭৯)
মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য নিৰ্মূলকৰণ চুক্তি চমুকৈ CEDAW এক আন্তৰ্জাতিক চুক্তি, য'ত এটা প্ৰস্তাৱনা আৰু ৩০টা অনুচ্ছেদ আছে, যাক সাধাৰণতে মহিলাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অধিকাৰ বিধেয়ক হিচাপে জনা যায়।
-
এস্কাজু চুক্তি
লেটিন আমেৰিকা আৰু কেৰিবিয়ানত পৰিৱেশগত বিষয়ত তথ্য, জনসাধাৰণৰ অংশগ্ৰহণ আৰু ন্যায়ৰ প্ৰৱেশাধিকাৰৰ ওপৰত আঞ্চলিক চুক্তি, যাক এস্কাজু চুক্তি (Escazu Agreement) বুলি জনা যায়, হৈছে পৰিৱেশৰ বিষয়ে তথ্য প্ৰাপ্ত কৰাৰ অধিকাৰ, পাৰিপাৰ্শ্বিক সিদ্ধান্ত লোৱাত জনসাধাৰণৰ অংশগ্ৰহণ, পাৰিপাৰ্শ্বিক ন্যায় আৰু বৰ্তমান…
-
গোলকীয় জলবায়ু পৰিৱৰ্তনৰ মানৱীয় মাত্ৰাৰ ওপৰত মালে ঘোষণাপত্ৰ
গোলকীয় জলবায়ু পৰিৱৰ্তনৰ মানৱীয় মাত্ৰাৰ ওপৰত মালে ঘোষণাপত্ৰ (Malé Declaration on the Human Dimension of Global Climate Change) হৈছে কেইবাখনো ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰ প্ৰতিনিধিৰ দ্বাৰা স্বাক্ষৰ কৰা এখন চুক্তি।
-
মহিলাৰ জাতীয়তা সম্পৰ্কীয় সন্ধি
মহিলাৰ জাতীয়তা সম্পৰ্কীয় সন্ধি আছিল মহিলাৰ অধিকাৰ সম্পৰ্কে গ্ৰহণ কৰা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় সন্ধি। ১৯৩৩ চনত উৰুগুৱেৰ মণ্টেভিডিঅ'ত প্যান আমেৰিকান ইউনিয়নে ইয়াক গ্ৰহণ কৰে।
-
ৱাশ্বিংটন চুক্তি
ৱাশ্বিংটন চুক্তি (Washington Accord) হৈছে স্বাক্ষৰকাৰী দেশসমূহৰ স্বীকৃতি প্ৰদানকাৰী সংস্থাসমূহৰ মাজত বৃত্তিগত অভিযান্ত্ৰিক শিক্ষাৰ স্নাতক (Undergraduate) আৰু স্নাতকোত্তৰ (Postgraduate) শৈক্ষিক ডিগ্ৰীৰ স্বীকৃতি সম্পৰ্কীয় এক আন্তঃৰাষ্ট্ৰীয় চুক্তি।
-
আখালৰ চুক্তি
আখাল সন্ধি বা চুক্তি (Treaty of Akhal) ক আখাল-খোৰাছান সীমান্ত চুক্তি নামেৰেও জনাজাত। এই চুক্তি ১৮৮১ চনৰ ২১ ছেপ্টেম্বৰত কাজাৰ ইৰাণ আৰু সাম্ৰাজ্যবাদী দেশ ৰাছিয়াৰ মাজত স্বাক্ষৰিত এখন সন্ধি আছিল।
-
তুৰ্কমেঞ্চায়ৰ সন্ধি
তুৰ্কমেঞ্চায় সন্ধি (Treaty of Turkmenchay) আছিল কাজাৰ ইৰাণ আৰু ৰাছিয়াৰ সাম্ৰাজ্যৰ মাজত হোৱা চুক্তি, যাৰ ফলত ৰুছ-পাৰ্চী যুদ্ধ (১৮২৬–১৮২৮)ৰ অন্ত পৰিছিল।
-
পেৰিছ চুক্তি
পেৰিছ চুক্তি Paris Agreement(পেৰিছ জলবায়ু চুক্তি বুলিও কোৱা হয়) হৈছে ২০১৬ চনত স্বাক্ষৰিত জলবায়ু পৰিৱৰ্তনৰ এখন আন্তৰ্জাতিক সন্ধি। এই সন্ধিখনে জলবায়ু পৰিৱৰ্তন প্ৰশমন, অভিযোজন, আৰু বিত্তীয় বিষয়ক সামৰি লৈছে।
-
ভাৰত-চীন সীমান্ত টহল চুক্তি ২০২৪
ভাৰত-চীন সীমান্ত টহল চুক্তি ২০২৪ হৈছে গালৱান উপত্যকাত দুখন দেশৰ মাজত হোৱা সংঘৰ্ষৰ ফলত হোৱা শত্ৰুতা লাঘৱ কৰাৰ বাবে ভাৰত আৰু চীনৰ মাজত উপনীত হোৱা এখন চুক্তি। দুয়োখন দেশৰ সংঘাতৰ সময়ত প্ৰতিৰক্ষা জোৱানৰ হতাহতি হয়।
-
ভাৰতীয় চুক্তি আইন ১৮৭২
ভাৰতবৰ্ষত চুক্তি সম্পৰ্কীয় আইন ভাৰতীয় চুক্তি আইন ১৮৭২ (Indian Contract Act, 1872) ত সন্নিৱিষ্ট কৰা হৈছে। এই আইনখন ইংৰাজ শাসনৰ সময়ত অনুমোদিত আৰু ই ইংৰাজ সাধাৰণ আইনৰ (British Common Law) নীতিসমূহৰ ওপৰত আধাৰিত। জম্মু আৰু কাশ্মীৰৰ বাদে সমগ্ৰ ভাৰততে ভাৰতীয় চুক্তি আইনখন প্ৰযোজ্য।
-
মাজুলীৰ সন্ধি
মাজুলীৰ সন্ধি (১৫৬৩, ইংৰাজী ভাষা:Treaty of Majuli) কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুখাম্ফাৰ মাজত স্বাক্ষৰিত হৈছিল। নৰনাৰায়ণৰ ভাতৃ আৰু কোচ সেনাপতি চিলাৰায়ে আহোম ৰাজ্যত চলোৱা আক্ৰমণত আহোমৰ ৰাজধানী গড়গাঁৱৰ পতন হয়।
-
সুগৌলী সন্ধি
সুগৌলী সন্ধি ১৮১৪–১৬ চনৰ এংলো-নেপালী যুদ্ধৰ পিছত ১৮১৬ চনৰ ৪ মাৰ্চত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু গুৰু গজৰাজ মিশ্ৰৰ মাজত স্বাক্ষৰিত হয়।