অসমৰ স্বায়ত্বশাসিত পৰিষদ
৯ প্ৰবন্ধ
-
বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ
বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বিটিচি) অসমৰ বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চল (বিটিআৰ) শাসনৰ বাবে গঠিত ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্বশাসিত পৰিষদ। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী স্থাপিত এই পৰিষদে কোকৰাঝাৰ, বাক্সা, ওদালগুৰি আৰু চিৰাং—এই চাৰিখন জিলাৰ অন্তৰ্গত অঞ্চলত প্ৰশাসনিক কাৰ্য সম্পাদন কৰে।
-
ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ
ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। ৰাভা জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ব শাসনৰ বাবে অসম চৰকাৰে ১৯৯৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৫ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে।
-
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ অসমৰ এখন স্বায়ত্বশাসিত জিলা পৰিষদ। ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ স্থানীয় প্ৰশাসন আৰু এই জিলাৰ পাৰ্বত্য জনজাতি সকলৰ উন্নয়নৰ বাবে এই পৰিষদ গঠন কৰা হৈছে। ইয়াৰ মুখ্য কাৰ্যালয় ডিফুত অৱস্থিত।
-
মিচিং স্বায়ত্বশাসিত পৰিষদ
মিচিং স্বায়ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। মিচিং জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ব শাসনৰ বাবে অসম চৰকাৰে ১৯৯৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৫ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে।
-
মটক স্বায়ত্বশাসিত পৰিষদ
মটক স্বায়ত্ব শাসিত পৰিষদ হৈছে জাতিগত মটক জনগোষ্ঠীৰ বিকাশ আৰু সুৰক্ষাৰ বাবে ভাৰতৰ অসম ৰাজ্যৰ এক স্বায়ত্ব শাসিত প্ৰশাসনীয় বিভাগ। এইটো ২০২০ চনত গঠন কৰা হৈছিল।
-
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ (Kamatapur Autonomous Council (KAC)) হৈছে কোচ-ৰাজবংশী জনগোষ্ঠীৰ বিকাশ আৰু সুৰক্ষাৰ বাবে ভাৰতৰ অসম ৰাজ্যৰ এটা স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ। পৰিষদখন ২০২০ চনত গঠন কৰা হৈছিল।
-
বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ
বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ ( Bodo Kachari Welfare Autonomous Council) বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নৰ বাহিৰত বসবাস কৰা বড়ো জনগোষ্ঠীয় লোকৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে গঠন কৰা অসমৰ এক স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ। ইয়াৰ স্থাপনা হৈছে ২০২০ চনত।
-
মৰাণ স্বায়ত্বশাসিত পৰিষদ
মৰাণ স্বায়ত্বশাসিত পৰিষদ (Moran Autonomous Council) মৰাণ জনগোষ্ঠীৰ উন্নয়ত আৰু সুৰক্ষাৰ বাবে ২০২০ চনত গঠন কৰা অসমৰ এক স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ বা স্বায়ত্বশাসিত পৰিষদ।
-
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ বা ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদ অসমৰ এটা স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ। সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি ডিমা হাছাও জিলাৰ স্থানীয় প্ৰশাসন আৰু এই জিলাৰ পাৰ্বত্য জনজাতি সকলৰ উন্নয়নৰ বাবে এই পৰিষদ গঠন কৰা হৈছে। ইয়াৰ মুখ্য কাৰ্যালয় হাফলঙত অৱস্থিত।