ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষ (Telecom Regulatory Authority Of India, সংক্ষেপে TRAI) হৈছে ভাৰত চৰকাৰে ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষ আইন,১৯৯৭ ৰ ধাৰা ৩-ৰ অধীনত স্থাপন কৰা এক নিয়ামক সংস্থা। এইটো ভাৰতৰ দূৰসংযোগ খণ্ডৰ নিয়ন্ত্ৰক।১ ট্ৰাই আইনখন এক অধ্যাদেশৰ দ্বাৰা সংশোধন কৰা হৈছিল, যি ২৪ জানুৱাৰী ২০০০-ৰ পৰা কাৰ্যকৰী হয়, ট্ৰাইৰ পৰা ন্যায়াধীশ আৰু বিবাদৰ কাৰ্যকলাপ অধিগ্ৰহণ কৰিবলৈ টেলিকম বিবাদ নিষ্পত্তি আৰু আপীল ন্যায়াধিকৰণ (টিডিএছএটি) স্থাপন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত।
ইতিহাস
ভাৰতত টেলিকম সেৱা আৰু শুল্ক নিয়ন্ত্ৰণ ৰখাৰ বাবে সংসদৰ এক আইনৰ দ্বাৰা ১৯৯৭ চনৰ ২০ ফেব্ৰুৱাৰীত ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষ স্থাপন কৰা হৈছিল। আগতে টেলিকম সেৱা আৰু শুল্কৰ নিয়ন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা তত্ত্বাৱধান কৰা হৈছিল। ট্ৰাইৰ লক্ষ্য হৈছে ভাৰতত দূৰসংযোগৰ বিকাশৰ বাবে পৰিস্থিতি সৃষ্টি আৰু প্ৰতিপালন কৰা।২ ট্ৰাইয়ে নিয়মীয়াকৈ বিভিন্ন বিষয় যেনে- শুল্ক, আন্তঃসংযোগ, সেৱাৰ মানদণ্ড, ডাইৰেক্ট টু হোম (ডিটিএইচ) সেৱা আৰু ম'বাইল নম্বৰ পোৰ্টেবিলিটি আদিৰ ওপৰত নিৰ্দেশনা জাৰী কৰে। জানুৱাৰী ২০১৬-ত, ট্ৰাইয়ে দূৰসংযোগৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰম্ভ কৰে। পৰিৱৰ্তন অনুসৰি, মোবাইল ব্যৱহাৰকাৰীসকলে প্ৰতিটো ড্ৰপ কৰা কলৰ বাবে ১ টকাৰ ক্ষতিপূৰণ পাব কিন্তু ই এদিনত সৰ্বাধিক তিনিটা ড্ৰপ কৰা কলত সীমাবদ্ধ থাকিব। কিন্তু উচ্চতম ন্যায়ালয়ে "অযৌক্তিক, স্বেচ্ছাচাৰী আৰু অসাংবিধানিক" হোৱাৰ ভিত্তিত এই নিয়মাৱলী বাতিল কৰিছে।৩
সচিবালয়
ট্ৰাই এজন সচিবৰ নেতৃত্বত সচিবালয়ৰ জৰিয়তে পৰিচালিত হয়। সকলো প্ৰস্তাৱ সচিবৰ দ্বাৰা প্ৰক্ৰিয়া কৰা হয়, যি কৰ্তৃপক্ষৰ বৈঠকৰ কাৰ্যসূচী আয়োজন কৰে (অধ্যক্ষৰ সৈতে পৰামৰ্শ) আৰু নিয়মাৱলী জাৰী কৰে। সচিবজনক উপদেষ্টাসকলে সহায় কৰে। ইয়াৰ ভিতৰত আছে ম'বাইল নেটৱৰ্ক, আন্তঃসংযোগ আৰু ফিক্সনেটৱৰ্ক, ব্ৰডবেণ্ড আৰু নীতি বিশ্লেষণ, সেৱাৰ মানদণ্ড, সম্প্ৰচাৰ আৰু কেবল সেৱা, অৰ্থনৈতিক নিয়ন্ত্ৰণ, বিত্তীয় বিশ্লেষণ আৰু আইএফএ, আইনী, উপভোক্তা পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু প্ৰশাসন আৰু কৰ্মচাৰী। বিষয়াসকলক ভাৰতীয় দূৰসংযোগ সেৱা আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰপৰা বাছনি কৰা হয়।৪ট্ৰাইৰ বৰ্তমানৰ অধ্যক্ষ হৈছে আইএএছ বিষয়া পিডি বাঘেলা। .৫
ট্ৰাই ম'বাইল এপ্পসমূহ
৬ জুন ২০১৭ তাৰিখে, ট্ৰাইয়ে তিনিটা নতুন এপ Mycall app, MySpeed app আৰু 'Do not disturb (DND 2.0) আৰু এটা ৱেব পৰ্টেল মুকলি কৰে যাতে ভাৰতীয় ব্যৱহাৰকাৰীসকলে তেওঁলোকক আগবঢ়োৱা টেলিকম সেৱাৰ বিষয়ে সম্পূৰ্ণভাৱে অৱগত হয়।
শেহতীয়াকৈ (২৮ ডিচেম্বৰ ২০১৮ তাৰিখে), ট্ৰাইয়ে তেওঁলোকৰ নতুন এপ্প "TRAI CHANNEL SELECTOR" এপ মুকলি কৰিছে। এই এপ্পটো ব্যৱহাৰ কৰি, আমি আমাৰ বিভিন্ন চেনেলবোৰ যোগ, আঁতৰাব আৰু পৰিচালনা কৰিব পাৰোঁ।
শেহতীয়া ট্ৰাই পদক্ষেপসমূহ
ভাৰতত ব্ৰডবেণ্ড সেৱা বৃদ্ধি কৰাৰ বাবে, ট্ৰাইয়ে WANI(ৱাই-ফাই এক্সেছ নেটৱৰ্ক ইণ্টাৰফেচ) স্থাপনৰ প্ৰস্তাৱ দিছে। ইয়াৰ ফলত ৰাজহুৱা ডাটা কাৰ্যালয় (পিডিঅ') স্থাপন কৰা হ'ব পাৰে য'ত চাহিদা অনুযায়ী ৱাই-ফাই ইণ্টাৰনেট উপলব্ধ হ'ব।৬
ট্ৰাই প্ৰতিবেদন
স্বচ্ছতা বৃদ্ধি কৰিবলৈ আৰু নিয়মীয়া ব্যৱধানত ভাৰতীয় টেলিকম উদ্যোগৰ তথ্য-আধাৰিত অৱলোকন দিবলৈ, ট্ৰাইয়ে প্ৰকাশ/প্ৰকাশন "প্ৰতিবেদন" শাখাৰ অধীনত একাধিক প্ৰতিবেদন প্ৰকাশ কৰে।
তথ্যসূত্ৰ
- ↑ The Telecom Regulatory Authority of India Act, 1997 — The Centre for Internet and Society. Cis-india.org
- ↑ (2015-10-16). Dropped calls may earn you Re 1 compensation - The Economic Times. Economictimes.indiatimes.com
- ↑ (2016-05-11). SC strikes down 'arbitrary, unconstitutional' call drop penalty. Moneycontrol.com
- ↑ TRAI Manual
- ↑ Dhingra, Sanya. (2020-10-05). 6 years on, PM Modi's core team is in the grip of IAS, IPS, IRS officers from Gujarat. ThePrint
- ↑ WANI Network Architecture Proposal for TRAI Public Data Office (PDO) - Techplayon
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষ” প্ৰবন্ধৰ সংশোধন ৩০৯০৮০ (১৩ ডিচেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।