যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন (ইংৰাজী: POCSO) হৈছে ভাৰতৰ শিশু সুৰক্ষা নীতিৰ অংশ হিচাপে ভাৰতত প্ৰণয়ন কৰা এখন বিশেষ আইন। এই আইনৰ উদ্দেশ্য হৈছে ১৮ বছৰ বয়সৰ তলৰ সকলো শিশুকে যৌন আক্ৰমণ, যৌন হাৰাশাস্তি আৰু শিশু পৰ্ন’গ্ৰাফীৰ পৰা সুৰক্ষা প্ৰদান কৰা। ভাৰতীয় সংসদে শিশু যৌন নিৰ্যাতনৰ সন্দৰ্ভত ‘যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান বিধেয়ক (POCSO), ২০১১’ গৃহীত কৰি ২০১২ চনৰ ২২ মে’ত ইয়াক এক আইন হিচাপে প্ৰণয়ন কৰিছিল।১২৩ এই সন্দৰ্ভত ভাৰতৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে এলানি নীতি-নিৰ্দেশনা গৃহীত কৰে। ২০১২ চনৰ নৱেম্বৰ মাহত ভাৰত চৰকাৰে এই নীতি-নিয়মৰ অধিসূচনা জাৰি কৰে কৰে আৰু আৰু আইনখন কাৰ্যকৰী কৰি তুলিবলৈ সাজু হয়।৪ এই আইনখন অতি কঠোৰভাৱে প্ৰণয়নৰ বাবে আহ্বান জনোৱা হৈছিল।৫৬
ভাৰতবৰ্ষত শিশুৰ জনসংখ্যা বিশ্বৰ ভিতৰতে অন্যতম। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ভাৰতত ওঠৰ বছৰৰ তলৰ শিশুৰ জনসংখ্যা ৪৭.২ কোটি।৭৮ ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদত ভাৰতীয় নাগৰিক হিচাৰে ৰাষ্ট্ৰৰ দ্বাৰা শিশুৰ সুৰক্ষাৰ নিশ্চিতি প্ৰদান কৰা হৈছে,৯১০ আৰু ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ চুক্তিৰ স্বাক্ষৰকাৰী ৰাষ্ট্ৰ হিচাপেও শিশুৰ অধিকাৰৰ সুৰক্ষা বাধ্যতামূলক কৰা হৈছে।
পূৰ্বৰ আইনসমূহ
২০১২ চনত প্ৰণয়ন হোৱা “যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন”ৰ পূৰ্বে শিশু নিৰ্যাতনৰ বাবে ভাৰতবৰ্ষত প্ৰণয়ন হৈ থকা একমাত্ৰ আইনখন আছিল “গোৱা শিশু আইন, ২০০৩১১।” সেই সময়ত শিশু যৌন নিৰ্যাতনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ তলত দিয়া ধাৰাসমূহৰ অধীনত গোচৰ চলোৱা হৈছিল:
- আই.পি.চি. (১৮৬০) ৩৭৫ - ধৰ্ষণ
- আই.পি.চি. (১৮৬০) ৩৫৪ - নাৰীৰ শ্লীলতা হানি
- আই.পি.চি. (১৮৬০) ৩৭৭ - অপ্ৰাকৃতিক অপৰাধ
কিন্তু আইনৰ বিভিন্ন সুৰুঙাৰ বাবে ভাৰতীয় দণ্ড বিধি আইনে ভুক্তভোগী শিশুক ফলপ্ৰসূভাৱে সুৰক্ষা প্ৰদান কৰিব পৰা নাছিল যেনে-
- আই.পি.চি. ৩৭৫ - পুৰুষ ভুক্তভোগী বা “পৰম্পৰাগত” লিংগ-যোনি যৌন সম্পৰ্কৰ বাহিৰে অন্য যৌন অপৰাধমূলক কাৰ্য্যৰ পৰা শিশুক সুৰক্ষা নিদিয়ে।
- আই.পি.চি. ৩৫৪ - “শ্লীলতা”ৰ বিধিগত সংজ্ঞাৰ অভাৱ। এই অপৰাধৰ বাবে সামান্য শাস্তি প্ৰদান কৰা হয় আৰু ই এক বহুলভাৱে সংঘটিত অপৰাধ। তদুপৰি ই ল’ৰা শিশুৰ “শ্লীলতা”ক সুৰক্ষা প্ৰদান নকৰে।
- আই.পি.চি. ৩৭৭ - “অপ্ৰাকৃতিক অপৰাধ” শব্দটোৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই। ই কেৱল নিৰ্যাতনকাৰীয়ে যৌন কাৰ্য্যৰ দ্বাৰা অত্যাচাৰ কৰা ভুক্তভোগীৰ ক্ষেত্ৰতহে প্ৰযোজ্য, আৰু শিশুৰ ক্ষেত্ৰত হোৱা অন্য যৌন নিৰ্যাতনক অপৰাধ বুলি গণ্য কৰাকৈ প্ৰণালীবদ্ধ কৰা হোৱা নাই।
যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন, ২০১২
আইনৰ অধীনৰ অপৰাধসমূহ
যৌন নিৰ্যাতন, যৌন হাৰাশাস্তি আৰু পৰ্ণ’গ্ৰাফীৰ অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান কৰাৰ বাবে এক শক্তিশালী আইনী কাঠামো প্ৰদান কৰাৰ লগতে ন্যায়িক প্ৰক্ৰিয়াৰ প্ৰতিটো পৰ্যায়তে শিশুৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন, ২০১২ প্ৰণয়ন কৰা হৈছে। আইনখনৰ পৰিকাঠামোত শিশুৰ অনুকূল প্ৰতিবেদন, প্ৰমাণ ৰেকৰ্ডিং, তদন্ত আৰু নিৰ্দিষ্ট বিশেষ আদালতৰ জৰিয়তে অপৰাধৰ ক্ষিপ্ৰ বিচাৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰি ইয়াক সহজতে ব্যৱহাৰযোগ্য কৰি তুলিবলৈ চেষ্টা কৰা হৈছে।
নতুন POCSO আইনত বিভিন্ন ধৰণৰ অপৰাধৰ উল্লেখ আছে যাৰ অধীনত অভিযুক্তক শাস্তি দিব পাৰি। এই আইনে লিংগ-যোনি প্ৰৱেশৰ বাহিৰেও অন্য ধৰণৰ অনুপ্ৰৱেশক অপৰাধ বুলি স্বীকৃতি প্ৰদান কৰে আৰু শিশুৰ বিৰুদ্ধে অশ্লীল কাৰ্য্যকো অপৰাধ বুলি গণ্য কৰে। এই আইনৰ অধীনৰ অপৰাধসমূহৰ ভিতৰত আছে-
- অনুপ্ৰৱেশমূলক যৌন নিৰ্যাতন: শিশুৰ যোনি, মূত্ৰনলী, মলদ্বাৰ নাইবা মুখত লিংগ/অন্য যিকোনো বস্তু/শৰীৰৰ কোনো অংশ সুমুৱাই দিয়া, বা শিশুক নিজকে বা আন কোনো ব্যক্তিৰ সৈতে তেনে কৰিবলৈ কোৱা
- যৌন নিৰ্যাতন: যেতিয়া কোনো ব্যক্তিয়ে শিশু এটিক যৌন উদ্দেশ্যেৰে স্পৰ্শ কৰে, বা শিশুটিক তেওঁলোকক বা আন কাৰোবাক স্পৰ্শ কৰিবলৈ বাধ্য কৰে
- যৌন হাৰাশাস্তি: শিশুক উদ্দেশ্য কৰি যৌন গন্ধী মন্তব্য কৰা, যৌন ইংগিত/কোলাহল কৰা, ক্ৰমাগতভাবে অনুসৰণ কৰা ইত্যাদি।
- শিশু পৰ্ণগ্ৰাফী
- গুৰুতৰ অনুপ্ৰৱেশমূলক যৌন নিৰ্যাতন/ গুৰুতৰ যৌন নিৰ্যাতন।
শিশু আৰু অভিযুক্ত উভয়ৰে ক্ষেত্ৰত এইখন এখন লিংগ নিৰপেক্ষ আইন। পৰ্ণ’গ্ৰাফীৰ ক্ষেত্ৰত এই আইনখনে শিশুয়ে পৰ্ণগ্ৰাফিক বিষয়বস্তু চোৱা বা সংগ্ৰহ কৰাটোও অপৰাধ বুলি গণ্য কৰে। এই আইনখনে শিশুৰ যৌন নিৰ্যাতনত সহায় (উৎসাহিত) কৰা কাৰ্যকো অপৰাধ হিচাপে গণ্য কৰে। ২০১৯ চনৰ সংশোধনী পিছত POCSO আইনৰ শাস্তি আৰু অধিক কঠোৰ কৰা হৈছে। POCSO আইন উলংঘা কৰাৰ সৰ্বোচ্চ শাস্তি হৈছে যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমনা।
শিশু-হিতৈষী ব্যৱস্থা
বিভিন্ন পদ্ধতিগত সংস্কাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত ভাৰতৰ প্ৰচলিত ক্লান্তিকৰ বিচাৰ প্ৰক্ৰিয়া শিশুৰ বাবে যথেষ্ট সহজ হৈ পৰিছে। এই আইনখনৰ বিধানসমূহে ১৮ বছৰ বয়সৰ তলৰ দুজন লোকৰ মাজত সন্মতিসূচক যৌন সম্পৰ্ককো অপৰাধ বুলি গণ্য কৰা যেন লাগে বাবে আইনখন সমালোচনাৰো সন্মুখীন হৈছে।
এই আইনমতে শিশু যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীয়ে তেওঁৰ বৰ্তমানৰ বয়স নিৰ্বিশেষে যিকোনো সময়তে অভিযোগ দাখিল কৰিব পাৰে।
তথ্যসূত্ৰ
- ↑ Child Sexual abuse and law. ChildLineIndia. Dr.Asha Bajpai
- ↑ (22 May 2012). Parliament passes bill to protect children from sexual abuse. NDTV
- ↑ The Protection of Children from Sexual Offences Act, 2012 Kerala Medico-legal Society website
- ↑ Law for Protecting Children from Sexual Offences
- ↑ Taneja, Richa. (13 November 2010). Activists bemoan lack of laws to deal with child sexual abuse. DNA India
- ↑ (12 April 2011). Need stricter laws to deal with child abuse cases: Court. The Indian Express
- ↑ Census of India Website: Office of the Registrar General & Census Commissioner, India. www.censusindia.gov.in
- ↑ Punj, Shweta. (3 November 2017). Human trafficking for sex: Thousands of girls live in slavery while society remains silent. India Today
- ↑ Article 21, Protection Of Life and Personal Liberty. Constitution Of India, CLPR
- ↑ Article 21 in The Constitution Of India 1949. indiankanoon.org
- ↑ (19 January 2010). Childline India Foundation: Documents – Cause ViewPoint – Child Sexual Abuse – The Law and the Lacuna. Childlineindia.org.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন” প্ৰবন্ধৰ সংশোধন ৪৪৮১৪২ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।