ৰাষ্ট্ৰসংঘ
১৫ প্ৰবন্ধ
-
ৰাষ্ট্ৰসংঘ
ৰাষ্ট্ৰসংঘ (United Nations) এক আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু ইয়াৰ মূল লক্ষ্যসমূহ হ'ল আন্তঃৰাষ্ট্ৰীয় আইন, সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি, মানৱ অধিকাৰ আৰু বিশ্বশান্তিৰ বাবে কাম কৰা। দ্বিতীয় বিশ্বযুদ্ধৰ পাচতে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয়।
-
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (United Nations Educational, Scientific, and Cultural Organization) বা ইউনেস্কো (UNESCO) হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য।
-
বিশ্ব স্বাস্থ্য সংস্থা
বিশ্ব স্বাস্থ্য সংস্থা বা ডব্লিউ এইছ অ' হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্ব স্বাস্থ্য সংস্থা আন্তৰ্জাতিক জনস্বাস্থ্যৰ সমন্বয়কৰ ভূমিকা পালন কৰে। ১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে ইয়াৰ গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত।
-
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি বা চমুকৈ আই এম এফ হৈছে ১৮৮খন সদস্য ৰাষ্ট্ৰৰে গঠিত এক আন্তঃৰাষ্ট্ৰীয় সংস্থা। সংস্থাটোৰ প্ৰধান কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিত অৱস্থিত।
-
আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা
আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা চমুকৈ আই এল অ ৰাষ্ট্ৰসংঘৰ এটা সংস্থা। ইয়াৰ মূল উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় শ্ৰম মানদণ্ড নিৰ্ধাৰণ কৰি সামাজিক আৰু অৰ্থনৈতিক ন্যায় আগবঢ়োৱা। ১৯১৯ চনৰ অক্টোবৰ মাহত জাতিসংঘৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।
-
খাদ্য আৰু কৃষি সংস্থা
ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা বা এফ এ অ হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বত ক্ষুধাক জয় কৰিবলৈ চলোৱা প্ৰচেষ্টাত আন্তঃৰ্জাতিক স্তৰত ই নেতৃত্ব দিয়ে। উন্নত আৰু উন্নয়নশীল দেশ উভয়ৰ বাবে খাদ্য আৰু কৃষি সংস্থায়ে এক নিৰপেক্ষ মঞ্চ হিচাপে কাম কৰে আৰু ইয়াত সকলোৱে সমানভাৱে নীতি আলোচনা কৰে।
-
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় বা বিশ্ব ন্যায়ালয় বা আন্তঃৰাষ্ট্ৰীয় ন্যায়বিচাৰ আদালত (International Court of Justice) হৈছে ৰাষ্ট্ৰসংঘৰ চূড়ান্ত ন্যায়পালিকা। ৰাষ্ট্ৰ সমূহৰ মাজৰ মতানক্য সমাধান কৰা আৰু ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ অংগ সমূহক আইনী পৰামৰ্শ প্ৰদান কৰা ইয়াৰ মুখ্য কাৰ্য।
-
বহনক্ষম উন্নয়নৰ লক্ষ্য
বহনক্ষম উন্নয়নৰ লক্ষ্য (Sustainable Development Goals চমুকৈ SDGs) বা গোলকীয় লক্ষ্য হৈছে "সকলোৰে বাবে এক উন্নত আৰু অধিক বহনক্ষম ভৱিষ্যত প্ৰাপ্ত কৰা"ৰ বাবে প্ৰস্তুত কৰা ১৭ টা আন্তঃসংযোজিত লক্ষ্যৰ এক সংগ্ৰহ।
-
বিশ্ব খাদ্য কাৰ্যসূচী
বিশ্ব খাদ্য কাৰ্যসূচী (World Food Programme, WFP) হৈছে ৰাষ্ট্ৰসংঘৰ খাদ্য-সাহায্য শাখা আৰু বিশ্বৰ সৰ্ববৃহৎ মানৱহিতৈষী সংস্থা। এওঁলোকৰ মূল লক্ষ্য হৈছে ক্ষুধা-নিৰ্মূল আৰু খাদ্য সুৰক্ষা। ১৯৬১ চনত স্থাপিত হোৱা এই বিশেষ সংস্থাটোৰ মুখ্য কাৰ্যালয় ৰোমত অৱস্থিত। বিশ্বৰ ৮০খন দেশত তেওঁলোকৰ কাৰ্যালয় আছে।
-
আন্তৰ্জাতিক শান্তি দিৱস
আন্তৰ্জাতিক শান্তি দিৱস (International Day of Peace) বা বিশ্ব শান্তি দিৱস (World Peace Day) প্ৰতি বছৰে ২১ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সমূহ ৰাষ্ট্ৰসকলে পালন কৰে। বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা এই দিৱসৰ মূল উদ্দ্যেশ্য। হিংসা আৰু যুদ্ধৰ অৱনতি ঘটাই মানৱতা জাগ্ৰত কৰা এই দিৱসৰ অন্যতম লক্ষ্য।
-
সহস্ৰাব্দ উন্নয়ন লক্ষ্য
ৰাষ্ট্ৰসংঘৰ সহস্ৰাব্দ উন্নয়ন লক্ষ্য (Millennium Development Goals) হৈছে আঠটা লক্ষ্য যি বোৰ ৰাষ্ট্ৰসংঘৰ সকলো ১৯১জন সদস্য ৰাষ্ট্ৰই ২০১৫ চনৰ ভিতৰত প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰিবলৈ সন্মত হৈছিল।
-
ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ কাৰ্যালয়
ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ কাৰ্যালয় (UNHCR) হৈছে শৰণাৰ্থী, বলপূৰ্বকভাৱে স্থানচ্যুত সম্প্ৰদায়, আৰু ৰাষ্ট্ৰহীন লোকসকলক সহায় আৰু সুৰক্ষা প্ৰদান আৰু তেওঁলোকৰ স্বেচ্ছামূলক প্ৰত্যাৱৰ্তন, স্থানীয় সংহতি বা তৃতীয় দেশলৈ পুনৰ সংস্থাপনত সহায় কৰাৰ দায়িত্ব দিয়া ৰাষ্ট্ৰসংঘৰ এটা সংস্থা।
-
মহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজি
মহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজি (United Nations Development Fund for Women (UNIFEM)) ১৯৭৬ চনৰ ডিচেম্বৰত আন্তৰ্জাতিক মহিলা বৰ্ষত ৰাষ্ট্ৰসংঘৰ মহিলাৰ বাবে দশকৰ বাবে স্বেচ্ছামূলক পুঁজি হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ প্ৰথম সঞ্চালক মাৰ্গাৰেট চি. স্নাইডাৰ আছিল।
-
বহনক্ষম উন্নয়নৰ লক্ষ্য ৪
বহনক্ষম উন্নয়নৰ লক্ষ্য ৪ (SDG 4) হৈছে সৰ্বাংগীণ আৰু সমতাপূৰ্ণ গুণগত শিক্ষা নিশ্চিত কৰা আৰু সকলোৰে বাবে আজীৱন শিক্ষণৰ সুযোগ প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতি। এই লক্ষ্যৰ লক্ষ্য হৈছে শিশু আৰু যুৱক-যুৱতীসকলক শিক্ষাৰ গুণগত আৰু সহজ সুবিধা প্ৰদান কৰা, লগতে অন্যান্য শিক্ষণৰ সুযোগ প্ৰদান কৰা, আৰু বৈষম্য হ্ৰাস…
-
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ United Nations Security Council (UNSC) হৈছে ৰাষ্ট্ৰসংঘৰ ছটা প্ৰধান অংগৰ ভিতৰত অন্যতম, আৰু নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যবাহী শাখা,ইয়াৰ প্ৰধান দায়িত্ব হ'ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা।