অসমৰ বিধানসভা নিৰ্বাচন
১৫ প্ৰবন্ধ
-
২০০৬ৰ অসম বিধানসভা নিৰ্বাচন
২০০৬ৰ অসম বিধানসভা নিৰ্বাচন দ্বাদশ অসম বিধানসভা গঠনৰ বাবে অনুষ্ঠিত হোৱা ৰাজ্যিক নিৰ্বাচন। দুটা পৰ্যায়ত ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছত কংগ্ৰেছে সৰ্বাধিক আসন লাভ কৰিলেও সংখ্যাগৰিষ্ঠতা নোপোৱাত বড়োলেণ্ড পিপলছ ফ্ৰন্টঘেঁষা নিৰ্দলীয় বিধায়কৰ সমৰ্থনত তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ গঠন হয়।
-
২০১১ৰ অসম বিধানসভা নিৰ্বাচন
২০১১ৰ অসম বিধানসভা নিৰ্বাচন ত্ৰয়োদশ অসম বিধানসভা গঠনৰ উদ্দেশ্যে ১২৬টা সমষ্টিত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে ৭৮টা আসন লাভ কৰি পুনৰ চৰকাৰ গঠন কৰে, আৰু তৰুণ গগৈয়ে একেৰাহে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হয়।
-
১৯৮৫ৰ অসম বিধানসভা নিৰ্বাচন
১৯৮৫ৰ অসম বিধানসভা নিৰ্বাচন আছিল অসম আন্দোলনৰ পৰৱৰ্তী সময়ত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ বিধানসভা নিৰ্বাচন, য’ত নতুন ৰাজনৈতিক ধাৰাই শাসনৰ দিশ সলনি কৰিছিল। দুটা স্তৰত অনুষ্ঠিত এই নিৰ্বাচনত অসম গণ পৰিষদে সৰ্বাধিক আসন লাভ কৰি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত চৰকাৰ গঠন কৰে।
-
১৯৭৮ৰ অসম বিধানসভা নিৰ্বাচন
১৯৭৮ৰ অসম বিধানসভা নিৰ্বাচন স্বাধীনোত্তৰ অসমৰ ৭ম বিধানসভা নিৰ্বাচন, য’ত ১২৬খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। জনতা পাৰ্টিয়ে সৰ্বাধিক ৫৩খন আসন লাভ কৰি গোলাপ বৰবৰাৰ নেতৃত্বত অসমৰ প্ৰথম অকংগ্ৰেছী চৰকাৰ গঠন কৰে, যদিও এই চৰকাৰ অস্থিৰতা আৰু শাসন-সঁচলতাৰ অভাৱত সোনকালেই সংকটত পৰে।
-
১৯৯১ৰ অসম বিধানসভা নিৰ্বাচন
১৯৯১ৰ অসম বিধানসভা নিৰ্বাচন অসমৰ ৯ম অসম বিধানসভা গঠন কৰিবলৈ অনুষ্ঠিত হৈছিল আৰু সেইবাৰ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে হয়। আইন-শৃঙ্খলাজনিত সংকট, ৰাষ্ট্ৰপতি শাসন, আৰু অসম গণ পৰিষদৰ ভাঙনিৰ পটভূমিত অনুষ্ঠিত এই নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে ৬৭খন আসন দখল কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে।
-
২০০১ৰ অসম বিধানসভা নিৰ্বাচন
২০০১ৰ অসম বিধানসভা নিৰ্বাচন অসমৰ একাদশ বিধানসভা গঠন কৰিবলৈ অনুষ্ঠিত হোৱা এক গুৰুত্বপূর্ণ ৰাজনৈতিক ঘটনা। এই নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে ৭৫.০৫% ভোটদানৰ হাৰৰ মাজত ৭১খন আসন জয় কৰি তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰে।
-
১৯৯৬ৰ অসম বিধানসভা নিৰ্বাচন
১৯৯৬ৰ অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল অসমৰ ১০ম বিধানসভা গঠন কৰাৰ উদ্দেশ্যে। এই নিৰ্বাচনত অসম গণ পৰিষদ সৰ্বাধিক আসনত জয়ী হৈ বাওঁ দলসমূহৰ সমৰ্থনত চৰকাৰ গঠন কৰে আৰু কংগ্ৰেছ প্ৰধান বিৰোধী দল হয়।
-
১৯৮৩ৰ অসম বিধানসভা নিৰ্বাচন
১৯৮৩ৰ অসম বিধানসভা নিৰ্বাচন স্বাধীনোত্তৰ অসমৰ ৮ম বিধানসভা গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এক বিতৰ্কিত আৰু সংঘাতপূৰ্ণ নিৰ্বাচন। অসম আন্দোলনৰ বৰ্জন আহ্বান, ভোটাৰ তালিকা সংশোধনৰ দাবী, আৰু হিংসাত্মক পৰিস্থিতিৰ ফলত এই নিৰ্বাচন ১২৬খন আসনৰ সলনি সীমিত সংখ্যক সমষ্টিতহে সম্পন্ন হয়।
-
১৯৭২ৰ অসম বিধানসভা নিৰ্বাচন
১৯৭২ৰ অসম বিধানসভা নিৰ্বাচন স্বাধীনোত্তৰ অসমৰ পঞ্চম বিধানসভা নিৰ্বাচন আছিল। মিজো হিলচ্ আৰু মেঘালয়ৰ ৰাজ্য-গঠনৰ ফলত অসমৰ সীমা সঙ্কুচিত হোৱাত এই নিৰ্বাচনত সমষ্টিৰ সংখ্যা ১১৪লৈ কমি যায়।
-
২০২১ৰ অসম বিধানসভা নিৰ্বাচন
পঞ্চদশ অসম বিধানসভাৰ নিৰ্বাচন ২০২১ চনৰ ২৭ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ ১২৬টা সমষ্টিৰ বাবে তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়। ফলাফল ঘোষণা কৰা হয় ২০২১ চনৰ ২ মে' তাৰিখে। চতুৰ্দশ পঞ্চদশ অসম বিধানসভাৰৰ কাৰ্যকাল ২০২১ চনৰ ৩১ মে' তাৰিখে অন্ত পৰিব।
-
২০১৬ৰ অসম বিধানসভা নিৰ্বাচন
চতুৰ্দশ অসম বিধানসভাৰ নিৰ্বাচন ৪ আৰু ৫ এপ্ৰিল, ২০১৬ তাৰিখে অসমৰ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ বাবে দুটাটা পৰ্যায়ত অনুষ্ঠিত হয়। ফলাফল ঘোষণা কৰা হয় ১৯ মে', ২০১৬ তাৰিখে। এই নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮৪.৭২%।
-
১৯৬৭ৰ অসম বিধানসভা নিৰ্বাচন
অসম বিধানসভাৰ নিৰ্বাচন, ১৯৬৭ স্বাধীনোত্তৰ অসমৰ চতুৰ্থ বিধানসভা নিৰ্বাচন। মুঠ ১২৬থন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ পূৰ্বে সমষ্টিবোৰৰ পুনৰ গঠন কৰা হৈছিল আৰু পূৰ্বৰ ১০৫টা সমষ্টিৰ পৰা ১২৬টা সমষ্টিলৈ বৃদ্ধি কৰা হৈছিল।
-
১৯৬২ৰ অসম বিধানসভা নিৰ্বাচন
অসম বিধানসভা নিৰ্বাচন, ১৯৬২ স্বাধীনোত্তৰ অসমৰ তৃতীয় বিধানসভা নিৰ্বাচন। এই নি্ৰ্বাচনৰ আগেআগে অসমকে ধৰি ভাৰতৰ সকলোবোৰ ৰাজ্যৰে লোকসভা আৰু বিধানসভাৰ আসনবোৰ পুনৰ্গঠন কৰা হৈছিল। ২য় বিধানসভা নিৰ্বাচনত অসমৰ বিধানসভাৰ আসন আছিল ৯৪খন আৰু ইয়াৰে ১৪খন আছিল দুজনীয়া আসন। বিধানসভাৰ মুঠ সদস্য সংখ্যা আছিল ১০৮জন।
-
১৯৫৭ৰ অসম বিধানসভা নিৰ্বাচন
অসম বিধানসভা নিৰ্বাচন, ১৯৫৭ স্বাধীনোত্তৰ অসমৰ ২য় বিধানসভা নিৰ্বাচন। ২৫-২-১৯৫৭ তাৰিখে অসম বিধানসভাৰ ৯৪টা সমষ্টিৰ আটাইকেইটাতে মুঠ ১০৮জন বিধায়ক বাচনি কৰিবলৈ এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই ৯৪টা বিধানসভা সমষ্টিৰ ১৪টা আছিল দুজনীয়া সদস্যৰ সমষ্টি আৰু আনকেইটা আছিল এজনীয়া সদস্যৰ।
-
১৯৫১ৰ অসম বিধানসভা নিৰ্বাচন
অসম বিধানসভা নিৰ্বাচন, ১৯৫১ স্বাধীনোত্তৰ অসমৰ প্ৰথম বিধানসভাখন গঠন কৰিবলৈ অনুষ্ঠিত কৰা হৈছিল। আধিকাৰিকভাবে এই নিৰ্বাচনটোক ১৯৫১ চনৰ বিধানসভা নিৰ্বাচন বুলি জনা যায় যদিও দৰাচলতে নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনৰ ২৭ মাৰ্চ তাৰিখে।