ভাৰতৰ ৰাজনৈতিক দল
১৫ প্ৰবন্ধ
-
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ (Indian National Congress চমুকৈ INC আৰু সাধাৰণভাৱে কেৱল Congress) হ'ল ভাৰতৰ এক অন্যতম ৰাজনৈতিক দল। এইটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ পুৰণি গণতান্ত্ৰিক ৰাজনৈতিক দলসমূহৰ এটা। দলটোৰ আধুনিক উদাৰ মঞ্চক ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰত মুখ্যতঃ কেন্দ্ৰ-বাওঁ বুলি গণ্য কৰা হয়।
-
ভাৰতীয় জনতা পাৰ্টী
ভাৰতীয় জনতা পাৰ্টী বা বিজেপি ভাৰতৰ এক অন্যতম ৰাজনৈতিক দল। ১৯৮০ চনত প্ৰতিষ্ঠিত এই দলটি বৰ্তমান ভাৰতৰ বৃহত্তম আৰু প্ৰশাসক ৰাজনৈতিক দল। এইটো এটা ভাৰতীয় জাতীয়তাবাদী আৰু ৰক্ষণশীল সামাজিক নীতি, স্বদেশী, মুক্তবজাৰ ধনতান্ত্ৰিক নীতি, জাতীয় নীতিৰ দ্বাৰা পৰিচালিত বিদেশ নীতি, আৰু শক্তিশালী জাতীয় নিৰাপত্তা…
-
ভাৰতৰ কমিউনিষ্ট পাৰ্টি
</table> ভাৰতীয় কমিউনিষ্ট পাৰ্টি (Communist Party of India) চমুকৈ CPI হ'ল ভাৰতৰ আটাইতকৈ পুৰণি কমিউনিষ্ট দল আৰু দেশৰ আঠটা জাতীয় দলৰ ভিতৰত অন্যতম। ১৯২৫ চনৰ ২৬ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ কানপুৰত চিপিআই প্ৰতিষ্ঠা কৰা হয়।
-
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ (ইংৰাজীঃ All India Trinamool Congress; সংক্ষিপ্ত ৰূপত. AITC), সাধাৰণভাৱে তৃণমূল কংগ্ৰেছ (সংক্ষিপ্ত ৰূপত. TMC) হৈছে এটা ভাৰতীয় ৰাজনৈতিক দল যিটো প্ৰধানকৈ পশ্চিমবংগত সক্ৰিয়।
-
জনতা পাৰ্টি
জনতা পাৰ্টি (Janata Party) ভাৰতৰ এটা ৰাজনৈতিক দল আছিল। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বলবৎ কৰা ১৯৭৫ৰ পৰা ১৯৭৭লৈ চলা জৰুৰীকালীন অৱস্থাৰ বিৰোধ কৰা ৰাজনৈতিক দলবোৰৰ একত্ৰীকৰণেৰে এই দলটো গঠন কৰা হৈছিল।
-
আম আদমি পাৰ্টী
আম আদমি পাৰ্টী (Aam Aadmi Party; সংক্ষেপে আপ; অৰ্থ: সাধাৰণ লোকৰ দল) এক ভাৰতীয় ৰাজনৈতিক দল। ইয়াৰ আনুষ্ঠানিক আৰম্ভ হয় ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে আৰু বৰ্তমানে ই ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী আৰু পঞ্জাবৰ শাসকদল।
-
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) (Communist Party of India (Marxist) CPI(M), সংক্ষেপত: চিপিআই(এম)) হৈছে ভাৰতৰ এক কমিউনিষ্ট ৰাজনৈতিক দল। সদস্য আৰু নিৰ্বাচনী আসনৰফালৰপৰা ই ভাৰতৰ আটাইতকৈ ডাঙৰ কমিউনিষ্ট দল, আৰু ভাৰতৰ ছয়টা ৰাষ্ট্ৰীয় দলৰ ভিতৰত অন্যতম।
-
সমাজবাদী পাৰ্টি
সমাজবাদী পাৰ্টি ভাৰতৰ এটা সমাজবাদী ৰাজনৈতিক দল। জনতা দলৰ প্ৰাক্তন ৰাজনীতিবিদ মুলায়াম সিং যাদৱে প্ৰতিষ্ঠা কৰা এইখনৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত। বৰ্তমান সমাজবাদী পাৰ্টিৰ নেতৃত্বত আছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ।
-
ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী (মেঘালয়)
ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী (ইংৰাজী: United Democratic Party, চমুকৈ ইউডিপি বা UDP) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ এক স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক ৰাজনৈতিক দল। ১৯৯৭ চনত মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইভানছক্লেণ্ড মাওলঙৰ নেতৃত্বত দলটো প্ৰতিষ্ঠা কৰা হৈছিল।
-
অখিল ভাৰতীয় হিন্দু মহাসভা
অখিল ভাৰতীয় হিন্দু মহাসভা (All-India Hindu Assembly) ভাৰতৰ এটা হিন্দু জাতীয়তাবাদী ৰাজনৈতিক দল। এই সংগঠনটো ১৯০৬ চনত মুছলিম গঠন তথা মৰ্লে-মিণ্টো সংস্কাৰৰ অধীনত ভাৰত চৰকাৰে মুছলমানসকলৰ বাবে সুকীয়া নিৰ্বাচনী ব্যৱস্থা কৰাৰ পিছত ব্ৰিটিছ ভাৰতৰ হিন্দু সম্প্ৰদায়ৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ গঠন কৰা হৈছিল।
-
ভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ)
ভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ) (Indian National Congress (R)) হৈছে ১৯৬৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা আতঁৰি গৈ ইন্দিৰা গান্ধীৰ নেতৃত্বত গঠন হোৱা এটা দল। ১৯৬৭ চনত যেতিয়া সন্মিলিত বিৰোধী দলসমূহে সংযুক্ত বিধায়ক দলৰ (Samyukt Vidhayak Dal) বেনাৰত হিন্দী বলয়ৰ ৰাজ্যসমূহৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিবলৈ…
-
বিজেপি মহিলা মৰ্চা
বিজেপি মহিলা মৰ্চা বা সৰলভাৱে মহিলা মৰ্চা (BJP Mahila Morcha) ভাৰতৰ ভাৰতীয় জনতা পাৰ্টি (BJP)ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা শাখা। তামিলনাডু বিজেপি গোটৰ প্ৰাক্তন উপ-সভাপতি তথা কইম্বাটুৰ দক্ষিণ ৰাজ্যিক বিধানসভা সমষ্টিৰ তামিলনাডু বিধানসভাৰ বৰ্তমানৰ সদস্য ৱানথি শ্ৰীনিবাসন গোটটোৰ ৰাষ্ট্ৰীয় সভাপতি।
-
জ'ৰাম নেচনেলিষ্ট পাৰ্টী
জ'ৰাম নেচনেলিষ্ট পাৰ্টী ভাৰতৰ মিজোৰাম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। এই দলটোৰ পূৰ্বৰ নাম আছিল মিজো নেচনেল ফ্ৰণ্ট(নেচনেলিষ্ট)। পূৰ্বৰ সাংসদ লালডুহ'মা এই দলটোৰ নেতৃত্ব বহন কৰি আহিছে। ১৯৯৭ চনত মিজো নেচনেল ফ্ৰণ্টৰ পৰা ফাটি যোৱা এটা অংশই মিজো নেচনেল ফ্ৰণ্ট(নেচনেলিষ্ট) গঠন কৰিছিল।
-
বালাচাহেবাঞ্চী শিৱসেনা
বালাচাহেবাঞ্চী শিৱসেনা (Balasahebanchi Shiv Sena) হৈছে ২০২২ চনত একনাথ শিণ্ডেৰ নেতৃত্বত গঠিত এক ৰক্ষণশীলতাবাদী ভাৰতীয় ৰাজনৈতিক দল। এই দলটো মুখ্য শিৱসেনা দলৰপৰা পৃথক হোৱাত নিৰ্বাচন আয়োগে দলটোক এটা নতুন প্ৰতীক প্ৰদান কৰিছিল। ২০২২ চনৰ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ ফলস্বৰূপে এই দলৰ গঠন কৰা হৈছে।
-
লাল নিশান পাৰ্টি
লাল নিশান পাৰ্টি আছিল মহাৰাষ্ট্ৰ ৰাজ্যৰ এটা কমিউনিষ্ট ৰাজনৈতিক দল। এই দলটো ১৯৬৫ চনত প্ৰতিষ্ঠা কৰা হয়। এল এন পিৰ মূল কাম আছিল ট্ৰেড ইউনিয়নৰ সক্ৰিয়তা। দলটোৰ ট্ৰেড ইউনিয়নৰ নাম আছিল সৰ্বশ্ৰমিক সংঘ (SSS)। দলীয় প্ৰকাশনখনৰ নাম আছিল নৱে পৰ্ব।