মহিলাৰ জাতীয়তা সম্পৰ্কীয় সন্ধি আছিল মহিলাৰ অধিকাৰ সম্পৰ্কে গ্ৰহণ কৰা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় সন্ধি। ১৯৩৩ চনত উৰুগুৱেৰ মণ্টেভিডিঅ'ত প্যান আমেৰিকান ইউনিয়নে ইয়াক গ্ৰহণ কৰে।১ কেইবাখনো দেশ যেনে; আৰ্জেণ্টিনা, বলিভিয়া, ব্ৰাজিল, চিলি, কলম্বিয়া, কিউবা, ডমিনিকান ৰিপাব্লিক, ইকুৱেডৰ, এল ছালভাডৰ, গুৱেটামালা, হাইটি, হণ্ডুৰাছ, মেক্সিকো, নিকাৰাগুয়া, পানামা, পেৰাগুৱে, পেৰু, আমেৰিকা যুক্তৰাষ্ট্ৰ, উৰুগুৱে, ভেনিজুৱেলাৰ প্ৰতিনিধিয়ে ইয়াক অনুমোদন জনায়। ঘৰুৱা আইনসমূহৰ আইনগত সংস্কাৰৰ অধীনত সংৰক্ষণসমূহ এল ছালভাডৰ, হণ্ডুৰাছ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে কৰিছিল।২
মহিলাৰ জাতীয়তাৰ বিষয়টো সম্পৰ্কে আলোচনা তৰান্বিত হয় হেগ সংহিতাকৰণ সন্মিলনৰ যোগেৰে। ১৯৩০ চনত হেগ সংহিতাকৰণ সন্মিলনত বৈষম্যমূলক জাতীয়তা আইন প্ৰণয়নৰ বিষয়টো উত্থাপন কৰা হয়।৩ বহু দেশত মহিলাসকলে বিবাহৰ লগে লগে নিজৰ জাতীয়তা হেৰুৱাই পেলায়৪ আৰু নিজৰ সম্পত্তি বা সন্তানৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে।৫ আন্তঃআমেৰিকান মহিলা আয়োগে সম্পূৰ্ণ কৰা বহুবছৰীয়া অধ্যয়নৰ পিছত ড'ৰিছ ষ্টিভেন্সে তেওঁলোকৰ তথ্যসমূহ প্ৰতিনিধিসকলৰ আগত পুৰুষ আৰু মহিলাৰ মাজত নাগৰিকত্ব নিয়ন্ত্ৰণ কৰা আইনসমূহৰ বৈষম্য দেখুৱাই উপস্থাপন কৰে।১ আমেৰিকান ৰাষ্ট্ৰৰ সপ্তম আন্তৰ্জাতিক সন্মিলনে এই কথাত সন্মতি প্ৰকাশ কৰে যে "জাতীয়তা, তেওঁলোকৰ আইন বা ব্যৱহাৰৰ ক্ষেত্ৰত লিংগৰ ওপৰত ভিত্তি কৰি কোনো পাৰ্থক্য নাথাকিব।"৬
এই চুক্তিখনে কেৱল আমেৰিকাৰ সদস্য ৰাষ্ট্ৰসমূহৰ মৰ্যাদাক প্ৰভাবিত কৰিছিল,১ ১৯৪৮ চনত আৰম্ভ হোৱা জাতীয়তা বিষয়ৰ ওপৰত ৰাষ্ট্ৰসংঘৰ নিজা অধ্যয়নৰ পূৰ্বসূৰী আছিল।৭ ১৯৫৭ চনত বিবাহিত মহিলাৰ জাতীয়তা সম্পৰ্কীয় সন্ধি গৃহীত হয়, য'ত আমেৰিকাৰ বাহিৰৰ মহিলাসকলৰ বাবে জাতীয়তা সুৰক্ষা সম্প্ৰসাৰিত কৰা হয়।৮
তথ্যসূত্ৰ
- ↑ (1933). The World's First Treaty of Equality for Women - Montevideo, Uruguay, 1933. Organization of American States. Inter-American Commission of Women
- ↑ (December 26, 1933). Convention on the Nationality of Women (Inter-American); December 26, 1933. Avalon Project. Yale Law School
- ↑ Freeman Rudolf Chinkin, পৃ. 235
- ↑ Green 1956, পৃ. 750
- ↑ Phayre, Ignatius. (1 May 1921). A Woman Don Quixote in the Harems of Spain. The New York Times Book Review and Magazine
- ↑ (26 December 1933). Convention on the Nationality of Women. Organization of American States. Inter-American Commission of Women
- ↑ Green 1956, পৃ. 750
- ↑ Freeman Rudolf Chinkin, পৃ. 235
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহিলাৰ জাতীয়তা সম্পৰ্কীয় সন্ধি” প্ৰবন্ধৰ সংশোধন ৫৮১২৯০ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।