অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

প্ৰতিৰক্ষা মন্ত্ৰালয়

প্ৰতিৰক্ষা মন্ত্ৰালয় (Ministry of Defence; চমুকৈ MoD) য়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত চৰকাৰৰ সকলো সংস্থা আৰু কাম-কাজৰ সমন্বয় আৰু তত্বাৱধানৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ভাৰতৰ ৰাষ্ট্ৰপতি দেশৰ সশস্ত্ৰ বাহিনীৰ আনুষ্ঠানিক প্ৰধান সেনাধ্যক্ষ।

হালনাগাদ: ১৮ আগষ্ট ২০২৩ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

প্ৰতিৰক্ষা মন্ত্ৰালয় (Ministry of Defence; চমুকৈ MoD) য়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত চৰকাৰৰ সকলো সংস্থা আৰু কাম-কাজৰ সমন্বয় আৰু তত্বাৱধানৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

ভাৰতৰ ৰাষ্ট্ৰপতি দেশৰ সশস্ত্ৰ বাহিনীৰ আনুষ্ঠানিক প্ৰধান সেনাধ্যক্ষ। দেশৰ প্ৰতিৰক্ষাৰ প্ৰেক্ষাপটত সশস্ত্ৰ বাহিনীক নিজৰ দায়িত্ব পালন কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে নীতিগত কাঠামো আৰু সম্পদ প্ৰদান কৰে। ভাৰতৰ ভূখণ্ডৰ অখণ্ডতা নিশ্চিত কৰাৰ বাবে ভাৰতীয় সশস্ত্ৰ বাহিনী (ভাৰতীয় সেনা, ভাৰতীয় বায়ুসেনা, ভাৰতীয় নৌসেনাকে ধৰি) আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ দায়িত্ব প্ৰদান কৰে।

সংগঠনসমূহ

বিভাগসমূহ

প্ৰতিৰক্ষা মন্ত্ৰালয় পাঁচটা বিভাগৰে গঠিত; প্ৰতিৰক্ষা বিভাগ (DoD), সামৰিক পৰিক্ৰমা বিভাগ (DMA), প্ৰতিৰক্ষা উৎপাদন বিভাগ (DDP), প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগ (DRDO), আৰু প্ৰাক্তন সেনাবাহিনীৰ কল্যাণ বিভাগ (DESW)। ভাৰতৰ প্ৰতিৰক্ষা সচিবে প্ৰতিৰক্ষা বিভাগৰ মুৰব্বী হিচাপে কাম কৰে, আৰু মন্ত্ৰালয়ত বিভাগসমূহৰ কাৰ্যকলাপৰ সমন্বয়ৰ বাবে অতিৰিক্ত দায়িত্ব লয়।

আন্তঃসেৱা সংস্থা

  • অফিচাৰ্ছ ট্ৰেনিং একাডেমী, চেন্নাই আৰু গয়া
  • ইণ্ডিয়ান মিলিটাৰী একাডেমী, ডেৰাডুন
  • নেশ্যনেল ডিফেন্স একাডেমী, পুনে
  • ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজ (R.I.M.C)
  • ৰাষ্ট্ৰীয় মিলিটাৰী স্কুলছ (চাইল, বেলগাঁও, বাংলোৰ, আজমেৰ, ঢোলপুৰ)
  • ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়, নতুন দিল্লী
  • কলেজ অৱ ডিফেন্স মেনেজমেণ্ট, চেকেণ্ডৰাবাদ
  • ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজ, ৱেলিংটন কেণ্টনমেণ্ট, দ্য নীলগিৰিছ
  • মিলিটাৰী ইনষ্টিটিউট অৱ টেকন’লজি (মিলিট), পুনে
  • আৰ্মড ফোৰ্চেচ মেডিকেল কলেজ (ভাৰত), পুনে
  • ডাইৰক্টৰেট জেনেৰেল অফ ৰি-ছেটেলমেন্ট, নতুন দিল্লী
  • ডাইৰক্টৰেট জেনেৰেল অফ ডিফেন্স, নতুন দিল্লী

মন্ত্ৰীসকল

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নেতৃত্বত থাকে প্ৰতিৰক্ষা মন্ত্ৰী, যাক এজন বা এজনতকৈ অধিক ৰাজ্যিক মন্ত্ৰীয়ে সহায় কৰে।

মন্ত্ৰীপদবীপৰ্টফলিঅ'
ৰাজনাথ সিংপ্ৰতিৰক্ষা মন্ত্ৰীসামগ্ৰিক দায়িত্ব।
অজয় ভাটপ্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰীকৰ্তব্যৰ চনদত গৌণ আৰু প্ৰশাসনিক কাম-কাজ অন্তৰ্ভুক্ত কৰা হৈছে।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিৰক্ষা মন্ত্ৰালয়” প্ৰবন্ধৰ সংশোধন ৩৭৪৭১৬ (১৮ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।