চৰকাৰী সংস্থা
১১ প্ৰবন্ধ
-
কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰামাণীকৰণ পৰিষদ
কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ পৰিষদ (Central Board of Film Certification, CBFC) বা কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰামাণীকৰণ পৰিষদ হৈছে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক বিধিগত চলচ্চিত্ৰ প্ৰমাণীকৰণ সংস্থা।
-
অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী
ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী অসম বা SDRF ASSAM (State Disaster Response Force, Assam) হৈছে যিকোনো প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ সময়ত ক্ষিপ্ৰ আৰু ফলপ্ৰসূভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ উদ্দেশ্যেৰে ১৫ ডিচেম্বৰ ২০১১ তাৰিখে গঠন কৰা এক বিশেষ আৰক্ষী বাহিনী।
-
যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগ
যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগ (ইউ.এছ.ডি.এ.), কৃষি বিভাগ বুলিও জনাজাত এই সংস্থাটো হৈছে ইউ.এছ. চৰকাৰৰ ফেডাৰেল সহকাৰী বিভাগ। এই বিভাগটোৱে ফাৰ্মিং, বনবিভাগ আৰু খাদ্য সম্পৰ্কীয় যুক্তৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণৰ সৈতে জড়িত।
-
দিল্লী আৰক্ষী
দিল্লী আৰক্ষী (Delhi Police) হৈছে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ডৰ আইন প্ৰয়োগকাৰী সংস্থা। দিল্লী আৰক্ষী ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ। ২০২৪ চনত দিল্লী আৰক্ষীৰ অনুমোদিত শক্তি আছিল ৮৩,৭৬২ দিল্লী আৰক্ষীৰ শক্তিৰ প্ৰায় ২৫% ভিআইপি সুৰক্ষাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।
-
ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচন, নতুন দিল্লী
ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচন ১৯৫৪ চনত স্থাপিত হৈছিল। ইহ ভাৰত চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰ্যালয়ৰ অধীনত এক গৱেষণা আৰু প্ৰশিক্ষণ সংস্থা।এইখন অনুষ্ঠানে ভাৰতৰ ৰাজহুৱা প্ৰশাসন আৰু শাসন-ব্যৱস্থাৰ সৈতে জড়িতসকলক প্ৰশিক্ষণ আৰু গৱেষণাত সহায় কৰে।
-
ইৰানৰ তৈল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ
ইৰাণৰ তেল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ (nationalization of the Iranian oil industry) ইৰানৰ সংসদ (মজলিছ)ৰ আন্দোলনৰ ফল আছিল। এই আন্দোলনৰ লক্ষ্য আছিল ইৰাণৰ তেল উদ্যোগৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰা, যিটো উদ্যোগ পূৰ্বে ব্যক্তিগত কোম্পানীয়ে পৰিচালনা কৰিছিল আৰু বহুলাংশে বিদেশী শক্তিৰ নিয়ন্ত্ৰণত আছিল।
-
কেৰালা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ
কেৰালা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (KSDMA) ভাৰতৰ কেৰালা ৰাজ্যৰ এটা চৰকাৰী সংস্থা। ২০০৭ চনত স্থাপিত এই সংস্থাটোৱে ৰাজ্যখনৰ দুৰ্যোগৰ প্ৰস্তুতি, প্ৰশমন, সঁহাৰি আৰু পুনৰুদ্ধাৰৰ বাবে দায়বদ্ধ।
-
জিলা পৰ্যটন প্ৰসাৰ পৰিষদ (কেৰালা)
জিলা পৰ্যটন প্ৰসাৰ পৰিষদ (District Tourism Promotion Councils) চমূকৈ DTPC কেৰালা চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনত জিলা পৰ্যায়ত গঠিত চৰকাৰী ট্ৰাষ্ট। ভাৰতৰ কেৰালা ৰাজ্যৰ ১৪খন জিলাৰ প্ৰতিখনতে পৃথকে এখনকৈ DTPC স্থাপন কৰা হৈছে। প্ৰতিখন পৰিষদৰ সভাপতি সংশ্লিষ্ট জিলাৰ জিলা উপায়ুক্ত।
-
প্ৰতিৰক্ষা খাদ্য গৱেষণা পৰীক্ষাগাৰ
প্ৰতিৰক্ষা খাদ্য গৱেষণা পৰীক্ষাগাৰ (ডিএফআৰএল) হৈছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ ভাৰতীয় প্ৰতিৰক্ষা পৰীক্ষাগাৰ। কৰ্ণাটকৰ মহীশূৰত অৱস্থিত ই ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে বিভিন্ন খাদ্য প্ৰত্যাহ্বানসমূহ পূৰণ কৰিবলৈ খাদ্য বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰযুক্তি আৰু সামগ্ৰীৰ গৱেষণা আৰু বিকাশ…
-
ভাাৰতীয় পশু কল্যাণ ব'ৰ্ড
ভাৰতীয় পশু কল্যাণ ব’ৰ্ড হাৰিয়ানা ৰাজ্যৰ বল্লভগড়ত মুখ্য কাৰ্যালয় থকা ভাৰতীয় পশু কল্যাণ ব'ৰ্ড (AWBI) ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰ্যালয় (পশুপালন আৰু দুগ্ধ বিভাগ)ক পৰামৰ্শ দিয়া এটা বিধিগত পৰামৰ্শদাতা সংস্থা। পূৰ্বতে চেন্নাইত AWBIৰ মুখ্য কাৰ্যালয় আছিল।
-
ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান
ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান (National Botanical Research Institute)বা চমূকৈ NBRI হৈছে ভাৰতৰ বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ (CSIR)-ৰ অধীনস্থ এক আগশাৰীৰ উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত।