অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অসমৰ বড়োলেণ্ড অঞ্চলৰ স্বায়ত্বশাসিত পৰিষদৰ মুৰব্বী। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। অসমৰ বড়োলেণ্ড অঞ্চলত শাসন কাৰ্য সম্পাদন কৰিবলৈ এই পৰিষদৰ গঠন কৰা হয়।

হালনাগাদ: ২৬ জুন ২০২৬ ২৭৮ শব্দ · ২ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অসমৰ বড়োলেণ্ড অঞ্চলৰ স্বায়ত্বশাসিত পৰিষদৰ মুৰব্বী। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। অসমৰ বড়োলেণ্ড অঞ্চলত শাসন কাৰ্য সম্পাদন কৰিবলৈ এই পৰিষদৰ গঠন কৰা হয়। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসৰি এই পৰিষদ স্থাপন কৰা হয় আৰু ইয়াৰ মুৰব্বী মুখ্য কাৰ্যবাহী বিষয়া পদ সৃষ্টি কৰা হয়। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ বৰ্তমান মুখ্য কাৰ্যবাহী সদস্য হৈছে হাগ্ৰামা মহিলাৰী। ২০২০ চনৰ ১৫ ডিচেম্বৰ তাৰিখে তেওঁ এই পদত অধিষ্ঠিত হয়।১২

ইতিহাস

ভূটান আৰু অৰুণাচল প্ৰদেশৰ পাদদেশত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ অসমৰ চাৰিখন জিলাক লৈ বড়োলেণ্ড সৃষ্টি হৈছে। এই জিলা কেইখন হৈছে ক্ৰমে কোকৰাঝাৰ জিলা, বাক্সা জিলা, ওদালগুৰি জিলা আৰু চিৰাং জিলা। বড়ো আন্দোলনৰ ফলশ্ৰুতিত ২০০৩ চনত হোৱা বড়ো চুক্তিৰ ফলাফল হিচাপে বড়োলেণ্ড গঠন কৰা হৈছিল।৩ এই অঞ্চলটোৰ পৰিচালনা বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ নামৰ এক নিৰ্বাচিত পৰিষদে কৰে আৰু এই পৰিষদৰ মুৰব্বী হৈছে মুখ্য কাৰ্যবাহী সদস্য। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ প্ৰথম মুখ্য কাৰ্যবাহী সদস্য হৈছে হাগ্ৰামা মহিলাৰী। তেওঁ ২০০৩ চনৰ ৮ এপ্ৰিলৰ পৰা ২০২০ চনৰ ২৭ এপিললৈকে তেওঁ এই পদত অধিষ্ঠিত আছিল।

ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ ৪ এপ্ৰিল তাৰিখে নিৰ্ধাৰিত পৰিষদীয় নিৰ্বাচন ২০২০ চনৰ ডিচেম্বৰ মাহলৈ পিছুৱাই দিব লগীয়া হৈছিল। ২০২০ চনৰ ২৭ এপ্ৰিলৰ পৰা ২০২০ চনৰ ১৫ ডিচেম্বৰলৈকে ইয়াত অসমৰ ৰাজ্যপালৰ শাসন বলৱত আছিল।৪

নিৰ্বাচন

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুঠ সদস্যৰ সংখ্যা ৪৬ জন। ইয়াৰে ৪০ গৰাকী সদস্য বড়োলেণ্ডৰ ৪০টা সমষ্টিৰ পৰা পৰিষদীয় নিৰ্বাচনৰ যোগেৰে নিৰ্বাচিত হয়। বাকী ৬ গৰাকী সদস্য অসমৰ ৰাজ্যপালে বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰা মনোনীত কৰে। নিৰ্বাচিত সদস্যৰ আধাতকৈ এখন আসন অৰ্থাৎ ন্যূনতম ২১খন আসন লাভ কৰা দলে পৰিষদ দখল কৰে। কোনো দলেও সংখ্যাগৰিষ্ঠ সংখ্যক আসন লাভ কৰিলে দুই বা ততোধিক দল লগ লাগি পৰিষদ গঠন কৰে। তাৰপিছত পৰিষদ গঠন কৰা দলে নিৰ্বাচিত সদস্য সমূহৰ মাজৰ পৰা এগৰাকী মুখ্য কাৰ্যবাহী সদস্য নিৰ্বাচন কৰে।

মুখ্য কাৰ্যবাহী সদস্যসমূহৰ তালিকা

নং.নামআলোকচিত্ৰকাৰ্যকাল আৰম্ভ - সমাপ্তিদলকাৰ্যকাল
১হাগ্ৰামা মহিলাৰী৫৮ এপ্ৰিল ২০০৩২৭ এপ্ৰিল ২০২০বড়োলেণ্ড পিপলছ ফ্ৰণ্টদিন
–খালি৬ (ৰাজ্যপালৰ শাসন)Emblem of India.svg২৭ এপ্ৰিল ২০২০১৫ ডিচেম্বৰ ২০২০প্ৰযোজ্য নহয়দিন
২প্ৰমোদ বড়ো৭১৫ ডিচেম্বৰ ২০২০বৰ্তমানইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলদিন

তথ্যসূত্ৰ

  1. ↑ The Tribune, Chandigarh, India - Nation. Tribune
  2. ↑ Memorandum of Settlement on Bodoland Territorial Council (BTC). www.satp.org
  3. ↑ Bodoland Territorial Council (BTC) Accord. cdpsindia.org
  4. ↑ (April 27, 2020). TIME8 News | Breaking News | Assam | Guwahati | Northeast | Bengal | Time8 | Governor's Rule Imposed In Assam's BTC
  5. ↑ আৰ্কাইভ কপি
  6. ↑ GuwahatiApril 27, Hemanta Kumar Nath; April 27, 2020UPDATED:; Ist, 2020 22:43. Assam: Governor takes over Bodoland Territorial Council in absence of term end polls. India Today
  7. ↑ (2020-12-15). UPPL Chief Promod Boro sworn in as Bodoland Council chief in Assam

সম্পৰ্কিত শ্ৰেণী

অসম চৰকাৰঅসমৰ ৰাজনীতিঅসম সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য” প্ৰবন্ধৰ সংশোধন ৬১৪৬২৭ (২৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।