ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৮ প্ৰবন্ধ
-
২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰতৰ সাধাৰণ নিৰ্বাচন,২০১৪ৰ যোগেদি দেশখনৰ ৫৪৩টা লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচন কৰি ষোড়শ লোকসভা গঠন কৰা হয়। ৭ এপ্ৰিল, ২০১৪ৰ পৰা ২৪ মে', ২০১৪লৈ মুঠ নটা পৰ্যায়ত হোৱা দেশৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া নিৰ্বাচন।
-
২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন (2024 Indian general election) ১৮তম লোকসভাৰ ৫৪৩জন সদস্যক নিৰ্বাচিত কৰিবলৈ ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ অনুষ্ঠিত হ’ব। ৭টা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ফলাফল অহা ৪ জুন ২০২৪ তাৰিখে ঘোষণা কৰা হ’ব।
-
২০১৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
২০১৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন সপ্তদশ লোকসভা গঠন কৰাৰ উদ্দেশ্যে ২০১৯ৰ ১১ এপ্ৰিলৰ পৰা ১৯ মে’লৈ সাতটা স্তৰত অনুষ্ঠিত হয়। ভোটগণনা হয় ২৩ মে’ত। লোকসভা নিৰ্বাচনৰ লগতে চাৰিখন ৰাজ্য- অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, উৰিষ্যা আৰু চিক্কিমৰ বিধানসভা নিৰ্বাচনো একেলগে অনুষ্ঠিত হয়।
-
১৯৭৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৭৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত বিভিন্ন ঘটনাপ্ৰবাহৰ পৰিপ্ৰেক্ষিতত পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে শাসনৰ বাঘজৰী হেৰুৱাবলগীয়া হৈছিল। ২১মহীয়া অন্তৰ্ৱৰ্তী জৰুৰীকালীন অৱস্থাৰ সামৰণি পেলাই প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ষষ্ঠ লোকসভা গঠনৰ উদ্দেশ্যে সাধাৰণ নিৰ্বাচন ঘোষণা কৰিছিল।
-
১৯৫১-৫২ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৫১-৫২ স্বাধীন ভাৰতৰ প্ৰথম লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ অনুষ্ঠিত কৰা হৈছিল। ভোটগ্ৰহণ ২৫ অক্টোবৰ,১৯৫১ৰ পৰা ২১ ফেব্ৰুৱাৰী, ১৯৫২লৈ চলিছিল। সৰ্বপ্ৰথম ভোটগ্ৰহণ হিমাচল প্ৰদেশৰ চিনি জিলাত অনুষ্ঠিত হৈছিল।
-
১৯৭১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৭১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৫ম লোকসভা গঠন কৰিবলৈ অনুষ্ঠিত হৈছিল। এখনীয়া আসনৰ ৫১৮টা সমষ্টিয়ে ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰিছিল।
-
১৯৫৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৫৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন যোগে ২য় লোকসভাৰ সদস্যসকলক নিৰ্বাচিত কৰা হৈছিল। নিৰ্বাচন ২৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হৈছিল। First past the post ভোটিং পদ্ধতি ব্যৱহাৰ হোৱা এই নিৰ্বাচনত মুঠ লোকসভা সমষ্টি আছিল ৪০৩ টা আৰু আসনৰ সংখ্যা আছিল ৪৯৪খন।
-
১৯৬২ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৬২ তৃতীয় লোকসভা গঠনৰ উদ্দেশ্যে ১৯৬২ চনৰ ১৯ ফেব্ৰুৱাৰীৰৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল। পূৰ্বৱৰ্তী নিৰ্বাচনৰ দৰে এইটো নিৰ্বাচনত কোনো লোকসভা সমষ্টিতে দুজনকৈ সাংসদ নিৰ্বাচন কৰা হোৱা নাছিল।
-
১৯৯৬ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৬ ১১শ লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনৰ ফলাফলে এখন ওলমা সংসদ দিবলৈ সক্ষম হৈছিল আৰু ফলস্বৰূপে ১৯৯৮ চনত ভাৰতবৰ্ষত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছিল। মাত্ৰ ২বছৰৰ চমু কালচোৱাত দেশখনে ৩জনকৈ প্ৰধান মন্ত্ৰী লাভ কৰিছিল।
-
২০০৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
২০০৪ চনৰ ২০ এপ্ৰিলৰ পৰা ১০ মে'ৰ ভিতৰত চাৰিটা পৰ্যায়ত ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। চতুৰ্দশ লোকসভাৰ ৫৪৩ জন সদস্য নিৰ্বাচিত কৰিবলৈ প্ৰায় ৬৭০ নিযুতৰো অধিক লোকে ভোটদান কৰিছিল। লোকসভা হৈছে পোনপটীয়াকৈ নিৰ্বাচিত হোৱা ভাৰতৰ সংসদৰ নিম্ন সদন।
-
১৯৬৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৬৭ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৪ৰ্থ লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ অনুষ্ঠিত হৈছিল। ১৭ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ ভোটদান হোৱা এই নিৰ্বাচনটোত ৫২০খন এজনীয়া সদস্যৰ আসনে ভাৰতৰ ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰিছিল। বিগত নিৰ্বাচনটোতকৈ আসনৰ সংখ্যা ২খন বৃদ্ধি পাইছিল।
-
১৯৯৮ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৯৮ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ইন্দৰ কুমাৰ গুজৰাল চৰকাৰৰ পতন আৰু ১৯৯৬ চনত গঠন কৰা দ্বাদশ লোকসভাৰ ভঙ্গ হোৱাৰ পিছত অনুষ্ঠিত হৈছিল। জৈন কমিচনৰ প্ৰতিবেদনত ৰাজীৱ গান্ধী হত্যা ষড়যন্ত্ৰত দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম জড়িত বুলি উল্লেখ থকাৰ অভিযোগ উঠে।
-
২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ১৬ এপ্ৰিলৰ পৰা ১৩ মে’লৈ- মুঠ ৫টা পৰ্যায়ত অনুষ্ঠিত হৈছিল। পঞ্চদশ লোকসভা গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এই নিৰ্বাচনত মুঠ ভোটাৰৰ ৫৮.২১ শতাংশই ভোটদান কৰিছিল। চতুৰ্দশ লোকসভাৰ কাৰ্যকাল ইতিমধ্যে ২০০৯ৰ ১ জুনত সমাপ্ত হ’বলগীয়া আছিল।
-
১৯৮০ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৮০ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৩ আৰু ৬ জানুৱাৰী তাৰিখে্ মুঠ ৫৪২টা লোকসভা সমষ্টিৰ ভিতৰত ৫২৯টাত অনুষ্ঠিত হৈছিল। মেঘালয়ৰ শ্বিলং আৰু অসমৰ ডিব্ৰুগড়, যোৰহাট, কলিয়াবৰ, স্বায়ত্বশাসিত জিলা, নগাওঁ, লখিমপুৰ, তেজপুৰ, মঙলদৈ, গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী- এই ১৩টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱা…
-
১৯৯৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৯ ৫ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ কাৰ্গিল যুদ্ধৰ কেইমাহমান পিছতে অনুষ্ঠিত হৈছিল। ত্ৰয়োদশ লোকসভা গঠন কৰাৰ উদ্দেশে অনুষ্ঠিত কৰা এই নিৰ্বাচনৰ এক বিশেষ ঐতিহাসিক গুৰুত্ব আছে।
-
১৯৯১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৯১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন দশম লোকসভা গঠনৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছিল। পাঞ্জাৱ আৰু জম্মু আৰু কাশ্মীৰৰ বাদে বাকীবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১৯৯১ৰ ২০ মে’, ১২ জুন আৰু ১৫ জুনত- এই তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়। ইয়াৰ উপৰিও বিহাৰৰ দুটা আৰু উত্তৰ প্ৰদেশৰ এখন লোকসভাৰ আসনতো নিৰ্বাচন হোৱা নাছিল।
-
১৯৮৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৮৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন পূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছতে তিনিটা প্ৰৰ্যায়ত ২৪, ২৭ আৰু ২৮ ডিচেম্বৰত অনুষ্ঠিত হৈছিল। আভ্যন্তৰীণ অশান্তিৰ বাবে মিজোৰাম, পাঞ্জাব আৰু অসমত অষ্টম লোকসভা গঠনৰ বাবে অনুষ্ঠিত কৰা এই নিৰ্বাচন দহমান পলমকৈ হৈছিল।
-
১৯৮৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৮৯ নৱম লোকসভাৰ সদস্যসকলক নিৰ্বাচিত কৰিবলৈ অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত ৰাজীৱ গান্ধীৰ পৰাজয় হৈছিল, কাৰণ বিৰোধী দলবোৰে একগোট হৈ জাতীয় মৰ্চাৰ অধীনত এখন সংখ্যালঘু চৰকাৰ গঠন কৰিছিল। প্ৰধান মন্ত্ৰী হৈছিল বিশ্বনাথ প্ৰতাপ সিং।