অব্যৱসায়িক সংস্থা
৮ প্ৰবন্ধ
-
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্ক'ৰ্প'ৰেছন হৈছে এটা আমেৰিকান অব্যৱসায়িক দাতব্য সংস্থা। ফ্ল'ৰিডাৰ আইনৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় চান ফ্ৰান্সিচ্ক', কেলিফ'ৰ্নিয়াত অৱস্থিত।
-
সুকীয়া
সুকীয়া হৈছে এলজিবিটি (LGBT) অৰ্থাৎ সমকামী নাৰী, সমকামী পুৰুষ, উভকামী আৰু ৰূপান্তৰকামী ব্যক্তিসকলৰ অধিকাৰৰ বাবে কাম কৰা বেচৰকাৰী প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় অসমৰ গুৱাহাটীত অৱস্থিত। ই অসম তথা সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ একমাত্ৰ তথা প্ৰথম এনে ধৰণৰ প্ৰতিষ্ঠান।
-
অৰণ্যক
অৰণ্যক বন্যপ্ৰাণী সম্পৰ্কীয় এখন বেচৰকাৰী প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। ই উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিখ্যাত বন্যপ্ৰাণীৰ লগত জড়িত বেচৰকাৰী প্ৰতিষ্ঠান। এইখন ভাৰতৰ অন্যতম বৈজ্ঞানিক তথা ঔদ্যোগিক গৱেষণাৰ পৰিৱেশিক প্ৰতিষ্ঠান।
-
ৱিকি এডুকেশ্যন ফাউণ্ডেশ্যন
ৱিকি এডুকেশ্যন ফাউণ্ডেশ্যন (Wiki Education Foundation); কেতিয়াবা চমুকৈ কোৱা হয় Wiki Ed) হৈছে চান ফ্ৰান্সিস্ক, কেলেফোৰ্নিয়াত অৱস্থিত এক অনালাভকাৰী প্ৰতিষ্ঠান।
-
আকাংক্ষা অসম
আকাংক্ষা অসম শিশুৰ অধিকাৰৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা স্বেচ্ছাসেৱী প্ৰতিষ্ঠান। ২০১৬ চনত পোন প্ৰথমে গুৱাহাটীৰ মিৰ্জাত কেইজনমান যুৱক-যুৱতীয়ে শিশুৰ অধিকাৰৰ বাবে কাম কৰিবলৈ স্থাপন কৰিছিল। শিশুসকলৰ লগত সংঘটিত বিভিন্ন শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিষ্ঠানটোৱে কাম কৰি আহিছে।
-
কৰ্ণাটক সাহিত্য পৰিষদ
কানাড়া সাহিত্য পৰিষদ (Kannada Saahithya Parishath; কানাড়া: ಕನ್ನಡ ಸಾಹಿತ್ಯ ಪರಿಷತ್ತು) এটা ভাৰতীয় অ-লাভজনক সংস্থা, যিয়ে কানাড়া ভাষা আৰু ইয়াৰ সাহিত্যৰ প্ৰসাৰৰ বাবে কাম কৰে। ইয়াৰ মুখ্য কাৰ্যালয় কৰ্ণাটক ৰাজ্যৰ বেংগালুৰু চহৰত।
-
চেভ ইণ্ডিয়ান ফেমিলি ফাউণ্ডেশ্যন
চেভ ইণ্ডিয়ান ফেমিলি ফাউণ্ডেশ্যন (Save Indian Family Foundation: SIFF, ভাৰতৰ এক পুৰুষাধিকাৰ সংগঠন। চেভ ইণ্ডিয়ান ফেমিলি আন্দোলনৰ ফলস্বৰূপে এই পঞ্জীকৃত অব্যৱসায়িক আৰু বেচৰকাৰী সংগঠনটোৰ জন্ম হয়। ই একে ধৰণৰ উদ্দেশ্য থকা কেইবাটাও অন্য সংগঠনৰ লগত মিলি কাম কৰে।
-
সমিধান
সমিধান এটা অ-ব্যৱসায়িক স্বেচ্ছাসেৱী সংগঠন। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত তথ্য সৰবৰাহৰ ক্ষেত্ৰত তুলনামূলকভাৱে পিছ পৰি থকা অঞ্চলসমূহৰ উন্নয়নৰ উদ্দেশ্য আগত ৰাখি কেইজনমান উদ্যমীৰ উদ্যোগত ২০১০ চনৰ ১ জানুৱাৰী তাৰিখে সমিধান মুকলি কৰা হৈছিল।