অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় (Ministry of Petroleum and Natural Gas) ভাৰত চৰকাৰৰ অধীনৰ এক মন্ত্ৰালয়। এই মন্ত্ৰালয়ে পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, পেট্ৰলিয়ামজাত সামগ্ৰী আৰু তৰলীকৃত প্ৰাকৃতিক গেছৰ অন্বেষণ, উৎপাদন, শোধন, বিতৰণ, বিপণন, আমদানি, ৰপ্তানি, আৰু সংৰক্ষণৰ দায়িত্ব পালন কৰে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৪৫৪ শব্দ · ৩ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় (Ministry of Petroleum and Natural Gas) ভাৰত চৰকাৰৰ অধীনৰ এক মন্ত্ৰালয়। এই মন্ত্ৰালয়ে পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, পেট্ৰলিয়ামজাত সামগ্ৰী আৰু তৰলীকৃত প্ৰাকৃতিক গেছৰ অন্বেষণ, উৎপাদন, শোধন, বিতৰণ, বিপণন, আমদানি, ৰপ্তানি, আৰু সংৰক্ষণৰ দায়িত্ব পালন কৰে। ভাৰতৰ বৰ্তমান পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৈছে হৰদীপ সিং পুৰী। মোদী মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হিচাপে তেওঁ এই মন্ত্ৰালয়ৰ নেতৃত্ব গ্ৰহণ কৰিছে। এই মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হৈছে ৰামেশ্বৰ তেলী। এম এম কুট্টি বৰ্তমান এই মন্ত্ৰালয়ৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰিছে।১

কাৰ্যাৱলী

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰাকৃতিক গেছকে ধৰি পেট্ৰলিয়াম সম্পদৰ অন্বেষণ আৰু আহৰণ কৰে। ইয়াৰ লগতে প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰীকে ধৰি পেট্ৰলিয়াম উৎপাদন, যোগান বিতৰণ, বিপণন আৰু মূল্য নিৰ্ধাৰণ আদিৰ লগত মন্ত্ৰালয় জড়িত। ই লুব প্লাণ্টকে ধৰি তেল শোধনাগাৰসমূহ নিৰীক্ষণ কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ ব্ৰেণ্ডিং আৰু প্ৰচাৰত আগ-ভাগ লয়। পেট্ৰলিয়াম আৰু পেট্ৰলিয়াম সামগ্ৰীৰ বৈজ্ঞানিক ভিত্তিত অনুমোদিত যোগকৰণ মন্ত্ৰালয়ৰ নিৰীক্ষণত সম্পূৰ্ণ হয়। মন্ত্ৰালয়ৰ অধীনত থকা কৰা সকলো উদ্যোগৰ পৰিকল্পনা, উন্নয়ন আৰু নিয়ন্ত্ৰণ, আৰু সহায় আগবঢ়ায়। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ যিকোনো বিষয়ৰ সৈতে জড়িত সকলো সংলগ্ন বা অধীনস্থ কাৰ্যালয় বা অন্যান্য সংস্থাসমূহৰ ই নডেল মন্ত্ৰালয় হিচাপে কাম কৰে। তৈলক্ষেত্ৰ সেৱাৰ পৰিকল্পনা, উন্নয়ন আৰু নিয়ন্ত্ৰণ এই মন্ত্ৰালয়ৰ অধীন। ইয়াৰ লগতে তেল আৰু গেছ সম্পৰ্কীয় বিষয়সমূহৰ অন্তৰ্গত ৰাজহুৱা খণ্ডৰ প্ৰকল্পসমূহ, ইঞ্জিনিয়াৰ ইণ্ডিয়া লিমিটেড আৰু আই বি পি কোম্পানী, ইয়াৰ সহযোগী কোম্পানীসমূহৰ সৈতে একেলগে, অন্যান্য যিকোনো মন্ত্ৰালয়/বিভাগক বিশেষভাৱে আবণ্টিত প্ৰকল্পসমূহৰ বাহিৰে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ সম্পৰ্কীয় বিভিন্ন কেন্দ্ৰীয় আইনৰ খচৰা প্ৰস্তুতি আৰু প্ৰশাসন পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অন্তৰ্ভুক্ত।

কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ

ভাৰত চৰকাৰৰ এই আঠটা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ওপৰত মন্ত্ৰালয়ৰ মালিকীস্বত্ব আছে। সেইকেইটা হ'ল:

  • বামৰ ল'ৰী
  • ভাৰত পেট্ৰলিয়াম
  • ইঞ্জিনীয়াৰ্ছ ইণ্ডিয়া
  • গেইল ইণ্ডিয়া লিমিটেড
  • ইণ্ডিয়ান অইল কৰ্পোৰেচন
  • অইল ইণ্ডিয়া লিমিটেড
  • তেল আৰু প্ৰাকৃতিক গেছ নিগম
  • বেইকো ল'ৰী২

গৱেষণা প্ৰতিষ্ঠান

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনত কেইবাটাও গৱেষণা প্ৰতিষ্ঠান আছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হৈছে:

ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ পেট্ৰলিয়াম টেকন'লজি

ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ পেট্ৰলিয়াম টেকন'লজি পেট্ৰলিয়াম উদ্যোগক কাৰিকৰী আৰু পৰিচালনাৰ প্ৰশিক্ষণ দিয়া প্ৰশিক্ষণ আৰু শিক্ষা প্ৰতিষ্ঠান হিচাপে ২০০৮ চনৰ জুলাই মাহত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে সংসদৰ আইন ("ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ পেট্ৰলিয়াম টেকন'লজি আইন ২০০৭")ৰ জৰিয়তে এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল। .৩ নয়ডা, বেংগালুৰু আৰু অসমৰ শিৱসাগৰত এই প্ৰতিষ্ঠানৰ চৌহদ আছে। অসমৰ শিৱসাগৰ জিলাত অৱস্থিত প্ৰতিষ্ঠানটো অসম শক্তি প্ৰতিষ্ঠান নামেৰে জনাজাত।৪৫

ভাৰতীয় পেট্ৰলিয়াম আৰু শক্তি প্ৰতিষ্ঠান

ভাৰতীয় পেট্ৰলিয়াম আৰু শক্তি প্ৰতিষ্ঠান ২০১৬ চনত অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত স্থাপিত এক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান।৬ সংসদে প্ৰণয়ন কৰা ভাৰতীয় পেট্ৰলিয়াম আৰু শক্তি প্ৰতিষ্ঠান আইন, ২০১৭ (২০১৮ চনৰ ৩ নং) অনুসৰি প্ৰতিষ্ঠানটোক ‘ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান’ হিচাপে ঘোষণা কৰা হয়।৭

বিতৰ্ক

২০১৫ চনৰ ২০ ফেব্ৰুৱাৰীত ভাৰতীয় পেট্ৰলিয়াম মন্ত্ৰালয় আৰু তেল প্ৰতিষ্ঠানৰ সাতজনীয়া কৰ্মচাৰীৰ এটা দলে নগদ ধনৰ বিনিময়ত শক্তি কোম্পানীসমূহক গোপনীয় নথি চুৰি আৰু ফাদিল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয়। এই গোটটোৱে অজ্ঞাত ধনৰ বিনিময়ত শক্তিৰ মূল্য নিৰ্ধাৰণ আৰু নীতিৰ সৈতে জড়িত গোপনীয় তেল মন্ত্ৰালয়ৰ নথি-পত্ৰ চুৰি, ফটোকপি আৰু ফাদিল কৰে। দিল্লী আৰক্ষীয়ে এই লোককেইজনে মন্ত্ৰালয়ৰ কাৰ্যালয় ভাঙি সোমাবলৈ চেষ্টা কৰা বুলি খবৰ পাই আটক কৰে।৮

কেবিনেট মন্ত্ৰীসকলৰ তালিকা

#প্ৰতিকৃতিনামকাৰ্যকালপ্ৰধানমন্ত্ৰীদল
১হুমায়ুন কবীৰ২১ নৱেম্বৰ ১৯৬৩২৪ জানুৱাৰী ১৯৬৬জৱাহৰলাল নেহৰু লালবাহাদুৰ শাস্ত্ৰীভাৰতীয় জাতীয় কংগ্ৰেছ
২অ. ভি. অলগেচন (স্বতন্ত্ৰ)২৪ জানুৱাৰী ১৯৬৬১৩ মাৰ্চ ১৯৬৭ইন্দিৰা গান্ধী
৩অশোক মেহতা১৩ মাৰ্চ ১৯৬৭২২ আগষ্ট ১৯৬৮
৪কথা ৰঘুৰামাইয়া (স্বতন্ত্ৰ)২২ আগষ্ট ১৯৬৮১৪ ফেব্ৰুৱাৰী ১৯৬৯
৫Triguna Sen 2010 stamp of India.jpgত্ৰিগুণা সেন১৪ ফেব্ৰুৱাৰী ১৯৬৯১৮ মাৰ্চ ১৯৭১
৬দাজিচাহেব চাৱন (স্বতন্ত্ৰ)১৮ মাৰ্চ ১৯৭১২ মে' ১৯৭১
৭প্ৰকাশ চন্দ্ৰ চেঠী২ মে' ১৯৭১২৯ জানুৱাৰী ১৯৭২
৮এইচ. আৰ গোখলে২৯ জানুৱাৰী ১৯৭২৫ ফেব্ৰুৱাৰী ১৯৭৩
9Dev Kant Baruah.jpgদেৱকান্ত বৰুৱা৫ ফেব্ৰুৱাৰী ১৯৭৩১০ অক্টোবৰ ১৯৭৪
১০কেশৱ দেৱ মালৱীয়১০ অক্টোবৰ ১৯৭৪২৪ মাৰ্চ ১৯৭৭
১১Morarji Desai portrait.jpgমোৰাৰজী দেশাই২৬ মাৰ্চ ১৯৭৭২৯ মাৰ্চ ১৯৭৭মোৰাৰজী দেশাইজনতা পাৰ্টি
১২Hemwati Nandan Bahuguna stamp (cropped).jpgহেমৱতী নন্দন বহুগুণা২৯ মাৰ্চ ১৯৭৭১৫ মাৰ্চ ১৯৭৯
১৩ৰবীন্দ্ৰ বাৰ্মা১৫ জুলাই ১৯৭৯২৮ জুলাই ১৯৭৯
১৪টি. এ. পাই২৮ জুলাই ১৯৭৯১৮ আগষ্ট ১৯৭৯চৌধুৰী চৰণ সিংজনতা পাৰ্টি (নিৰপেক্ষ)
১৫অৰবিন্দ বালা পাজনোৰ১৯ আগষ্ট ১৯৭৯২৩ ডিচেম্বৰ ১৯৭৯সৰ্ব ভাৰতীয় দ্ৰবিড় মুন্নেট্ৰা কাঝাগাম
১৬Charan Singh.jpgচৌধুৰী চৰণ সিং২৩ ডিচেম্বৰ ১৯৭৯২৭ ডিচেম্বৰ ১৯৭৯জনতা পাৰ্টি (নিৰপেক্ষ)
১৭এছ.এন. কাকাৰ২৭ ডিচেম্বৰ ১৯৭৯১৪ জানুৱাৰী ১৯৮০
১৮Indira Gandhi in 1967.jpgইন্দিৰা গান্ধী১৪ জানুৱাৰী ১৯৮০১৬ জানুৱাৰী ১৯৮০ইন্দিৰা গান্ধীভাৰতীয় জাতীয় কংগ্ৰেছ
(৭)প্ৰকাশ চন্দ্ৰ চেঠী১৬ জানুৱাৰী ১৯৮০১৫ জানুৱাৰী ১৯৮২
১৯পি. শিৱ শংকৰ১৫ জানুৱাৰী ১৯৮২৩১ ডিচেম্বৰ ১৯৮৪ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী
২০নাৱাল কিশোৰ শৰ্মা (স্বতন্ত্ৰ)৩১ ডিচেম্বৰ ১৯৮৪২০ জানুৱাৰী ১৯৮৬ৰাজীৱ গান্ধী
২১চন্দ্ৰশেখৰ সিং (স্বতন্ত্ৰ)২০ জানুৱাৰী ১৯৮৬৯ জুলাই ১৯৮৬
২২Shri Narayan Dutt Tiwari.jpgনাৰায়ণ দত্ত তিৱাৰী৯ জুলাই ১৯৮৬২২ অক্টোবৰ ১৯৮৬
২৩ব্ৰহ্ম দত্ত (স্বতন্ত্ৰ)২২ অক্টোবৰ ১৯৮৬২ ডিচেম্বৰ ১৯৮৯
২৪Visit of Vishwanath Pratap Singh, Indian Minister for Trade, to the CEC (cropped).jpgভি পি সিং২ ডিচেম্বৰ ১৯৮৯৬ ডিচেম্বৰ ১৯৮৯ভি পি সিংজনতা দল
২৫এম. এছ. গুৰুপদাস্বামী৬ ডিচেম্বৰ ১৯৮৯১০ নৱেম্বৰ ১৯৯০
২৬চন্দ্ৰ শেখৰ১০ নৱেম্বৰ ১৯৯০২১ নৱেম্বৰ ১৯৯০চন্দ্ৰ শেখৰসমাজবাদী জনতা পাৰ্টি, (ৰাষ্ট্ৰীয়)
২৭সত্য প্ৰকাশ মালৱীয়২১ নৱেম্বৰ ১৯৯০২১ জুন ১৯৯১
২৮বি. শংকৰান্দ২১ জুন ১৯৯১১৮ জানুৱাৰী ১৯৯৩পি ভি নৰসিংহ ৰাওভাৰতীয় জাতীয় কংগ্ৰেছ
২৯সতীশ শৰ্মা (স্বতন্ত্ৰ)১৮ জানুৱাৰী ১৯৯৩১৬ মে' ১৯৯৬
৩০অটল বিহাৰী বাজপায়ী১৬ মে' ১৯৯৬১ জুন ১৯৯৬অটল বিহাৰী বাজপায়ীভাৰতীয় জনতা পাৰ্টী
৩১এইচ ডি দেৱেগৌড়া১ জুন ১৯৯৬২১ এপ্ৰিল ১৯৯৭এইচ ডি দেৱেগৌড়াজনতা পাৰ্টি
৩২ইন্দৰ কুমাৰ গুজৰাল২১ এপ্ৰিল ১৯৯৭৯ জুন ১৯৯৭ইন্দৰ কুমাৰ গুজৰাল
৩৩জ্ঞানেশ্বৰ মিশ্ৰ৯ জুন ১৯৯৭১৯ মাৰ্চ ১৯৯৮সমাজবাদী পাৰ্টি
৩৪ভাজহাপ্পাডী কে. ৰামমূৰ্তি১৯ মাৰ্চ ১৯৯৮১৩ অক্টোবৰ ১৯৯৯অটল বিহাৰী বাজপায়ীতামিঝাগা ৰাজীৱ কংগ্ৰেছ
৩৫ৰাম নাইক১৩ অক্টোবৰ ১৯৯৯২২ মে' ২০০৪ভাৰতীয় জনতা পাৰ্টী
৩৬মণি শংকৰ আয়াৰ২২ মে' ২০০৪২৯ জানুৱাৰী ২০০৬মনমোহন সিংভাৰতীয় জাতীয় কংগ্ৰেছ
৩৭মুৰলী দেওৰা২৯ জানুৱাৰী ২০০৬১৯ জানুৱাৰী ২০১১
৩৮জয়পাল ৰেড্ডী১৯ জানুৱাৰী ২০১১২৮ অক্টোবৰ ২০১২
৩৯বীৰাপ্পা মৈলি২৮ অক্টোবৰ ২০১২২৬ মে' ২০১৪
৪০ধৰ্মেন্দ্ৰ প্ৰধান (স্বতন্ত্ৰ)২৬ মে' ২০১৪৭ জুলাই ২০২১নৰেন্দ্ৰ মোদীভাৰতীয় জনতা পাৰ্টী
৪১হৰদীপ সিং পুৰী৭ জুলাই ২০২১বৰ্তমানলৈকে

ৰাজ্যিক মন্ত্ৰীসকলৰ তালিকা

+ৰাজ্যিক মন্ত্ৰীসকলৰ তালিকানামৰাজনৈতিক দলকাৰ্যকালদিন
দিনছা পেটেলভাৰতীয় জাতীয় কংগ্ৰেছ২০০৬২০০৯
জিতিন প্ৰসাদা২৬ মে' ২০০৯১৮ জানুৱাৰী ২০১১দিন
ৰঞ্জিত প্ৰতাপ নাৰেইন সিং১৯ জানুৱাৰী ২০১১২৮ অক্টোবৰ ২০১২দিন
প্ৰাণবাকা লক্ষ্মী২৮ অক্টোবৰ ২০১২১৭ মে' ২০১৪দিন
ৰামেশ্বৰ তেলীভাৰতীয় জনতা পাৰ্টী৭ জুন ২০২১বৰ্তমানলৈদিন

তথ্যসূত্ৰ

  1. ↑ (19 May 2018). Dr M M Kutty appointed as new Petroleum Secretary
  2. ↑ Mehdudia, Sujay. (28 July 2013). HPCL slams door on Iran for crude oil imports. The Hindu
  3. ↑ Sonia to lay foundation for Rajiv Gandhi Petroleum Institute in Rae Bareli - TopNews. www.topnews.in
  4. ↑ Welcome to Rajiv Gandhi Institute of Petroleum Technology::. rgipt.ac.in
  5. ↑ Centre committed to development of Assam, northeast: Manmohan - The Hindu. thehindu.com
  6. ↑ University And Higher Education · Government of India, Ministry of Human Resource Development. mhrd.gov.in
  7. ↑ (2017-12-27). Winter Session of Parliament updates: Rajya Sabha passes Indian Institute of Petroleum and Energy Bill, 2017 LIVE News, Latest Updates, Live blog, Highlights and Live coverage - Firstpost. Firstpost
  8. ↑ Seven arrested in India classified document theft-for-cash scheme. Petro Global News

সম্পৰ্কিত শ্ৰেণী

ভাৰত চৰকাৰৰ মন্ত্ৰণালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৭৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।