ভাৰতৰ ৰাজনৈতিক-সাম্প্ৰদায়িক হিংসাত্মক ঘটনা
১১ প্ৰবন্ধ
-
নেলীৰ হত্যাকাণ্ড
নেলীৰ হত্যাকাণ্ড বুলিলে ১৯৮৩ চনত অসমৰ নগাঁও জিলাৰ নেলীত সংঘটিত হোৱা সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰীৰ হত্যাকাণ্ডক বুজায়।
-
কোকৰাঝাৰ সংঘৰ্ষ ২০১২
২০১২ চনৰ জুলাই মাহত অসমৰ কোকৰাঝাৰত থলুৱা বড়ো আৰু বঙালীভাষী মুছলমানৰ মাজত সংঘৰ্ষ হৈছিল। প্ৰথম ঘটনাটো হৈছিল ২০ জুলাইৰ দিনা। ৮ আগষ্টলৈ ৭৭ জন লোকৰ মৃত্যু হৈছিল। ৪ লাখতকৈও অধিক লোকে ৪০০ খনতকৈও অধিক গাওঁৰ পৰা বিতাৰিত হৈ ২৭০ টা শৰণাৰ্থী শিবিৰত আশ্ৰয় লব লগীয়া হৈছিল।
-
মণিপুৰ সংঘৰ্ষ ২০২৩
মণিপুৰ সংঘৰ্ষ ২০২৩ (2023 Manipur violence) হৈছে ২০২৩ চনৰ ৩ মে' তাৰিখে ভাৰতৰ উত্তৰ-পূব ৰাজ্য মণিপুৰত সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠী আৰু জনজাতীয় কুকি আৰু জ' জনগোষ্ঠীৰ মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ।
-
১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ
১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ বা ১৯৮৪ শিখ গণহত্যা বুলিলে শিখ দেহৰক্ষীৰ দ্বাৰা হোৱা ইন্দিৰা গান্ধীৰ হত্যাৰ প্ৰতিশোধ পূৰবালৈ ভাৰতীয় শিখসকলৰ বিৰুদ্ধে চলোৱা শিখ বিৰোধী উন্মত্ত জনতা, মূলতঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যসকলে চলোৱা এলানি কাৰ্যসূচীকে বুজায়।
-
উত্তৰ কামৰূপ হিংসা
উত্তৰ কামৰূপ হিংসা ১৯৮০ চনৰ ৪ আৰু ৫ জানুৱাৰীত সংঘটিত অসম আন্দোলনৰ সমৰ্থক আৰু বিৰোধীৰ মাজত সংঘটিত এলানি হিংসাত্মক কাৰ্যকলাপৰ শৃংখলাক সূচায়। এজন হাইস্কুলীয়া ছাত্ৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য দিলীপ হুজুৰীৰ মৃত্যুৰ প্ৰতিক্ৰিয়া স্বৰূপে অসমীয়া আৰু বঙালী অনুপ্ৰবেশকাৰীসকলৰ মাজত হিংসাত্মক ঘটনাৰ…
-
কাৰ্বি ডিমাছা সংঘৰ্ষ ২০০৫
২০০৫ চনত অসমৰ থলুৱা জনজাতি কাৰ্বি আৰু ডিমাছাসকলৰ মাজত সংঘৰ্ষ হৈছিল। সেই সংঘৰ্ষত মুঠতে ১০৬ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।
-
খৈৰাবাৰী গণহত্যা
খৈৰাবাৰী গণহত্যা ( Khoirabari massacre ) ১৯৮৩ চনৰ ৭ ফেব্ৰুৱাৰীত অসমৰ সেই সময়ৰ দৰং আৰু বৰ্তমানৰ ওদালগুৰি জিলাৰ খৈৰাবাৰী ৰাজহ চক্ৰ অঞ্চলত সংঘটিত হৈছিল। আনুমানিক ১০০ৰ পৰা ৫০০ অভিবাসী বঙালী উক্ত গণহত্যাৰ বলি হয়।
-
বিজন সেতু হত্যাকাণ্ড
বিজন সেতু হত্যাকাণ্ড ১৯৮২ চনৰ ৩০ এপ্ৰিলৰ দিনা পশ্চিমবংগৰ কলকাতাৰ ওচৰৰ বালিগঞ্জত সংঘটিত আনন্দমাৰ্গী ১৬ সন্ন্যাসী আৰু ১ গৰাকী সন্ন্যাসিনীৰ হত্যাকাণ্ডক সূচায়। দিনৰ পোহৰতে সংঘটিত হোৱা সত্ত্বেও এই ঘটনাৰ বাবে আজিলৈকে কাকো গ্ৰেপ্তাৰ কৰা নহ’ল।
-
১৯৮০ মোৰাদাবাদ সংঘৰ্ষ
১৯৮০ চনৰ মোৰাদাবাদ সংঘৰ্ষই উত্তৰ প্ৰদেশৰ মোৰাদাবাদ নগৰত ১৯৮০ৰ আগষ্টৰ পৰা নবেম্বৰলৈ হোৱা হিংসাত্মক ঘটনাৰাজিক বুজায়। এই হিংসাত্মক ঘটনাৰাজি আংশিকৰূপে হিন্দু-মুছলমানৰ মাজত ঘটা সংঘাট আৰু আংশিকৰূপে আৰক্ষী আৰু মুছলমানৰ মাজত ঘটা সংঘাট আছিল।
-
২০০৬ চনত মহাৰাষ্ট্ৰত দলিত প্ৰতিবাদ
২০০৬ চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত কানপুৰত আম্বেদকাৰৰ মূৰ্তি এটা ভাঙি পেলোৱাৰ ফলশ্ৰুতিত ভাৰতৰ মহাৰাষ্ট্ৰত দলিতসকলে এক হিংসাত্মক প্ৰতিবাদৰ সূচনা কৰে।
-
২০২৩-২৪ ভাৰতীয় ট্ৰাক চালকসকলৰ প্ৰতিবাদ
২০২৩–২৪ চনৰ ভাৰতীয় ট্ৰাক চালকৰ প্ৰতিবাদ হ'ল ১৬৩ নং ধাৰাৰ অন্তৰ্গত মটৰ গাড়ী আইনত উল্লিখিত হিট এণ্ড ৰান গোচৰৰ বিতৰ্কিত সংশোধনীৰ বিৰুদ্ধে প্ৰকাশ কৰা এক গণবিক্ষোভ। ২০২৪ চনৰ ১ জানুৱাৰী তাৰিখে ভাৰতীয় ন্যায় সংহিতাৰ নতুন হিট এণ্ড ৰান কেছ ক্ল’জৰ বিৰোধিতা কৰি প্ৰতিবাদটিৰ সূচনা হয়।