অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান

ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান (Chief of Defence Staff, চমুকৈ CDS) ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মুৰব্বী তথা প্ৰতিৰক্ষা বিষয়ত ইউনিফৰ্ম পৰিহিত সেনা বিষয়া হিচাপে ভাৰত চৰকাৰৰ শীৰ্ষ উপদেষ্টা। তেওঁ ভাৰতৰ ৰক্ষা মন্ত্ৰালয়ৰ অন্তৰ্গত সামৰিক পৰিক্ৰমা বিভাগৰ মুৰব্বী আৰু ভাৰত চৰকাৰৰ সচিব।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান (Chief of Defence Staff, চমুকৈ CDS) ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মুৰব্বী তথা প্ৰতিৰক্ষা বিষয়ত ইউনিফৰ্ম পৰিহিত সেনা বিষয়া হিচাপে ভাৰত চৰকাৰৰ শীৰ্ষ উপদেষ্টা।১ তেওঁ ভাৰতৰ ৰক্ষা মন্ত্ৰালয়ৰ অন্তৰ্গত সামৰিক পৰিক্ৰমা বিভাগৰ মুৰব্বী আৰু ভাৰত চৰকাৰৰ সচিব।২৩৪ ১৯৯৯ চনত কাৰ্গিলৰ যুদ্ধৰ পিছত গঠিত কাৰ্গিল সমীক্ষা কমিটিয়ে প্ৰথমবাৰৰ এই পদবী সৃষ্টিৰ বাবে ভাৰত চৰকাৰ পৰামৰ্শ আগবঢ়াইছিল।৫৬ বহু বছৰ ধৰি চলা আলোচনাৰ পিছত৭৮ ২০১৯ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ লালকিল্লাত প্ৰদান কৰা স্বাধীনতা দিৱস ভাষণত এই পদ আনুষ্ঠানিক ভাৱে সৃষ্টি কৰা কথা ৰাজহুৱাভাৱে ঘোষণা কৰিও।৯১০ ২০১৯ চনৰ ২৪ ডিচেম্বৰ তাৰিখে নিৰাপত্তাৰ কেবিনেট কমিটিয়ে আনুষ্ঠানিকভাৱে প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী হিচাপে এগৰাকী চাৰি তাৰকাযুক্ত, তিনি সামৰিক বাহিনীৰ প্ৰধান ইউনিফৰ্ম পৰিহিত পদবী সৃষ্টি কৰে।২৩

বৰ্তমান সময়ৰ সংকৰ যুদ্ধ প্ৰণালীত তিনি সামৰিক বাহিনীৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যত প্ৰতিৰক্ষা বাহিনীৰ প্ৰধানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ ফলত তিনি সামৰিক বাহিনীৰ কাৰ্য দক্ষতা বৃদ্ধি হয় আৰু যুদ্ধক্ষেত্ৰত সমৰ্থতা সুসংঘবৰ্ধিত হয়।১১ ভাৰতৰ ৰক্ষা সচিব ভাৰতৰ প্ৰতিৰক্ষা বিষয়ক মুখ্য উপদেষ্টা আৰু ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান গৰাকী সামৰিক বিষয়ৰ মুখ্য উপদেষ্টা। তেওঁ তিনি সামৰিক বাহিনীৰ এক সাধাৰণ কেন্দ্ৰ হিচাপে ভাৰত চৰকাৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীক সামৰিক প্ৰতিৰক্ষা বিষয়ক মুখ্য পৰামৰ্শদাতা।১২১৩ আগতে এই পদবী নথকা ভাৰত পি৫ দেশসমূহৰ ভিতৰত একমাত্ৰ বৃহৎ গণতন্ত্ৰ আছিল।১৪

প্ৰাক্তন থলসেনা প্ৰধান জেনেৰেল বিপিন ৰাৱতে ২০২০ চনৰ ১ জানুৱাৰী তাৰিখে ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁৰ তিনিবছৰীয়া কাৰ্যকাল ২০২২ চনৰ ডিচেম্বৰত অন্ত পৰিব।১৫১৬

তথ্যসূত্ৰ

  1. ↑ (2019-08-15). PM Modi announces creation of Chief of Defence Staff. The Hindu
  2. ↑ Som, Vishnu. (24 December 2019). India To Get Its First Chief of Defence Staff, Will Be A 4-Star General. NDTV
  3. ↑ P, Rajat. (24 December 2019). India to now get chief of defence staff, will be a 4-star general. The Times of India
  4. ↑ (2019-12-24). Cabinet approves creation of the post of Chief of Defence Staff in the rank of four star General
  5. ↑ Pandit, Rajat. (16 August 2016). India to finally get chief of defence staff, 20 yrs after it was mooted. The Times of India
  6. ↑ Mukherjee, Anit. (2019-08-21). A top post, its promise and peril. The Hindu
  7. ↑ Kanwal, Gurmeet. (2018-09-27). Where is India's Chief of Defence Staff?. The Economic Times
  8. ↑ Panag, Lt Gen H S. (20 June 2019). Modi must appoint chief of defence staff – and prove India's political class isn't fearful. The Print
  9. ↑ (15 August 2019). PM Narendra Modi's mega announcement: India will now have Chief of Defence Staff. India Today
  10. ↑ (2019-08-15). Independence Day 2019 Live Updates- India will have a Chief of Defence Staff: PM Modi in I-Day speech. Hindustan Times
  11. ↑ Subramanian, Nirupama. (16 August 2019). Explained: Understanding post of Chief of Defence Staff (CDS). The Indian Express
  12. ↑ (2019-12-24). Govt sets up Dept of Military Affairs to be headed by Chief of Defence Staff. Hindustan Times
  13. ↑ Singh, Rajneesh. (Summer 2017). Harmonising Military–Bureaucracy Relations in Defence Ministry: Some Thought. CLAWS Journal
  14. ↑ Unnithan, Sandeep. (23 August 2019). Chief of Defence Staff: Can the new superchief call the shots?. India Today
  15. ↑ (30 December 2019). Gen Bipin Rawat named as the country's first Chief of Defence Staff. The Economic Times
  16. ↑ Ranjan, Rajeev. General Bipin Rawat took over as Chief of Defence Staff, US Congratulates Him. NDTV

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান” প্ৰবন্ধৰ সংশোধন ৩৮২৩৫৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।