নং ১৭ স্কোৱাড্ৰন বা গোল্ডেন এৰ'জ (No. 17 Squadron IAF, Golden Arrows) হৈছে ভাৰতীয় বায়ুসেনাৰ এটা স্কোৱাড্ৰন। ই বৰ্তমান পশ্চিম বায়ু কমাণ্ডৰ অধীনত আম্বালা বায়ুসেনা ঘাটিত নিয়োজিত হৈ আছে। স্কোৱাড্ৰনটো ২০১৬ চনত নাম্বাৰ-প্লেট (নিষ্ক্ৰিয়) কৰা হৈছিল যদিও, ২০১৯ চনৰ ১১ ছেপ্টেম্বৰত Dassault Rafale-যুদ্ধবিমানৰ সৈতে আম্বালাত পুনৰ সক্ৰিয় কৰা হয়। ১২ The squadron was number-plated in 2016, but was resurrected in Ambala on 11 September 2019 with the Dassault Rafale.৩
জনপ্ৰিয় মাধ্যমত
নেটফ্লিক্সেত অপাৰেচন চফেদ সাগৰ নামৰ এটা চিৰিজ ২০২৬ চনৰ আগষ্ট মাহত মুক্তি দিয়া হয়। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ পটভূমিত নিৰ্মিত এই ধাৰাবাহিকখনত ভাৰতীয় বায়ুসেনাৰ ‘Golden Arrows’ (No. 17 Squadron) স্কোৱাড্ৰনৰ ভূমিকাক গুৰুত্ব দিয়া হৈছে। ৪ এই ধাৰাবাহিকখন ১৭ নং স্কোৱাড্ৰন (গোল্ডেন এৰ'জ)-ৰ ফ্লাইট কমাণ্ডাৰ স্কোৱাড্ৰন লিডাৰ অজয় আহুজা-ৰ প্ৰতি উৎসৰ্গিত। কাৰ্গিল যুদ্ধৰ সময়ত অজয় আহুজাই কৰ্তব্য পালন কৰি শ্বহীদ হৈছিল। সেই সময়ত ৱিং কামাণ্ডাৰ আছিল বীৰেন্দৰ সিং ধানোৱা। পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্বিফ মাৰ্শ্বেল পদত অধিষ্ঠিত হয় আৰু বায়ু সেনাৰ প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰে। এই ছিৰিজটোৰ প্ৰযোজক হৈছে কুশল শ্ৰীবাস্তৱ। ৫৬
তথ্যসূত্ৰ
- ↑ Resurrection Ceremony for 17 Squadron 'GOLDEN ARROWS'. PIB India
- ↑ etc, Mottos, Raising Dates, Location. Squadrons and Helicopter Units. Bharat-Rakshak.com
- ↑ (10 September 2019). IAF resurrects 17 Squadron 'Golden Arrows' for Rafale. thehindu.com
- ↑ (15 August 2026). Op Safed Sagar to now: How India spies on enemy positions from the air. Indian Express
- ↑ Film 'Golden Arrows' on life of former IAF Chief BS Dhanoa announced. Russia Herald
- ↑ (15 August 2020). After Gunjan Saxena, another film on IAF announced; Golden Arrows to be based on former chief BS Dhanoa. Firstpost
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় বায়ুসেনাৰ ১৭ নং স্কোৱাড্ৰন” প্ৰবন্ধৰ সংশোধন ৬২৯০২২ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।